মোৰ দৃষ্টিত মনেৰে, আত্মাৰে এটা কাম চৰ্চা কৰিলে সন্তুষ্টি আৰু প্ৰাপ্তি আহে। তাত কেৱল লক্ষ্য আৰু উদ্দেশ্য নিহিত হৈ থাকিব লাগে। তেতিয়া সমাজৰ কল্যাণ হ’ব।
By Team TJC / 26 July, 2020

ঝৰ্ণা শইকীয়া- একেধাৰে অভিনেত্ৰী, নৃত্যবিদ, তথ্যচিত্ৰ আৰু টেলিফিল্ম পৰিচালিকা, অসমৰ কলা-সংস্কৃতি জগতৰ এগৰাকী অভিজ্ঞ শিল্পী। সাংস্কৃতিক ক্ষেত্ৰখনত বহু সাধনাৰে তেখেতে নীৰৱে আগবঢ়াইছে অনন্য অৱদান। বহুতৰ দৰে কেৱল নিজৰ মাজতে আবদ্ধ হৈ নাথাকি তেওঁ নিজৰ সাঁচতীয়া অভিজ্ঞতাৰে নতুনচামক দেখুৱাই দিছে সৃষ্টিশীলতাৰ বাট।
বহুমুখী প্ৰতিভাৰে উদ্ভাসিত এইগৰাকী যশস্বী শিল্পীয়ে লাভ কৰিছে ২০২০ বৰ্ষৰ সন্মানীয় ‘বিষ্ণু ৰাভা বঁটা’। ঝৰ্ণা শইকীয়া বাইদেউক বিচাৰি এই ২১ জুলাইত আমি উপস্থিত হৈছিলোঁগৈ তেখেতৰ ডিব্ৰুগড়ৰ বাসগৃহত। তেখেতক ‘বিষ্ণু ৰাভা বঁটা’ প্ৰাপ্তিৰ বাবে আমি শুভেচ্ছা জনালোঁ। বাইদেৱে আথে-বেথে আমাক বহিবলৈ কৈ আৰম্ভ কৰিলে কথোপকথন। তেখেতৰ মৰমিয়াল আতিথ্য, গৰম চাহৰ আপ্যায়ন, তাহানিৰ স্মৃতি ৰোমন্থনেৰে জমি উঠিল আড্ডা। আমি বিভিন্ন কথা সুধিলোঁ, বাইদেৱে এফালৰপৰা কৈ গ’ল এক দীঘলীয়া পৰিক্ৰমাৰ বহুতো অলিখিত কাহিনী…
Team TJC: বাইদেউ, আপুনি এগৰাকী জনপ্ৰিয় নৃত্যশিল্পী হিচাপে প্ৰতিষ্ঠিত। নৃত্যৰ সৈতে কেতিয়াৰপৰা আৰু কিদৰে জড়িত হৈ পৰিল ?
