যুগ যুগ ধৰি এখন সমাজত নাৰীৰ প্ৰতি হৈ অহা অত্যাচাৰ আৰু তাৰ বিৰুদ্ধে লোৱা প্ৰতিশোধৰ পৰিণতিয়ে হৈছে বুলবুলৰ অলৌকিক শক্তি।
By Team TJC | 7 August, 2020
বুলবুল
পৰিচালক: অনবিতা দত্ত
অভিনয়ত: তৃপ্তি দিমৰি, ৰাহুল ব’স, অবিনাশ তিৱাৰী, পৰমব্ৰত চট্টোপাধ্যায় আদি
নেটফ্লিক্সত উপলব্ধ
ভৌতিক শক্তি, ইতিহাসৰ পুৰুষতান্ত্ৰিক সমাজখনৰ ক’লা অধ্যায়, নাৰীবাদ আৰু কুসংস্কাৰৰ সংমিশ্ৰণ। অভিনেত্ৰী হিচাপে জনপ্ৰিয় অনুষ্কা শৰ্মা আৰু কাৰ্ণেশ শৰ্মাৰ প্ৰযোজনাৰে নিৰ্মিত ‘বুলবুল’ হৈছে এই সংমিশ্ৰণৰ ফলাফল। ‘বুলবুল’ চিনেমাখনৰ ভৌতিক উপাদান আচলতে কোনো ভূত নাইবা এস্থেটিক মেক্-আপযুক্ত ভয়ানক চেহেৰাৰ প্ৰেতাত্মাৰ উপস্থিতি নহয়। যুগ যুগ ধৰি এখন সমাজত নাৰীৰ প্ৰতি হৈ অহা অত্যাচাৰ আৰু তাৰ প্ৰতিশোধ লোৱাৰ ফলত হোৱা কঠোৰ পৰিণতিয়ে হৈছে এই ভৌতিক শক্তি। জীৱনত পুৰুষৰপৰা পোৱা সকলো দুখ-যন্ত্ৰণাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ নাৰীশক্তিয়ে লোৱা প্ৰতিশোধক এক বিশেষ শক্তিৰে চিনেমাখনত উপস্থাপন কৰা হৈছে, যাক প্ৰকৃতাৰ্থত অলৌকিক বুলি ক’ব নোৱাৰি।
“ছোৱালীয়ে কিয় ভৰিত আঙঠি পিন্ধিব লাগে ?”- গাঁৱত গছ বগাই ভাল পোৱা বুলবুলে তাইৰ পেহীয়েকক প্ৰশ্ন কৰিলে। পেহীয়েকে উত্তৰ দিলে, “যাতে সিহঁতক বশ কৰি ৰাখিব পাৰি”। বিয়াৰ ৰভালৈ পেহীয়েকৰ কোঁচত উঠি যোৱা বুলবুলৰ কৌতূহলী প্ৰশ্ন, “বশ মানে কি ?” এই গভীৰ প্ৰশ্নটোৰ আঁত ধৰিয়েই মূল কাহিনীটোৰ প্ৰৱেশ ঘটে। ১৮৮১ চনৰ বংগদেশৰ এটা জমিদাৰ পৰিয়ালত সংঘটিত হোৱা নাৰীজনিত অপৰাধৰ পটভূমিত নিৰ্মিত ‘বুলবুল’ত পৰিচালিকাই সেই সময়ৰ সমাজ ব্যৱস্থাক সুন্দৰ ৰূপত তুলি ধৰিছে। বাল্য বিবাহ, বিধৱাসকলক মূল ঘৰৰপৰা আঁতৰত অদ্ভুত নীতি-নিয়মৰ মাজত আবদ্ধ কৰি ৰখাৰ দৰে কুসংস্কাৰক অতিমাত্ৰা ৰহণ নলগাই সন্তুলিতভাৱেই দেখুওৱা হৈছে। ঘৰৰ আচবাবৰপৰা আৰম্ভ কৰি সাজ-পোছাক আৰু কথনশৈলীয়ে দৰ্শকক লৈ যায় সেই পুৰণি সময়লৈ। কণমানি