By Team TJC | 26 July, 2020
১৯৭০ দশকৰ আগভাগৰ কথা। ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষ অচ্যুত লহকৰে কিছু ব্যতিক্ৰমী পদ্ধতিৰে এখন অসমীয়া চিনেমা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। তেখেতৰ মন-মগজুত ভাবৰ বুৰবুৰণি- “গান প্লেবেক হোৱা পদ্ধতিৰে যদি ডাইলগ প্লেবেক কৰিব পৰা যায়, তেনেহ’লে অসমৰ পটভূমিক আৰু অসমৰ বিখ্যাত শিল্পীসকলক বিশ্ব দৰবাৰলৈ নিয়াৰ পথ প্ৰশস্ত হ’ব। মোৰ ছবি চাই বাহিৰৰ মানুহে অসমৰ কাজিৰঙা, জলপ্ৰপাত আদি দেখাৰ সুযোগ পাব।”

বহুতে সেই সময়ত অচ্যুত লহকৰক এনেধৰণৰ পৰীক্ষা-নিৰীক্ষা নকৰি সহজ পদ্ধতিৰে এখন ব্যৱসায়িক বোলছবি নিৰ্মাণৰহে পৰামৰ্শ দিছিল। কিন্তু, সদায়েই বেলেগতকৈ কিবা ব্যতিক্ৰমী কাম কৰাৰ হাবিয়াহ পুহি ৰখা লহকৰে মনৰ জোৰত আপ্ৰাণ কষ্টেৰে ছবিখন নিৰ্মাণ কৰি উলিয়ালে। নাম ৰাখিলে- ‘ব্লেকমানি’। উল্লেখযোগ্য যে- এইখনেই হ’ল ইংৰাজী নামকৰণ হোৱা প্ৰথমখন অসমীয়া বোলছবি।

সেই যুগত ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে অচ্যুত লহকৰে ক’লকাতাৰ বিখ্যাত টেকনিচিয়ান ষ্টুডিঅ’ৰ মালিক দিগেন নাথৰপৰা কেমেৰা ভাৰালৈ আনি ব্যৱহাৰ কৰিছিল। এই দিগেন নাথ আকৌ দেলু বাবু নামেৰেহে অধিক জনাজাত। ‘ব্লেকমানি’ৰ শ্বুটিঙৰ বাবেও দেলু বাবুৰপৰাই কেমেৰা ভাৰালৈ লৈছিল অচ্যুত লহকৰে।
অৱশেষত ‘ব্লেকমানি’ৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ পিছত কেমেৰাৰ বিলৰ টকা দিবলৈ এদিন অচ্যুত লহকৰ গৈ ওলালগৈ দেলু বাবুৰ টেকনিচিয়ান ষ্টুডিঅ’ত। দেলু বাবু আকৌ টকা-পইচাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ, এই দিশত কাকো ৰেহাই নিদিয়ে। সম্পূৰ্ণ পেছাদাৰীভাবে তেওঁ ষ্টুডিঅ’ৰ কাম-কাজ তদাৰক কৰে। বিভিন্ন কথা-বতৰাৰ মাজতে সেইদিনা অচ্যুত লহকৰে দেলু বাবুক ক’লে- “মই আপোনাৰ কেমেৰাৰে ছবি এখন বনাইছোঁ। আচলতে ঠিক ছবি বনোৱা বুলিও ক’ব নোৱাৰি। এয়া মোৰ কেমেৰাৰ মাধ্যমেৰে এটা পৰীক্ষাহে। আজি আপোনাৰ ওচৰলৈ বিল দিবলৈ আহিলোঁ। পেমেণ্টৰ ক্ষেত্ৰত আপুনি মোক কিবা কৰুণা কৰিব নেকি ?”
এই কথা শুনি দেলু বাবুৱে গুৰু-গম্ভীৰভাৱে হাঁহি মাৰি ক’লে- “মিষ্টাৰ লহকৰ, এই টালিগঞ্জত মই সম্পৰ্কে সকলোৱে জানে। ব্যৱসায়ক মই সদায় ব্যৱসায়িক চিন্তাধাৰাৰে লওঁ। সেয়ে এইক্ষেত্ৰত মই কাকো ক্ষমা নকৰোঁ।” তেতিয়া অচ্যুত লহকৰে ক’লে- “এয়া আচলতে নিবেদনহে। আপুনি নিবেদনটো ৰাখিলে ৰাখিব পাৰে, নাৰাখিলে নাই।” কথাখিনি শুনি দেলু বাবুৱে আকৌ ক’লে- “মই সম্বন্ধে সকলো জানিও আপুনি যে এনেকৈ কৈছে, এই সাহসৰ বাবে আপোনাক ধন্যবাদ দিছোঁ। কওক এতিয়া কিমান কমাই ৰাখিলে আপুনি ভাল পাব ?” লহকৰৰ বিনম্ৰ উত্তৰ- “আপোনাৰ ইচ্ছা অনুযায়ী যি কয়, তাকেই মই দিম।”