ঝৰ্ণা শইকীয়া: শৈশৱৰপৰাই মই নৃত্য বৰ ভাল পাইছিলোঁ। আমি সৰু থাকোঁতে বিভিন্ন যাত্ৰানাট চোৱাৰ সুযোগ পাইছিলোঁ। সেই সময়ত যাত্ৰাৰ patternটোত অভিনেতা-অভিনেত্ৰীয়ে তিনিওফালৰপৰা প্ৰৱেশ কৰাৰ এটা ব্যৱস্থা থাকে। তেতিয়া মুকলি ঠাইত এখন ভাওনা অনুষ্ঠিত হৈছিল আৰু যাত্ৰাৰ দৰেই ভাওনাতো প্ৰৱেশৰ বাবে দুই/তিনিটা দ্বাৰ ৰখা হৈছিল। মই অসুৰৰ ৰজাৰ লগত নাচিব লাগে- মোৰ লগত জেইলাৰৰ দুগৰাকী ছোৱালীও আছিল। তেনেতে যেতিয়া আমাৰ পাল আহিল, আমি নাচিব ধৰিলোঁ। মই অসুৰ ৰজাৰ সন্মুখত ইমানে আপোন-পাহৰা হৈ নাচি থাকিলোঁ যে- মোৰ লগৰকেইজনী কেতিয়া নাচি নাচি ওলাই গ’ল, গমেই নাপালোঁ। ইফালে বায়নগৰাকীয়ে লাহে লাহে কৈছে- “মাজনী, তুমি যোৱাগৈ!” অসুৰৰ ৰজাইও মোক যাবলৈ ইংগিত দিছে। তাৰপিছতহে মই ভয় খাই ভাওনাস্থলীৰপৰা আঁতৰি আহিলোঁ। সেইদিনা নৃত্য কৰি থাকোঁতে মই ইমানেই আত্মবিভোৰ হৈ পৰিছিলোঁ যে- প্ৰস্থানৰ কথা পাহৰিয়ে গৈছিলোঁ। শৈশৱৰ সেই ঘটনাটো আজিও জলজল-পটপটকৈ মনত আছে। তেনেদৰেই এখোজ-দুখোজকৈ নৃত্যৰ পথাৰখনত সোমাই পৰিলোঁ। তাৰপিছৰপৰা এতিয়ালৈকে বহু নৃত্য কৰিলোঁ। কিন্তু সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
Team TJC: বাইদেউ, নৃত্যশিল্পী হিচাপে আপুনি বিভিন্ন পুৰস্কাৰ লাভ কৰাৰ দিনবোৰলৈ মনত পৰেনে ?
ঝৰ্ণা শইকীয়া: মই দলগাঁৱত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ। দলগাঁও তেতিয়া সাংস্কৃতিকভাৱে যথেষ্ট সমৃদ্ধিশালী। তাত মই যথেষ্ট নৃত্য-গীতৰ চৰ্চা কৰিছিলোঁ। সেই সময়ত মংগলদৈ মহকুমাত এখন নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ ‘চিৰযুগমীয়া ঢৌ তুলি’- কালজয়ী গানটোত নৃত্য পৰিৱেশন কৰি মই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। সেয়া মোৰ জীৱনৰ এক স্মৰণীয় মুহূৰ্ত। ইয়াৰোপৰি স্কুলীয়া জীৱনৰপৰা আৰম্ভ কৰি পিছলৈ বিভিন্ন ঠাইলৈ গৈ বিভিন্ন প্ৰতিযোগিতাত অংশগ্রহণেৰে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ।
Team TJC: ভূপেনদাৰ কথা ওলাল যেতিয়া আপোনাক সুধিব বিচাৰিছোঁ- ভূপেনদাৰ দৰে এগৰাকী বিশ্ববিশ্ৰুত শিল্পীৰ সৈতে আপোনাৰ সান্নিধ্যৰ কথা।
ঝৰ্ণা শইকীয়া: কানৈ কলেজত পঢ়ি থকাৰ সময়ত এবাৰ ভূপেনদা আমাৰ কলেজলৈ আহিছিল। সেইদিনা ভূপেনদাৰ সন্মুখতে তেখেতৰ আৰু ৰুণুমী ঠাকুৰৰ “ব’হাগী অ’ শাওণী” শীৰ্ষক জনপ্ৰিয় গীতটিত মই নৃত্য পৰিৱেশন কৰাৰ সুযোগ পাইছিলোঁ। ভূপেনদাই চাই খুব ভাল পালে। আবেলি হঠাতে তেখেতে যশস্বী অভিনেতা তথা ভায়’লিনবাদক বিজয় শংকৰৰ সৈতে আমাৰ ঘৰত আহি উপস্থিত হ’লহি। সেইদিনা আমাৰ কি যে ফূৰ্তি, ঘৰত একেবাৰে হুলস্থুল- কাৰণ ভূপেনদা আহিছে। তেওঁলোকে মোৰ নৃত্যক খুব প্ৰশংসা কৰিলে। সেই দিনবোৰ আজিও মনত সজীৱ হৈ উঠে। ভূপেনদাৰ কালজয়ী গীতবোৰ আমাৰ ঘৰত এক চৰ্চাৰ বিষয় আছিল।
Team TJC: নৃত্য বুলি ক’লে আপুনি কেনেকুৱা নৃত্য কৰি ভাল পায় বা কোনটো নৃত্যশৈলীত আপুনি অধিক আনন্দ অনুভৱ কৰে, যেনে- শাস্ত্ৰীয় নৃত্য, লোকনৃত্য ইত্যাদি ?
