১৯৭৩ চনৰ ১১ জুনত ড° ভূপেন হাজৰিকাই কিশোৰ কুমাৰৰ বোম্বে (এতিয়াৰ মুম্বাই)ৰ ঘৰত সময় কটাই মছগুল হৈছিল আড্ডাত। দুয়োগৰাকী Legendৰ সেই আড্ডা জমি উঠিছিল বিভিন্ন ৰসাল কথাৰে। কথা-চহকী ভূপেনদা আৰু ৰঙীন মেজাজৰ কিশোৰদাৰ সেই আড্ডাৰ লিখিত ৰূপ ১৯৭৩ চনৰে ‘আমাৰ প্ৰতিনিধি’ আলোচনীৰ জুলাই সংখ্যাত প্ৰকাশিত হৈছিল। ৪৭ বছৰ আগতে কিশোৰ কুমাৰৰ সৈতে ভূপেন হাজৰিকাৰ সেই আমোদজনক কথোপকথনৰ ডিজিটেল সংস্কৰণ আজি কিশোৰ কুমাৰৰ জন্মদিন উপলক্ষে আগবঢ়োৱা হ’ল…

বোম্বেৰ জুহুত, যোৱা ১১ জুনত, কিশোৰ কুমাৰৰ ঘৰত বহি কিছু সময় কটাইছিলোঁ। বৰ হাঁহিলোঁ। মানুহজনে মোক তেওঁৰ ঘৰটোৰ চাৰিওফালে দেখুৱাই ক’লে, “এয়া মই সৰু সৰু টিলা কৰিছোঁ বাগিচাৰ মাজে মাজে। মোৰ কল্পনা হ’ল- মই যেন আপোনালোকৰ অসমৰ কোনোবা পাহাৰতহে আছোঁ।” মই ক’লোঁ, আপোনাৰ এই কম্পাউণ্ডত এটা জীয়া হৰিণা ৰাখক। মোৰ কথাটো শুনি মোৰ দুয়োখন হাত তেওঁৰ দুয়োখন হাতেৰে খামুচি ধৰি চিঞৰি উঠিল- “আৰে বাঃ, সাঙ্ঘাতিক আইডিয়া !” চকুকেইটা ডাঙৰ কৰি, কিশোৰকুমাৰিয়ান প’জ এটা দি তেওঁৰ ছেক্ৰেটেৰী, বন্ধু, দাৰ্শনিক আৰু ড্ৰাইভাৰ আব্দুলক মাতিলে। “আব্দুল, তৎক্ষণাৎ জীয়া হৰিণা এটা বিচাৰি কিনি আনিবা। মই পুহিম।” তাৰ পাচত, চকু টিপ মাৰি ক’লে, “আৰু গে’টকিপাৰ কৰিবলৈ এটা বাঘ আনিবা।” মই হাঁহি ক’লোঁ, কিয়, আয়কৰ বিভাগৰ মানুহক ভয় খুৱাবলৈ হ’বলা ! তেওঁ পুনৰ চকু টিপ মাৰি ক’লে, “হ্যাঁ !” মোৰ সৈতে পুনৰ কৰমৰ্দ্দন কৰিলে। এছ. কে. মুখাৰ্জ্জী কিশোৰৰ ভিনীহিয়েক। তেওঁৰ ল’ৰা সমু মুখাৰ্জ্জীক তনুজাই ১০ জুন ‘৭৩-ৰ দিনা বিয়া কৰিছে। মই সুধিলোঁ, ভাগিনৰ বিয়ালৈ কালি গৈছিলনে ? কিশোৰে ক’লে, “আজিকালি ফিল্মৰ মানুহবোৰে যে কেতিয়া কাৰ প্ৰেমত পৰে, কেতিয়া আঙঠি পিন্ধায়, কেতিয়া ফটাফট বিয়া কৰে, ক’বই নোৱাৰোঁ। বুজিছে ভূপেন বাবু, এখন বিয়ালৈকো মই যোৱা নাই। মোৰ আপোন ভাগিনৰ বিয়ালৈকো যাবলৈ নহ’ল” – আমি বহি থাকোঁতেই বাহিৰত বিৰাট বৰষুণ আহিল। কিশোৰে ক’লে, “আজি ফোনটোও মোৰ বেয়া হৈছে। বৰষুণত বোম্বেৰ বাট-পথ বন্ধ হৈ যাব। বৰ মজা হ’ব। আজি আবেলি কল্যাণজী-আনন্দজীৰ সঙ্গীত-পৰিচালনাত মই গীত ৰেকৰ্ড কৰিব লাগিব। ভালেই বাপেকে। বৰষুণত বাট বন্ধ হৈ গ’লে তাৰদেওত থাওক। ষ্টুডিঅ’লৈতো যাব নোৱাৰিম। আজি গান গাব নেলাগিব। জিৰণি পাম অলপ। ওম্ শান্তি, শান্তি। শান্তিত ঘৰতে বহি থাকিম।” মই ক’লোঁ, সিফালে প্ৰযোজকে আত্মহত্যা কৰিব। কল্যাণজী-আনন্দজীয়ে চিঞৰিব। তেতিয়া কৰিব কি ? কিশোৰে ক’লে, “তেতিয়া নাও এখন লৈ, মূৰত গামোচা এখন বান্ধি নিজেই নাৱৰীয়া হৈ, জুহু বীচৰপৰা মহালক্ষ্মী মন্দিৰৰ ঘাটলৈ ব’ঠা মাৰি মাৰি অকলে গুচি যাম- ভাটিয়ালী গাই গাই- ওৰে কল্যাণৰে ওৰে আনন্দ ৰে- আমি যাচ্ছি ৰে…।” কিশোৰৰ ৰগৰ চিৰসেউজীয়া।।