প্ৰথমে ভাটিয়ালি সুৰত এছ ডি বৰ্মনে সৃষ্টি কৰা চিৰসেউজ গীতটো

Website | + posts

বোলছবিখনৰ জনপ্ৰিয়তাত ইন্ধন যোগাইছিল এটি বিশেষ গীতে, যাৰ জনপ্ৰিয়তা আজিও অম্লান। সময়তকৈ আগবঢ়া সেই গীতটোৰ দৃশ্যায়নে সেই সময়ত sensationৰ সৃষ্টি কৰিছিল।

By Team TJC | 1st October, 2020

১৯৬৯ চনৰ কথা। শক্তি সামন্তৰ চিনেমাখনে মুক্তিৰ লগে-লগেই খলকনিৰ সৃষ্টি কৰিছিল। ৰাজেশ খান্না আৰু শৰ্মিলা ঠাকুৰৰ ৰোমাণ্টিক যুটিৱে সেই সময়ত দৰ্শকৰ মনত বহুৱাইছিল এক গভীৰ সাঁচ। ছবিখনৰ সংগীতেও লাভ কৰিছিল জনপ্ৰিয়তাৰ অনন্য শিখৰ। বিশেষকৈ যুৱচামৰ মুখে মুখে আছিল গীতবোৰ। সংগীত পৰিচালনা কৰিছিল শচীন দেৱ বৰ্মনে আৰু সহকাৰী হিচাপে আছিল তেওঁৰেই পুত্ৰ ৰাহুল দেৱ বৰ্মন। ৰাজেশ খান্নাই একেৰাহে ১৭ খন হিট ছবি উপহাৰ দি ছুপাৰষ্টাৰ হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত এই চিনেমাখনৰ ভূমিকা আছিল অন্যতম। অনন্য সংগীত, ষ্টাৰড’ম, মনপৰশা কাহিনী ইত্যাদি বিভিন্ন চিনেমেটিক দিশেৰে পৰিপুষ্ট ১৯৬০ দশকৰ এই ছুপাৰহিট চিনেমাখনেই হ’ল ‘আৰাধনা’।

বোলছবিখনৰ জনপ্ৰিয়তাত ইন্ধন যোগাইছিল এটি বিশেষ গীতে, যাৰ জনপ্ৰিয়তা আজিও অম্লান। সময়তকৈ আগবঢ়া সেই গীতটোৰ দৃশ্যায়নে সেই সময়ত sensationৰ সৃষ্টি কৰিছিল। মাত্ৰ এটা টেকতে চিত্ৰগৃহণ হোৱা গীতটোত দেখা গৈছিল নায়ক (ৰাজেশ খান্না) আৰু নায়িকা (শৰ্মিলা ঠাকুৰ)ক কিছু নিবিড় মুহূৰ্তত। কিশোৰ কুমাৰে কণ্ঠ দিয়া আৰু আনন্দ বক্সীয়ে লিখা এই জনপ্ৰিয় গীতটোৱে হ’ল- ‘ৰূপ তেৰা মস্তানা’, যি ৰূপৰ দৰে আজিও জিলিকি আছে। কিন্তু এই গানটোৰ সুৰ প্ৰথমতে এনেকুৱা নাছিল। এছ ডি বৰ্মনে বেলেগ এটা সুৰতহে গানটো সৃষ্টি কৰিছিল। কি পৰিস্থিতিত প্ৰথম সুৰটো পিছৰ সুৰটোলৈ ৰূপান্তৰিত হ’ল, তাৰ এটি মজাৰ কাহিনী আছে-

