ভিট্টৰিঅ’ ডে ছিকাৰ ‘বাইচাইকেল থীভছ্’: নৱ্য বাস্তৱবাদৰ পথিকৃৎ চিনেমাখন

Website | + posts

দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইটালীৰ সামাজিক পটভূমিত নাগৰিকৰ জীৱনৰ প্ৰকৃত ৰূপৰেখাৰ প্ৰতিফলনেই হ’ল এই বিশ্ববিশ্ৰুত ‘বাইচাইকেল থীভছ্’। বিখ্যাত ‘ছাইট এণ্ড ছাউণ্ড্’ আলোচনীয়ে ১৯৫২ চনৰ এক সমীক্ষাত এইখন চিনেমাক বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ছবিৰূপে অভিহিত কৰিছিল।

By Rajib Phukan | 30 August, 2020

“The appeal of the film cannot be described in mere roads. But what appealed to me even more was the fact that whatever I had ever wanted to do in my films, De Sica had done exactly the same, and quite successfully at that.” – সত্যজিৎ ৰায়

দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত বিশ্বজুৰি শিল্পকলাই এক নতুন পথৰ সন্ধান কৰিবলৈ লয়। বিশেষকৈ ইউৰোপত কলাই এক নতুন বাটেৰে বাট বুলিবলৈ আৰম্ভ কৰে। যুদ্ধৰ বিভীষিকাৰ প্ৰতিফলন ঘটিবলৈ ধৰে শিল্পকলাৰ বিভিন্ন মাধ্যমত। আৰু তাৰে ভিতৰত অন্যতম শক্তিশালী মাধ্যমৰূপে চিহ্নিত হয় চিনেমা। চিনেমাৰ এই নতুন ধাৰাটোৰ যাত্ৰা আৰম্ভ হয় ইটালীৰপৰা। নিয়’-ৰীয়েলিজম বা নৱ্য বাস্তৱবাদৰ ধাৰণাৰে ভিট্টৰিঅ’ ডে ছিকাৰ ‘Ladri di biciclette’ বা ‘বাইচাইকেল থীভছ্’ নামৰ ছবিখনে পৰৱৰ্তী কালত গোটেই বিশ্বতে আলোড়নৰ সৃষ্টি কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইটালীৰ সামাজিক পটভূমিত নাগৰিকৰ জীৱনৰ প্ৰকৃত ৰূপৰেখাৰ প্ৰতিফলনেই হ’ল এই বিশ্ববিশ্ৰুত ‘বাইচাইকেল থীভছ্’। বিখ্যাত ‘ছাইট এণ্ড ছাউণ্ড্’ আলোচনীয়ে ১৯৫২ চনৰ এক সমীক্ষাত এইখন চিনেমাক বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ছবিৰূপে অভিহিত কৰিছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ অৱসানৰ পিছত ৰোম চহৰৰ ভেল মেলাইনা অঞ্চলৰ এণ্টনিঅ’ ৰিচ্চিয়ে নিজৰ সৰু পৰিয়ালটোৰ ভৰণ-পোষণৰ বাবে কৰ্মৰ সন্ধান কৰিবলৈ ল’লে। অনেক কষ্টৰ মূৰকত ৰিচ্চিয়ে চহৰৰ বিভিন্ন স্থানত প’ষ্টাৰ লগোৱাৰ কাম এটা পালে। তৎসত্বেও তেওঁ কামটো কৰিবলৈ অপাৰগ, কিয়নো এই কামটোৰ বাবে এখন চাইকেলৰ খুবেই প্ৰয়োজন। ৰিচ্চিৰ পত্নী মাৰিয়াই ঘৰৰ কাপোৰৰ বিনিময়ত চাইকেলখন লোৱাত সহায় কৰি দিলে। তথাপিও দুখীয়া পৰিয়ালটোক দুৰ্ভাগ্যই লগ নেৰিলে। প্ৰথম দিনাই কামলৈ যাওঁতেই ৰিচ্চিৰ চাইকেলখন চুৰি হয়। চোৰৰ পিছে পিছে খেদি গৈয়ো ধৰিবলৈ সক্ষম নোহোৱাত ৰিচ্চিয়ে পুলিচৰ কাষ চাপে। পিছে পুলিচে সহায় কৰাৰ সলনি পিয়াজ্জা ভিট্টৰিঅ’ বজাৰত চুৰি চাইকেলখনৰ সন্ধান কৰিবলৈ কয়। কেইজনমান বন্ধু আৰু পুত্ৰ ব্ৰুন’ৰ সৈতে পিয়াজ্জালৈ গৈ ৰিচ্চিয়ে এখন চাইকেলৰ সন্ধান পায়, কিন্তু সেইখনৰ ছিৰিয়েল নম্বৰটোৰ সৈতে ৰিচ্চিহঁতৰ চাইকেলৰ নম্বৰটো নিমিলাত সেই চেষ্টাও অথলে যায়। এইবাৰ প’ৰ্টা প’ৰ্টীজ বজাৰত চোৰটোক পুনৰ দেখা পোৱা গ’ল যদিও তাৰপৰাও সি পলাই এটা গীৰ্জাঘৰত সোমাইগৈ। তাৰপৰাও চোৰটোৱে পলায়ন কৰে। অৱশেষত ৰিচ্চিয়ে চোৰটোক এক বেশ্যালয়ত ধৰেগৈ আৰু চতুৰ চোৰটোৱে মূৰ্চ্ছা যোৱাৰ ভাও ধৰে। ৰিচ্চিৰ পুত্ৰ ব্ৰুন’ই এগৰাকী পুলিচ মাতি আনে আৰু তেওঁ চোৰটোৰ গৃহত তালাচী চলায়ো চাইকেলখনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ’ল। উপযুক্ত সাক্ষী অবিহনে গোচৰটো একেবাৰেই দুৰ্বল বুলি অভিহিত কৰে পুলিচগৰাকীয়ে। বিফল মনোৰথেৰে ঘৰমুখি হোৱাৰ পথত ৰিচ্চিয়ে ফুটবল ষ্টেডিয়ামৰ সমীপত এখন গৰাকীবিহীন চাইকেল দেখা যায়। কিবা এটা ভাবি ব্ৰুন’ক ট্ৰামত উঠি আগবাঢ়িবলৈ কৈ ৰিচ্চিয়ে চাইকেলখনত উঠি পলাবলৈ লওঁতেই ধৰা পৰে। এই আকস্মিক ঘটনাত ব্ৰুন’ হতভম্ব হৈ পৰে। পুলিচক হস্তান্তৰ কৰাৰ পূৰ্বে চাইকেলখনৰ গৰাকীয়ে ব্ৰুন’ক দেখা পাই ৰিচ্চিক এৰি দিবলৈ আহ্বান জনায়। ৰিচ্চিৰ চকু লোতকেৰে ভৰি পৰে আৰু ব্ৰুন’ৰ হাতত ধৰি ক্ৰমশঃ আঁতৰি যায়।