ঝৰ্ণা শইকীয়া: মই মূলতঃ বিহু নৃত্য, লোকনৃত্য, সৃষ্টিশীল নৃত্যৰ সৈতে জড়িত। স্কুলত পঢ়ি থাকোঁতে বহু নৃত্য কৰিছিলোঁ। কলেজলৈ আহি আকৌ এখন ডাঙৰ সাংস্কৃতিক প্লেটফ’ৰ্ম পালোঁ। কলেজত আমাৰ ‘বৰদৈচিলা’ বুলি এটা জনপ্ৰিয় গ্ৰুপ আছিল। কলেজৰ দেওনা পাৰ হোৱাৰ পিছত এটা টীম লৈ বিভিন্ন ঠাইত নৃত্য পৰিৱেশন কৰিছোঁ। পিছলৈ বিভিন্ন অসমভিত্তিক নৃত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপেও বিভিন্ন ঠাইলৈ গৈছোঁ। তাৰ মাজতে ১৯৯৫ চনত শ্বিলং দূৰদৰ্শনত নৃত্য কৰাৰ সুযোগ লাভ কৰাৰ লগতে ডিব্ৰুগড় দূৰদৰ্শনৰ প্ৰথমখন মিউজিকেল ফিচাৰ- ‘চক্ৰবৎ পৰিৱৰ্তনতে’ কৰিছিলোঁ। মই pure ক্লাছিকেলৰ মানুহ নহয়, কিন্তু মোৰ সৌভাগ্য যে মোৰ বোৱাৰীয়ে শাস্ত্ৰীয় নৃত্যৰ চৰ্চা কৰে।

এন চি আৰ টিয়ে সমগ্ৰ দেশৰ ভিতৰত বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত এখন ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰে। তেওঁলোকে পৰিৱেশ, সমাজ সচেতনমূলক আদি কেইটামান বিষয় বাছি দিয়ে যেনে- প্ৰকৃতি সুৰক্ষা, নাৰী সুৰক্ষা, মাদক দ্ৰব্য নিবাৰণ- এনেধৰণৰ। মই তিনিটা বিষয় বাছি লৈ গীত লিখিলোঁ, নৃত্য পৰিচালনা কৰিলোঁ, ছাত্র-ছাত্ৰীক শিকালোঁ- এনেদৰে আমি একেৰাহে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইবাৰ প্ৰথমৰপৰা তৃতীয় স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিলোঁ। বাহিৰত অসমীয়া ভাষা নজনা মানুহখিনিয়েও বুজি পাব পৰাকৈ প্ৰকাশভংগীৰ ওপৰত যথেষ্ট কাম কৰিবলগীয়া হৈছিল।
Team TJC: আপুনি অসমীয়া চিনেমা ‘ৰতনলাল’ত (১৯৭৫) নায়িকাৰ ভূমিকা ৰূপায়ণ কৰিছিল। হঠাতে নৃত্যবিদগৰাকী কেনেদৰে চলচ্চিত্ৰৰ নায়িকালৈ ৰূপান্তৰিত হ’ল ?
