“মুকুট আমি পোৱা নাই- কাঁইটেই পাইছোঁ। নানা কষ্ট, নানা অভাৱ, অপৈণত শিল্পী লৈ ছবি নিৰ্ম্মাণ কৰিব লাগে। তথাপি, জনসাধাৰণৰ ভাল মন্তব্য ভাল লাগে, বেয়া মন্তব্যকো সন্মান কৰোঁ। এটা কথা মই পিছে সহিব নোৱাৰোঁ, ছবিৰ দুৰ্ব্বলতাবোৰ আমি জানিও বহুতো সময়ত নানা অসুবিধাৰ বাবে গুচাব নোৱাৰোঁ…।”
By Team TJC | 31 July, 2020
বিবিধ চৰিত্ৰৰ সমাহাৰেৰে অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰখনত নটসূৰ্য ফণী শৰ্মাৰ অৱদান অতুলনীয়। ঐতিহাসিক বাণ থিয়েটাৰৰ মঞ্চৰপৰা পেছাদাৰী অভিনয়ৰ পৰিক্ৰমা আৰম্ভ কৰা ফণী শৰ্মাই মঞ্চকলাৰ সমানেই ৰূপালী পৰ্দাতো অনন্য প্ৰভাৱ বিস্তাৰ কৰি থৈ গৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাত প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’ত গাঁঠি হাজৰিকাৰ চৰিত্ৰত অভিনয়ৰে বোলছবিৰ যাত্ৰা আৰম্ভ কৰা ফণী শৰ্মাই ষোল্লখনমান ছবিত অভিনয় কৰি প্ৰতিখন ছবিকে বিশেষ কৰি তুলিছিল। ৰূপালী পৰ্দাত তেখেতে ফুটাই তুলিছিল ঐতিহাসিক, হাস্যমধুৰ, সামাজিক আদি সকলোধৰণৰ চৰিত্ৰ।
এইগৰাকী অসামান্য মহীৰূহৰ চলচ্চিত্ৰ জীৱনৰ বিভিন্ন আইক’নিক চৰিত্ৰ আৰু তাৰ আঁৰৰ অনাৱিষ্কৃত কাহিনীৰে আমাৰ এই বিশেষ উপস্থাপন-
‘জয়মতী’ (১৯৩৫)ৰ শ্বুটিঙৰ সময়ত এবাৰ পলাই পত্ৰং দিছিল গাঁঠি হাজৰিকাৰূপী ফণী শৰ্মাই
“কিন্তু তই জানা নাই, তই কাৰ হাতত পৰিছ। বাঘৰ আগমঙহ খোৱা এই গাঁঠি হাজৰিকাক তই চিনি পোৱা নাই…”- ‘জয়মতী’ত ফণী শৰ্মাৰ গদগদীয়া কণ্ঠত ভয়লগা এই ডাইল’গখিনি আজিও বহুতৰে মনত সজীৱ হৈ আছে। অসমীয়া চিনেমাত তেখেতৰ প্ৰথম চৰিত্ৰটোৱে আছিল নেতিবাচক। চৰিত্ৰটোহে নেতিবাচক আছিল, কিন্তু গাঁঠি হাজৰিকাৰ চৰিত্ৰত তেখেতৰ বলিষ্ঠ অভিনয়, দৃশ্য অনুযায়ী উগ্ৰমূৰ্তি ধাৰণ আৰু শক্তিশালী সংলাপ প্ৰক্ষেপণ ‘জয়মতী’ চিনেমাৰ অলংকাৰ হিচাপে জিলিকি আছে। প্ৰথমখন অসমীয়া চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত তেখেতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক পাৰ্যমানে সহযোগিতা আগবঢ়াইছিল। জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে তেখেতেও ইখনৰ পিছত সিখন গাঁৱলৈ গৈ অভিনেত্ৰী বিচাৰি ঘূৰি ফুৰিছিল। তেনেকৈ ঘূৰি ফুৰোঁতে বহু গাঁৱত তেওঁলোক ছোৱালী চোৰ বুলি তিৰস্কৃতহে হৈছিল।
