
Pubali Bhagowati
তেওঁৰ মনোজগতখনো আনে সহজে ঢুকি পোৱা বিধৰ নাছিল। আছিল বহেমিয়ান, খেয়ালী, মুডী। নাৰী হিচাপেও তেওঁৰ নাৰীসুলভ (সমাজৰ দৃষ্টিত) গুণ কম আছিল। সোঁতৰ বিপৰীতে আছিল তেওঁৰ চিন্তাধাৰা, জীৱনশৈলী, শিল্পীজীৱন আদি সকলো। তেনে এগৰাকী শিল্পীৰ জীৱনক সঠিকভাৱে দাঙি ধৰাটো ইমান সহজ নহয়, তাকো এক নিৰ্দিষ্ট দৈৰ্ঘ্যৰ ভিতৰত।
ভগা সভাত উৰুলি দিয়াৰ দৰে কথা। চিনেমাখন প্ৰায়বোৰে চাই, লিখি শেষ কৰিলে। মই চালোঁ সৌ সিদিনা FFSI আৰু প্ৰেমেন্দ্ৰ মজুমদাৰদেৱৰ কৃপাত। চিনেমাখন হলত মুক্তি দিয়াৰ সময়ত চোৱা নহ’ল। কম হলত মুক্তি দিয়া হৈছিল আৰু সময়বোৰ কেতিয়াবা নিমিলে। কৰ’না বিৰতিয়ে কিছু চিনেমা চাবলৈ সুবিধা দিলে। FFSIৰ প্ৰায়বোৰ সুযোগেই গ্ৰহণ কৰিলোঁ। তনভীৰ মোকাম্মেলৰ ‘লালন’ চিনেমাখনে মোক খুব আকৰ্ষণ কৰিছিল। চিনেমাখন চাই থাকোঁতে ভাবিছিলোঁ অসমত এনেকুৱা কাম কিয় নহয় ! কিন্তু এই প্ৰশ্নটোৰ সন্তোষজনক উত্তৰ দিলে ববী শৰ্মা বৰুৱাই। আচলতে আমি আমাৰ মানুহখিনিক সমালোচনাৰ দৃষ্টিৰে চাওঁ বেছিকৈ। তেওঁনো কিমানলৈ কৰিব- এটা সন্দেহৰ ভাব লৈ ! কিন্তু আনে কৰা কামবোৰ যি পৰ্যায়ৰে হওক, সদায় ভাল লাগে। সঁচা কথা ক’বলৈ গ’লে চিনেমাখন চাবলৈ মই ইমান এটা তাগিদা অনুভৱ কৰা নাছিলোঁ। ভাল লাগিলেহে চাম- এনে এটা মনোভাব লৈয়ে চাইছিলোঁ। কিন্তু এতিয়া মই বিচাৰি আছোঁ দ্বিতীয়বাৰ চিনেমাখন ক’ত চাবলৈ পাম ! অনলাইন প্লেটফৰ্মত এতিয়ালৈ দিয়া নাই।
চিনেমাখন মোৰ কিয় ভাল লাগিল-
প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আধাৰিত কাৰণে নেকি !
লোকগীত মই ভালপাওঁ কাৰণে নেকি !
এই ভাললগাৰ কাৰণ কেইটামান পৰ্যালোচনা কৰিব খুজিছোঁ-
প্ৰথম ভাললগাৰ কাৰণটো- হয়। এগৰাকী লোকশিল্পীক চেলুলয়ডলৈ অনাৰ পদক্ষেপ, যিগৰাকী শিল্পীৰ জীৱন সৰলৰৈখিক নাছিল। তেওঁৰ মনোজগতখনো আনে সহজে ঢুকি পোৱা বিধৰ নাছিল। আছিল বহেমিয়ান, খেয়ালী, মুডী। নাৰী হিচাপেও তেওঁৰ নাৰীসুলভ (সমাজৰ দৃষ্টিত) গুণ কম আছিল। সোঁতৰ বিপৰীতে আছিল তেওঁৰ চিন্তাধাৰা, জীৱনশৈলী, শিল্পীজীৱন আদি সকলো। তেনে এগৰাকী শিল্পীৰ জীৱনক সঠিকভাৱে দাঙি ধৰাটো ইমান সহজ নহয়, তাকো এক নিৰ্দিষ্ট দৈৰ্ঘ্যৰ ভিতৰত। কিন্তু ববী শৰ্মা বৰুৱাই খুব সুন্দৰভাৱে এই কাম কৰি দেখুৱালে। চিনেমাখন কৰিবলৈ তেওঁ বহুখিনি ৰিছাৰ্চ ৱৰ্ক কৰিছে।

