দিনটো পৰিশ্ৰম কৰি পোৱা টকাৰে দৈনন্দিনৰ প্ৰয়োজনীয়খিনি ৰাতি ঘৰলৈ অনা শ্ৰেণীটোৱে তথাকথিত উচ্চ আৰু ধনী শ্ৰেণীৰ দৰে সমান শিক্ষা পোৱাৰ লগতে সমান মৰ্যাদা পাবলৈ ওৰেটো জীৱন কষ্ট কৰি যাবলগীয়া হয়।
By Team TJC | 8 August, 2020
পৰীক্ষা (হিন্দী)
পৰিচালক: প্ৰকাশ ঝা
অভিনয়ত: আদিল হুছেইন, প্ৰিয়ংকা ব’স, শুভম ঝা, সঞ্জয় সুৰী আদি
জী ফাইভ (ZEE5)ত উপলদ্ধ
সপোন সকলোৰে থাকে। কিন্তু সকলোৰে সপোনত থাকে নিজস্বতা। সকলোৰে সপোন কেৱল ব্যক্তিগত সন্তুষ্টিতে আবদ্ধ নাথাকে। বিশেষকৈ আর্থিকভাৱে পিছপৰা শ্ৰেণীটোৱে নিজতকৈ সন্তানক এটা ভাল জীৱন দিয়াটোকে সপোন বুলি ধৰি লয়। তাক পূৰণ কৰিবলৈ দেহ-মন একাকাৰ কৰি দিয়ে। এনে এজন দৰিদ্ৰ শ্ৰেণীৰ ৰিক্সাচালক বুচ্চি (আদিল হুছেইন)ৰ সপোন পূৰণৰ সংঘৰ্ষৰ কাহিনীয়েই ‘পৰীক্ষা’।
নিজৰ ৰিক্সাত ধনী ঘৰৰ ল’ৰা-ছোৱালীক বহুৱাই সদায় এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত থ’বলৈ আহে বুচ্চিয়ে। তাৰপৰাই চৰকাৰী স্কুলত পঢ়ি থকা নিজৰ ল’ৰা বুলবুলক ব্যক্তিগত খণ্ডৰ সেই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত তথাকথিত ভাল শিক্ষা দিয়াটো বুচ্চিৰ সপোনৰপৰা লাহে লাহে জেদলৈ পৰিৱৰ্তিত হৈ পৰে। বহু কষ্ট কৰি এদিন ভাগ্যৰ বলত ল’ৰাটোক সেই নামী-দামী বিদ্যালয়ত ভৰ্তি কৰাবলৈ সক্ষমো হয় বুচ্চি। সীমিত সুবিধাৰ মাজতো মেধাৱী বুলবুলে নিজৰ প্ৰতিভাৰদ্বাৰা সকলোকে মোহিত কৰে। কিন্তু সপোন পূৰণৰ বাট ইমান সহজ নহয়। বিশেষকৈ তেওঁৰ দৰে সাধাৰণ ৰিক্সাচালক এজনে এনে দামী বিদ্যালয়ৰ নিয়মীয়া খৰচ বহন কৰাটো সহজসাধ্য নহয়। কিন্তু সন্তানৰ ভাল ভৱিষ্যতৰ বাবে যিকোনো পৰ্যায়লৈ যোৱাৰ জেদ বান্ধি লোৱা বুচ্চিয়ে লয় এক বিৰাট সিদ্ধান্ত। ইয়াৰপৰাই চিনেমাখনৰ কাহিনীয়ে গতি কৰে নতুন দিশে। সেইখিনি ইয়াত উল্লেখ কৰিলে চিনেমাখনৰ উৎকণ্ঠাই নোহোৱা হ’ব। তাৰ বাবে আপোনালোকে চিনেমাখন চাব লাগিব।