ঝৰ্ণা শইকীয়া: সেয়া এক মজাৰ ঘটনা। মই তেতিয়া কানৈ কলেজৰ ছাত্ৰী। নলীন দুৱৰাই সেইসময়ত এখন ছবিত অভিনয়ৰ বাবে এজনী ছোৱালী বিচাৰি আছিল। নলীনদাই আমাৰ কলেজত পঢ়ি থকা মোৰ ভাতৃসদৃশ জয়ৰাজকো ছোৱালীৰ কথা সুধিছিল। তেতিয়া জয়ৰাজে মোৰ কথা কৈছিল। তেনেকৈয়ে কিছু খা-খবৰ লৈ এদিন আমাৰ ঘৰত হঠাতে আহি ওলালহি স্বনামধন্য ছবি পৰিচালক আব্দুল মজিদ, নলীন দুৱৰা, শিৱপ্ৰসাদ ঠাকুৰ আৰু নিৰ্মল চক্ৰৱৰ্তী। জয়ৰাজ চক্ৰৱৰ্তীৰ পিতৃ নিৰ্মল চক্ৰৱৰ্তী আছিল ছবিখনৰ সংগীত পৰিচালক। তেওঁলোকৰ সৈতে মোৰ সৌহাৰ্দমূলক চা-চিনাকি হ’ল আৰু তাৰপিছত নাচিব জানোঁনে ইত্যাদি বিভিন্ন কথা সুধিলে। মা-দেউতাৰ লগতো তেওঁলোকে কথা-বতৰা পাতিলে। তেতিয়াৰ দিনত যিকোনো ছবিত ছোৱালীয়ে অভিনয় কৰাৰ ক্ষেত্ৰত নিৰ্মাতাসকলে প্ৰথমে মাক-দেউতাকৰপৰা অনুমতি লৈছিল। অৱশেষত মা-দেউতাক সৈমান কৰাই তেওঁলোকে মোক ক’লে- “তুমি নাচিব জানা যেতিয়া বোলছবি এখনত কিবা এটা অভিনয় কৰিবা আৰু !” কিন্তু মই যে নায়িকা হ’ম, সেই কথা পিছে কোৱাই নাছিল। ইপিনে মাজুদাই মোক শ্বুটিঙলৈ লৈ যাম বুলি মান্তি হ’ল। সেই তেনেকৈয়ে যাত্ৰাটো আৰম্ভ হ’ল আৰু চাওঁতে চাওঁতে এদিন মহুৰতৰ দিনটো আহিল।

Team TJC: শ্বুটিঙৰ সময়ত ঘটা কোনো স্মৰণীয় ঘটনা বা পৰ্দাৰ আঁৰৰ কোনো কাহিনী আমাৰ সৈতে শ্বেয়াৰ কৰিব নেকি ?
ঝৰ্ণা শইকীয়া: ‘ৰতনলাল’ৰ মহুৰত হৈ শ্বুটিঙো আৰম্ভ হ’ল। কিন্তু বহুদিনলৈ মই চিনেমাৰ কাহিনীৰ বিষয়ে একো জনাই নাছিলোঁ। মাত্ৰ পৰিচালক আৰু টীমৰ নিৰ্দেশমতে শ্বুটিং কৰোঁ, ডাইল’গ কওঁ আৰু তেওঁলোকে বুঢ়া আঙুলিটো দেখুৱাই done বুলি সংকেত দিয়ে। ‘ৰতনলাল’ত মই এটাও ৰিটেক দিয়া নাছিলোঁ, মোৰ প্ৰতিটো শ্ব’ট এবাৰতে অৰ্থাৎ এটা কাটতে লোৱা হৈছিল আৰু তেওঁলোকে কৈছিল- ‘বঢ়িয়া”।