“তাহানি ১৯৩৩ চনতে অসমীয়া কথাছবি নিৰ্মাণ কৰিবলৈ যোৱাটো সাহস নহয়, মৰসাহসৰ কথা। অসমত চিনেমা ঘৰ বুলিবলৈ গুৱাহাটীৰ বাহিৰে ক’তো নাই। তেনে অৱস্থাতো অভিনেতাসকলক সামান্য এটা হাত খৰচ জ্যোতি ককাইদেৱে দিছিল।”- ফণী শৰ্মা

এবাৰ শ্বুটিং চলি আছিল- গাঁঠি হাজৰিকাই জয়মতীক চমতাৰে কোবাব লাগে। চমতাৰে কোবোৱা দৃশ্যটোত কেনেবাকৈ জয়মতীৰূপী আইদেউ সন্দিকৈৰ গাত দুখ পোৱাকৈ কোব এটা লাগিল। তেনেতে ৰজাঘৰীয়া মোহিনী ৰাজকুমাৰীৰ ভগ্নী ব্ৰতেশ্বৰী ৰাজকুমাৰীয়ে খঙতে ফণী শৰ্মাৰ পিনে চোঁচা লৈ “সন্দিকৈ ঘৰৰ ছোৱালীৰ গাত চমতা লগোৱা ক’ৰ এইটো কেলেহুৱা আহিছে” বুলি কোৱাত খঙাল গাঁঠি হাজৰিকাই নৰম হৈ পলাই পত্ৰং দিলে। এয়ে আছিল ফণী শৰ্মাৰ জীৱন্ত অভিনয়ৰ এটি জ্বলন্ত উদাহৰণ।
‘ইন্দ্ৰমালতী’ (১৯৩৯)ত নায়কৰ বন্ধুৰ চৰিত্ৰত
‘জয়মতী’ ব্যৱসায়িকভাৱে সফল নোহোৱাৰ পিছতো মনৰ জোৰত জ্যোতিপ্ৰসাদে প্ৰায় ১৫,০০০ টকাৰে নিৰ্মাণ কৰি উলিয়ায় দ্বিতীয়খন অসমীয়া বোলছবি- ‘ইন্দ্ৰমালতী’। ‘ইন্দ্ৰমালতী’ত ফণী শৰ্মাক দেখা গৈছিল নায়ক ইন্দ্ৰৰ বন্ধু ললিতৰ চৰিত্ৰত। ইন্দ্ৰজিৎ বৰুৱাৰ ভূমিকা ৰূপায়ণ কৰিছিল মনোভিৰাম বৰুৱাই। কাহিনী অনুসৰি ছবিখনত সংযোজন কৰা হৈছিল কলিকতাৰ দৃশ্যাৱলী। তাৰে কেইটামান দৃশ্য এনেধৰণৰ- ললিতে (ফণী শৰ্মাই) হোষ্টেলত কিতাপ পঢ়ি আছে, তেনেতে অসমৰপৰা আহি কোঠাত সোমাইছেহি ইন্দ্ৰ। ইন্দ্ৰ আৰু ললিতে কথা পাতে আৰু মাল অনা মুটিয়া কুলি কোঠাত সোমায়। অৱশেষত মুটিয়াৰ সৈতে কথা-বতৰা – কাজিয়া।
তেনেকৈয়ে ঘটনাক্ৰমত কলিকতাৰপৰা অসমলৈ ইন্দ্ৰ আৰু ললিত ঘূৰি আহে আৰু বহুতো ঘাত-প্ৰতিঘাতৰ পিছত গাঁৱৰ পটভূমিত মিলন হয় ইন্দ্ৰ-মালতীৰ। ছবিখন ১৯৩৯ চনৰ ৩০ জুলাইত গুৱাহাটীৰ ‘সতী টকী হাউছ’ (পিছলৈ বিজুলী হিচাপে নামকৰণ)ত মুক্তি লাভ কৰিছিল। নায়কৰ বন্ধুৰ চৰিত্ৰত ফণী শৰ্মাৰ সেই ষ্টাইলিছ অভিনয় চিৰস্মৰণীয় হৈ থাকিব।