এছ ডি বৰ্মন আৰু কিশোৰ কুমাৰৰ সংগীতৰ ক্ষেত্ৰত ভাল বুজাবুজি আছিল। বিশেষ গানৰ লগত মিলাকৈ কিশোৰ কুমাৰৰ কণ্ঠটো খাপ খাবনে নাই, তাৰ বাবে বৰ্মনদাই কেতিয়াবা ৰাতি ফোনো কৰিছিল। এদিনৰ কথা- তেতিয়া মাজনিশা আৰু কিশোৰ কুমাৰ ভৰ টোপনিত। হঠাতে বাজি উঠিল টেলিফোন। কিশোৰ কুমাৰে খচমচকৈ সাৰ পাই উঠি ফোনটো ধৰিলে। কিন্তু সিফালৰপৰা কেৱল- “হেল্ল’ কিশোৰ, হেল্ল’ কিশোৰ” বুলি কয় আৰু তাৰপিছত ফোনটো কাটি দিয়ে। কিশোৰ কুমাৰে ভাবে- হঠাতে এই ৰাতিখন কিয়নো ফোন কৰে ! পাগল নেকি বাৰু মানুহজন ! কিশোৰে আকৌ ওলোটাই ফোন কৰে। সিফালৰপৰা এছ ডি বৰ্মনে হাঁহি হাঁহি ক’লে- “Wonderful ! কিশোৰ, তোৰ কণ্ঠটো শুনিবলৈকে ফোন কৰিছিলোঁ।” বৰ্মনদাই লগতে আকৌ ক’লে- “কিশোৰ, শক্তিপদে এখন চিনেমা আৰম্ভ কৰিছে। মই বিচাৰিছোঁ তোৰ কণ্ঠতো এটা গান থাকিব। Wonderful ! ভাটিয়ালি জিন্দাবাদ। কিশোৰ, তই ৰাতিপুৱা অমিতক লৈ মোৰ ঘৰলৈ গুচি আহ। …চিনেমাখনত এজন হিৰ’ আছে, নেপালীৰ দৰে দেখি…। তোক মাছ খুৱাম, কিন্তু গানৰ ভালকৈ ৰিহাৰ্ছেল কৰিব লাগিব।”

এছ ডি বৰ্মনে এটি বিশেষ দূৰবীণেৰে ঘৰৰ দ্বাৰৰক্ষীজনৰ লগত তাল-মিল ৰাখিছিল আৰু ধুতি-কুৰ্ত্তা পিন্ধা কোনোবা প্ৰযোজক আহিলে তাৰপৰাই খেদি দিবলৈ দ্বাৰৰক্ষীজনক কৈ থৈছিল। কাৰণ তেওঁৰ মতে- ধুতি পিন্ধা প্ৰযোজকৰ পইচা কম। সেয়েহে ছ্যুট-পেণ্ট পিন্ধা প্ৰযোজককহে আহিব দিব লাগে। পিছদিনা কিশোৰ কুমাৰ এছ ডি বৰ্মনৰ ঘৰত আহি উপস্থিত হ’লহি। লগত পুত্ৰ অমিত। শচীন দেৱ বৰ্মনে সেই সময়ত ওপৰ মহলাত ইফালৰপৰা সিফাললৈ খোজকাঢ়ি আছিল। কিশোৰ কুমাৰে মাতিলে- “শচীনদা।” শচীনদাই “ঐ কিশোৰ, তই আহিলি” বুলি কৈ ঘৰৰ ভিতৰলৈ সোমাই গ’ল। ইপিনে দৰ্জা নোখোলেহে নোখোলে। কিশোৰ আৰু অমিতে ভাবিলে- “কি হ’ল !”। এইফালে ঘৰৰ ভিতৰৰপৰা মিউজিকৰ শব্দও ভাঁহি আহিছে। কিশোৰে আকৌ এবাৰ শচীনদাক মাতিলে। কিন্তু ভাবৰ সাগৰত ডুব গৈ থকা বৰ্মনদাই কিশোৰক ক’লে- “ভিতৰলৈ আহ।” কিশোৰে ক’লে- “দৰ্জা কিয় খোলা নাই ?” শচীন দেৱ বৰ্মনে ক’লে- “ক’লিং বেল কিয় বজোৱা নাই ?” তাৰপিছত দৰ্জা খুলি দিয়াত ওপৰ মহলালৈ গৈ কিশোৰ কুমাৰে দেখিলে যে- সকলো চিনেমাখনৰ গানৰ ৰিহাৰ্ছেলত মগ্ন। এফালে এটা কোণত আৰ ডি বৰ্মন, শক্তি সামন্ত আৰু ৰাজেশ খান্না seriously বহি আছে। সকলো ফিল্মী মানুহ। সকলোকে চিন্তাত মগ্ন দেখি কিবা এটা যে হৈছে কিশোৰ কুমাৰে উমান পালে। তেনেতে এছ ডি বৰ্মনে ক’লে- “কিশোৰ, তোৰ গানটো তই ভালকৈ শিকি ল’বি। ভাটিয়ালি জিন্দাবাদ।” এইবুলি তেওঁ ভাটিয়ালি সুৰত গানটো গাবলৈ আৰম্ভ কৰিলে। ইপিনে, গানটোৰ সুৰ শুনি সকলো হতভম্ব। কাৰণ ক’ত এটা Hot Song আৰু ক’ত ভাটিয়ালি সুৰ ! তেনেতে পৰিচালক শক্তি সামন্তে কিশোৰ কুমাৰৰ কাষলৈ আহি সুৰটো ভাল লগা নাই বুলি কৈ কিবা এটা কৰিবলৈ খাটনি ধৰিলে। এছ ডি বৰ্মনে এইবোৰ দেখি-শুনি ধৰিব পাৰিলে যে গানটো শুনি কোনেও ভালপোৱা নাই।

