
Dr. Pranjal Medhi
এগৰাকী প্ৰতিষ্ঠিত আৰু অসাধাৰণ প্ৰতিভাসম্পন্ন শিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈ ডাঙৰীয়া যোৱা ১২ নৱেম্বৰৰ দিনা আমাৰ মাজৰপৰা আঁতৰি যায়। অসমীয়া কলাশিল্প আৰু চলচ্চিত্ৰ জগতলৈ তেখেতৰ অৱদান অতুলনীয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্তিৰেও তেখেতে অসমীয়া চলচ্চিত্ৰ জগতক গৌৰৱান্বিত কৰি থৈ গৈছে। বিভিন্ন সমাজ সচেতনমূলক আৰু সংবেদনশীল বিষয়বস্তুৰ ভিত্তিত চলচিত্ৰ নিৰ্মাণ কৰা পুলক গগৈয়ে কলাত্মক দৃষ্টিভংগীৰ বাবে সাংস্কৃতিক জগতত এক সুকীয়া স্থান অধিকাৰ কৰি থৈ গৈছে।

১৯৩৮ চনৰ ২ অক্টোবৰত যোৰহাটত জন্মগ্ৰহণ কৰা পুলক গগৈ আছিল অসমৰ চিনেমা জগতৰ এক উল্লেযোগ্য নাম। পিতৃ সোণেশ্বৰ গগৈ আছিল এজন চাৰুশিল্পী আৰু ৰেকৰ্ডিং নাটৰ শিল্পী। পুলক গগৈদেৱৰ মতে তেখেতেৰ মাতৃ সুগায়িকা গুণবালা গগৈ আছিল অসমৰ প্ৰথমগৰাকী গায়িকা যাৰ গ্ৰাম’ফোন ৰেকৰ্ড মুক্তি পায়। শৈশৱৰেপৰা চিত্ৰকলাৰ প্ৰতি আকৃষ্ট হোৱা পুলক গগৈয়ে অষ্টম শ্ৰেণীত থাকোঁতেই ট্ৰিবিউন গোষ্ঠীৰদ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত প্রথম স্থান অধিকাৰ কৰিছিল।
চিনেমা পৰিচালক আৰু চিত্ৰ শিল্পীৰূপে বিখ্যাত হ’লেও পুলক গগৈৰ আন এটা পৰিচয় হৈছে অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট হিচাপে। ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ ইচ্ছা থকা পুলক গগৈক তেখেতৰ অগ্ৰজ আৰু গুৰু, স্বনামধন্য সাহিত্যিক ছৈয়দ আব্দুল মালিকৰ কথাই প্ৰভাৱিত কৰিছিল। মালিক ছাৰে পুলক গগৈক মুম্বাইৰ JJ School of Artsত পঢ়িবলৈ যোৱাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লগতে তাৰ প্ৰপত্ৰ আদিও অনাই দিছিল। এয়া আছিল পুলক গগৈয়ে IA পঢ়ি থকা সময়ৰ কথা। মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টত চাৰি বছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰি তিনি বছৰ পাছতে ১৯৬১ চনত তেখেত অসমলৈ উভতি আহে। মুম্বাইত থাকোঁতেই তেখেতে লগ পাইছিল বিশ্ববিখ্যাত কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণক। হয়তো লক্ষ্মণৰপৰাই তেখেতে কাৰ্টুনিষ্ট হোৱাৰ অনুপ্ৰেৰণা লাভ কৰে। ইয়াৰ পাছত তেখেতে জনসংযোগ বিভাগত আৰ্টিষ্ট হিচাপে যোগদান কৰে। এই বিভাগত এবছৰ কাম কৰি তেখেতে আছাম ট্ৰিবিউন কাকতখনত যোগদান কৰে কাৰ্টুনিষ্ট হিচাপে। বিভিন্ন ৰাজনৈতিক কাৰ্টুনেৰে তেখেতে ৰাইজৰ মাজত ৰাজনৈতিক চেতনা জাগ্ৰত কৰাৰ চেষ্টা চলায়। তেখেতে উল্লেখ কৰা মতে এই কামৰ বাবে তেখেতে যথেষ্ট পঢ়া-শুনা কৰিবলগীয়া হৈছিল। ইয়াত থাকোঁতেই তেখেতে পৰমবীৰ চক্ৰ সন্মান লাভ কৰা সৈনিক শ্বহীদ আব্দুল হামিদৰ কাহিনীৰে এখন চিত্ৰ কাহিনী ১৯৬৬ চনত প্ৰকাশ কৰে, যাৰ নাম আছিল “পৰমবীৰ হামিদ”। আছাম ট্ৰিবিউনৰ কামত সীমাবদ্ধ হৈ থাকিব নুখুজি তেখেতে পত্নী সন্তানসহ কলিকতালৈ গুচি আহে, য’ত তেখেতে লগ পায় সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক। সেই সময়ত ভূপেন হাজৰিকাদেৱ আছিল “আমাৰ প্ৰতিনিধি” নামৰ মাহেকীয়া আলোচনীখনৰ সম্পাদক। হাজৰিকাদেৱে পুলক গগৈক আলোচনীখনৰ সহকাৰী সম্পাদক হিচাপে নিযুক্তি দিয়ে। কলিকতাৰপৰাই তেখেতে প্ৰথমখন অসমীয়া কাৰ্টুন আলোচনী “কাৰ্টুন” প্ৰকাশ কৰে। ১৯৭২ চনত International Monitery Fund-এ আমেৰিকাত আয়োজন কৰা এখন চিত্ৰ প্ৰদৰ্শনীলৈও তেখেতে আমন্ত্ৰণ লাভ কৰে আৰু অংশগ্ৰহণ কৰে। তেখেতৰ বহুমুখী প্ৰতিভাৰ উমান পায়ে ভূপেন হাজৰিকাদেৱে তেখেতক চিনেমা নিৰ্মাণৰ বাবে উৎসাহিত কৰে। গগৈদেৱে কাহিনীক লৈ অলপ দোধোৰ-মোধোৰত পৰাত ভূপেন হাজৰিকাদেৱে তেখেতক উপদেশ দিয়ে যে তেখেতে নিজৰ “আশ্ৰয়” নামৰ গল্পটিকে আধাৰ কৰি এখন স্ক্ৰিপ্ট লিখিব পাৰে দেখোন। তাকেই সাৰোগত কৰি পুলক গগৈদেৱে তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ “খোজ” নিৰ্মাণ কৰিবলৈ প্রথম খোজ আগবঢ়ায় ১৯৭৪ চনত। নিজৰ সময়তকৈ আগত (Ahead of its time) নিৰ্মিত এই খোজ ছবিখনে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত এক নতুন দিগন্তৰ সূচনা কৰে। চলচ্চিত্ৰ পৰিচালনা আৰু নিৰ্মাণৰ আনুষ্ঠানিক শিক্ষা নথকা স্বত্বেও নিজৰ সৃষ্টিশীলতাৰ জোৰতে গগৈদেৱে এখন অতি সুন্দৰ কলাত্মক চিনেমা অসমৰ ৰাইজক উপহাৰ দিয়ে। নিজে এজন চাৰুকলা শিল্পী হোৱাৰ কাৰণেই হয়তো, ছবিখনৰ প্ৰতিটো ফ্ৰেমেই আছিল এখন পেইণ্টিংসদৃশ। তদুপৰি ছবিখনৰ সংগীত আছিল অত্যন্ত জনপ্ৰিয় আৰু সুন্দৰ। ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত “চিনাকি মোৰ মনৰ মানুহ”, “জিলমিলীয়া কোমল বালি” আদি গীত আজিও অসমৰ ৰাইজৰ মুখে মুখে। বাণিজ্যিকভাৱে সফল নহ’লেও এখন সুন্দৰ কলাত্মক ছবি হিচাপে “খোজ” সদায় দৰ্শকৰ মনত ৰ’ব।
ইয়াৰ পিছত গগৈদেৱে আন কেইবাখনো অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে। কলাত্মক ছবি নিৰ্মাণৰ উপৰি তেখেতে বাণিজ্যিক দিশত সফল হ’ব পৰাকৈ জনপ্ৰিয় ছবি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তৎপৰ হৈ উঠিছিল। ‘সেন্দুৰ’ ছবিখনৰ বাণিজ্যিক সফলতাৰ পাছত তেখেতে ‘সূৰুয’ নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে, যাক অসমীয়া বাণিজ্যিক চলচ্চিত্ৰৰ এক উল্লেখযোগ্য দিশ বুলি অভিহিত কৰিব পৰা যায়। ব্ৰজেন বৰা, প্ৰাঞ্জল শইকীয়া, বাহাৰুল ইছলাম আদি বলিষ্ঠ অভিনেতাকলৈ এখন সুন্দৰ এক্সন ছবি মুক্তি নিৰ্মাণেৰে তেখেতে দৰ্শকৰ সমাদৰ লাভ কৰে। যুৱপ্ৰজন্মৰ বাবে সূৰুয ছবিখন এখন Cult ছবি আছিল বুলিও বহুতেই মন্তব্য কৰে। অভিনেতাসকলৰ সাজ-পোছাক, কেশবিন্যাস আদিক তেতিয়াৰ যুৱপ্ৰজন্মই অনুকৰণ কৰা বুলিও বহুতে জনায়।