সমগ্ৰ অসমতে খলকনি তোলা ছবিখন, যিখন চাবলৈ দূৰ-দূৰণিৰপৰা গৰুগাড়ীৰে আহি টিকটৰ বাবে হাহাকাৰ কৰিছিল দৰ্শকে
১৯৪০ দশকৰ শেষৰফালে দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ কাহিনীৰ আধাৰত নিৰ্মিত এখন বোলছবিয়ে সমগ্ৰ অসমতে খলকনিৰ সৃষ্টি কৰিছিল। দেশৰ স্বাধীনতাৰ এবছৰৰ পিছত ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অনবদ্য পৰিচালনাৰে নিৰ্মিত সেই কালজয়ী চিনেমাখন হ’ল- ‘ছিৰাজ’ (১৯৪৮)। ১৯৪৮ চনৰ ১৬ জানুৱাৰীৰ দিনা ছবিখনে মুক্তি লাভ কৰে ডিব্ৰুগড়ৰ ‘ৰংঘৰ’ আৰু নগাঁৱৰ ‘কৃষ্ণা টকীজ’ত আৰু ২০ মাৰ্চৰ দিনা মুক্তি লাভ কৰিছিল গুৱাহাটীৰ ‘কেলভিন হল’ত। ‘কেলভিন’ত একেৰাহে ৮ সপ্তাহ ধৰি চলি ‘ছিৰাজ’-এ ৰেক’ৰ্ড গঢ়িছিল। ‘ছিৰাজ’-এ সেই সময়ত ব্যৱসায়িকভাৱে অসমীয়া চলচ্চিত্ৰ জগতত অভিলেখ সৃষ্টি কৰিছিল। সম্প্ৰীতিৰ অন্য এক নাম ছিৰাজুদ্দিন আহমেদ হাজৰিকা- চমুকৈ ছিৰাজ। লক্ষীধৰ শৰ্মাৰ লেখনিৰে প্ৰাণ পাই উঠা এয়া অসমীয়া সমাজ জীৱনৰ এটি জীয়া চৰিত্ৰ। এই চৰিত্ৰটোক প্ৰাণ ঢালি ৰূপায়ণ কৰিছিল নটসূৰ্য ফণী শৰ্মাই, যাৰ বাবে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত ছিৰাজ আৰু ফণী শৰ্মাৰ অনবদ্য অভিনয় এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ ৰৈছে।

সীমান্ত গান্ধী খান আব্দুল গফৰ খানে সেই সময়ত অসমত শান্তি-সমন্বয় স্থাপনৰ লক্ষ্যৰে উপস্থিত হৈছিল। কিন্তু ‘ছিৰাজ’ৰ কাহিনী আৰু অভূতপূৰ্ব জনপ্ৰিয়তাই তেখেতক পতিয়ন নিয়াইছিল যে সম্প্ৰীতিৰ দিশত অসমত তেখেতৰ কৰিবলগীয়া বিশেষ একোৱেই নাই।
‘ছিৰাজ’ক প্ৰথমখন ব্যৱসায়িকভাৱে বৃহৎ সফল অসমীয়া ছবি হিচাপে গণ্য কৰা হয়। ছবিখন চাবলৈ বহু দূৰ-দূৰণিৰ ৰাইজে হিলদল ভাঙি ওলাই আহিছিল। বহুতে আনকি টিকট নোপোৱাৰ বাবে ৰাতিটো চিনেমা হলৰ কাষতে থাকি দিছিল। পিছদিনা টিকট লৈহে গাঁৱৰ ৰাইজ আৰু সপৰিয়ালে ‘ছিৰাজ’ একেলগে উপভোগ কৰিছিল। এয়া আছিল অসমীয়া চলচ্চিত্ৰৰ সোণালী ইতিহাসৰ এক সোণালী অধ্যায়।