হঠাতে কিশোৰৰ সৰুতে শুনা এটি গীতলৈ মনত পৰিল। সেই গীতটোৰ সুৰো এছ ডি বৰ্মনৰ নিজৰে। সুৰটো মনত পৰাৰ পিছত বৰ্মনদাক কিশোৰে ক’লে- “মই যেতিয়া হাফ পেণ্ট পিন্ধিছিলোঁ, তেতিয়া সৰুতে এটি গীত শুনিছিলোঁ।” এইফালে খঙতে অগ্নিশৰ্মা হৈ এছ ডি বৰ্মনে কিশোৰ কুমাৰক ক’লে- “কিশোৰ, মোৰ লগত একদম ধেমালি নকৰিবি। I don’t like it. শক্তিক ক ছবিখনত ৰাহুলক ল’বলৈ, মই নাথাকোঁ। যদি মই থাকিব লাগে তেন্তে ভাটিয়ালি সুৰেই থাকিব লাগিব।” তেতিয়া কিশোৰ কুমাৰে আকৌ ক’লে- “শচীনদা শুনকচোন, মই যেতিয়া সৰু আছিলোঁ, এটি গান শুনিছিলোঁ। গানটোৰ সুৰ বৰ মজাৰ আছিল।” এছ ডি বৰ্মনে সুধিলে- “কোনটো ?” কিশোৰে ক’লে- “বহু বছৰৰ আগতে আপুনিয়ে সুৰ দিছিল।” গানটো যিহেতু বাংলাতে আছিল কিশোৰ কুমাৰে এছ ডি বৰ্মনক শুনাবলৈ ধৰিলে- “একটু বাদে শশুৰবাৰী, গিয়ে দেবো আমি হামাগুৰি, শুন বধু শুন বধু শুন বধু সুন্দৰী…।” সেই সুৰটো মনত পৰাত এছ ডি বৰ্মন ইমানেই আনন্দিত হ’ল যে তেওঁ কিশোৰ কুমাৰক ক’লে- “ব’ল, আমি মাছ ধৰিবলৈ যাওঁ। আজিলৈ গানৰ ৰিহাৰ্ছেল cancel।” কাৰণ তেওঁ সুৰৰ সন্ধান পাই গ’ল।

পিছত গানটো এই সুৰতে ৰেক’ৰ্ড কৰা হ’ল, যি তেতিয়াৰ দৰে এতিয়াও সমানেই জনপ্ৰিয় হৈ আছে। ৰেক’ৰ্ডিঙৰ সময়ত শচীন দেৱ বৰ্মন অসুস্থ হৈ পৰাত পুত্ৰ আৰ ডি বৰ্মনে বাকী থকা কামখিনি সম্পূৰ্ণ কৰিছিল। এনেদৰেই সৃষ্টি হ’ল বলীউডৰ সৰ্বকালৰ এটি অন্যতম জনপ্ৰিয় গীত- ‘ৰূপ তেৰা মস্তানা।’ এই গানটোৱে কিশোৰ কুমাৰৰ জীৱনলৈ আনি দিলে প্ৰথমটো ফিল্মফেয়াৰ এৱাৰ্ড।

More on this topic

Fv mayfxf lx

Rated 4 out of 5
May 25, 2023

Private Blog Network links, always have worked well for the ranks.

We`ll write quality SEO content and get you listed permanently in quality PBN sites, unique domains.