ছবিখনত বিয়াৰ এটা scene আছিল, যিটো আজিও মনত সজীৱ হৈ উঠে। আগতে মই মঞ্চনাটত অভিনয় কৰিছিলোঁ বাবে চিনেমাত অভিনয় কৰাৰ ক্ষেত্ৰত বিশেষ সমস্যা হোৱা নাছিল। চাহ বাগিচাৰ পটভূমিত নিৰ্মিত ছবিখনত মোৰ চৰিত্ৰটোৰ নাম আছিল ‘জানকী’। শ্বুটিঙৰ সময়তে লগ পাইছিলোঁ জৰ্জ বেকাৰ, পৱিত্ৰ বৰকাকতিক। ‘ৰতনলাল’ৰ গানবোৰো খুব জনপ্ৰিয় হৈছিল। তাৰ ভিতৰত ‘কে তকে বান্ধি দেলাই হিলকি বিলকি খপা হায়ৰে’ গীতটো পাপনে এতিয়া নতুন প্ৰজন্মৰ বাবে আকৌ জনপ্ৰিয় কৰি তুলিলে। এনেদৰেই বহুতো ভাল লগা পৰিক্ৰমাৰ মাজেৰে চিনেমাত অভিনয় কৰিছিলোঁ। সেই দিনবোৰ ৰোমন্থন কৰি বৰ ভাল লাগে।

Team TJC: ৰূপালী পৰ্দাত আপোনাক দৰ্শকে আদৰি লোৱাৰ পিছতো কিয় আপোনাক আৰু চিনেমাত অভিনয় কৰা দেখা নাপালোঁ, সকলোৱে জানিব বিচাৰে ?
ঝৰ্ণা শইকীয়া: সেইসময়ৰ সমাজৰ ৰক্ষণশীল মনোভাবৰ বাবেই মোৰ আৰু দ্বিতীয়খন চিনেমা কৰা নহ’ল। কিজানিবা ছবিত অভিনয় কৰিলে বিয়া-বাৰু নহ’বগৈ নেকি, এনেকুৱা এক চিন্তা তেতিয়া প্ৰচলিত আছিল। চিনেমাত অভিনয় কৰিবলৈ মোৰ মন আছিল যদিও এইবোৰ কাৰণতে বাদ পৰিল। শিৱপ্ৰসাদ ঠাকুৰে ‘জংচন’ চিনেমাত অভিনয়ৰ বাবে মোক বিচাৰিছিল, আব্দুল মজিদেও ‘বনহংস’ৰ এটা চৰিত্ৰ অ’ফাৰ কৰিছিল। ইয়াৰ উপৰিও আৰু কেইখনমান ছবিৰ অ’ফাৰ পাইছিলোঁ। কিন্তু ৰক্ষণশীলতাৰ বাবে চিনেমাৰ যাত্ৰা মোৰ ‘ৰতনলাল’তে ইতি পৰিল।
Team TJC: কলা-সংস্কৃতিৰ ক্ষেত্ৰখনত আপুনি জিলিকি উঠাৰ আঁৰত কোনে অনুপ্ৰেৰণা যোগাইছিল ?