বুলবুলৰ এগৰাকী বয়সস্থ পুৰুষৰ লগত বিয়া হোৱাৰ পিছত কাহিনীয়ে ২০ বছৰ আগলৈ গতি কৰে। এতিয়া বুলবুল এগৰাকী প্ৰাপ্তবয়স্ক মহিলা। তাইৰ দেওৰেক সত্যা, বয়সত প্ৰায় বুলবুলৰ সমান, যাৰ সৈতে নিজৰ বিবাহৰ পিছৰ শৈশৱখিনি তাই পাৰ কৰিছিল। পাঁচ বছৰৰ মূৰত ঘৰলৈ উভতি আহিছে সত্যা। তাৰ পিছৰেপৰা কাহিনীৰ মূল পৰ্যায়ত সোমাই পৰোঁ আমি। তেওঁলোকৰ গাঁওখনত এটাৰ পিছত আনটো পুৰুষ হত্যাৰ ঘটনাই সকলোকে ভীতিগ্ৰস্ত কৰি তোলে। লগে লগে আৰম্ভ হয় ইয়াৰ আঁৰৰ ৰহস্যক উদ্ঘাটনৰ যাত্ৰা।

পৰিচালিকা হিচাপে কাহিনীকাৰ অনবিতা দত্তৰ এইখন প্ৰথম চিনেমা। ‘বুলবুল’ৰ কাহিনীতো তেওঁৰ পৰিপক্ক লেখিকা সত্তাৰ প্ৰভাৱ পোৱা যায়। কিন্তু চিনেমেটিক উপস্থাপনত কিছুমান পুৰুষৰ চৰিত্ৰক কেৱল হত্যা কৰিবলৈকে যেন সৃষ্টি কৰা হৈছিল, তেনে ভাব হয়। সেই চৰিত্ৰসমূহৰদ্বাৰা স্ক্ৰীণ স্পেছ দখল কৰাত পৰিচালিকা বৰ বেছি সফল হৈছে বুলি ক’ব নোৱাৰি। অৱশ্যে, প্ৰধান চৰিত্ৰসমূহৰ উপস্থাপন আৰু তেওঁলোকৰ ভূমিকাৰ এটা এটা দিশ ফুটাই তোলাৰ ক্ষেত্ৰত পৰিচালিকাক প্ৰশংসা কৰিবই লাগিব। এইক্ষেত্ৰত চিনেমাট’গ্ৰাফাৰ সিদ্ধাৰ্থ দীৱানৰ কেমেৰাৰ সুদক্ষ পৰিচালনাইও এক নতুন ভিজুৱেল চমক দিছে। লগতে উন্নত মানৰ VFX আৰু ৰঙা ৰঙৰ উপৰ্যুপৰি ব্যৱহাৰে অলৌকিকতা, হিংস্ৰতা, ক্ষোভ, নাৰীৰ জীৱনত সেন্দুৰৰ তীব্ৰতাক ফুটাই তোলাত বিশেষ ভূমিকা পালন কৰিছে।

অভিনয়ৰ ক্ষেত্ৰত এক বিৰাট প্ৰাচুৰ্যতা দেখা পোৱা যায় চিনেমাখনত। ‘বুলবুল’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা তৃপ্তি দিমৰিয়ে নিজৰ চৰিত্ৰৰ শক্তিক সুন্দৰভাৱে ৰূপায়ণ কৰিছে। কেতিয়াবা ৰসিক, কেতিয়াবা নিৰ্যাতিতা, কেতিয়াবা তথাকথিত চৰিত্ৰহীনা আৰু কেতিয়াবা বিৰহিণীৰ ভূমিকাই বুলবুলৰ চৰিত্ৰটিক দিছে নতুন মাত্ৰা। বিনোদিনীৰ চৰিত্ৰত অসমৰ বোৱাৰী, বলীউড আৰু টলীউডৰ জনপ্ৰিয় অভিনেত্ৰী পাওলি ডামে এগৰাকী স্বাৰ্থপৰ মহিলাৰ চৰিত্ৰক কৌশলেৰে ফুটাই তুলিছে। বিনোদিনী আৰু