ভাৰতীয় প্ৰেক্ষাপটত ৱেব ছিৰিজ

Website | + posts

সৌৰভ জ্যোতি বৰ্মন | ২৬ জুলাই, ২০২০

বৈ যোৱা সময়ক আমি ৰৈ যাবলৈ বাধ্য কৰাব নোৱাৰোঁ। আমি নোৱাৰোঁ আমাৰ মতে ভেটিব তাক। কিন্তু, আমি পাৰোঁ সেই সময়ৰ কোঁচত তুলি দিব এটি নতুন ভৱিষ্যতৰ অলেখ-অযুত প্ৰতিশ্ৰুতি। অৱসাদগ্ৰস্ততাই নিৰস কৰা জীৱনবোৰক ৰসাল কৰাৰ আমি প্ৰচেষ্টা চলাব পাৰোঁ। এই ৰসালতাক অথবা নতুনত্বক আদৰাৰ আখৰাবোৰতেই সৃষ্টি হৈ গৈছে বিনোদনৰ প্ৰয়োজনীয়তা।

অনাতাঁৰৰপৰা আৰম্ভ কৰি দূৰদৰ্শনৰ আৱিৰ্ভাৱলৈকে সলনি হৈছে বহুতো ধাৰা। ক্ৰমাগতভাৱে কমি আহিছে দূৰদৰ্শনৰ অতিনাটকীয় ধাৰাবাহিকবোৰৰ জনপ্ৰিয়তা। ইয়াৰ মূল কাৰণ বুলিবলৈ কাহিনীৰ অতিৰঞ্জিত উপস্থাপন অথবা অপ্ৰয়োজনীয় বেকগ্ৰাউণ্ড মিউজিকৰ কথাকেই ক’ব লাগিব। অৱশ্যে মাইথ’ল’জিকেল ধাৰাবাহিকবোৰৰ কথাটো অলপ বেলেগ। জনপ্ৰিয়তাৰ তুলাচনীত ক্ৰমশঃ চলচ্চিত্ৰৰ একঘেয়েমিতাৰ ওজন কমি অহাও পৰিলক্ষিত হৈছে। উত্থান হৈছে এক শক্তিশালী বিকল্পৰ। সচৰাচৰ চলচ্চিত্ৰ নিৰ্মাণৰ ফৰ্মূলাৰপৰা বহু যোজন দূৰৈত অৱস্থান কৰা ৱেব ছিৰিজসমূহেই হৈছে সেই শক্তিশালী বিকল্পটোৰ নাম।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চাবলৈ গ’লে এই ধাৰাটোৰ আৰম্ভণি হৈছিল ১৯৯৫ চনত। স্ক’ট জাকাৰিন (Scott Zakarin)ৰ ব্ৰেইন চাইল্ডখ্যাত ‘দ্য স্পট (The Spot)’ য়ে বাট দেখুওৱা ধাৰাটো ক্ৰমশঃ গোটেই বিশ্বতে বিয়পি পৰে। ‘The Big Bang Theory’, ‘Game Of Thrones’ আদি আন্তঃৰাষ্ট্ৰীয় ছিৰিজৰ বিশ্বজনীন আকৰ্ষণৰ কথা বোধহয় প্ৰায় সকলোৱে জানে। প্ৰথম অৱস্থাত এই শ্ব’বোৰৰ ভাৰতীয় দৰ্শক আছিল যথেষ্ট তাকৰ। দূৰদৰ্শনৰ ধাৰাবাহিক তথা গ্লেমাৰসৰ্বস্ব চলচ্চিত্ৰৰে গিজগিজাই থকা ভাৰতীয় বিনোদনৰ জগতখনত সেই শ্ব’বোৰে শিপোৱাটো বৰ সহজসাধ্য কামো নাছিল।

ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এই কামফেৰাৰ আৰম্ভণি ঘটে ২০১৪ চনত। The Viral Fever নামৰ ইউটিউব চেনেলটোৱে প্ৰযোজনা কৰা ‘Permanent Roommates’ নামৰ ছিৰিজটোৰে সফল উদ্বোধন হয় ধাৰাটোৰ। কিন্তু, এইক্ষেত্ৰত মাইলৰ খুঁটি আছিল ‘Sacred Games’। বিক্ৰম চন্দ্ৰৰ ২০০৬ চনত প্ৰকাশিত একেই নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত ছিৰিজটো ২০১৮ চনত নেটফ্লিক্সত মুক্তি পায় আৰু অভাৱনীয়ভাৱে এক ঢৌৰ সৃষ্টি হ’বলৈ ধৰে। ছ’চিয়েল মিডিয়াত গণেশ গাইটোণ্ডেৰ নাম বেছিভাগ মীমত ভাঁহি ফুৰা দেখা যায়। ৱেব ছিৰিজ কি নজনা মানুহখিনিৰ মাজতো উৎসুকতা বাঢ়িবলৈ লয়। সমসাময়িকভাৱে মুক্তি পোৱা ‘মিৰ্জাপুৰ’-এ ইন্ধন যোগায় এই হাইপত। ক্ৰমশঃ আমাৰ দেশত ৱেব ছিৰিজৰ জনপ্ৰিয়তা তুংগত উঠে।

এই ৱেব ছিৰিজৰ ভাল-বেয়া দিশবোৰ কিছু জুকিয়াই চোৱা যাওক… 

ইতিবাচক দিশসমূহ

নিঃসন্দেহে সৃষ্টিশীল স্বাধীনতা হৈছে ৱেব ছিৰিজৰ আটাইতকৈ উল্লেখনীয় ভাল দিশ। নিৰ্মাতা এজনে ছিৰিজ এখন নিৰ্মাণ কৰাত যথেষ্ট স্বাধীনতা পায়। নিৰ্মাতাই কাহিনীক যেনেকৈ উপস্থাপন কৰিব বিচাৰে, তেনেকৈয়ে উপস্থাপন কৰিব পাৰে। ইয়াত কোনোধৰণৰ চেন্স’ৰ বোৰ্ডৰ হাতোৰা নপৰে। শ্ব’বোৰৰ অনলাইন ষ্ট্ৰিমিঙে দূৰদৰ্শন উদ্যোগটোৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। উন্নতিৰ নিত্য নতুন ঢাপত আৰোহণ কৰি অহা মানৱ জাতিৰ হাতে হাতে বিৰাজমান মোবাইল ফোনৰ স্ক্ৰীণখনতেই ইয়াক একান্ত ব্যক্তিগতভাৱে চাব পাৰি। দূৰদৰ্শনৰ প্ৰায়বিলাক শ্ব’ৰ দৰে ছিণ্ডিকেটেড নেটৱৰ্ক এটাৰপৰা মুক্ত এই ছিৰিজবোৰ। অন্যথা ইও হয়তো বৰ্তমানৰ দৰে দৰ্শকক মোহাৱিষ্ট কৰিব নোৱাৰিলেহেঁতেন। ৱেব ছিৰিজসমূহে দৰ্শকক নিজৰ সুবিধা অনুযায়ী উপভোগৰ সুযোগ প্ৰদান কৰে। দূৰদৰ্শনৰ আৱিৰ্ভাৱৰ সময়ৰপৰাই মানুহে নিজৰ প্ৰিয় শ্ব’বোৰ উপভোগ কৰাৰ বাবে আগতীয়াকৈ সময়সূচী প্ৰস্তুত কৰিবলগীয়াত পৰিছিল আৰু বৰ্তমান সেই সমস্যাৰপৰা সকলো মুক্ত। পৰিয়ালৰ লগত একেলগে বহি দূৰদৰ্শনত চলচ্চিত্ৰ উপভোগ কৰোঁতে সততে সন্মুখীন হোৱা হোৱা অসহজ পৰিস্থিতিবোৰৰপৰা ৰেহাই দিছে এই ছিৰিজবোৰে। চলচ্চিত্ৰৰ দৰে নায়ক-নায়িকাৰ জয়গান গোৱা নহয় ইয়াত। ইয়াত নায়ক-নায়িকাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈও বিচৰা নহয়। ইয়াত চৰিত্ৰৰ বিকাশ ঘটে আপোনাৰ মোৰ দৰেই। ইয়াত কোনোৱে অসাধাৰণ নহয়, পাৰফেক্ট নহয়। অ’ টি টি প্লেটফ’ৰ্ম একোটাৰ বাবদ দিবলগীয়া ছাবস্ক্ৰিপশ্বনৰ টকাখিনি মাল্টিপ্লেক্সত ছবি চোৱাতকৈ যথেষ্ট কম হয়, তাকো কোনোধৰণৰ পপকৰ্ণৰ খৰচ অবিহনে। নেটফ্লিক্সে আকৌ একেটা একাউণ্টৰপৰাই চাৰি-পাঁচজনে চাব পৰাৰো ব্যৱস্থা কৰিছে। মেইনষ্ট্ৰীম বলীউডৰ চিনেমাত খুব কমকৈ স্থান পোৱা বা নতুনকৈ অহা শিল্পীসকলৰ বাবেও ৱেব ছিৰিজসমূহ হৈ পৰিছে বৰদানস্বৰূপ। এইবোৰৰ উপৰিও আমাক ভিন্ন ৰস প্ৰদান কৰিবলৈ ৱেব ছিৰিজসমূহৰ যি প্ৰয়াস, সেয়া নিঃসন্দেহে শলাগিবলগীয়া। 

