কেৱল এখন ছবিৰেই অমৰ হৈ থকা পৰিচালকৰ সংখ্যা হয়তো খুব বেছি নহ’ব। পদুম বৰুৱা আছিল সেই পথৰেই এগৰাকী অৱহেলিত যাত্ৰী- এটা ‘ট্ৰেজিক চৰিত্ৰ’। কিন্তু সেই এখন ছবিৰেই তেওঁ লিখি থৈ গ’ল অসমীয়া চিনেমাৰ বিশ্ব অভিমুখী যাত্ৰা…
By Team TJC | 26 July, 2020
কেৱল এখন ছবি পৰিচালনাৰেই অসমীয়া চলচ্চিত্ৰ জগতলৈ নৱ-বাস্তৱবাদৰ ধাৰা বোঁৱাই আনিছিল পদুম বৰুৱাই। ১৯৭০ দশকৰ আৰম্ভণিত অসমীয়া চলচ্চিত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰা সেই কালজয়ী ছবিখন আছিল- ‘গঙা চিলনীৰ পাখি’। তেতিয়াই ছবিখনৰ বিষয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যথেষ্ট চৰ্চা হৈছিল। অসমৰ গ্ৰাম্য জীৱনৰ জীয়া পটভূমিত নিৰ্মিত চিনেমাখনত আছিল কলাত্মক দৃষ্টিভংগী। দেশৰ সেই সময়ৰ দুগৰাকী প্ৰসিদ্ধ চিত্ৰ সমালোচক চিদানন্দ দাশগুপ্ত আৰু সতীশ বাহাদুৰে এই ছবিখনক প্ৰথম অসমীয়া বাস্তৱবাদী ছবি হিচাপে অভিহিত কৰিছিল। এক অৰ্থত পদুম বৰুৱা আছিল অসমত সমান্তৰাল ধাৰাৰ ছবি নিৰ্মাণৰ বাটকটীয়া।

কিন্তু এখন ব্যতিক্ৰমী ছবি নিৰ্মাণৰ এই যাত্ৰা পদুম বৰুৱাৰ বাবে একেবাৰে সহজসাধ্য নাছিল। বৰঞ্চ প্ৰতিটো খোজতে পৰিচালক হিচাপে তেওঁ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই ঘাত-প্ৰতিঘাতৰ মাজেৰে বৰুৱাই কেনেদৰে ছবিখন সম্পূৰ্ণ কৰি তুলিছিল, তাৰ আঁৰৰ কেতবোৰ কথা এনেধৰণৰ-
পদুম বৰুৱাই শৈশৱতে চোৱা ছবিখন, যিয়ে প্ৰভাৱিত কৰিছিল তেওঁৰ চিনেমেটিক যাত্ৰাক
১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাৰে মুক্তি পাইছিল প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’। সেই সময়ত পদুম বৰুৱা আছিল এজন এঘাৰ বছৰীয়া চেমনীয়া। কেনেবাকৈ তেওঁ ছবিখন চোৱাৰ সুযোগ লাভ কৰিলে, যিয়ে মনত গভীৰ সাঁচ বহুৱাই থৈ গ’ল। সেয়াই আছিল তেওঁৰ প্ৰথম চিনেমাৰ প্ৰেম। পদুম বৰুৱাৰ কথাৰেই- “জয়মতীয়ে সৃষ্টি কৰা বাস্তৱতকৈও অধিক বাস্তৱ ছাঁ-পোহৰৰ জগতখনে মোক বিস্ময়াভূত কৰিছিল। দৰাচলতে ‘জয়মতী’ দৰ্শনৰ অভিজ্ঞতাতেই অংকুৰিত হৈছিল ‘গঙা চিলনীৰ পাখি’ ছবিৰ বীজ।”