লুইগি বাৰ্ট’লিনিৰ একে নামৰ উপন্যাস এখনৰ আধাৰত চিত্ৰনাট্য ৰূপায়ণ কৰাৰ পিছত ভিট্টৰিঅ’ ডে ছিকাই যুদ্ধোত্তৰ ইটালীৰ বিভক্ত সমাজ ব্যৱস্থাৰ এক জীয়া প্ৰতিচ্ছবি দাঙি ধৰিছিল ‘বাইচাইকেল থীভছ্’ৰ জৰিয়তে। দ্বিখণ্ডিত সমাজৰ দুখ-বেদনা, আশা-আকাংক্ষা তথা গভীৰ সংকটৰ প্ৰতিফলনেই হ’ল এই অসামান্য ‘বাইচাইকেল থীভছ্’। জীৱনৰ চাকনৈয়াই কিদৰে ৰিচ্চিৰ আশা-আকাংক্ষাক এক অকল্পনীয় অৱস্থালৈ লৈ গ’ল, সেয়া প্ৰকৃতাৰ্থতেই এক বিশ্বজনীন পৰিঘটনা। পৰিস্থিতিৰ কবলত পৰি মানৱীয় প্ৰমূল্যবোধে কিদৰে অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়, ডি ছিকাৰ এইখন চিনেমা আজিও তাৰ এক জীৱন্ত দলিল। ‘বাইচাইকেল থীভছ্’ৰ বিভিন্ন পৰ্যায়ত জীৱন সংগ্ৰামৰ আৱেগিক মুহূৰ্তবোৰে ছবিখনক বিশ্বৰ চিনেমা ইতিহাসত এক মাইলৰ খুঁটি হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছে।

“It is one of those rare works of art which seem to emerge from the welter of human experience without smoothing away the raw edges, or losing what most movies lose- the sense of confusion and accident in human affairs.”- যশস্বী চিনেমা সমালোচক পাওলিন কেল।

যুদ্ধৰ ক’লা ডাৱৰ আঁতৰি যোৱাৰ পিছত শিল্পৰ নতুন দৰ্শনেৰে সমাজ ব্যৱস্থাক এক নতুন দৃষ্টিকোণেৰে আলোকিত আৰু আলোড়িত কৰাৰ ক্ষেত্ৰত ‘বাইচাইকেল থীভ্ছ’-এ কেৱল ইটালীৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে অগ্ৰদূত হিচাপে পৰিগণিত হৈ ৰ’ল। চিনেমা যে কেৱল মনোৰঞ্জনেই নহয়, চিনেমা যে বাস্তৱৰ এক প্ৰতিৰূপ, সেয়া প্ৰতিষ্ঠা কৰাই আছিল ‘বাইচাইকেল থীভ্ছ’ৰ অনন্য কৃতিত্ব। আৰু সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই হয়তো পৰিচালক ডে ছিকাই অভিনয়ৰ ক্ষেত্ৰত একেবাৰেই অপেছাদাৰী লোকক নিৰ্বাচন কৰিছিল। এণ্টনিঅ’ৰ চৰিত্ৰত লেম্বাৰ্ট’ মেগ্গিয়’ৰানিৰ অভিনয় যিদৰে অনবদ্য, তেওঁৰ পুত্ৰ ব্ৰুন’ৰ চৰিত্ৰত এনজ’ ষ্টেয়’লাৰ অভিনয়ো পাহৰিব নোৱৰা। একেদৰে এণ্টনিঅ’ৰ পত্নী মাৰিয়াৰ চৰিত্ৰত অভিনয় কৰা লিয়ানেল্লা কেৰেলৰ অভিনয়ো আছিল ছবিখনৰ অন্যতম বাস্তৱিক সংযোজন।