নেতিবাচক দিশবোৰ

সৃষ্টিশীল স্বাধীনতাৰ সুযোগটোৰ বাবেই বৰ্তমান বহু নিৰ্মাতা অথবা প্ৰযোজকে ছিৰিজবোৰত অপ্ৰয়োজনীয় এডাল্ট দৃশ্য সংযোজন কৰিবলৈ লোৱা দেখা গৈছে। কেতিয়াবা কেতিয়াবা প্ৰয়োজনৰ বাহিৰত অশ্ৰাব্য শব্দৰ পোহাৰ মেলা যেনো অনুভৱ হয়। তদুপৰি, ৱেব ছিৰিজসমূহত তুলি ধৰা অত্যধিক হিংস্ৰ আৰু অপৰাধপ্ৰৱণ দৃশ্যই সমাজত বিশেষকৈ যুৱপ্ৰজন্মৰ মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সস্তীয়া জনপ্ৰিয়তাৰ লোভত ‘ULLU’ৰ লেখীয়া অ’ টি টি প্লেটফ’ৰ্ম কিছুমানে গা কৰি উঠাও দেখা গৈছে। কোনো কোনো ক্ষেত্ৰত Alt Balajiও পিছপৰি থকা যেন অনুভৱ নহয়। প্ৰতিটো ছিৰিজৰ সময়সীমাটো কেতিয়াবা সমস্যাৰ কাৰণ হৈ নপৰা নহয়। ৩ ৰপৰা আৰম্ভ হৈ ৮ ঘণ্টা মানলৈকে চাবলগীয়া হোৱাটোও খুব বিৰক্তিকৰ হৈ পৰে। প্ৰথম ছিজনটোৰ বিৰাট হাইপ সৃষ্টি হোৱাৰ পিছত পৰৱৰ্তী ছিজনকেইটাত কণ্টেণ্টৰ জোখাৰে সেই একেইখিনি হাইপ বৰ্তাই ৰাখিবলৈ অসমৰ্থ হোৱাও দেখা যায়।

এক কথাত কবলৈ গ’লে ভাল-বেয়াৰ সমাহাৰেই বিজ্ঞানৰ একো একোটা সৃষ্টি। কোনটো গ্ৰহণ কৰিব, কোনটো নকৰে সেয়া সম্পূৰ্ণ নিজৰ বিচাৰ্য বিষয়। গতিকে, ৱেব ছিৰিজ বা অ’ টি টি প্লেটফ’ৰ্মসমূহো ইয়াৰ ব্যতিক্ৰম নহয়।

ভাৰতৰ পটভূমিত ক্ৰমশঃ বজাৰ বাঢ়ি অহা অ’ টি টি প্লেটফৰ্মসমূহৰ ভিতৰত উল্লেখযোগ্য ‘TVFPlay’, ‘Netflix’, ‘Amazon Prime’, ‘Hotstar’, ‘Zee5’, ‘Voot Select’, ‘SonyLiv’, ‘Alt Balaji’, ‘MX Player’ আদিয়ে লৈ আহিছে নিত্য নতুন কণ্টেণ্ট।