‘ছিৰাজ’ৰ শ্বুটিঙৰ সময়তে এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা ঘটিছিল। ঘটনাটো ফণী শৰ্মাৰে ভাষাৰে এনেধৰণৰ- “সেইদিনা বৰ আৱেগময় দৃশ্য এটিত অভিনয় কৰিছোঁ। ছিৰাজ কথাছবিত। সাম্প্ৰদায়িকতাবিৰোধী উদাৰ মুছলমান খেতিয়ক ছিৰাজুদ্দিন আহমেদ হাজৰিকাৰ মনৰ কথা প্ৰকাশ কৰিছোঁ আন্তৰিকতাৰে। দৃশ্যগ্ৰহণ হৈ গ’ল। সকলোৱে মোৰ অভিনয় শলাগিলে। শ্বুটিঙৰ পাছত মই মেকআপ ৰুমলৈ গ’লোঁ। গৈ এখন টেলিগ্ৰাম আকৌ খুলি চালোঁ- অকলে অকলে। তাত লিখা আছিল- ‘তোমাৰ ডাঙৰ ল’ৰাটিৰ কালি মৃত্যু হৈছে’।”- বোলছবিখনত অনিলৰ চৰিত্ৰত অভিনয় কৰা ভূপেন হাজৰিকাই ইয়াৰ পিছতে পৰিচালক ফণী শৰ্মাৰ মাত শুনিছে- “All lights. Sound ready. Camera….”। (ড° ভূপেন হাজৰিকা ৰচনাৱলী, দ্বিতীয় খণ্ড)
অসমীয়া ছবিলৈ পোনপ্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ সন্মান- ‘চাৰ্টিফিকেট অৱ মেৰিট’
এইখন আছিল অসমীয়া চিনেমাৰ ছুপাৰষ্টাৰ নিপন গোস্বামীয়ে অভিনয় কৰা প্ৰথমখন ছবি। অৱশ্যে ছবিখনত তেওঁ শিশুশিল্পী হিচাপেহে ভুমুকি মাৰিছিল। বোলছবিখনৰ প্ৰথম প্ৰদৰ্শনী ঢোলত চাপৰ দি মুকলি কৰিছিল বিখ্যাত ঢোলবাদক মঘাই ওজাই। দেশৰ স্বাধীনতা যুঁজত ফাঁচীকাঠত প্ৰাণাহুতি দিয়া প্ৰথমজন অসমীয়াৰ জীৱন আধাৰিত এই বিখ্যাত চিনেমাখনেই হ’ল- ফণী শৰ্মাৰ দুৰ্দান্ত পৰিচালনাৰে নিৰ্মিত ‘পিয়লী ফুকন’ (১৯৫৫)। পৰিচালনা কৰাৰ উপৰিও ছবিখনত ফণী শৰ্মাই ৰূপায়ণ কৰিছিল গোসাঁইদেউ (গোমধৰ কোঁৱৰ)ৰ চৰিত্ৰ।

“যি বিহগছৰ গুটি বিদেশীয়ে আমাৰ দেশত সিঁচিছে, সেই পুলি বৰগছ হোৱাৰ আগতেই শিপাৰ সৈতে উভালি পেলাবা নে তাক দোপতদোপে ডালে-পাতে গোটেই অসম ছাটি পেলাবলৈ এৰি দিবা ?”- ফণী শৰ্মাৰ সবল কণ্ঠত এনেধৰণৰ দেশপ্ৰেমমূলক সংলাপে এক অনন্য মাত্ৰা দিছিল ‘পিয়লী ফুকন’ক।
