প্ৰতিভাৰ বাবে জুইৰ ফিৰিঙতিয়েই যথেষ্ট। ছাৰে ‘Neo-Realism’ আৰু ‘New Wave’ৰ সকলো সম্পদ, আদৰ্শ, চিন্তা-চেতনা, পৰীক্ষাৰ সমল আৰু প্ৰয়োগৰ কৌশল হাতত লৈ আমাৰ অসম পাই গ’লহি। এদিন ছাঁ-পোহৰ লৈ খেলা সৰু ল’ৰাজনে পৃথিৱীৰ সৰ্ব্বোৎকৃষ্ট চিন্তাৰ মেটমৰা ভঁৰাল লৈ অসমত চিনেমাৰ কাম আৰম্ভ কৰি দিলেহি।
By Mukul M Baishya | 13 August, 2020
ভাৰতীয় চিনেমাত ‘New Wave’ৰ (ইটালী আৰু ইউৰোপ) সংজ্ঞা, চিন্তাধাৰা, সমল আৰু আদৰ্শ প্ৰৱৰ্তনৰ মাজেদি এক পৃথক কলাত্মক চিনেমা ধাৰাৰ জন্ম দিয়া দূৰদৰ্শী, স্বাধীন আৰু মহান সৃষ্টিশীল চিনেমা পৰিচালকসকলৰ মাজত ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ সদায়েই অন্যতম। সত্যজিৎ ৰায়, ঋত্বিক ঘটক, মৃণাল সেন, অদূৰ গোপালকৃষ্ণণ, শ্যাম বেনেগাল আৰু শেহত অপৰ্ণা সেন এই ধাৰাৰ বাটকটীয়া আছিল। ড° শইকীয়া ছাৰে ভাৰতীয় চিনেমাৰ লগতে আমাৰ অসমীয়া চিনেমা জগতক তেখেতৰ বহুমূলীয়া অৱদানেৰে মহীয়ান কৰি থৈ গৈছে, আমি অসমীয়াবোৰ চিনেমাৰ দিশেৰে এটা অতি চহকী জাতি।
‘New Wave’ চিনেমা ধাৰাৰ জন্ম ফ্ৰান্সত হ’লেও ই অতি সোনকালে পৃথিৱীৰ সকলো দেশলৈকে বিয়পি পৰিছিল। ইটালীৰ ‘Neo-Realism’-এ প্ৰভাৱান্বিত কৰা আৰু প্ৰচলিত চিনেমাৰ ধাৰাক আঁতৰাই থৈ সমাজ পৰিৱৰ্তনকামী সমাজৰ বাবে নিৰ্মাণ কৰা ষাঠিৰ দশকৰ চিনেমা আদৰ্শই আছিল ‘New Wave’। ষ্টুডিঅ’ৰপৰা কেমেৰা ওলাই সমাজৰ ওচৰ পালেগৈ; সমাজৰপৰা প্ৰয়োজনীয় চৰিত্ৰবোৰ বুটলি ল’লে; কেমেৰাই বাস্তৱবোৰ চাই তাৰ পৰিৱৰ্তন ৰেক’ৰ্ড কৰিলে; তাত ৰাজনীতি, সমাজনীতি, সংস্কৃতি আৰু মানৱ মনস্তত্ত্বৰ বিশ্লেষণ কৰিলে আৰু সবাতোকৈ শেষত সেইবোৰক ৰূপক (Symbol)ৰূপে প্ৰকাশ কৰিলে। চিনেমা হৈ গ’ল, চিনেমাই সমাজৰ কথা ৰূপকৰ মাজেৰে কৈ গ’ল আৰু আমি আমাৰ সমাজৰ ঘটনাৰ ওপৰত ভেটি কৰি সৃষ্টি কৰা চিনেমা পাই গলোঁ; য’ত আপুনি, মই আৰু আমি কিন্তু সোমাই পৰিলোঁ।
ষাঠিৰ দশকত আৰম্ভ হোৱা চিনেমাৰ এই নতুন ধাৰাই ইউৰোপত ফ্ৰান্সৰ বাহিৰেও ব্ৰিটেইন, পশ্চিম জাৰ্মানী, প’লেণ্ড, চেকোশ্লোভাকিয়া, ইটালী আদি দেশবোৰ কঁপাই তুলিলে। এছিয়া মহাদেশত ভাৰতবৰ্ষ, হংকং, চীন, টাইৱান, ইৰাণ আদি দেশ আৰু আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰ, লেটিন আমেৰিকাও এই বৃত্তৰ পৰিধিত সোমাল। ফ্ৰান্সত পৰিচালক Jean-Luc Godard, Eric Rohmer, Francois Truffaut, Agnes Varda; ইটালীত Paolo Pasolini, Sergio Leone, Luchino Visconti আৰু Michelangelo Antonioni; স্পেইনত Luis Bunuel আৰু ছুইডেনত Vilgot Sjoman-এ এই ‘New Wave’ৰ যাত্ৰা আগুৱাই লৈ গ’ল। আৰু আমাৰ ভাৰতত ? ভাৰতবৰ্ষত সত্যজিৎ ৰায়ে ‘পথেৰ পাঁচালী’ৰ মাজেৰে ভাৰতীয় চিনেমালৈ ‘New Wave’ৰ আদৰণি জনালে।
