অৱসৰপ্ৰাপ্ত অকলশৰীয়া জীৱন, প্ৰব্ৰজিত লোকৰ বেদনা আৰু প্ৰান্তীয় ৰাজনীতিৰ এটা ক’লা অধ্যায়ৰ কৰুণগাঁথাই হ’ল- ভোঁসলে
By Team TJC | 26 July, 2020

ভোঁসলে (২০১৮)
পৰিচালক: দেৱাশিস মখীজা
অভিনয়ত: মনোজ বাজপেয়ী, সন্তোষ জুভেকাৰ, ইপ্সিতা চক্ৰৱৰ্তী সিং, বিৰাট বৈভৱ, অভিষেক বেনাৰ্জী আদি
ছ’নী লিভ (SonyLIV)ত উপলব্ধ
ভোঁসলেৰ নাম ভূমিকাত অভিনয় কৰা মনোজ বাজপেয়ী মহাৰাষ্ট্ৰৰ এজন অৱসৰপ্ৰাপ্ত পুলিচ কনিষ্টবল। ষাঠি বছৰীয়া গণপদ ভোঁসলে মুম্বাইৰ এটা চ’ল (আৰ্থিকভাৱে পিছপৰা লোক আৰু শ্ৰমিক শ্ৰেণীৰ আৱাসিক)ৰ এটা সৰু কোঠালিত অকলশৰে বাস কৰে। অৱসৰ জীৱনৰ সংগী বুলিবলৈ বিকল হৈ পৰিব ধৰা পুৰণি এটি ট্ৰানজিছটৰ। ঘৰটোত থকা পুৰণি কিছুমান বাচন, বিচনাখন, কেৰাচিন তেলৰ চৌকা আৰু গণেশৰ মূৰ্তিটোৱেই অকলশৰীয়া গণপদৰ সম্পত্তি। চ’লটোৰ মাৰাঠী আৰু উত্তৰ ভাৰতীয় প্ৰতিৱেশীসকলৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নৰখা ভোঁসলেক পুলিচৰ মানুহ বুলি আৰু অলপ বদমেজাজী বাবেই সকলোৱে সমীহ কৰে। কাষৰ কোঠালিটোতে নিজৰ ভায়েক লালু (বিৰাট বৈভৱ)ক লৈ থাকিবলৈ অহা ২৩ বছৰীয়া উত্তৰ ভাৰতীয় নাৰ্ছ এগৰাকী (ইপ্সিতা চক্ৰৱৰ্তী সিং)ৰ সৈতে ভোঁসলেৰ লাহে লাহে গঢ় লৈ উঠে ওচৰ-চুবুৰীয়াৰ দৰে সম্পৰ্ক। এই সম্পৰ্ক যদি কেতিয়াবা এজন শুভাকাংক্ষীৰ, কেতিয়াবা আকৌ এগৰাকী দায়িত্বশীল অভিভাৱকৰ আৰু কেতিয়াবা এগৰাকী নিকটাত্মীয়ৰ। যদিও প্ৰথম অৱস্থাত নিজৰ স্বভাৱসুলভ বিতৃষ্ণাৰ ভাবটো গণপদে তেওঁলোকৰ প্ৰতিও ৰাখিছিল, পিছলৈ সময়ৰ লগে লগে সেই মনোভাবৰ পৰিৱৰ্তন হয়। তাৰ এটি বিশেষ কাৰণো নথকা নহয়। মহাৰাষ্ট্ৰত আঞ্চলিক ৰাজনীতিৰ নামত বিশেষকৈ উত্তৰ ভাৰতীয়সকলক বহিৰাগত বুলি দুৰ্ব্যৱহাৰ আৰু অত্যাচাৰ কৰা, ৰাজনৈতিক নেতা হ’ব বিচৰা বিলাস নামৰ এজন ভান্ ড্ৰাইভাৰ (সন্তোষ জুভেকাৰ)ৰ গুণ্ডামি আৰু তাৰ কৰুণ পৰিণতিয়েই এই সম্পৰ্কৰ বিষয়ে ভালদৰে বুজাই দিয়ে দৰ্শকক।
মহাৰাষ্ট্ৰৰ জাতীয় উৎসৱ গণেশ চতুৰ্থীক চিনেমাখনৰ কাহিনীৰ সমান্তৰালভাৱে উপস্থাপন কৰাত পৰিচালকৰ জীৱনৰ প্ৰতি থকা সূক্ষ্ম দাৰ্শনিক দৃষ্টিভংগীৰ উমান পোৱা যায়। মূৰ্তি গঢ়াৰপৰা বিসৰ্জন দিয়া পর্যন্ত উৎসৱটোৰ প্ৰতিটো অংশক চিনেমাখনৰ সৈতে কৰা সংযোজনে এটি পৰিপক্ক চিন্তাৰ উদ্ৰেক ঘটায়। যিদৰে পূজাৰ পিছত মূৰ্তিৰ বিসৰ্জন কৰাটো এটা আৱশ্যকীয় অধ্যায়, তেনেদৰেই জীৱনত বিসৰ্জনৰ প্ৰাসংগিকতাৰ সৈতে কৰ্ম আৰু সময়ৰ আহ্বানক গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাক পৰিচালকে সুন্দৰ ৰূপত উপস্থাপন কৰিছে।
