বন্দিশ বেণ্ডিটছ্: সংগীত, সংঘাত আৰু সম্পৰ্কৰ অপূৰ্ব মিশ্ৰণ

Website | + posts

অতি আধুনিকতাৰ ধামখুমীয়াত উটি-ভাঁহি যোৱা ভাৰতীয়সকলক ৱেব ছিৰিজটোৱে পৰোক্ষভাৱে বহু কথাই কৈ গ’ল।

By Mukul M Baishya | 22 August, 2020

১৯৩৭ চনত ভাৰতৰ বিখ্যাত নৃত্য বিশাৰদ পণ্ডিত উদয় শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নৃত্য আৰু অৰ্কেষ্ট্ৰাৰ এটা দল লৈ এক ঐতিহাসিক ট্যুৰ কৰিছিল। এই দলত তেখেতৰ ভাতৃ প্ৰায় ১৭ বছৰীয়া ৰবি শংকৰো আছিল, যি সেই সময়ত মাথোঁ ৰবীন্দ্ৰ নামেৰে জনাজাত আছিল। এই ঐতিহাসিক সংগীত যাত্ৰাত পৰিবেশন কৰা অৰ্কেষ্ট্ৰাৰ এটা বাণীৱদ্ধ ৰূপ ১৯৩৭ চনত এখন ভিনাইল ৰেকৰ্ড হিচাপে বজাৰলৈ আহিছিল য’ত আছিল ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ১০ টাকৈ অপূৰ্ব সৃষ্টি। ১৯৬৮ চনত এই ৰেকৰ্ডখন ৰিমাষ্টাৰ কৰি পুনৰ মুকলি কৰা হৈছিল, যাৰ নাম আছিল- “Indian Music: Ragas and Dances – The Original Uday Shankar Company of Hindu Musicians”।

এইখন ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাবে এখন অতি গুৰুত্বপূৰ্ণ ভিনাইল ৰেকৰ্ড আছিল কিয়নো পৃথিৱীয়ে প্ৰথমবাৰলৈ ভাৰতীয় সংগীতৰ সোৱাদ অডিঅ’ ৰেকৰ্ডৰূপে পাইছিল। পিছে পৰিতাপৰ কথা এয়ে যে ঐতিহাসিক এই ৰেকৰ্ডখন ভাৰতবৰ্ষত পাবলৈ নাই। ভাৰতৰ বিভিন্ন চহৰত অনুসন্ধান কৰি বিফল হোৱাৰ পাছত মই ব্যক্তিগতভাৱে এই ভিনাইল ৰেকৰ্ডখন আমেৰিকা যুক্তৰাষ্ট্ৰতহে কিনাৰ সুযোগ পাইছিলোঁ। এতিয়া কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয়- ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এনে এখন গুৰুত্বপূৰ্ণ ৰেকৰ্ড ভাৰতত কিয় পোৱা নাযায় ? উদয় শংকৰ, ৰবি শংকৰ ভাৰতীয় নাছিল নেকি ? ভাৰতীয়ৰ ওচৰত নিজৰ ঐতিহ্যমণ্ডিত হাজাৰ বছৰীয়া সংস্কৃতিৰ মূল্য নাই নেকি ? তেনেহ’লে আমি কেনে এক সভ্যতাৰ কথা পাতোঁ বা ৰক্ষণাবেক্ষণৰ ভাষণ দিওঁ ?

পিছে ‘Amazon Prime’ক ধন্যবাদ। যোৱা ৪ আগষ্টত বিশ্বজুৰি ‘Amazon Original’ৰ বেনাৰত এটি ৱেব ছিৰিজৰ শুভমুক্তি হ’ল, যাৰ নাম – ‘Bandish Bandits’। গৌৰৱান্বিত ভাৰতীয় সংস্কৃতি, ঐতিহাসিক ভাৰতীয় পৰম্পৰা, বিশ্বত সকলোৱে সন্মান আৰু আন্তৰিকতাৰে শিৰ নত কৰা ভাৰতীয় ঐতিহ্য আৰু আমাৰ হেজাৰ বছৰীয়া জ্ঞান-সাধনাৰ এক সংক্ষিপ্ত অথচ অপূৰ্ব উপস্থাপনৰ জৰিয়তে ‘Amazon Prime’-এ ভাৰতীয় শাস্ত্ৰীয় সংগীতক বিশ্ববাসীৰ আগত দাঙি ধৰিলে। অতি আধুনিকতাৰ ধামখুমীয়াত উটি-ভাঁহি যোৱা ভাৰতীয়সকলক ৱেব ছিৰিজটোৱে পৰোক্ষভাৱে বহু কথাই কৈ গ’ল। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- হেজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ এক চিৰন্তন সৃষ্টি ভাৰতীয় ধ্ৰুপদী/শাস্ত্ৰীয় সংগীতৰ সৈতে আজিও জড়িত থকা এচাম মহান লোকৰ সাধনাক এই ছিৰিজটোৱে প্ৰতিফলিত কৰিলে, তেওঁলোকৰ নীৰৱ সাধনাক সন্মান জনালে।