তেখেতৰ ছবিৰ বিষয়বস্তু, কাহিনীৰ নিৰ্বাচন অত্যন্ত সংবেদনশীল আছিল, সেয়া লাগিলে খোজেই হওক বা শ্ৰীমতী মহিমাময়ীয়েই হওক অথবা সেন্দুৰেই হওক। সমাজত সেই সময়ত নাৰীৰ প্ৰতি হোৱা ভেদভাৱৰ পটভূমিত নিৰ্মিত হৈছিল ‘খোজ’। ইয়াৰ পাছত এগৰাকী অবিবাহিত মাতৃৰ গৰ্ভৰ পৰা জন্ম পোৱা এগৰাকী পুত্ৰীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ ভিত্তিত নিৰ্মিত হৈছিল ১৯৭৮ চনত মুক্তি লাভ কৰা শ্ৰীমতী মহীমাময়ী। নিবনুৱা অসমীয়া যুৱপ্ৰজন্মই কেনেকৈ চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ এক কৃষি বিপ্লৱ আনিব পাৰে, তাৰেই পটভূমিত নিৰ্মিত হয় “সাদৰী” ১৯৮৩ চনত। ইয়াৰ পিছত ১৯৮৪ চনত মুক্তি লাভ কৰা “সেন্দুৰ” ছবিখনৰ পটভূমি আছিল অসমৰ গ্ৰামাঞ্চলত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস আৰু বিদ্যা ৰাৱে। ১৯৮৫ চনত নিৰ্মিত “সূৰুয” ছবিখনে যথেষ্ট বাণিজ্যিক সফলতা লাভ কৰে। ১৯৯৩ চনৰ “ৰে’লৰ আলিৰ দুবৰি বন” ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ইয়াৰ পাছত পুনৰ এখন বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰ অসমৰ ৰাইজক উপহাৰ দিয়ে ১৯৯৯ চনত, যাৰ নাম আছিল “মৰম নদীৰ গাভৰু ঘাট”। জয়ন্ত ভাগৱতী, গীতাৱলী ৰাজকুমাৰী, পাকিজা বেগম আদি অভিনীত ২০০৩ চনত মুক্তি লাভ কৰা “পত্নী” ছবিখনে অসম ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ বঁটা লাভ কৰে।

সোণত সুৱগা চৰাই ২০১৪ চনত তেখেতে নিৰ্মাণ কৰা “মমতাজ” ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। মমতাজ ছবিখনৰ কাহিনী আছিল ছৈয়দ আব্দুল মালিকৰ এটা গল্পৰ ওপৰত আধাৰিত। পূৰ্ণদৈৰ্ঘ্যৰ চলচিত্ৰৰ উপৰিও বহুকেইখন চুটি ছবি আৰু তথ্যচিত্ৰ তেখেতে নিৰ্মাণ কৰে। চিত্ৰশিল্পী, চলচিত্ৰ পৰিচালক হোৱাৰ উপৰি তেখেত আছিল এগৰাকী লেখক। ১৯৮৬ চনত প্ৰকাশিত উপন্যাস “হৈমন্তিকা”ৰ উপৰি তেখেতৰ আত্মজীৱনী “পুলকে কৈছে পুলকৰ কথা” ই পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
কেৱল ৰং-তুলিকাৰ মাজতে আবদ্ধ হৈ নোৰোৱা এইগৰাকী শিল্পীৰ প্ৰয়াণে অসমীয়া চলচ্চিত্ৰ জগতৰ এক অপুৰণীয় ক্ষতি কৰিলে। তেখেতৰ পেইণ্টিংসমূহ আছিল বিভিন্ন বিষয় প্ৰতিফলিত কৰা দৃষ্টিনন্দন উপস্থাপন। তেখেতৰ বাচকবনিয়া ছবিসমূহৰ উচ্চ মানৰ এই কথাৰপৰাই অনুমান কৰিব পাৰি যে, তেখেতৰ পেইণ্টিং লতা মংগেশকাৰৰ দৰে মহান শিল্পীয়েও ক্ৰয় কৰিছিল। ৮৪ বছৰ বয়সতো মৃত্যু পৰ্য্যন্ত নিজকে সৃষ্টিশীলতাৰ মাজত ব্যস্ত ৰখা এইজন প্ৰতিভাবান শিল্পীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।