কাৰোবাৰ অপ্ৰত্যাশিত প্ৰস্থানে আমাক সোঁৱৰাই যায় জীৱনৰ মূল্য
সৌৰভ জ্যোতি বৰ্মন | ২৬ জুলাই, ২০২০
নিৰন্তৰ (২০২০)
কাহিনী আৰু পৰিচালনা: চন্দ্ৰাশিস ৰয়
অভিনয়ত: প্ৰসেনজিত চেটাৰ্জি, সত্যম ভট্টাচাৰ্য, অংকিতা মাঝি
প্ৰযোজনা: প্ৰসেনজিত চেটাৰ্জি
জী ফাইভ (ZEE5)ত উপলব্ধ
অনুশোচনা, অন্তৰ্মুখী জীৱনশৈলী অথবা উপলব্ধি আদিৰ এক স্পৰ্শকাতৰ মালিতা ‘নিৰন্তৰ’। বাংলা ছবি জগতৰ অতি চিনাকি এটি নাম প্ৰসেনজিত চেটাৰ্জীৰদ্বাৰা প্ৰযোজিত, লগতে চন্দ্ৰাশিস ৰয়ৰদ্বাৰা ৰচিত আৰু পৰিচালিত প্ৰথম তথা সফল পদক্ষেপ ‘নিৰন্তৰ’।
ই অনুশোচনা আৰু উপলব্ধিৰদ্বাৰা বহিৰ্প্ৰকাশ কৰোৱা বাস্তৱ জীৱনৰ দলিলবোৰৰ এক কাব্যিক উপস্থাপন। প্ৰতিটো চৰিত্ৰৰ মন্থৰ গতিয়ে অধিক ওচৰ চপাই আনে আমাৰ চিনাকি জীৱনবোৰক। সাধাৰণতে মন্থৰ গতিৰ ছবি এখনত পৰিচালকৰ সূক্ষ্ম দৃষ্টিৰ যথেষ্ট প্ৰয়োজন, ক্ষুদ্ৰাতিক্ষুদ্ৰৰপৰা বিশালকায় প্ৰতিটো উপাদানৰ পুংখানুপুংখ উপস্থাপনে কাহিনী এটাক জীৱন্ত কৰি তোলে – এই দুয়োটা দৃষ্টিকোণৰপৰা ‘নিৰন্তৰ’ শক্তিশালী। চৰিত্ৰবোৰৰ বিকাশ মনস্তত্ত্বৰ গভীৰতাৰ দিশেৰে আগবাঢ়ি এটা সময়ত পূৰ্ণতা লাভ কৰে।

বিপ্লৱ সেন (প্ৰসেনজিত চেটাৰ্জী) এজন অন্তৰ্মুখী প্ৰৌঢ় অভিযন্তা আৰু ভাস্কৰ (সত্যম ভট্টাচাৰ্য) এজন শিশুসুলভ প্ৰকল্প সহকাৰী। কাহিনীৰ আৰম্ভণিতেই নতুন ৰিজ’ৰ্ট প্ৰকল্প এটাৰ বাবে উপযুক্ত ঠাই বিচাৰি পাহাৰীয়া ঠাই এখনলৈ দুয়োটা চৰিত্ৰৰ আগমন হয়। আনুষংগিক উপকাহিনীবোৰৰ সৈতে, আচৰণৰ দিশৰপৰা দুটি বিপৰীত মেৰুত বাস কৰা চৰিত্ৰ – বিপ্লৱ আৰু ভাস্কৰ। কাহিনীৰ সৈতে দুয়োৰে সহাৱস্থানৰ খকা-খুন্দাবোৰ আগবাঢ়ি যায়। এটা সময়ত জীৱন যুদ্ধৰ কোনো মুহূৰ্তত খুব বেয়াকৈ উজুটি খোৱা চৰিত্ৰ দুটা ওচৰ চাপি আহে ইজনে সিজনৰ। উভয়ে উভয়ৰ হতাশাৰ কাহিনীবোৰৰ শ্ৰোতা হয়। ভাস্কৰ, বিপ্লৱৰ বুকুত ঠাহ খাই থকা ক্ষোভ, হতাশাবোৰৰ ক্ৰমান্বয়ে বহিৰ্প্ৰকাশ হয়। অন্তৰ্মুখী বিপ্লৱৰ জীৱনৰ পৃষ্ঠাবোৰ খুলি গৈ থাকে, লগে লগে অলপ-অচৰপ ভাস্কৰৰো। দুয়োৰে মাজত অজানিতেই এক পৰস্পৰ বুজাবুজি গঢ় লৈ উঠে, হয়তো জীৱনৰ সাদৃশ্যবোৰৰ বাবেই। হঠাৎ কাহিনীত টুইষ্ট আহি যায়, কাহিনীয়ে অন্য মোৰ লয় ঠিক আমাৰ জীৱনবোৰৰ দৰেই।