কমল চৌধুৰীয়ে সেই সময়ৰ কথা ৰোমন্থন কৰি কৈছিল- “১৯৫৪ চনৰ ঘটনা। সেই সময়ত কলিকতা ‘ফিল্মৰ ছাৰ্ভিচেচ্ লেবৰেটৰী’ত ‘পিয়লী ফুকন’ৰ সম্পাদনাৰ কাম চলি আছিল। চিত্ৰ সম্পাদক আছিল সেই সময়ৰ বংগৰ খ্যাতনামা চিত্ৰ সম্পাদক, চিত্ৰ পৰিচালক শ্ৰীকমল গাংগুলী। সম্পাদনাগৃহত শ্ৰীগাংগুলীয়ে একান্ত মনেৰে ‘মুভিৱালা’ত সম্পাদনাৰ কাম কৰি আছিল। মই সংগোপনে সম্পাদনা গৃহত প্ৰবেশ কৰিলোঁ। সেই সময়ত ‘পিয়লী ফুকন’ ফিল্মৰ সংলাপবোৰ বাজি আছিল। হঠাত শুনিবলৈ পালোঁ ‘গোমধৰ’ৰূপী ফণী শৰ্মাৰ গুৰু-গম্ভীৰ সংলাপ। আটাইবোৰ ভাৱৰীয়াৰ সংলাপক তল পেলাই নটসূৰ্যৰ উদাত্ত কণ্ঠই আধিপত্য বিস্তাৰ কৰিলে। ইয়াকেই বোলে ‘ভয়েচ পাৰ্চনেলিটি’।”
ফণী শৰ্মাৰ চিনেমেটিক দৃষ্টিকোণ, পৰিপক্ক পৰিচালনা, সকলো অভিনেতা-অভিনেত্ৰীৰপৰা বলিষ্ঠ অভিনয় আদায় আৰু কাহিনীৰ মনপৰশা উপস্থাপনৰ যোগেদি ‘পিয়লী ফুকন’-এ লাভ কৰিছিল ভাৰত চৰকাৰৰ ‘চাৰ্টিফিকেট অৱ মেৰিট’ সন্মান। এইদৰেই অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী ইতিহাসত ‘পিয়লী ফুকন’ এখন স্মৰণীয় ছবি হিচাপে খোদিত হৈ আছে।
হাৰাণ চৰ্দাৰৰ প্ৰাণৱন্ত অভিনয়েৰে জীৱন্ত ‘এৰাবাটৰ সুৰ’ (১৯৫৬)
১৯৫৫ চনৰ মাজভাগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই জীৱনৰ প্ৰথমখন চিনেমা নিৰ্মাণ কৰিম বুলি ঠিৰাং কৰিলে। সহধৰ্মিণী প্ৰিয়ম হাজৰিকাই কলিকতালৈ আহি তেখেতক চিত্ৰনাট্য লিখাত সহায় কৰিছিল। ছবিখনৰ নাম থৈছিল- ‘এৰাবাটৰ সুৰ’। বোলছবিখনত হাৰাণ চৰ্দাৰৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ নটসূৰ্য ফণী শৰ্মাক ঠিক কৰা হৈছিল। ৰতনপুৰ বাগিচাৰ চৰ্দাৰ হাৰাণৰ চৰিত্ৰটো আছিল অসমৰ চাহ বাগিচা অঞ্চলৰ এটা জীৱন্ত চৰিত্ৰ। চিৰাচৰিতভাৱে স্বকীয় অভিনয়শৈলী আৰু উদাত্ত কণ্ঠেৰে ফণী শৰ্মাই হাৰাণৰ চৰিত্ৰটো সজীৱ কৰি তুলিছিল। ভুজলং কাকাৰূপী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হাৰাণ চৰ্দাৰৰ সৈতে ধেমেলীয়া দৃশ্যাংশ যিয়ে চাইছে, সকলোৰে মনত সাঁচ বহি গৈছে। ড° ভূপেন হাজৰিকা আৰু সন্ধ্যা মুখাৰ্জীয়ে কণ্ঠ নিগৰোৱা ‘জনকপুৰৰ জানকীয়ে’ গীতটিত দেখা গৈছিল ফণী শৰ্মাক বিষ্ণু ৰাভাৰ সৈতে একেলগে নৃত্য কৰি থকাৰ দৃশ্যাংশত। চাহ বাগিচাৰ শোষিত-নিষ্পেষিত শ্ৰমিকৰ কৰুণ দৃশ্যাংশত ফণী শৰ্মাৰ দুৰ্দান্ত অভিনয়ে ‘এৰাবাটৰ সুৰ’ক দিছিল অন্য এক গতি।