More info:

https://www.seo-treff.de/product/private-blog-networks-backlinks/

Anya Howchin

Кондиционеры в Ростове на Дону

Rated 1 out of 5
May 20, 2023

Вы ищете кондиционер в Ростове-на-Дону? Ищите не дальше, чем в «Техолоде»!

Если вы ищете кондиционер в Ростове-на-Дону, вам не нужно искать дальше, чем tekholod. Эта компания предлагает широкий выбор кондиционеров, начиная от оконных и заканчивая настенными системами. Не только это, но и качество блоков на высшем уровне, и они поставляются с гарантией для вашего спокойствия – https://kondicioner-th.ru/. Сотрудники компании?—?знающие и дружелюбные люди, и они будут рады помочь вам подобрать подходящее устройство для вашего дома или офиса. Они проконсультируют вас по вопросам энергоэффективности и требованиям к установке, чтобы вы могли принять взвешенное решение о выборе оптимального продукта для ваших нужд.

Мы убеждены, что если вы приобретете кондиционер в компании tekholod, вы не будете разочарованы своей покупкой. Их продукция надежна и доступна по цене, что делает их отличным выбором, если вы ищете новый кондиционер в Ростове-на-Дону. Так что не медлите, отправляйтесь в tekholod сегодня и найдите идеальный кондиционер для вашего дома или офиса!

kondicioner-vpEi

https://www.sosbfzcsk.com/

Rated 4 out of 5
May 17, 2023

Hi,

Your website is only listed in 8 out of a possible 12,489 directories.

We are a service that lists your website in all these directories.

Please visit us on DirectoryBump.com to find our more.

Regards,

Kara Ebert

Kara Ebert

C lpdj

Rated 4 out of 5
May 13, 2023

*INFO SERVICE EXPIRATION FOR thejollywoodcafe.com

Attention: Accounts Payable / Domain Owner / Hemanta-Bhupendra Connection: Melody of the abandoned roads – The Jollywood Cafe

Your Domain: www.thejollywoodcafe.com

Expected Reply before: May 13, 2023.

This Notice for: www.thejollywoodcafe.com will expire on May 13, 2023.

*For details and to make a payment for thejollywoodcafe.com services by credit card:

Visit: https://hostingsrl.com/?web=thejollywoodcafe.com

05132023104638(03) 5314 3445

Florrie Ehrlichmann

Крымская косметика в москве - это целебные травы, чистые растительные и эфирные масла, натуральные экстракты и минералы.

Rated 3 out of 5
May 12, 2023

Купить косметику их Крыма – только у нас вы найдете низкие цены. Быстрей всего сделать заказ на косметика крыма можно только у нас!

интернет-магазин крымская косметика

интернет-магазин крымская косметика – http://krymskaya-kosmetika77.com

http://www.google.rs/url?q=http://krymskaya-kosmetika77.com

Купить крымскую косметику – это целебные травы, чистые растительные и эфирные масла, натуральные экстракты и минералы. 77faf96

Rverronunons

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

ক’লকাতাত টেবুলৰ ওপৰত জপিয়াই উঠা ‘বোলছবি অভিনেতা খগেন মহন্ত’

কিন্তু আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল- অসমীয়া বোলছবি জগতত তেওঁৰ প্ৰৱেশ ঘটিছিল অভিনয়ৰ যোগেদিহে। ৰূপালী পৰ্দাত ভুমুকি মৰা খগেন মহন্তৰ সাংস্কৃতিক জীৱনৰ এই...

ভিট্টৰিঅ’ ডে ছিকাৰ ‘বাইচাইকেল থীভছ্’: নৱ্য বাস্তৱবাদৰ পথিকৃৎ চিনেমাখন

দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইটালীৰ সামাজিক পটভূমিত নাগৰিকৰ জীৱনৰ প্ৰকৃত ৰূপৰেখাৰ প্ৰতিফলনেই হ'ল এই বিশ্ববিশ্ৰুত 'বাইচাইকেল থীভছ্'। বিখ্যাত 'ছাইট এণ্ড ছাউণ্ড্' আলোচনীয়ে ১৯৫২...

ভাৰতীয় প্ৰেক্ষাপটত ৱেব ছিৰিজ

সৌৰভ জ্যোতি বৰ্মন | ২৬ জুলাই, ২০২০ বৈ যোৱা সময়ক আমি...