১৯৬০ চনৰ এই সময়খিনিত ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ লণ্ডনত। ১৯৬১ চনত তেখেতে ‘ইউনিভাৰ্চিটী অৱ লণ্ডন’ৰপৰা পদাৰ্থবিদ্যাত পিএইচডি ডিগ্ৰী লাভ কৰিছে আৰু সেই একে বছৰতেই ‘ইম্পেৰিয়েল কলেজ অফ ছায়েন্স এণ্ড টেকন’লজি, লণ্ডন’ৰপৰা বিশেষ ডিপ্লমাও আহৰণ কৰিছে। সৰুৰেপৰা ছাঁ-পোহৰৰ খেলত ব্যস্ত, ঘৰতেই চিনেমাৰ সপোন দেখি যোৱা শইকীয়া ছাৰৰ বাবে এই সময়খিনি আৰু ঠাইখিনি স্বৰ্গ যেন হৈ পৰিছিল। ‘New Wave’ৰ মাজত ছাৰে তেখেতৰ সপোনৰ পৃথিৱীখন বিচাৰি পাইছিল। এফালে ভিটৰিঅ’ ডি চিকাৰ ‘Bicycle Thieves’, ফেডেৰিক’ ফেলিনিৰ ‘La Dolce Vita’ আৰু আনফালে Jean-Luc Godardৰ ‘Breathless’, Francois Truffautৰ ‘Shoot the Piano Player’ আৰু Michelangelo Antonioniৰ ‘La Notte’। ড° শইকীয়া ছাৰৰ দৰে প্ৰতিভাক আৰু বেছি লাগেনে ? প্ৰতিভাৰ বাবে জুইৰ ফিৰিঙতিয়েই যথেষ্ট। ছাৰে ‘Neo-Realism’ আৰু ‘New Wave’ৰ সকলো সম্পদ, আদৰ্শ, চিন্তা-চেতনা, পৰীক্ষাৰ সমল আৰু প্ৰয়োগৰ কৌশল হাতত লৈ আমাৰ অসম পাই গ’লহি। এদিন ছাঁ-পোহৰ লৈ খেলা সৰু ল’ৰাজনে পৃথিৱীৰ সৰ্ব্বোৎকৃষ্ট চিন্তাৰ মেটমৰা ভঁৰাল লৈ অসমত চিনেমাৰ কাম আৰম্ভ কৰি দিলেহি।

ছাৰৰ বৈশিষ্ট বুলিলে কামৰ পৃথক ধাৰা, পৃথক কাহিনী আৰু চৰিত্ৰ উপস্থাপনৰ কৌশল, পৃথক কেমেৰা আৰু পৃথক পৰ্যবেক্ষণ উল্লেখনীয়। ১৯৭৭ চনৰ ‘সন্ধ্যাৰাগ’ত তেখেতে এহাতে ‘Neo-Realism’ আৰু আনহাতে ‘New Wave’ দুয়োটাৰেই সংমিশ্ৰণ ঘটাই প্ৰথম চিনেমা নিৰ্মাণ কৰিলে, অসমীয়া চিনেমালৈ ‘ৰজত কমল বঁটা’ৰ সন্মান আহিল। তাৰপাছত ‘অনিৰ্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আৱৰ্তন’, ‘ইতিহাস’ আৰু ‘কালসন্ধ্যা’। এখনৰ পাছত এখন সফল চিনেমা, অসমীয়া চিনেমা লৈ মান-সন্মান আৰু গৌৰৱ। ছাৰৰ চিনেমাৰ বিশেষত্বই হৈছে বিষয়বস্তুৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু উপস্থাপন, কেমেৰাৰ গভীৰ উপলব্ধি আৰু চৰিত্ৰবোৰক কাটি-ছিঙি উপস্থাপন কৰাৰ প্ৰৱণতা। ছাৰৰ কামত কেতিয়াবা ফেডেৰিক’ ফেলিনি আৰু কেতিয়াবা মাইকেলেঞ্জেল’ এণ্টনিঅ’নি সোমাই থাকে যেনো লাগে। ‘আৱৰ্তন’ৰ কথাকেই ভাবকচোন – চিনেমাখন আৰম্ভ হৈছে বাছ আস্থানৰপৰা আৰম্ভ এক যাত্ৰাত আৰু শেষ হৈছে আন এক বাছ যাত্ৰাত। পাৰ্থক্য মাথোঁ যাত্ৰাৰ লক্ষ্যস্থান, সিও এক ৰূপক।
ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ আৰু তেখেতৰ চিনেমা – অসমীয়া জাতিৰ বাবে অমূল্য উপহাৰ, এক অমূল্য বৰদান। আমি ছাৰৰ চিনেমা চাই মাথোঁ উপলব্ধি কৰিব লাগে, নতুন চাম অসমীয়াই ছাৰৰ চিনেমাক মাৰ্গদৰ্শক হিচাপে লৈ চিনেমাৰ কামত মনোনিবেশ কৰিব লাগে। তেহে এইজনা বিৰল প্ৰতিভালৈ অসমীয়াই প্ৰকৃত সন্মান যাচিছে বুলি আমি গৌৰৱবোধ কৰিব পাৰিম।
শেহত, ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ অমৰ হওক, অসমীয়া চিনেমা অমৰ হওক।
(সম্প্ৰতি লেখক ক’লকাতাত তথ্য-প্ৰযুক্তি সেৱাত কৰ্মৰত)