চিনেমা নিৰ্মাণৰ বাবে পদুম বৰুৱাই বাছি লৈছিল এখন জনপ্ৰিয় উপন্যাস
তেতিয়াৰ উদীয়মান কথাশিল্পী তথা এতিয়া বিখ্যাত সাহিত্যিক হিচাপে পৰিগণিত হোৱা লক্ষ্মীনন্দন বৰাই ১৯৬৩ চনত অসমীয়া সমাজ জীৱনৰ পটভূমিত এখন উপন্যাস লিখি উলিয়াইছিল। নাম থৈছিল- ‘গঙা চিলনীৰ পাখি’। সেই সময়ত উপন্যাসখনে লাভ কৰিছিল পাঠকৰ বিশেষ সমাদৰ। বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় চিনেমা চাই অভিজ্ঞপুষ্ট হৈ উঠা পদুম বৰুৱাই ছবি নিৰ্মাণৰ বাবে বাছি ল’লে এই উপন্যাসৰ মনোৰম কাহিনীভাগক আৰু ১৯৬৫ চনত চিত্ৰনাট্য ৰচনাৰ কাম আৰম্ভ কৰি সম্পূৰ্ণ কৰে এবছৰৰ ভিতৰত। এনেদৰেই এখন ক্লাছিক গ্ৰন্থৰ আধাৰত ৰূপায়িত হৈছিল এখন ক্লাছিক চিনেমাৰ ভৱিষ্যত পৰিকল্পনা।

বহু প্ৰত্যাহ্বানৰ মাজেৰে অভিনেতা-অভিনেত্ৰীৰ সন্ধান
সেই সময়ত অসমীয়া বোলছবি নিৰ্মাণৰ ক্ষেত্ৰত ৰূপ-গুণসম্পন্ন পেছাদাৰী অভিনেতা-অভিনেত্ৰী বিচাৰি উলিওৱাটো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল। তথাপিও সকলো প্ৰত্যাহ্বান নেওচি ‘গঙা চিলনীৰ পাখি’ৰ বাবে অভিনেতা-অভিনেত্ৰী বিচৰাৰ যাত্ৰা আৰম্ভ হৈছিল। ইয়াৰ বাবে অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ লগতে কেইটামান ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ প্ৰশিক্ষণ শিবিৰো পৰিদৰ্শন কৰা হৈছিল, বাতৰিকাকতত বিজ্ঞাপনো দিয়া হৈছিল। কিন্তু এইবোৰে একো ফল নিদিলে। অৱশেষত বহু বিচৰাৰ অন্তত নায়িকাৰ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰা হ’ল টীয়ক কলেজৰ ছাত্ৰী বীণা বাৰুৱতীক। এই বাৰুৱতীয়েই পিছলৈ অসমীয়া চিনেমাৰ এগৰাকী চিৰপৰিচিত চৰিত্ৰাভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত হৈছিল। তদুপৰি, বোলছবিখনত অতিথি শিল্পী হিচাপে ভুমুকি মাৰিছিল বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই। ক’বলৈ গ’লে বীণা দাস মান্নাৰ বাহিৰে ছবিখনৰ সকলো অভিনেতা-অভিনেত্ৰীয়েই আছিল অপেছাদাৰী। ইপিনে শিশুশিল্পীৰ চৰিত্ৰত অভিনয় কৰা সেউজী বৰা কাহিনীকাৰ লক্ষ্মীনন্দন বৰাৰে জীয়ৰী।