দ্বিতীয়তে, চিনেমাখনৰ ভাষা। অসমীয়া (ভাষা কোৱা) পৰিচালক এগৰাকীয়ে আন এটা ভাষাত চিনেমা নিৰ্মাণ কৰিবলৈ তেওঁৰ ভাষাটোত দখল থাকিব লাগিব নাইবা অধ্যয়ন কৰিব লাগিব। গৌৰীপুৰ বা সেই অঞ্চলৰ লোকসকলে কোৱা ৰাজবংশী ভাষা নিখুঁতভাৱে চিনেমাখনত ব্যৱহাৰ কৰা হৈছে। ইয়াৰ লগতে বাংলা ভাষাও ব্যৱহাৰ কৰা হৈছে। চৰিত্ৰসমূহৰ মুখতো এই ভাষাৰ নিখুঁত উচ্চাৰণ শুনিবলৈ পোৱা গৈছে। প্ৰণামী বৰাৰ অভিনয়লৈ যোৱাৰ আগতে প্ৰাঞ্জল শইকীয়াৰ অভিনয়ৰ বিষয়ে ক’ব লাগিব যে প্ৰাঞ্জল শইকীয়া অভিনীত আন সকলো চিনেমাতকৈ এইখন চিনেমাত তেওঁ কৰা অভিনয় সুকীয়া (including dialogue throwing, body language, gesture etc)। ‘প্ৰাঞ্জল শইকীয়াই এনেকৈও অভিনয় কৰিব পাৰে’ বুলি দৰ্শকক পতিয়ন নিয়াব পাৰিলে পৰিচালকে। আনহাতে, প্ৰতিমা বৰুৱাৰ চৰিত্ৰ নিৰ্বাচন ইমান সহজ কাম নাছিল। শিল্পীগৰাকী সকলো ফালৰপৰাই অদ্বিতীয়। তেওঁৰ গান গোৱাৰ শৈলী, কথনভংগী, চকুৰ চাৱনি আদি। প্ৰণামী বৰা আৰু শেষৰফালে আৰতি বৰুৱাও চৰিত্ৰটোৰ লগত খাপ খাইছে। দুটা চৰিত্ৰৰ মাজত conflict হোৱা নাই। এটা সমান্তৰাল গতি পাইছে। গতিকে চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰতো পৰিচালকে কিছু ৰিছাৰ্চ কৰিছে নিশ্চয়। প্ৰণামী বৰা অভিনেত্ৰী হিচাপে flexible। চৰিত্ৰত খুব সুন্দৰকৈ খাপ খাই পৰে। প্ৰতিমা বৰুৱা পাণ্ডেৰ চৰিত্ৰটোত প্ৰণামী বৰাৰ অভিনয় চালে দৰ্শকৰ মনলৈ এবাৰো প্ৰশ্ন নাহে যে- সেয়া অভিনয় ! দেহাৱয়বৰপৰা আৰম্ভ কৰি কথনভংগী, সংগীত পৰিৱেশন, শিল্পীগৰাকীৰ ভাবুক চৰিত্ৰত সুন্দৰ অভিনয় কৰিছে প্ৰণামী বৰাই। আনধৰণে ক’ব পাৰি যে- চেষ্টাৰ ত্ৰুটি কৰা নাই। এটা সঁচা চৰিত্ৰ হুবহু ৰূপত ফুটাই তোলা সম্ভৱ নহয়। শিল্পীগৰাকীৰ চৰিত্ৰত প্ৰণামী বৰাৰ নিৰ্বাচন সঠিক হৈছে।
চিনেমাখনত সুন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখুওৱা হৈছে। হাতীৰ জাক, জংঘল, গদাধৰ নৈৰ নান্দনিক সৌন্দৰ্য, গাঁৱৰ পৰিৱেশ আদি। চিনেমাখন চাই থাকোঁতে ড° মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ বৰ্ণনালৈ উভতি যোৱা যেন মাজে মাজে ভাব হৈছে। সাহিত্যিকগৰাকীয়ে তেওঁৰ আত্মজীৱনীত আৰু উপন্যাসত গদাধৰ নৈ আৰু মাহুত (মাউত)ৰ সুন্দৰ বৰ্ণনা দিছে। সেইবোৰ কথাইও মোৰ দৰে দৰ্শকক আকৰ্ষণ কৰিছে।

