‘জোনাকী’- জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা প্ৰথমটো চিনেমা হল। চিনেমা নিৰ্মাণ হ’লেইতো নহ’ব, চিনেমা চাবলৈ ঠাই এডোখৰোতো লাগিব! অসমত যে তাৰেই অভাৱ!
ড° ভাৰতী ভড়ালী | ২৬ জুলাই, ২০২০

চলচ্চিত্ৰ হৈছে এটি সাৰ্বজনীন গণমাধ্যম। সময় আৰু স্থানৰ জটিল জ্যামিতিক বিন্যাসত খেলা কৰা ই এটি নান্দনিক কলা।
চিনেমা কেৱল কলা নে ?
Massachusetts institute of Technology- MIT-ৰ চিনেমা অধ্যয়ন বিভাগৰ প্ৰতিষ্ঠাপক সঞ্চালক ড° ডেভিড থৰ্নবাৰ্গৰ মতে চিনেমা হৈছে বিজ্ঞান, চিনেমা হৈছে ৰসায়ন। ইয়াত পূৰ্বে ফিল্ম আৰু ছিলভাৰ নাইট্ৰেটৰ সংমিশ্ৰণ ঘটিবই লাগিছিল। চিনেমা পদাৰ্থ বিজ্ঞানো- পোহৰ আৰু ৰঙে নিৰ্ভুলতাৰে বিক্ৰিয়া ঘটালেহে চিনেমা সুন্দৰ হয়। চিনেমা প্ৰযুক্তি বিজ্ঞানো- শব্দ, সম্পাদনা, প্ৰজেকশ্যনৰ পৃথিৱীখনত ঘটা অভূতপূৰ্ব বৈজ্ঞানিক পৰিৱৰ্তন অথবা কেমেৰা আৰু শ্বুটিঙৰ পদ্ধতিৰ কাৰিকৰী কৌশলসমূহত বিজ্ঞানৰ মহৎ অৱদানে সূচায়- চিনেমা সচাঁকৈয়ে বিজ্ঞানৰ এটি মহানাদ- অৱহেলিত, অনাৱিষ্কৃত।
চিনেমা এটি ৰহস্য
তৰপে তৰপে লেপন বোলোৱা আকৌ তৰপে তৰপে লেপন খোলাৰ ভিন্ন কচৰৎ কৰাৰ প্ৰয়াসৰ প্ৰহেলিকা চিনেমা। চিনেমাক জানিবলৈ, বুজিবলৈ আৰু ন ন ধাৰণাৰ আৱিষ্কাৰ কৰিবলৈ সেয়ে আগবাঢ়ি আহিছে উন্নত দেশৰ বিজ্ঞান গৱেষণাৰ প্ৰতিষ্ঠানসমূহ।
চিনেমাৰ আংগিকতাক বুজাৰ প্ৰয়াসৰ যাত্ৰা হিচাপে ২০১৮ চনত আৰম্ভ হৈছিল ‘জোনাকী চলচ্চিত্ৰ মহোৎসৱ’। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ চিনেমা তথা বিজ্ঞাপন আৰু জনসংযোগ বিশেষীকৰণৰ দ্বৈত প্ৰয়াস ‘জোনাকী’ আছিল পাঠ্যক্ৰমৰ পুথিগত বিদ্যাক হাতে-কামে লগোৱাৰ আখৰা।
দেশে-বিদেশে, ৰাজ্যত বিভিন্ন সময়ত চলচ্চিত্ৰ মহোৎসৱ আয়োজন হৈয়ে আছিল। তাৰ মাজত ‘জোনাকী’ৰ প্ৰয়োজন আছিল নে ?
বিভাগীয় প্ৰধান ড° অংকুৰণ দত্তৰ ভাষাত- “সাধাৰণ জনতাৰ মানসিক আৰু ব্যৱহাৰিক পৰিৱৰ্তনৰ ক্ষেত্ৰত চলচ্চিত্ৰই আগবঢ়োৱা এই ভূমিকা আন বহুতো প্ৰায়োগিক বিদ্যায়তনিক পাঠ্যক্ৰমতকৈও বেছি সবল। সেয়া অনুধাৱন কৰাৰ সময় আহি পৰিছে। ‘জোনাকী’য়ে বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক পৰিকাঠামোৰ ভিতৰত থাকিয়েই চলচ্চিত্ৰৰ নান্দনিকতা চৰ্চাৰ এটা সুযোগ সূচনা কৰক; এটি নতুন পৰিৱেশৰ পাতনি মেলক যি এখন ৰুচিসন্মত চলচ্চিত্ৰৰ নন্দনতত্ত্ব উপভোগ আৰু প্ৰায়োগিক চিন্তাৰ খোৰাক জন্মাব পাৰে।” এয়াই ‘জোনাকী’ৰ সৰল উদ্দেশ্য।