সুদীৰ্ঘ ৪০ বছৰৰ বিৰতিৰ পিছত ৰূপালী পৰ্দাৰ ‘জয়মতী’ উভতি আহিল ‘গঙা চিলনীৰ পাখি’লৈ
যিখন ছবিয়ে চেমনীয়া পদুম বৰুৱাক যথেষ্ট প্ৰভাৱিত কৰিছিল, সেই ৰীল লাইফৰ ‘জয়মতী’ক তেওঁ পুনৰ সজীৱ কৰি তুলিছিল ‘গঙা চিলনীৰ পাখি’ৰ মাজেৰে। কিয়নো ‘জয়মতী’ৰ সুদীৰ্ঘ ৪০ বছৰৰ পিছত ‘গঙা চিলনীৰ পাখি’ৰ জৰিয়তে জীৱনৰ দ্বিতীয়খন চিনেমাত অতিথি শিল্পী হিচাপে অভিনয় কৰাৰ আমন্ত্ৰণ পালে আইদেউ সন্দিকৈয়ে। তাহানিৰ ‘জয়মতী’ৰ নায়িকাক নিজৰ ছবিখনত অভিনয় কৰাই পদুম বৰুৱা অতিশয় আনন্দিত হৈছিল। কেৱল সেয়াই নহয়, ‘জয়মতী’ৰ আন এগৰাকী অভিনেত্ৰী মোহিনী ৰাজকুমাৰীয়েও অভিনয় কৰিছিল ‘গঙা চিলনীৰ পাখি’ত। তেওঁ ছবিখনৰ নায়িকা বীণা বাৰুৱতীৰ মাকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। তদুপৰি, নায়িকাৰ শহুৰেকৰ চৰিত্ৰৰ বাবে মনোনীত কৰা হৈছিল ‘জয়মতী’ত গদাপাণিৰ ভাওত অভিনয় কৰা ফুনু (পৰশুৰাম) বৰুৱাক। তেখেতে মান্তিও হৈছিল। কিন্তু দৃশ্যগ্ৰহণৰ সময়তে তেখেতৰ চকুৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হোৱাত সেয়া বাস্তৱায়িত নহ’ল। এইদৰেই ‘গঙা চিলনীৰ পাখি’ৰ জৰিয়তে পদুম বৰুৱাই ৰূপালী পৰ্দালৈ উভতাই আনিছিল ‘জয়মতী’ৰ পাহৰি যোৱা অভিনেত্ৰী দুগৰাকীক।

অভাৱ-অনাটনৰ মাজেৰেই শ্বুটিং আৰম্ভ আৰু পত্নীৰ অলংকাৰ বিক্ৰী
চিত্ৰনাট্য সম্পূৰ্ণ হোৱাৰ পিছতো পদুম বৰুৱাৰ ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব ল’বলৈ কোনো আগবাঢ়ি অহা নাছিল। প্ৰযোজক নাপাই অৱশেষত তেওঁ ১৯৬৮ চনৰ মে’ মাহত নিজৰ সাঁচতীয়া ধনেৰেই চিনেমাৰ শ্বুটিং আৰম্ভ কৰে। প্ৰথম পৰ্যায়ত কেৱল পাঁচদিনহে শ্বুটিং হৈছিল। অথচ তেতিয়ালৈকে নায়িকা নিৰ্বাচনেই হোৱা নাছিল। প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণৰ পাছতহে নায়িকা হিচাপে নিৰ্বাচন কৰা হৈছিল বীণা বাৰুৱতীক। কিন্তু প্ৰথম শ্বুটিং কৰাৰ পাছতো টকাৰ অভাৱত প্ৰায় দহমাহ ৰৈ থাকিবলগীয়া হৈছিল পদুম বৰুৱা। অৱশেষত আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰপৰা কিছু টকা সংগ্ৰহ কৰি তেওঁ দ্বিতীয় পৰ্যায়ৰ শ্বুটিং আৰম্ভ কৰে যদিও দহদিনৰ পাছতে অৰ্থৰ অভাৱত শ্বুটিং সামৰি আকৌ এবছৰ বহি থাকিবলগীয়া হয়। তেতিয়ালৈকে চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰা দৃশ্যবোৰ দেখুৱাইও অসমৰ চিত্ৰ পৰিৱেশক, প্ৰযোজক কাৰোপৰা সঁহাৰি নাপালে বৰুৱাই। তেনেকৈয়ে ১৯৭১ চনত নিজৰ প্ৰায় সমুদায় সাঁচতীয়া ধনৰ লগতে বিভিন্ন উৎসৰপৰা গোটোৱা কিছু টকাৰে তেওঁ তৃতীয় পৰ্যায়ৰ শ্বুটিং আৰম্ভ কৰে। কিন্তু এইবাৰো আগৰ দৰেই অৰ্থৰ অভাৱত কিছু কাম কৰি আকৌ ডেৰ বছৰলৈ বহি থাকিবলগীয়া হয়। ধন যোগাৰ কৰিব নোৱাৰি তেখেতে চিনেমা নিৰ্মাণৰ দুৰ্বাৰ হেঁপাহৰ বাবে আনকি বিক্ৰী কৰিছিল পত্নীৰ অলংকাৰো।

তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ সৈতে সাক্ষাৎ আৰু কিছু আশাৰ সঞ্চাৰ
অভাৱ-অনাটনৰ মাজেৰেই কিছু শ্বুটিং কৰি আকৌ কেইটামান মাহ বহি থকাৰ পিছত ১৯৭২ চনৰ মাজভাগত অসম চৰকাৰৰ ল’টেৰী ফাণ্ডৰপৰা পোৱা এটা সৰু অনুদানেৰে পদুম বৰুৱাই ‘গঙা চিলনীৰ পাখি’ৰ দৃশ্যগ্ৰহণৰ বাকী থকা কাম আৰু সম্পাদনাৰ কাম সম্পূৰ্ণ কৰিছিল।

বাকী আছিল আৱহ সংগীত আৰু শব্দ পুনৰ্সংযোজনৰ কাম। এইক্ষেত্ৰত পুনৰ কেইবাগৰাকীও পৰিৱেশকক লগ ধৰি তেওঁ বিমুখ হৈছিল। অৱশেষত বৰুৱাই উপায়বিহীন হৈ তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহক সাক্ষাৎ কৰিলে। তেখেতৰ পৰামৰ্শমতেই নতুনকৈ প্ৰতিষ্ঠা হোৱা ‘অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰপৰা এটা ঋণ লৈ ১৯৭৫ চনৰ শেষভাগত ছবিখন সম্পূৰ্ণ কৰি উলিয়ালে পদুম বৰুৱাই। এনেদৰেই বিভিন্ন ঘাত-প্ৰতিঘাতৰ বাবে ‘গঙা চিলনীৰ পাখি’ সম্পূৰ্ণ কৰিবলৈ সুদীৰ্ঘ আঠ বছৰ সময় লৈছিল।

‘গঙা চিলনীৰ পাখি’ আৰু ফান্স Connection
ছবিখনত শব্দৰ বিশেষ ভূমিকা আছিল। শব্দগ্ৰহণ কৰিছিল ফিলিপ পাঁৰা, হিমাদ্ৰী নাথ ভট্টাচাৰ্য আৰু দুলাল শইকীয়াই। তদুপৰি, শব্দ পুনৰ্সংযোজন কৰিছিল জ্যোতি চেটাৰ্জীয়ে। ইয়াৰে মাজৰ আকৌ ফিলিপ পাঁৰা আছিল সুদূৰ ফ্ৰান্সৰ এগৰাকী শব্দযন্ত্ৰী। অসমৰ গ্ৰাম্য জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত যেনে- ঢেঁকী, তাঁতশাল, চৰাই-চিৰিকটি, স্থানীয় বজাৰ ইত্যাদিৰ শব্দ প্ৰয়োজনীয় দৃশ্যাংশত মনোগ্ৰাহীকৈ সংযোজন কৰা হৈছিল।