হঠাৎ অচ্যুত লহকৰ অত্যন্ত আচৰিত হ’ল, কিয়নো তেখেতে ভবাতকৈ বহু বেছি পৰিমাণৰ টকা দেলু বাবুৱে বিলৰপৰা ৰেহাই দি দিলে। লহকৰে আনন্দতে কি কওঁ, কি নকওঁকৈ অৱশেষত ধন্যবাদ এটা জনাই কেছিয়াৰৰ ওচৰত টকা জমা দিবলৈ যাবলৈ ওলালে। তেনেতে অকস্মাৎ দেলু বাবুৱে লহকৰক মাত লগাই ক’লে- “আপুনি উঠিলে যে, ক’লৈ যায় ?” লহকৰৰ উত্তৰ- “টকা জমা দিবলৈ।” দেলু বাবুৱে তেতিয়া ক’লে- “সেইটো ময়ো বুজিছোঁ। কিন্তু আপুনি মোক কিয় প্ৰশ্ন কৰা নাই ? যিয়ে কাকো ক্ষমা নকৰে, সেইজন ময়ে আজি আপোনাৰ প্ৰতি কিয় ইমান দয়াশীল হৈ পৰিলোঁ ?” দেলু বাবুৰ কথাত অচ্যুত লহকৰে আকৌ বহি লৈ সুধিলে- “মোৰ ভুল হৈছে। এতিয়া কওকচোন, আপুনি মোক কিয় ক্ষমা কৰিলে ?”

সেইদিনা ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষৰ প্ৰশ্নৰ উত্তৰত দেলু বাবুৱে কাষৰে ফ্ল’ৰ এখনলৈ আঙুলিয়াই কৈছিল- “মোৰ সেইখন ফ্ল’ৰত হিন্দী ছবি জগতৰ প্ৰখ্যাত পৰিচালক শক্তি সামন্তৰ পৰিচালনাত বহু কেইজন ভাৰত বিখ্যাত ফিল্ম ষ্টাৰৰ সমাগমত চিনেমা বনাই আছে। স্ক’ৰিং হাউছত লতা মংগেশকাৰৰ গান ৰেক’ৰ্ডিং হৈ আছে। কিন্তু সেইবোৰ মই একো খবৰ নাৰাখোঁ। তেওঁলোকে তেওঁলোকৰ কাম কৰিছে। কিন্তু আপুনি নাভূত-নাশ্ৰুত এটা পদ্ধতিৰে ছবি বনাইছে। ছবিৰ ওপৰত গৱেষণা কৰিছে। গান যদি প্লেবেক হয়, ডাইলগ প্লেবেক হ’ব নোৱাৰেনে ? বাঃ কি আজৱ চিন্তা আপোনাৰ ! আচলতে আপোনাৰ এই গৱেষণাধৰ্মী চিন্তাৰ বাবে আপোনাৰ বিলৰ টকা মই বহুখিনি কমাই দিছোঁ। এইখিনিক আপুনি ৰেহাই বুলি নাভাবিব। এয়া আপোনাৰ দুঃসাহসৰ পুৰস্কাৰ…।” দেলু বাবুৰ এই প্ৰশংসাই অচ্যুত লহকৰক দিলে প্ৰাপ্তিৰ হাঁহি। গুণীজনে বুজি পালে গুণীৰ মোল।

এয়াই আছিল ভ্ৰাম্যমাণৰ নাটকৰ শ্বুটিঙেৰে চিনেমা নিৰ্মাণৰ ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা অচ্যুত লহকৰৰ কষ্ট আৰু সাধনাৰ কাহিনী, যাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল ক’লকাতাৰ বিখ্যাত টেকনিচিয়ান ষ্টুডিঅ’ৰ মালিক। ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতামহৰ এইধৰণৰ বিশেষ প্ৰচেষ্টাই অসমৰ সাংস্কৃতিক জগতক তেতিয়াই দেখুৱাই দিছিল- নৱচিন্তাৰে নতুন বাট মুকলি কৰি নতুনৰ পিনে আগুৱাই যোৱাৰ দুৰ্বাৰ হেঁপাহ, যাৰ বাবে ‘ব্লেকমানি’ আজিও এক চৰ্চাৰ বিষয় হৈ আছে।
(কৃতজ্ঞতা স্বীকাৰ- অচ্যুত লহকৰৰ আত্মজীৱনী ‘ভ্ৰাম্যমাণ থিয়েটাৰ’)