হলীউদৰ আগ্ৰাসী দপদপনিক প্ৰত্যাহ্বান জনাবলৈ ১৯৩২ চনত ইটালীত আৰম্ভ হৈছিল বিশ্বৰ প্ৰথমখন চলচ্চিত্ৰ মহোৎসৱ- ‘ভেনিচ চলচ্চিত্ৰ মহোৎসৱ’ৰ। উদ্দেশ্য আছিল এচাম নতুন দৰ্শক-পৰিচালকৰ সৃষ্টি কৰা আৰু মাধ্যমটোক ইটালীয় দৃষ্টিকোণৰপৰা সবল কৰা। সেই তেতিয়াৰেপৰা চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰচাৰ, প্ৰসাৰ আৰু কৰ্ষণত চলচ্চিত্ৰ মহোৎসৱ এটি অবিচ্ছেদ্য অংগ হৈ পৰিছে। চলচ্চিত্ৰ মহোৎসৱ হৈছে এটি সাকোঁস্বৰূপ। চিনেমাৰ দৰ্শক আৰু চিনেমা নিৰ্মাতাৰ মাজত যোগসূত্ৰ স্থাপন কৰি চলচ্চিত্ৰ উৎসৱসমূহে নতুনকৈ প্ৰযোজক আৰু বিনিয়োগকাৰী সংস্থাকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ য়ুটাৰ ছল্ট লেক চিটীত ১৯৭৮ চনত আৰম্ভ হোৱা ‘চানডেন্স চলচ্চিত্ৰ মহোৎসৱ’ৰ চমকপ্ৰদ উত্থানৰ যাত্ৰাই আমাক আকৰ্ষিত কৰে। অভিনেতা ৰ’বাৰ্ট ৰেডফ’ৰ্ডৰ আগ্ৰহত তেওঁৰ প্ৰতিষ্ঠানৰ মুখ্য কৰ্মকৰ্তা ষ্টাৰলিং ভেন ৱাগেনেন আৰু য়ুটা ফিল্ম আয়োগে স্থাপন কৰিছিল ইণ্ডিপেণ্ডেণ্ট ফিল্ম নিৰ্মাতাসকলৰ বাবে ক্ষুদ্ৰ পৰিসৰৰ এই মহোৎসৱ। আজি সেই পুলিটোৱে শাখা-প্ৰশাখাৰে সৈতে বটবৃক্ষৰ ৰূপ ধাৰণ কৰিছে। আমেৰিকাৰ গণ্য-মান্য প্ৰযোজকৰ বাবেও সম্প্ৰতি ‘Sundance Film Festival’ মোহনীয় ঠাই, ছাত্ৰ-সমালোচক-চিনেমা অনুৰাগীৰ বাবে নতুনত্বৰ সোৱাদ লোৱাৰ বাবে উৎকৃষ্ট পৰিৱেশ। এনেধৰণৰ এটি আৰ্হি যদি আমাৰ ৰাজ্যতো স্থাপন কৰা যায় !!

‘জোনাকী’য়ে আশাৰে বাট চাই আছে। প্ৰথম বছৰত কেৱল কৰ্মশালা, চিনেমা প্ৰদৰ্শন আৰু পৰিচালকৰ সৈতে মত-বিনিময় হৈছিল যদিও দ্বিতীয় বছৰত (২০২০) নকৈ সংযোজন কৰা হয় চিনেমা বিষয়ক কুইজ, এনিমেশ্যনৰ কৰ্মশালা আৰু চুটিছবি প্ৰতিযোগিতা।
‘জোনাকী’- জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা প্ৰথমটো চিনেমা হল। চিনেমা নিৰ্মাণ হ’লেইতো নহ’ব, চিনেমা চাবলৈ ঠাই এডোখৰো যে লাগিব ! অসমত যে তাৰেই অভাৱ ! ৰুচিসন্মত বাণিজ্যিক সফল চিনেমা, চুটিছবি, এনিমেশ্যন যিয়েই নহওক কিয়, চিনেমাৰ গঠনমূলক আলোচনা কৰাৰ পৰিৱেশৰ শূন্যতা পৰিলক্ষিত হয়। আশা কৰোঁ ‘জোনাকী’ৰ ভূমামুখী যাত্ৰা এই অভাৱ পূৰণত পথ প্ৰদৰ্শক হ’ব।
‘জোনাকী’ আয়োজন কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আগবঢ়োৱা সহায়-সহযোগিতা অনস্বীকাৰ্য। ‘জোনাকী’ৰ সফলতা আৰু সঁহাৰিৰ কৃৰ্তিভাগ বিভাগৰ মুৰব্বী প্ৰমুখ্যে প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ। শ্ৰেয় ছাত্ৰ-ছাত্ৰীৰ (জোনাকীৰ প্ৰথম সংস্কৰণৰ ছাত্ৰ সমন্বয়ক সুব্ৰত দত্ত আৰু পলাশ জ্যোতি বৰাৰ নেতৃত্বৰ টীম ‘জোনাকী’ৰ উৎসাহ স্মৰণীয় হৈ ৰ’ব)।
‘জোনাকী’য়ে কেৱল অসমতে নহয়, সমগ্ৰ দেশতে চিনেমা চোৱাৰ, আলোচনাৰ মঞ্চ তৈয়াৰ কৰা তথা চিনেমাৰ প্ৰতি আগ্ৰহী দৰ্শক, নিৰ্মাতা, প্ৰযোজক সৃষ্টিত সহায় কৰিব।
(লেখিকা ড° ভাৰতী ভড়ালী গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা তথা ‘জোনাকী চলচ্চিত্ৰ মহোৎসৱ’ৰ প্ৰতিষ্ঠাপক তত্ত্বাৱধায়িকা।)
Email: [email protected] / [email protected]