ঝৰ্ণা শইকীয়া: মোৰ মা অত্যন্ত উচ্চাকাংক্ষী আছিল। সৰুতে তেওঁ কাপোৰেৰে আমাক ঘৰতে মঞ্চ বনাই দিছিল। সেয়া আছিল আমাক ব্যস্ত ৰখাৰ মাৰ কৌশল। মাই আমাক তাতে নাচ-গান প্ৰদৰ্শন কৰিবলৈ দিয়ে। পিছলৈ সেই সৰু সৰু কথাবোৰেই মোৰ জীৱনক প্ৰভাৱিত কৰিছিল। নৃত্য, গীত তেওঁ খুব ভাল পাইছিল। এবাৰ তেওঁ আমীৰ খানৰ চিনেমা এখন চাই আমাক ধেমালিতে কৈছিল যে- “এই ল’ৰাটো মোৰ ল’ৰা হোৱা হ’লে!” মানে তেওঁ কিমান সংস্কৃতি অনুৰাগী আছিল, এনেকুৱা সৰু সৰু কথাবোৰতে প্ৰতিফলিত হৈছিল। আৰু ইপিনে দেউতাই গান বৰ ভাল পাইছিল। দেউতাৰ প্ৰকৃত ঘৰ শিলচৰত আছিল, গতিকে ভাটিয়ালী সুৰৰ প্ৰতি আছিল তেওঁৰ বিশেষ আকৰ্ষণ। আগতে তাতে আমি থকা ঠাইটুকুৰাৰ নাম আছিল তাৰাপুৰ অসমীয়া বস্তি। সেইসূত্ৰে মই বস্তিৰ ছোৱালী। তদুপৰি, পিছলৈ আমাৰ পৰৱৰ্তী ঘৰলৈ সাংস্কৃতিক জগতৰ বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ আহ-যাহ আছিল। এনেদৰেই এক সাংস্কৃতিক পৰিৱেশৰ মাজত আমি ডাঙৰ-দীঘল হৈছিলোঁ আৰু এই দিশত মোৰ মা-দেউতাই যথেষ্ট উৎসাহিত কৰিছিল।
Team TJC: আপুনি এই বৰ্ষৰ ‘বিষ্ণুৰাভা বঁটা’ৰে সন্মানিত হৈছে। কেতিয়াবা কলাগুৰুৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য হৈছিল নে ?
ঝৰ্ণা শইকীয়া: সেইসময়ত পোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যই আজিও আমাক নষ্টালজিক কৰি তোলে। মোৰ দেউতা পুলিচ ডিপাৰ্টমেণ্টত কৰ্মৰত আছিল। আমি পুলিচ ৰিজাৰ্ভৰ কোৱাৰ্টাৰত থাকোঁ। তেতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কেতিয়াবা আমাৰ ঘৰলৈ আহে। আমি খেলা-ধূলা কৰি থাকোঁ আৰু তেখেতে কয়- “এই তহঁতে কি কৰিছ, আতা ক’বি দেই মোক, আতা ক।” আমি তেতিয়া স্কুলত পঢ়ি আছিলোঁ। তেখেতে দেউতাৰ লগত আড্ডা মাৰে। এইবোৰ ১৯৬৪-৬৫ৰ কথা। মাই ভাললগা খাদ্য পৰিৱেশন কৰে। আতাই আমাক কয়- “তহঁতে খেলি থাক দেই। তই গান গাব পাৰ নে নাই ?” এনেকৈয়ে সৰুতে কলাগুৰুৰ দৰে এজন মহান ব্যক্তিক লগ পোৱাৰ সৌভাগ্য হৈছিল।
Team TJC: পুৰস্কাৰে নিশ্চয় উৎসাহিত কৰে। ‘বিষ্ণু ৰাভা বঁটা’ লাভ কৰাৰ আপোনাৰ অনুভৱখিনি কেনেকুৱা ?
ঝৰ্ণা শইকীয়া: বঁটাই মোক আনন্দিত কৰিছে। কিন্তু মই কষ্টেৰে কৰা কামৰ বাবে ৰাইজে দিয়া অফুৰন্ত মৰমেই মোৰ বাবে প্ৰকৃত স্বীকৃতি। বহু বছৰ ধৰি তুমি যেতিয়া একেটা কামতেই নেৰানেপেৰাকৈ লাগি থাকিবা, তাৰ ফলাফল এদিন আহেই। কলাগুৰুৰ ব্যক্তিত্ব, সান্নিধ্য, জনসাধাৰণৰ সৈতে তেওঁৰ নিবিড় সংস্পৰ্শৰপৰা গম পাইছিলোঁ- তেখেত সাধাৰণভাৱে থকা এজন অসাধাৰণ মানুহ। দেউতাকৰপৰা ইমান মাটি-বাৰী পোৱাৰ পিছতো সেইবোৰলৈ তেওঁৰ মন-কাণ নাছিল। তাৰ বিপৰীতে শোষিত-নিষ্পেষিত জনতাৰ হৈ তেখেতে কাম কৰিছিল। যিগৰাকী মহান ব্যক্তিয়ে নিজৰ সকলো পাহৰি সাহসিকতাৰে ৰাইজৰ বাবে জীৱন উৎসৰ্গা কৰি থৈ গৈছে, তেওঁৰ নামত বঁটা পোৱা বাবে মই বেছি আনন্দিত। তেওঁলোকৰ জীৱনবোৰ কিমান যে অৰ্থপূৰ্ণ !