দুৰ্বাসাৰ ডাঙৰ চকু দুটা দেখি ভয়তে থতমত খাইছিল অনুসূয়াই
‘এৰাবাটৰ সুৰ’ক ৰাইজে অভাৱনীয়ভাৱে আদৰি লোৱাৰ পিছতে ড° ভূপেন হাজৰিকাই আন এখন অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ মন মেলিলে। কাহিনী হিচাপে বাছি ল’লে মহাকবি কালিদাসৰ অমৰ সৃষ্টি ‘অভিজ্ঞানম্ শকুন্তলম’ক। ‘শকুন্তলা’ৰ বাবে ভূপেন হাজৰিকাই ফণী শৰ্মালৈ লিখি পঠিয়ালে- “আপোনালোকে মোক অসমত এজনী শকুন্তলাক বিচাৰি দিয়ক”। তেনেকৈয়ে বহু বিচৰাৰ পিছত শকুন্তলা চৰিত্ৰটোৰ বাবে বাছনি কৰা হ’ল এজনী বঙালী ছোৱালী অনিতা বেনাৰ্জীক। ছবিখনত ফণী শৰ্মাই অভিনয় কৰিছিল খঙাল ঋষি দুৰ্বাসাৰ চৰিত্ৰত।

“শকুন্তলা (১৯৬১)ত মই অনুসূয়াৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। ফণী শৰ্মাদেৱ আছিল দুৰ্বাসা ঋষি। যেতিয়া শ্বুটিঙৰ সময়ত ফণী শৰ্মাদেৱক দেখা পাইছিলোঁ, তেওঁৰ ডাঙৰ চকু দুটা দেখি খুব ভয় খাইছিলোঁ। তেনেতে শ্বুটিঙৰ মাজতে মেক্-আপ্ কৰিবলৈ গ’লোঁ আৰু হঠাতে তেখেতে মোক লগ পোৱাত মোৰ নামটো সুধিলে। মই নামটো ক’লোঁ। তেতিয়া মোৰ দেউতা মেজিষ্ট্ৰেট হিচাপে কৰ্মৰত আছিল। মই ক’লোঁ মই অমুকৰ ঘৰৰ ছোৱালী। তেতিয়া তেখেতে ক’লে- ‘তুমিটো মোৰ ভাগিন।’ মই ক’লোঁ- তেতিয়াহ’লেতো আপুনি মোৰ বলীন মামা। বলীন মামাই দেশখনক খুব ভাল পাইছিল আৰু সেই কথাৰ আঁত ধৰি তেখেতে কৈছিল- অ’ তুমি দেখোন দেশেৰ ভাগিন।” এইদৰেই ‘শকুন্তলা’ত ফণী শৰ্মাৰ সৈতে কৰা শ্বুটিঙৰ স্মৃতি ৰোমন্থন কৰিছে অনুসূয়াৰূপী কৃষ্ণা দাসে।
ভূপেন হাজৰিকাই মৰমৰ বলীনদা সন্দৰ্ভত লিখি থৈ গৈছে- “মই নিজে যিকেইখন ছবি প্ৰযোজনা আৰু পৰিচালনা কৰিছোঁ- তাৰ তিনিখন ছবিত (মোৰ আটাইতকৈ প্ৰিয়) ‘এৰাবাটৰ সুৰ’, ‘শকুন্তলা’ আৰু ‘প্ৰতিধ্বনি’ত যেতিয়া তেখেতক অভিনয়ৰ দায়িত্ব দিওঁ- তেতিয়া দেখিছিলোঁ, (মই যদিও বয়সত বহুত সৰু) পৰিচালকৰ প্ৰতিটো পৰিকল্পনাক কেনেকৈ ডিচিপ্লিনড্ সৈন্যৰ দৰে তেখেতে পালন কৰিছিল। মানিছিল। প্ৰতিটো ‘শ্বট’ৰ পাছতে সুধিছিল, “ভূপেন, তুমি সুখীতো ? তুমি বিচৰা মতে হৈছেতো ?”