ছিৰিজটোত ‘ৰাথোৰ ঘৰানা’ৰ সদস্যসকল

দহটাকৈ খণ্ডত পৰিবেশন কৰা এই ছিৰিজৰ মূল বিষয় হৈছে- সংঘাত। সংস্কৃতিৰ সংঘাত, আধুনিকতা আৰু হেজাৰ বছৰীয়া জ্ঞান-সাধনাৰ সংঘাত, কঠোৰ সাধনাৰে উপলব্ধ জ্ঞান আৰু বজাৰমুখী ক্ষন্তেকীয়া কলাৰ মাজৰ সংঘাত। বিশ্লেষণ আৰু সমাধানো ‘বন্দিশ বেণ্ডিটছ্’-এ আমাক দি গ’ল। আধুনিক, চকু ছাট মাৰি ধৰা সংগীতৰ নতুন বজাৰখনে কিদৰে আমাৰ ঐতিহ্যমণ্ডিত জ্ঞান-সাধনাৰ শাস্ত্ৰীয় সংগীতৰ হেজাৰ বছৰীয়া পৰম্পৰাক আমাৰ মাজতেই নিঃশেষ কৰি যাবলৈ ওলাইছে তাৰেই উপস্থাপন- ‘বন্দিশ বেণ্ডিটছ্’। মূল চৰিত্ৰত নায়িকা তমন্না (শ্ৰেয়া চৌধুৰী) পপ সংগীতৰ উঠি অহা গায়িকা, সংঘাত হৈছে নায়ক তথা ৰাজস্থানী ‘ৰাথোৰ ঘৰানা’ৰ আন এক প্ৰতিভা ৰাধে (ঋত্বিক ভৌমিক)ৰ সৈতে। ৰাধে বিখ্যাত ‘ৰাথোৰ ঘৰানা’ৰ এক উজ্জ্বল ভৱিষ্যত। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এক মহান সংগীতজ্ঞ ৰাধে মোহন ৰাথোৰ (নাছিৰুদ্দিন শ্বাহ)ৰ নাতিৰ জীৱনলৈ অহা সংঘাতৰ এক অপূৰ্ব বৰ্ণনা এই ছিৰিজটো। শেষত তমন্নাই ভাৰতীয় ঐতিহ্যমণ্ডিত পৰম্পৰাগত এই হেজাৰ বছৰীয়া জ্ঞান-সাধনাৰ ওচৰত কিদৰে নতশিৰে নিজক সমৰ্পণ কৰিছে, সেয়া হৃদয়স্পৰ্শী।

সংগীতৰ সাধনাত বিলীন ৰাধে (ঋত্বিক ভৌমিক) আৰু দিগ্বিজয় ৰাথোৰ (অতুল কুলকৰ্নি)

নাছিৰুদ্দিন শ্বাহৰ অভিনয়- অপূৰ্ব, অসাধাৰণ। জ্ঞান, একাগ্ৰতা, কষ্ট, নীতি, সাধনা আৰু কঠোৰ জীৱনশৈলীৰে পুষ্ট এজন সংগীত সম্ৰাটৰ জীৱন নাছিৰুদ্দিন শ্বাহে অতি দক্ষতাৰে ফুটাই তুলিছে। ‘ৰাথোৰ ঘৰানা’ক নিজৰ কৰিবলৈ হাবিয়াহ কৰা দিগ্বিজয় ৰাথোৰৰ নিগেটিভ চৰিত্ৰত অতুল কুলকৰ্নিৰ অভিনয়ো সমানেই প্ৰশংসনীয়। লগতে ৰাধেৰ মাকৰ চৰিত্ৰত শ্বীবা চড্ডা, এজন ষ্ট্ৰাগলাৰ খুৰাকৰ চৰিত্ৰত অমিত মিস্ত্রী আৰু বন্ধুৰ ভূমিকাত ৰাহুল কুমাৰৰ অভিনয় উল্লেখনীয়। ছিৰিজটোৰ পৰিচালক আনন্দ তিৱাৰীৰ পৰিচালনাত গভীৰ দক্ষতা আৰু গৱেষণা প্ৰতিফলিত হৈছে। ৰাজস্থানৰ যোধপুৰৰ সৌন্দৰ্য্য আৰু অপূৰ্ব ৰাজহাউলিবোৰ, ৰজাৰ সম্ভ্ৰম আৰু ৰাজকীয়তা, ভাৰতীয় পৰম্পৰা আৰু ঐতিহ্যৰ উপস্থাপন চাবলগীয়া। লগত আছে সংগীত পৰিচালনাৰ ত্ৰিমূৰ্তি শংকৰ-এহছান-লয়ৰ সংগীত। সংগীতে ছিৰিজটোক এক বেলেগ মান্যতা প্ৰদান কৰিলে। শংকৰ মহাদেৱনৰ কণ্ঠত ভাৰতীয় শাস্ত্ৰীয় সংগীত, লগত আছে পণ্ডিত অজয় চক্ৰৱৰ্তী, মামে খান, মহাদেৱনৰ পুত্ৰ শিৱম মহাদেৱন, জাভেদ আলি ইত্যাদি। কি এক অপূৰ্ব সংগীত উপস্থাপন। বিশেষকৈ- ‘ছেড়খানিয়া’, ‘সজন বিন আয়েনা মোহে নিন্দিয়া’, ‘ৰাগ বসন্ত’ৰ অপূৰ্ব উপস্থাপনে হৃদয় চুই যায়।