অপ্ৰত্যাশিত ঘটনাটোৱে বিপ্লৱৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী সলনি কৰি দিয়ে। পৰিচালকে বিপ্লৱৰ এই পৰিৱৰ্তনক খুব চতুৰতাৰে একিউট ডিপ্ৰেছন (Acute Depression)ৰ চিকাৰ হোৱা পত্নী (অংকিতা মাঝি)ৰ ওচৰ চপাই লৈ যায়। ক্ৰমশঃ বাস্তৱৰ মুখামুখি হ’ব নোখোজা পলায়নবাদী বিপ্লৱে পত্নীক সময় দিবলৈ লয়, সিহঁতৰ সম্পৰ্কটোক নতুনকৈ গঢ়িবলৈ মন বান্ধে। হেৰুওৱাৰ ভয় আৰু বাস্তৱৰ উপলব্ধিয়ে ক্লাইমেক্সলৈকে বিপ্লৱক বাস্তৱৰ মুখামুখি হ’বলৈ শিকাই পেলায়।
ছবিখনে আমাক ডিপ্ৰেছনৰ সৈতে যুঁজাৰ সাহস দিয়ে। ক’ৰবাত নহয় ক’ৰবাত যেন এই বিশ্বৰ প্ৰতিটো চৰিত্ৰ আৱেগৰ একেডাল সূতাৰেই বান্ধ খাই আছে। সূতাৰ ইটো পাৰৰপৰা সিটো পাৰলৈ বুকুৰ কোণত থুপাই থোৱা ক্ষোভ, হতাশাবোৰক পাৰ ভাঙি ওলাই আহিবলৈ দিলে দোমোজাৰ ভৰবোৰ কমে। কাৰোবাৰ অপ্ৰত্যাশিত প্ৰস্থানে আমাক সোঁৱৰাই যায় জীৱনৰ মূল্য।

কাহিনীত পৰিচালকে উত্তৰ-পূৰ্বীয় চৰিত্ৰবোৰক বৰ সুন্দৰকৈ উপস্থাপন কৰিছে। প্ৰতিটো চৰিত্ৰৰ সৈতে অভিনেতা-অভিনেত্ৰীসকলৰ একাত্মবোধ স্পষ্ট ছবিখনত। আটাইৰে অভিনয় শলাগিবলগীয়া। ই লাগিলে অন্তৰ্মুখী, পলায়নবাদী, হতাশাগ্ৰস্ত প্ৰৌঢ়ৰ চৰিত্ৰত প্ৰসেনজিত চেটাৰ্জীৰ অভিনয়েই হওক; শিশুসুলভ, জিৰণিবিহীন সত্যম ভট্টাচাৰ্যই হওক অথবা ডিপ্ৰেছনৰ চিকাৰ হোৱা অংকিতা মাঝিৰ অভিনয়েই হওক। সকলোৰে অভিনয়ত খুঁত উলিওৱাটো কঠিন।
সৌমিক হালদাৰৰ কেমেৰাৰ কাম খুব সুন্দৰ। গতিহীন দৃশ্যবোৰেও কৈ যায় বহুতো কাহিনী। নীৰৱতাৰ মাজতো যেন আমাক আঁজুৰি নিব পৰাকৈ সক্ষম কেমেৰাৰ কাম। প্ৰতিটো চৰিত্ৰৰ আৱেগক আপোনাৰ বুকুলৈ প্ৰৱাহিত কৰিব পৰাকৈ দৃশ্যবোৰ চহকী।
অভিজিত কুণ্ডুৰ সংগীতৰ কাম প্ৰশংসনীয়। প্ৰতিটো দৃশ্যত বিচৰামতেই সংযোগ হৈছে সংগীতৰ সোঁত। চৰিত্ৰবোৰৰ আৱেগবোৰক জীৱন্ত কৰাত শাস্ত্ৰীয় সংগীতৰ প্ৰয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
মুঠৰ ওপৰত ‘নিৰন্তৰ’ এখন পৰিপক্ক ছবি। জীৱনৰ নতুন দিশ কিছুমান উন্মোচন কৰিবলৈ, জীৱনৰ মহত্ত্বক উপলব্ধি কৰিবলৈ ‘নিৰন্তৰ’ আপোনালোকে নিঃসন্দেহে চাব পাৰে।