Team TJC: সাংস্কৃতিক ক্ষেত্ৰখনৰ এগৰাকী অভিজ্ঞ শিল্পী হিচাপে আপুনি নতুন প্ৰজন্মৰ উদ্দেশ্যে কি ক’ব বিচাৰে আৰু নতুন প্ৰজন্মৰ বাবে কি কৰিব বিচাৰে ?
ঝৰ্ণা শইকীয়া: মোৰ দৃষ্টিত মনেৰে, আত্মাৰে এটা কাম চৰ্চা কৰিলে সন্তুষ্টি আৰু প্ৰাপ্তি আহে। তাত কেৱল লক্ষ্য আৰু উদ্দেশ্য নিহিত হৈ থাকিব লাগে। তেতিয়া সমাজৰ কল্যাণ হ’ব। মানুহৰ মনত এতিয়া সাংঘাতিক ঈৰ্ষা, কপটতাৰ ভাব সৃষ্টি হৈছে, ইজনে-সিজনক চিনি নোপোৱা হৈছে আৰু শ্ৰদ্ধা-ভক্তি, সন্মান নকৰা হৈছে। ভাল কাম কৰিলে কিয় তোমাক প্ৰশংসা কৰিবলৈ কাৰ্পণ্য কৰে, কিয় উঠিব নিদিয়ে ইত্যাদি ইত্যাদি। সেইবোৰ আমি সমাজৰপৰা আঁতৰাব লাগিব। আমি সকলোৱে ভাল দিশবোৰত গুৰুত্ব দিব লাগিব। মানুহৰ বাবে, সমাজখনৰ বাবে যদি আমি কিঞ্চিতো কৰিব পাৰোঁ, তেতিয়া সমাজখনৰ বাবে কিবা এটা ভাল হ’ব। নতুন প্ৰজন্মৰ বাবে মই সদায়েই কাম কৰি আহিছোঁ আৰু আগলৈও কাম কৰি যাম।
অৱশেষত কথাৰ মচগুলৰ মাজেৰে এনেকৈয়ে ডেৰঘণ্টা পাৰ হৈ গ’ল। আমি বহুতো নজনা কথা গম পালোঁ। তাহানিৰ স্মৃতিবোৰ ৰোমন্থন কৰি ঝৰ্ণা শইকীয়া বাইদেউ নষ্টালজিক হৈ পৰিছিল, উভতি গৈছিল ‘ৰতনলাল’ৰ জানকীৰ মাজেৰে শৈশৱত মাকে সাজি দিয়া মঞ্চখনলৈ। সমাজৰ ৰক্ষণশীলতাৰ বাবে চিনেমাৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা জলীউডৰ অভিনেত্ৰী এগৰাকীৰ মনৰ কথা জানিবলৈ পোৱাটো আমাৰ বাবে বিশেষ প্ৰাপ্তি। তেখেতৰ সান্নিধ্যই আমাৰো দিনটো জীপাল কৰি তুলিলে আৰু আমি পালোঁ এক নতুন উদ্যম, এক নতুন উৎসাহ।
ভাল লাগিল বাইদেউৰ কথাবিলাক জানি ।। নতুন প্ৰজন্মক উৎসাহিত কৰিব।। ধন্যবাদ Jollywood Cafe