মই নতুন প্ৰজন্মক এই ছিৰিজটো গভীৰতালৈ গৈ চাবলৈ অনুৰোধ জনাইছোঁ। আমি Western Classical, Symphony, Fusion, Rock, Blues, Reggae, Metal, Thrash, Psychedelics, Progressive, Gothic, Pop, Trance সকলো শুনিম। আমি বিশ্ব সংস্কৃতিৰ বাবে মনৰ দুৱাৰ, চেতনাৰ দুৱাৰ খুলি ৰাখিম। আমি সকলো ভাল সম্পদ আহৰণ কৰিম, ভালৰ ভালবোৰ আমালৈ আনিম। কিন্তু আমি আমাৰ সভ্যতা, আমাৰ ঐতিহ্য, আমাৰ জ্ঞান, আমাৰ পৰম্পৰা, আমাৰ সমলসমূহ শুদ্ধকৈ শিকিম, বুজিম আৰু আয়ত্ত কৰিম। আমি আমাৰ সংস্কৃতিৰে আমাৰ ভেটি গঢ়িম আৰু সেই ভেটিৰ ওপৰতে পৃথিৱীৰ আন সমলসমূহক আদৰণি জনাম। কিয়নো, আমি অতি চহকী ভাৰতীয়, আমাৰ সভ্যতা বিৰল আৰু মহান, ভাৰতীয় সভ্যতা চিৰন্তন।

More on this topic

квартира в лимассоле купить

Rated 3 out of 5
September 24, 2023

Не упустите шанс купить лучшую квартиру в Лимассоле!

квартира в лимассоле кипр https://kvartira-v-limassole.ru.

kvartira_kbml

клинкерная плитка цена

Rated 1 out of 5
September 24, 2023

Широкий выбор клинкерной плитки и низкая цена

клинкерная фасадная плитка под кирпич https://klinkerprom11.ru/.

klinkernay_fsPi

бурение и ремонт скважин

Rated 3 out of 5
September 22, 2023

Лучшие инженеры для бурения и ремонта скважин

бурение и ремонт скважин https://voda-narodu11.ru.

burenie_aoKi

морские прогулки сочи

Rated 4 out of 5
September 22, 2023

Наслаждайтесь морскими прогулками в Сочи!

прогулка на яхте в сочи цена https://www.morskie-progulki-sochi.ru.

morskie_ywmi

Продажа спортивного инвентаря - широкий выбор спортивных инвентарей для футбола, баскетбола, тенниса, бега, фитнеса и многих других видов активностей.

Rated 4 out of 5
September 17, 2023

Купить спортивный инвентарь – только в нашем магазине вы найдете качественную продукцию. Быстрей всего сделать заказ на магазин спортивного инвентаря можно только у нас!

продажа спортинвентаря

продажа спортивного инвентаря – http://www.sportinventar-moscow.ru

http://www.undercovernyc.com/?URL=sportinventar-moscow.ru

Магазин спортивного инвентаря – широкий выбор спортивных инвентарей для футбола, баскетбола, тенниса, бега, фитнеса и многих других видов активностей. b529567

Godanaunons

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

‘শ্বেৰনী’: বাঘ-মানুহৰ সংঘাত আৰু অন্যান্য

ছবিখনৰ এটা দৃশ্যত কোৱা হয়- বিকাশৰ বাবে পৰিৱেশ কিমান দিনলৈ ধ্বংস কৰা হ'ব, আৰু কেতিয়া আমি বিকাশ আৰু প্ৰকৃতি (Development and Environment)...

সন্ধ্যাৰাগ: ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথমখন চিনেমাৰ আঁৰৰ ৰসাল ঘটনাবোৰ

এনে চৰ্চিত আৰু অতুলনীয় চিনেমাৰ নিৰ্মাতা হিচাপে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰিপক্কতা সৰ্বজনবিদিত। 'সন্ধ্যাৰাগ' আছিল ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চিনেমা।

হছৰত জয়পুৰীৰ স্মৰণীয় প্ৰেম পত্ৰখন

By Team TJC | 17 September, 2020 হছৰত জয়পুৰী- বহুতো চিৰসেউজ...