লাহে লাহে ‘Kota Factory’, ‘Pitchers’, ‘Tripling’, ‘The Family Man’, ‘Yeh Meri Family’, ‘Gullak’, ‘Asur’, ‘Delhi Crime’, ‘Special OPS’, ‘Criminal Justice’, ‘Apaharan’, ‘The Forgotten Army’, ‘Bose: Dead or Alive’, ‘Aarya’ আদি ছিৰিজবোৰে চহকী কৰি গৈছে ভাৰতীয় ৱেব ছিৰিজৰ ভঁৰাল। তাৰ মাজতে ‘ত্ৰিপল এক্স (XXX)’, ‘Gandii Baat’, ‘Mastram’, ‘Rasbhari’ আদিৰ দৰে যৌন উত্তেজক ছিৰিজো নোলোৱা নহয়।

আজিলৈ ইমানতে মোখনি মাৰোঁ, এই ছিৰিজবোৰৰ বিষয়ে পৃথকে পিছেপৰেও আলোচনা কৰিম।

More on this topic

квартира в лимассоле купить

Rated 3 out of 5
September 24, 2023

Не упустите шанс купить лучшую квартиру в Лимассоле!

квартира в лимассоле кипр https://kvartira-v-limassole.ru.

kvartira_kbml

клинкерная плитка цена

Rated 1 out of 5
September 24, 2023

Широкий выбор клинкерной плитки и низкая цена

клинкерная фасадная плитка под кирпич https://klinkerprom11.ru/.

klinkernay_fsPi

бурение и ремонт скважин

Rated 3 out of 5
September 22, 2023

Лучшие инженеры для бурения и ремонта скважин

бурение и ремонт скважин https://voda-narodu11.ru.

burenie_aoKi

морские прогулки сочи

Rated 4 out of 5
September 22, 2023

Наслаждайтесь морскими прогулками в Сочи!

прогулка на яхте в сочи цена https://www.morskie-progulki-sochi.ru.

morskie_ywmi

Продажа спортивного инвентаря - широкий выбор спортивных инвентарей для футбола, баскетбола, тенниса, бега, фитнеса и многих других видов активностей.

Rated 4 out of 5
September 17, 2023

Купить спортивный инвентарь – только в нашем магазине вы найдете качественную продукцию. Быстрей всего сделать заказ на магазин спортивного инвентаря можно только у нас!

продажа спортинвентаря

продажа спортивного инвентаря – http://www.sportinventar-moscow.ru

http://www.undercovernyc.com/?URL=sportinventar-moscow.ru

Магазин спортивного инвентаря – широкий выбор спортивных инвентарей для футбола, баскетбола, тенниса, бега, фитнеса и многих других видов активностей. b529567

Godanaunons

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

পুলক গগৈ: স্মৃতি সুঁৱৰি

এগৰাকী প্ৰতিষ্ঠিত আৰু অসাধাৰণ প্ৰতিভাসম্পন্ন শিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈ ডাঙৰীয়া যোৱা ১২ নৱেম্বৰৰ দিনা আমাৰ মাজৰপৰা আঁতৰি যায়। অসমীয়া কলাশিল্প আৰু...

সত্যজিৎ ৰায়ৰ অমৰ সৃষ্টি ‘পথেৰ পাঁচালী’ৰ আঁৰৰ কেইটিমান আকৰ্ষণীয় কথা

ভাৰতীয় চিনেমাৰ Ray of Hope হোৱা সত্যজিৎ ৰায়ৰ সফলতা যিমান, সফল হোৱাৰ বাটত বাধাও আছিল সিমান। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি তেওঁ কিতাপৰ...

ভিট্টৰিঅ’ ডে ছিকাৰ ‘বাইচাইকেল থীভছ্’: নৱ্য বাস্তৱবাদৰ পথিকৃৎ চিনেমাখন

দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইটালীৰ সামাজিক পটভূমিত নাগৰিকৰ জীৱনৰ প্ৰকৃত ৰূপৰেখাৰ প্ৰতিফলনেই হ'ল এই বিশ্ববিশ্ৰুত 'বাইচাইকেল থীভছ্'। বিখ্যাত 'ছাইট এণ্ড ছাউণ্ড্' আলোচনীয়ে ১৯৫২...