“ৰাইজসকল মই আহিলোঁ। মোৰ অসম্পূৰ্ণ কামখিনি আপোনালোকে যাতে সম্পূৰ্ণ কৰে।”
মণিৰাম দেৱান- চিপাহী বিদ্ৰোহৰ সময়ছোৱাত দেশমাতৃৰ সুৰক্ষাৰ হকে যুঁজি সাহসেৰে ফাঁচীকাঠত প্ৰাণ আহুতি দিয়া এগৰাকী বীৰপুৰুষ। সেই ঐতিহাসিক ঘটনাৰ পটভূমিত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই ‘মণিৰাম দেৱান’ গ্ৰন্থ আৰু নাট্যকাৰ প্ৰবীণ ফুকনে ‘মণিৰাম দেৱান’ নাটক লিখি উলিয়াইছিল। এই গ্ৰন্থ আৰু নাটকখনৰ আধাৰতে সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে নিৰ্মাণ কৰি উলিয়াইছিল বিখ্যাত অসমীয়া চিনেমা ‘মণিৰাম দেৱান’ (১৯৬৪)। প্ৰযোজনা চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ। অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক মণিৰাম দেৱানৰ সেই চৰিত্ৰটো নিখুঁতভাৱে ফুটাই তুলিছিল ফণী শৰ্মাই। নামভূমিকাত তেখেতৰ অনবদ্য অভিনয়, উদাত্ত সংলাপ, কথনভংগী আৰু মুখৰ অংগী-ভংগীয়ে দৰ্শকৰ মনত এক গভীৰ সাঁচ বহুৱাই থৈ গৈছে। ছবিখনৰ দুটি কালজয়ী গীত ‘সোণাৰ বৰণ পাখিৰে তোৰ’ আৰু ‘মাই হেৰে যশোৱা’ৰ চিত্ৰায়ণত মণিৰাম দেৱানৰূপী ফণী শৰ্মাক নাৱেৰে দলে-বলে কলিকতা অভিমুখে গৈ থকা দৃশ্যত দেখা গৈছিল। অন্যহাতে, ছবিখনত ব্ৰিটিছ বিষয়া হলৰইড চাহাবৰ চৰিত্ৰত অভিনয় কৰিছিল পশ্চিম বংগ তথা ভাৰতীয় চলচ্চিত্ৰৰ প্ৰখ্যাত অভিনেতা উৎপল দত্তই। ছবিৰ দৃশ্যাংশত দেশপ্ৰেমিক মণিৰাম দেৱানৰূপী ফণী শৰ্মা আৰু হলৰইডৰূপী উৎপল দত্তৰ তৰ্কাতৰ্কিৰ দৃশ্যবোৰ বৰ সুন্দৰকৈ ফুটাই তোলা হৈছিল।
বোলছবিখনৰ অন্তিম দৃশ্যত ভূপেন হাজৰিকাৰ অনন্য কণ্ঠত শুনা গৈছিল- “হে চান্দো ল’ৰিছে, হে সূৰুযো ল’ৰিছে” শীৰ্ষক প্ৰচলিত গীতটি আৰু সেই দৃশ্যত মণিৰাম দেৱানে হেজাৰ হেজাৰ ৰাইজৰ মাজেৰে ফাঁচীশাললৈ আগুৱাই গৈছে। অসংখ্য জনগণৰ সমাগম হোৱা এই দৃশ্যৰ শ্বুটিং কৰা হৈছিল শুৱালকুছি অঞ্চলত। ‘মণিৰাম দেৱান’ৰ “ৰাইজসকল মই আহিলোঁ। মোৰ অসম্পূৰ্ণ কামখিনি আপোনালোকে যাতে সম্পূৰ্ণ কৰে।” শীৰ্ষক সংলাপটো যেন ফণী শৰ্মাৰ নিজৰ জীৱনৰ সৈতে খাপ খাই পৰা এটা দুৰন্ত সংলাপ।