মূলতঃ মহাৰাষ্ট্ৰত জাতিগত বৈষম্যক ৰাজনৈতিক স্বাৰ্থ পূৰণৰ আহিলা কৰি লোৱাসকলে বহিৰাগত বা প্ৰব্ৰজনকাৰীৰ যি সংজ্ঞা দিয়ে, তাৰ ফলত কেনেধৰণৰ দুৰ্ভোগ আৰু যাতনা ভুগিবলগীয়া হয়, তাক ভোঁসলেৰ জৰিয়তে অনুধাৱন কৰিব পাৰি। ৰাজনৈতিক সংজ্ঞাৰ বিপৰীতে বাস্তৱ জীৱনত তথাকথিত বহিৰাগত আৰু মেইনলেণ্ডাৰৰ প্ৰকৃত সম্পৰ্কক নিখুঁতভাৱে দেখুৱাবলৈ সক্ষম হৈছে দেৱাশিস মখীজাই।

মুখ্য চৰিত্ৰত অভিনয় কৰা মনোজ বাজপেয়ীৰ দুৰ্দান্ত অভিনয়ে এজন মাৰাঠী বয়োজ্যেষ্ঠক চকুৰ আগত জীৱন্ত কৰি তুলিছে। মন্থৰ গতিত আৰম্ভ হোৱা ছবিখনত গণপদৰ চৰিত্ৰটোত বৰ বেছি সংলাপ নাই। কিন্তু এগৰাকী অকলশৰীয়া, খিংখিঙীয়া প্ৰকৃতিৰ বয়োজ্যেষ্ঠৰ গভীৰ মনোভাবক সহজেই বুজিব পাৰি মনোজ বাজপেয়ীৰ পৰিপক্ক অভিনয়ৰ বাবেই। কেতিয়াবা তেওঁৰ একোটা হুমুনিয়াহ বা উশাহেও সংলাপৰ দৰেই কথা কৈ যায়। পিছলৈ ভোঁসলেৰ সংগীৰ নিচিনা হৈ পৰা নাৰ্ছৰ ভায়েক লালুৰ চৰিত্ৰত বিৰাট বৈভৱৰ অভিনয়ক মনোজ বাজপেয়ীৰ পিছতে অন্যতম শ্ৰেষ্ঠ বুলিব পাৰি। উত্তৰ ভাৰতীয় ভাষাৰ ঠাঁচ আৰু শাৰীৰিক ভঙ্গিমাত কিঞ্চিতমাত্ৰও অতিনাটকীয়তা নাই বিৰাটৰ। এগৰাকী দায়িত্বশীল যুৱতী তথা নাৰ্ছৰ চৰিত্ৰত ইপ্সিতা চক্ৰৱৰ্তী সিং আৰু মাৰাঠী ড্ৰাইভাৰৰ চৰিত্ৰত সন্তোষ জুভেকাৰৰ অভিনয় প্ৰশংসনীয়। অভিনয়ৰ লগতে ছাউণ্ড ডিজাইনিং আৰু চিনেমাট’গ্ৰাফীও সুন্দৰ হৈছে। বিশেষকৈ সংলাপ কম থকা সময়খিনিত শব্দই বিশেষ ভূমিকা পালন কৰিছে।
ভোঁসলেই আমাক কৈ গৈছে ৰাজনীতিৰ উচ্চাকাংক্ষাৰ ফলত সৃষ্টি হোৱা অসহনীয় যাতনা, প্ৰান্তীয়বাদী হিংসাৰ অমানৱীয় দিশ আৰু তাৰ বিৰুদ্ধে যুঁজ দিবলৈ মানৱীয় সত্তাৰ মাজত থকা দেৱত্বক জগাই তোলাৰ প্ৰয়োজনীয়তা। কুটিল ৰাজনীতিৰ বিৰুদ্ধে সাহসেৰে ন্যায়ৰ পক্ষপাতী হোৱা, অন্যায়ৰ প্ৰকাশ্য বিৰোধিতা আৰু প্ৰকৃত সত্যৰ সন্মুখীন হ’ব পৰাতেই যেন জীৱনৰ সাৰ্থকতা। প্ৰথমাংশত কিছু অপ্ৰয়োজনীয় মন্থৰ গতিৰ বাদে ভোঁসলেত নিৰাশ হ’বলগীয়া আন একোৱেই নাই।
আমি ভোঁসলেক দিলোঁ ৪.২/৫