প্ৰকাশ ঝাৰ পৰিচালনা আৰু চিনেমেটিক ট্ৰীটমেণ্ট সকলোৰে বাবে জনাজাত, তাৰ বিষয়ে নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। সামাজিক কাহিনীক নিজস্ব ষ্টাইলত উপস্থাপন কৰা প্ৰকাশ ঝাৰ স্বকীয়তা ‘পৰীক্ষা’তো প্ৰতিফলিত হৈছে। দিনটো পৰিশ্ৰম কৰি পোৱা টকাৰে দৈনন্দিনৰ প্ৰয়োজনীয়খিনি ৰাতি ঘৰলৈ অনা শ্ৰেণীটোৱে তথাকথিত উচ্চ আৰু ধনী শ্ৰেণীৰ দৰে সমান শিক্ষা পোৱাৰ লগতে সমান মৰ্যাদা পাবলৈ ওৰেটো জীৱন কষ্ট কৰি যাবলগীয়া হয়। এটা পুৰণি পয়ালগা শিক্ষা ব্যৱস্থাই সমাজৰ কৰ্মঠ শ্ৰেণীটোক যে একো সুফল দিব নোৱাৰে, ‘পৰীক্ষা’ চোৱাৰ পিছত সেই চিন্তাৰ উদ্ৰেক হয়। আৰু তাতেই নতুন এটি সমসাময়িক, ভৱিষ্যতমুখী আৰু সমান সুযোগ-সুবিধাযুক্ত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তা অনুভৱ হয়, যিটো নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ (NEP)ৰপৰা আহিব পাৰে বুলিও আলোচিত হৈছে।
অভিনয়ৰ ক্ষেত্ৰত আদিল হুছেইনক ইতিমধ্যে বিভিন্ন সমালোচকে ডিষ্টিংচন মাৰ্ক দি থৈছে। ‘পৰীক্ষা’তো সেই ধাৰা মনোগ্ৰাহীকৈ অটুট ৰাখিছে অসম সন্তানগৰাকীয়ে। পত্নী ৰাধিকাৰ চৰিত্ৰত প্ৰিয়ংকা ব’সৰ অভিনয় সুসন্তুলিত বুলিব পাৰি। এটি দৰিদ্ৰ পৰিয়ালৰ চৰম অভাৱগ্ৰস্ততা আৰু তাক নেওচি আগুৱাই যোৱাৰ তেওঁলোকৰ দুৰ্বাৰ হেঁপাহক অভিনয়ৰ মাজেৰে সুন্দৰকৈ বুজাব পাৰিছে। তেওঁলোকৰ সন্তান বুলবুল যাক কেন্দ্ৰ কৰি সমস্ত কাহিনী আগুৱাই যায়, সেই চৰিত্ৰত শুভম ঝাৰ অভিনয় কাহিনীৰ লগে লগে পৰিপক্ক হৈ উঠে। উচ্চপদস্থ আৰক্ষী বিষয়াৰ চৰিত্ৰত ভুমুকি মৰা সঞ্জয় সুৰীৰ অভিনয় মাৰ্জিত আৰু দৃষ্টিনন্দন। কিন্তু কাহিনীত এই চৰিত্ৰটোৰ আগমনৰ পিছতে মূল কাহিনীত কিছু জটিলতা অহা যেন বোধ হয়। ডাইল’গ নোহোৱাকৈয়ো আদিল হুছেইনৰ পাকৈত অভিনয়ৰ তুলনা নহয়। কিন্তু ‘পৰীক্ষা’ত আদিল হুছেইনৰ কিছুমান শক্তিশালী ডাইল’গে কাহিনীটোক অধিক শক্তিশালী আৰু বাস্তৱিক কৰি তুলিছে।
শিক্ষা ব্যৱস্থাত শ্ৰেণী বিভাজনে আনি দিয়া কলংকক উপস্থাপন কৰাত ‘পৰীক্ষা’ সফল হৈছে। সামাজিক বাৰ্তা, কাহিনীৰ নিজস্বতা আৰু অভিনয়শৈলী চিনেমাখনৰ মূল চালিকাশক্তি। দেশত শিক্ষাৰ এটি নতুন পৰিৱেশ সৃষ্টি হোৱাৰ সময়ত ‘পৰীক্ষা’ৰ মুক্তিয়ে নতুন চিন্তাৰ সমল যোগাব পাৰে।
আমি ‘পৰীক্ষা’ক দিলোঁ ৪/৫