পৰিচালকেই আছিল সংগীত পৰিচালক আৰু বাঁহীবাদক
‘জয়মতী’ৰ সৈতে ‘গঙা চিলনীৰ পাখি’ৰ এটি বিশেষ সাদৃশ্য হ’ল- দুয়োখন চিনেমাতে পৰিচালকেই সংগীত পৰিচালনা কৰিছিল। ‘গঙা চিলনীৰ পাখি’ৰ পৰিচালনাৰ সমান্তৰালভাৱে পদুম বৰুৱাৰ অৰ্থবহ সংগীতে ছবিখনক প্ৰদান কৰিছিল অন্য এক মাত্ৰা। দৃশ্যৰ সৈতে খাপ খোৱাকৈ ব্যৱহাৰ কৰা হৈছিল অসমীয়া বিয়াগীতৰ নিভাঁজ সুৰ আৰু বিশেষ কিছুমান দৃশ্যত বাঁহীৰ সুমধুৰ প্ৰয়োগে একোটা দৃশ্যক প্ৰাণৱন্ত কৰি তুলিছিল। আৰু এই বাঁহী বজাইছিল পদুম বৰুৱাই নিজেই। যদিও চিনেমাখনত বিয়ানাম ব্যৱহাৰ কৰা হৈছিল, কিন্তু ছবিখনত এটাও পূৰ্ণাংগ গীত নাছিল। সম্ভৱতঃ এটাও গীত নথকা এইখনেই প্ৰথমখন অসমীয়া চিনেমা। এইদৰেই, পৰিচালনাত পৰিপক্ক পদুম বৰুৱাই সংগীতৰ দিশটোতো দাঙি ধৰিছিল স্বকীয় প্ৰতিভা।
নায়িকা বীণা বাৰুৱতীৰ অভিনয়ক এগৰাকী বিখ্যাত মহিলাৰ ভূয়সী প্ৰশংসা
১৯৭৫ চনৰ ২৩ ডিচেম্বৰত ‘গঙা চিলনীৰ পাখি’ ক’লকাতাৰ ‘ৰক্সি মিনিয়েচাৰ’ত ফিল্ম চেন্সৰ ব’ৰ্ডৰ আগত প্ৰদৰ্শন কৰা হৈছিল। শ্ব’ শেষ হোৱাৰ পাছত ব’ৰ্ডৰ সদস্যসকলে পদুম বৰুৱাৰ সৃষ্টিক প্রশংসা, শুভেচ্ছা, অভিনন্দনেৰে উপচাই দিছিল, যাৰ বাবে তেওঁ যথেষ্ট আৱেগিক হৈ পৰিছিল। সেই সময়তে ব’ৰ্ডৰ এগৰাকী ক্ষীণকায় সদস্যাই ছবিখনৰ নায়িকা বীণা বাৰুৱতীৰ অভিনয়ক ভূয়সী প্ৰশংসা কৰি বাৰুৱতীৰ নাম আৰু ঠিকনা টুকি ৰাখিছিল। বহু বছৰৰ পিছতহে পদুম বৰুৱাই গম পাইছিল যে- সেই ক্ষীণকায় মহিলাগৰাকী আন কোনো নাছিল, তেখেতে আছিল বিখ্যাত সাহিত্যিক আশাপূৰ্ণা দেৱী। উল্লেখযোগ্য যে- ‘গঙা চিলনীৰ পাখি’ মুক্তি পোৱাৰ বছৰটোতে আশাপূৰ্ণা দেৱীয়ে প্ৰথমগৰাকী মহিলা হিচাপে লাভ কৰিছিল সন্মানীয় ‘জ্ঞানপীঠ বঁটা’।

বোলছবিখন চাই উঠি আৱেগত চকুলো টুকি এগৰাকী সাহিত্যিকে সাবটি ধৰিছিল পদুম বৰুৱাক
১৯৭৬ চনৰ ১৭ জানুৱাৰীৰ দিনা ‘গুৱাহাটী চিনে ক্লাব’ৰ উদ্যোগত ‘কেলভিন চিনেমা হল’ত ‘গঙা চিলনীৰ পাখি’ৰ এটি দৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল। দেশৰ সেই সময়ৰ দুগৰাকী প্ৰসিদ্ধ চিত্ৰ সমালোচক সতীশ বাহাদুৰ আৰু চিদানন্দ দাশগুপ্ত, চিত্ৰনিৰ্মাতা কুমাৰ সাহানীৰ লগতে ছবি প্ৰদৰ্শনীত উপস্থিত আছিল বহুকেইগৰাকী শিল্পী, সাহিত্যিক আৰু স্বনামধন্য ব্যক্তি। অৱশেষত সকলোৰে উৎসুকতাৰ মাজত ‘গঙা চিলনীৰ পাখি’ৰ প্ৰদৰ্শনী আৰম্ভ হ’ল। পদুম বৰুৱাৰ চিনেমেটিক দৃষ্টিকোণেৰে কিতাপৰ পাতৰপৰা ৰূপান্তৰিত হৈ ৰূপালী পৰ্দাত ভাঁহি উঠিছিল বাসন্তী, ধনঞ্জয়, ভোগৰাম, মথুৰা আদি অসমীয়া সমাজ জীৱনৰ জীয়া চৰিত্ৰবোৰ। চিনেমাখন চাই উঠি এগৰাকী বিশেষ ব্যক্তি ইমানেই আৱেগিক হৈ পৰিল যে হঠাতে তেখেতে পৰিচালক পদুম বৰুৱাক সাবট মাৰি ধৰি চকুপানী টুকিবলৈ ধৰিলে। তেখেতেই আছিল অসমীয়া সাহিত্য জগতৰ এগৰাকী যশস্বী কবি, এখুদ ককাইদেউ নৱকান্ত বৰুৱা।