প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰখনৰ লগত ড° ভূপেন হাজৰিকাৰ আহ্-যাহ্ বা সম্পৰ্ক, ঋত্বিক ঘটকৰ দৰে মহান শিল্পীসকলৰ সম্পৰ্কৰ বিষয়ে চমুকৈ হ’লেও আভাস দিবলৈ চেষ্টা কৰিছে পৰিচালকে। ৰাজহাউলিৰ জীয়ৰী হৈ শিল্পীগৰাকীয়ে সকলো শ্ৰেণীৰ লোকৰ সৈতে একাত্ম হৈ তেওঁলোকৰ মুখে মুখে প্ৰচলিত গানবোৰ শিকি নিজা ধৰণেৰে গাইছিল, গীতসমূহ সংগ্ৰহ কৰিছিল। ৰাজবংশী ভাষাটো স্বীকৃত ভাষা নোহোৱাৰ কাৰণেই প্ৰথম অৱস্থাত অনাতাঁৰ কেন্দ্ৰই তেওঁৰ গীত প্ৰচাৰ কৰা নাছিল (মিশ্ৰিত ভাষা বুলি)। সেই সময়ৰ ৰাজপৰিয়ালৰ এগৰাকী নাৰী হৈ তেওঁ বিলাসী জীৱন ভাল পোৱা নাছিল। শিল্পীগৰাকীৰ মাজত এটা প্ৰতিবাদী সত্তা দেখা যায়। “সৰু মানুহৰ গীত গালে তোমাৰ বিয়াই নহ’ব” বুলি কোৱা কথাষাৰৰ প্ৰতিবাদ কৰি তেওঁ কৈছিল যে- বিয়া হ’বই লাগিব বুলি কি কথা !
ৰাজপৰিয়ালৰ ছোৱালী হৈ বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান কৰা, সকলো শ্ৰেণীৰ লোকৰ সৈতে বন্ধুত্ব কৰা, একেলগে গীত পৰিৱেশন কৰা, বন্দুক চলোৱা, চিগাৰেট খোৱা আদি তেওঁৰ বহেমিয়ান জীৱন চিনেমাখনত ফুটি উঠিছে। এইবোৰ কথাৰ বাবে বিবাহৰ পিছত স্বামীৰ সৈতে সংঘাত আৰু তাৰপাছত একাকী আৰু সাধাৰণ জীৱন বাছি লৈ ৰাজহাউলিৰ কাষৰ সৰু ঘৰ এটাত একেবাৰে সাধাৰণ জীৱন কটাইছিল শিল্পীগৰাকীয়ে। একেসময়তে তেওঁ সংগীত জগতত বিখ্যাত হৈ পৰিছিল। শ্ৰোতাই তেওঁক আঁকোৱালি লৈছিল। দেশ-বিদেশত তেওঁ সংগীতৰ অনুষ্ঠান কৰিছিল, গোৱালপৰীয়া লোকগীতৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। এইগৰাকী মহান শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আধাৰিত ‘সোণাৰ বৰণ পাখি (The Golden Wing)’ সকলো দিশৰপৰা উচ্চপৰ্যায়ৰ হৈছে। চিনেমাখনত অভিজিত নন্দীয়ে কৰা চিনেমাট’গ্ৰাফী শলাগিবলগীয়া। আৰম্ভণিতে হস্তীৰ কন্যাৰ সাধুটো কৈ থাকোঁতে গছৰ ফাঁকে-ফাঁকে কেমেৰাই গতি কৰা, গদাধৰ নদীৰ পাৰৰপৰা সূৰ্যাস্তৰ দৃশ্য, শিল্পীগৰাকীৰ বিভিন্ন মুড কেমেৰাই সুন্দৰকৈ উপস্থাপন কৰিছে। কাহিনীটো মনোগ্ৰাহী কৰাত কেমেৰাই সহায় কৰিছে। চিনেমাৰ জৰিয়তে লোকগীতৰ সম্ৰাজ্ঞীগৰাকীক জনাৰ সুবিধা দিয়াৰ বাবে আৰু সুন্দৰ পৰিচালনাৰ বাবে ববী শৰ্মা বৰুৱা ধন্যবাদৰ পাত্ৰ। চিনেমাখনত আন বহু লোক জড়িত আছে। আৱহ সংগীতত সৌৰভ মহন্ত, ছাউণ্ড ডিজাইনত দেৱজিত গায়ন, চিত্ৰনাট্যত ববী শৰ্মা বৰুৱাৰ লগতে ভাস্কৰ জ্যোতি দাস, জিতেন শৰ্মা আদি। চিনেমাখনৰ গোটেই টীমটোক দেৰিকৈ হ’লেও ধন্যবাদ জনাইছোঁ। এনে কাম আৰু আশা কৰোঁ।