বুলবুলৰ মাজৰ সম্পৰ্কৰ তীৰ্যতাক পাওলি ডামৰ অভিনয়ে সহজেই বুজাই দিব পাৰিছে। ছবিখনত এজন ভাল ল’ৰাৰ ভূমিকাত অবিনাশ তিৱাৰীৰ অভিনয় সন্তুলিত। চৰিত্ৰৰ গভীৰতাক অধ্যয়ন কৰিব পাৰিলেও অবিনাশে প্ৰাচীন বংগৰ যুৱক এজনৰ সামগ্ৰিক অৱস্থাক অনুধাৱন কৰিব পৰা নাই যেন ভাব হয়। কিছুমান দৃশ্যত অবিনাশৰ সেই অসহজ ভঙ্গীক সহজতে চিনাক্ত কৰিব পাৰি। যমজ ভাতৃৰ চৰিত্ৰত ৰাহুল ব’সৰ পৰিপক্ক অভিনয়ৰ কথা নিলিখিলেও হয়। কম সময়ৰ বাবে হ’লেও গাঁৱৰ ডাক্তৰৰ চৰিত্ৰত পৰমব্ৰত চট্টোপাধ্যায়ৰ চিনেমাখনত উল্লেখযোগ্য কেইটিমান দৃশ্য আছে, বিশেষকৈ ক্লাইমেক্সত। চিনেমাখনৰ দৃশ্যপট সলনি কৰাত পৰমব্ৰতৰ চৰিত্ৰটি বৰ নিপুণভাৱে ব্যৱহাৰ কৰিছে পৰিচালিকাই।

পৌৰাণিক ৰক্ষণশীল পুৰুষতান্ত্ৰিক সমাজখনত নাৰীয়ে কেনেকৈ নিজৰ সৰু সৰু ভাললগাৰপৰা জীৱনৰ ভালপোৱালৈকে সকলোখিনি ত্যাগ কৰিবলগীয়া হৈছিল আৰু এটা সময়ত অতিষ্ঠ হৈ দুৰ্বল বুলি ভবা নাৰীগৰাকীয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰি সকলো তচনচ কৰিবলৈ বাধ্য হৈ পৰিছিল, তাৰ ৰূপান্তৰেই হ’ল ‘বুলবুল’। বাল্য বিবাহ, অত্যাচাৰ, কুসংস্কাৰৰ বিপৰীতে নাৰীয়ে যুঁজিব পৰা ক্ষমতাক উপস্থাপন কৰিব পাৰিলেও, চিনেমেটিক উপস্থাপনত কাহিনীৰ মূল লক্ষ্য আৰু তাৰ ভৌতিক উপস্থাপনৰ সন্তুলনত কিছু অভাৱ থাকি গ’ল।
কিন্তু পৰিচালিকাৰ বাবে এয়া আৰম্ভণি মাথোঁ। এনেধৰণৰ বিষয়বস্তুৰে চিনেমা জগতখনত এক নতুন ধাৰাৰ সৃষ্টি কৰি সমাজৰ সমস্যাবোৰক উপস্থাপন কৰাৰ বহু সুযোগ আছে। অনবিতাৰ দেউতাকে ভাৰতীয় বিমান বাহিনীত কৰ্মৰত হৈ থকাৰ পৰিপ্ৰেক্ষিতত অনবিতাই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো বাস কৰিছিল। সেই সূত্ৰে বিভিন্ন ঠাইৰ কাহিনীৰ সন্ধান আৰু তাৰ গভীৰতাৰ ওপৰত অনবিতাৰ যথেষ্ট দখল আছে। সেই সুযোগৰ ভৱিষ্যতে তেওঁ সদব্যৱহাৰ কৰিব বুলি আমি আশাবাদী। আপোনালোকেও এই নতুন ধাৰাৰ চিনেমাখন নেটফ্লিক্সত চাব পাৰে।
আমি ‘বুলবুল’ক দিলোঁ ৩.৮/৫