মোখনি
ছবি হিচাপে ‘গঙা চিলনীৰ পাখি’ আৰু পদুম বৰুৱাৰ চিনেমেটিক ভাবধাৰা সময়তকৈ বহু আগবঢ়া আছিল। বহু কষ্ট স্বীকাৰেৰে আৰু নিজৰ সমুদায় সাঁচতীয়া ধন খৰচ কৰি বৰুৱাই নিৰ্মাণ কৰা ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও বিভিন্ন কাৰণত সেয়া হৈ নুঠিল। অৰ্থৰ অভাৱত ছাব-টাইটেল সংযোগ কৰিব নোৱাৰাৰ বাবে ছবিখন বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰপৰাও বঞ্চিত হয়। পাবলগীয়া স্বীকৃতিখিনিও নোপোৱাত তেওঁ যথেষ্ট দুঃখিত হৈছিল, ফলত তেওঁ আৰু কেতিয়াও এখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণ নকৰিলে।

এনেদৰেই বঞ্চিত হৈ ৰ’ল এক সম্ভাৱনাময় বিৰল প্ৰতিভা। কেৱল এখন ছবিৰেই অমৰ হৈ থকা পৰিচালকৰ সংখ্যা হয়তো খুব বেছি নহ’ব। পদুম বৰুৱা আছিল সেই পথৰেই এগৰাকী অৱহেলিত যাত্ৰী- এটা ‘ট্ৰেজিক চৰিত্ৰ’। কিন্তু সেই এখন ছবিৰেই তেওঁ লিখি থৈ গ’ল অসমীয়া চিনেমাৰ বিশ্ব অভিমুখী যাত্ৰা, যাৰ বাবে ‘গঙা চিলনীৰ পাখি’ কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতীয় চিনেমা জগতৰ এক মাইলৰ খুঁটি হিচাপে জিলিকি আছে।
কৃতজ্ঞতা জনাইছোঁ , পাহৰণিৰ অটল গহব্বৰত লীন হোৱা প্ৰসিদ্ধ পৰিচালক,প্ৰযোজক প্ৰয়াত পদুম বৰুৱাদেৱৰ বিষয়ে আমাক সোঁৱৰাই দিয়াৰবাবে ।
সুন্দৰ লেখনী । আশা কৰিলো অসমীয়া ছবিজগতৰ এনে আঁৰৰ কাহিনী আৰু পঢ়িবলৈ পাই থাকিম ।
TJC লৈ শুভেচ্ছাৰে ।
…….. বিশ্বজিৎ পূজাৰী
অসমীয়া ছবি জগতৰ বহুত নজনা কথা জানিব পাৰি আপ্লুত হলোঁ। পফুম বৰুৱাৰ নাম অসমীয়া ছবি জগতৰ ইতিহাসত চিৰদিন জিলিকি থাকিব।
বৰ সুন্দৰ আলোচনা।সঁচাকৈয়ে পদুম বৰুৱা এগৰকী অসমৰ ছৱিৰ ইতিহাসত স্মৰণীয় ব্যক্তি ৰূপে সদায় উজলি থাকে ব।
গঙ্গা চিলনীৰ পাখিৰ ভিতৰৰ কথাবোৰ পঢ়ি বহুত কথা জানিব পাৰিছো ।খুবেই ভাল লাগিছে ।চিনেমাখন চাইছিলো।