More on this topic

Fv mayfxf lx

Rated 4 out of 5
May 25, 2023

Private Blog Network links, always have worked well for the ranks.

We`ll write quality SEO content and get you listed permanently in quality PBN sites, unique domains.

More info:

https://www.seo-treff.de/product/private-blog-networks-backlinks/

Anya Howchin

Кондиционеры в Ростове на Дону

Rated 1 out of 5
May 20, 2023

Вы ищете кондиционер в Ростове-на-Дону? Ищите не дальше, чем в «Техолоде»!

Если вы ищете кондиционер в Ростове-на-Дону, вам не нужно искать дальше, чем tekholod. Эта компания предлагает широкий выбор кондиционеров, начиная от оконных и заканчивая настенными системами. Не только это, но и качество блоков на высшем уровне, и они поставляются с гарантией для вашего спокойствия – https://kondicioner-th.ru/. Сотрудники компании?—?знающие и дружелюбные люди, и они будут рады помочь вам подобрать подходящее устройство для вашего дома или офиса. Они проконсультируют вас по вопросам энергоэффективности и требованиям к установке, чтобы вы могли принять взвешенное решение о выборе оптимального продукта для ваших нужд.

Мы убеждены, что если вы приобретете кондиционер в компании tekholod, вы не будете разочарованы своей покупкой. Их продукция надежна и доступна по цене, что делает их отличным выбором, если вы ищете новый кондиционер в Ростове-на-Дону. Так что не медлите, отправляйтесь в tekholod сегодня и найдите идеальный кондиционер для вашего дома или офиса!

kondicioner-vpEi

https://www.sosbfzcsk.com/

Rated 4 out of 5
May 17, 2023

Hi,

Your website is only listed in 8 out of a possible 12,489 directories.

We are a service that lists your website in all these directories.

Please visit us on DirectoryBump.com to find our more.

Regards,

Kara Ebert

Kara Ebert

C lpdj

Rated 4 out of 5
May 13, 2023

*INFO SERVICE EXPIRATION FOR thejollywoodcafe.com

Attention: Accounts Payable / Domain Owner / Hemanta-Bhupendra Connection: Melody of the abandoned roads – The Jollywood Cafe

Your Domain: www.thejollywoodcafe.com

Expected Reply before: May 13, 2023.

This Notice for: www.thejollywoodcafe.com will expire on May 13, 2023.

*For details and to make a payment for thejollywoodcafe.com services by credit card:

Visit: https://hostingsrl.com/?web=thejollywoodcafe.com

05132023104638(03) 5314 3445

Florrie Ehrlichmann

Крымская косметика в москве - это целебные травы, чистые растительные и эфирные масла, натуральные экстракты и минералы.

Rated 3 out of 5
May 12, 2023

Купить косметику их Крыма – только у нас вы найдете низкие цены. Быстрей всего сделать заказ на косметика крыма можно только у нас!

интернет-магазин крымская косметика

интернет-магазин крымская косметика – http://krymskaya-kosmetika77.com

http://www.google.rs/url?q=http://krymskaya-kosmetika77.com

Купить крымскую косметику – это целебные травы, чистые растительные и эфирные масла, натуральные экстракты и минералы. 77faf96

Rverronunons

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

৬৫ বছৰীয়া ‘পথেৰ পাঁচালী’ – সত্যজিৎ ৰায়ৰ অমৰ সৃষ্টিৰ আঁৰৰ কথাবোৰ

ভাৰতীয় চিনেমাৰ Ray of Hope হোৱা সত্যজিৎ ৰায়ৰ সফলতা যিমান, সফল হোৱাৰ বাটত বাধাও আছিল সিমান। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি তেওঁ কিতাপৰ...

ভিট্টৰিঅ’ ডে ছিকাৰ ‘বাইচাইকেল থীভছ্’: নৱ্য বাস্তৱবাদৰ পথিকৃৎ চিনেমাখন

দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইটালীৰ সামাজিক পটভূমিত নাগৰিকৰ জীৱনৰ প্ৰকৃত ৰূপৰেখাৰ প্ৰতিফলনেই হ'ল এই বিশ্ববিশ্ৰুত 'বাইচাইকেল থীভছ্'। বিখ্যাত 'ছাইট এণ্ড ছাউণ্ড্' আলোচনীয়ে ১৯৫২...