মোখনি
এইদৰেই ‘জয়মতী’ৰপৰা আৰম্ভ হোৱা তেখেতৰ অনবদ্য বোলছবিৰ যাত্ৰাই সমৃদ্ধ কৰি থৈ গৈছে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসক। তেখেতৰ প্ৰাণপৰশা অভিনয়ে যিদৰে সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিছিল, তেনেদৰেই সৰ্বসাধাৰণ দৰ্শকৰ মাজতো লাভ কৰিছিল অশেষ জনপ্ৰিয়তা। তেখেতে ৰূপায়ণ কৰা গাঁঠি হাজৰিকা, গোমধৰ কোঁৱৰ, মণিৰাম দেৱানৰ দৰে ঐতিহাসিক চৰিত্ৰই যিদৰে দৰ্শকৰ মনত সাঁচ বহুৱাই থৈ গৈছে, ঠিক একেধৰণে হাৰাণ চৰ্দাৰৰ দৰে শক্তিশালী চৰিত্ৰইয়ো অসমৰ সমাজ জীৱনৰ একোটা জীয়া চৰিত্ৰক প্ৰতিফলিত কৰিছে। ১৯৫৯ চনত তেখেতে ভূপেন হাজৰিকাক কৈছিল- “চাওঁতে চাওঁতেই জ্যোতি ককাইদেউৰ ‘জয়মতী’ৰ দিনৰেপৰা ২৫টা বছৰ পাৰ হৈ গ’ল। অভিনয় কৰি মানুহক হঁহুৱালোঁ, কন্দুৱালোঁ। নিজেও হাহিলোঁ বহুত। চকুলো বাধাও দিছোঁ বহুত।”
নিজৰ জীৱনত বহু ঘাত-প্ৰতিঘাত, দুখ-বেদনাৰ সন্মুখীন হৈয়ো ফণী শৰ্মাই ৰাইজক আমোদ দিছিল তেখেতৰ বলিষ্ঠ অভিনয়ৰ মাজেৰেই। তেখেতৰ ভাষাৰেই- “নাটজগতত খোজ পেলাই ‘যাত্ৰা’ৰপৰা আৰম্ভ কৰি বোলছবিৰ যুগ পালোঁহি। জনসাধাৰণে কিয় হাঁহে, কিয় কান্দে- এই বিষয়ে কিঞ্চিৎ অভিজ্ঞতা লাভ কৰিছোঁ। মুকুট আমি পোৱা নাই- কাঁইটেই পাইছোঁ। নানা কষ্ট, নানা অভাৱ, অপৈণত শিল্পী লৈ ছবি নিৰ্ম্মাণ কৰিব লাগে। তথাপি, জনসাধাৰণৰ ভাল মন্তব্য ভাল লাগে, বেয়া মন্তব্যকো সন্মান কৰোঁ। এটা কথা মই পিছে সহিব নোৱাৰোঁ, ছবিৰ দুৰ্ব্বলতাবোৰ আমি জানিও বহুতো সময়ত নানা অসুবিধাৰ বাবে গুচাব নোৱাৰোঁ…।”
আজি মৃত্যুবাৰ্ষিকীত অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ নটসূৰ্য ফণী শৰ্মাদেৱক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
(লেখাটো যুগুত কৰোঁতে বিভিন্ন উৎসৰ সহায় লোৱা হৈছে। সকলোৰে প্ৰতি আমি কৃতজ্ঞ।)
ইমান বিস্তাৰিত ভাৱে এজন মণিষীক , তেখেতৰ কৰ্মৰাজিৰ বিষয়ে জনোৱাৰ বাবে কৃতজ্ঞতা জনালো |