
Dr. Pranjal Medhi
ছবিখনৰ এটা দৃশ্যত কোৱা হয়- বিকাশৰ বাবে পৰিৱেশ কিমান দিনলৈ ধ্বংস কৰা হ’ব, আৰু কেতিয়া আমি বিকাশ আৰু প্ৰকৃতি (Development and Environment) দুয়োটাৰে সহাৱস্থান দেখিবলৈ পাম। তদুপৰি ছবিখনে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতীয় সমাজত নাৰীৰ স্থানৰ ওপৰত।
পৰিচালক অমিত মাচুৰকাৰে তেওঁৰ পূৰ্বৰ ছবি ‘নিউটন’ৰদ্বাৰা দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। নৱ্য-বাস্তৱবাদৰ বহুকেইটা লক্ষণ পৰিলক্ষিত হোৱা ‘নিউটন’ৰ জৰিয়তে আজিৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাৱেও নিজৰ অভিনয় প্ৰতিভাৰ আন এক নিদৰ্শন দাঙি ধৰিছিল। সদ্যমুক্তিপ্ৰাপ্ত ‘শ্বেৰনী’ৰ মাজেদি পৰিচালকে এক গুৰুত্বপূৰ্ণ সমস্যাক আলোকিত কৰি নিজৰ নিৰ্দেশনা শৈলীক নতুন মাত্ৰা প্ৰদান কৰিছে।
বন্যপ্ৰাণী-মানুহৰ সংঘাত আজিৰ নহয়। সৃষ্টিৰ আদিম কালৰেপৰা মানৱ জাতিয়ে নিজৰ স্বাৰ্থৰ বাবেই বন আৰু বন্যপ্ৰাণী ধ্বংস, হত্যা, ব্যৱহাৰ কৰি আহিছে। বিভিন্ন ধৰণৰ দুষ্কাৰ্য্যৰে প্ৰকৃতিৰ সন্তুলন বিনষ্ট কৰাত একমাত্ৰ মানৱ জাতিৰেই যে হাত আছে, সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে। অৱশ্যে তাৰ মাজতেই এচাম আদিবাসী সমাজৰ লোকে অতীজৰেপৰা বনাঞ্চলত প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি আহিছে। প্ৰকৃতাৰ্থত, বনাঞ্চল আৰু অৰণ্য সমূহৰ বন্যপ্ৰাণী আজিও এই লোকসকলৰ তৎপৰতা আৰু সচেতনতাৰ বাবেই বৰ্তি আছে। এই কথা বহুকেইটা আন্তঃৰাষ্ট্ৰীয় গৱেষণাত ইতিমধ্যেই প্ৰকাশিত হৈছে। অৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত আদিবাসীসকলৰ অৱদান অতুলনীয় আৰু বহু ক্ষেত্ৰত চৰকাৰী বন বিভাগতকৈ এই আদিবাসীসকলে বন্যপ্ৰাণীৰ সুৰক্ষাত অধিক অৱদান আগবঢ়াইছে। অৰণ্যৰ সুৰক্ষা আৰু বাঘ-মানুহৰ সংঘাতেই ‘শ্বেৰনী’ৰ কাহিনীৰ মূল পৃষ্ঠভূমি, য’ত পৰিচালকে ৰাজনৈতিক স্বাৰ্থ আৰু হেঁচাৰ ফলত বন্যপ্ৰাণীৰ জীৱনলৈ আহিব পৰা ভাবুকিৰ এখন মৰ্মস্পৰ্শী চিত্ৰ অংকন কৰাৰ চেষ্টা কৰিছে।

ভাৰতৰ অনেক সংৰক্ষিত আৰু অসংৰক্ষিত বনাঞ্চলত কিদৰে কিছুমান নিৰ্ভীক, সৎ বন বিষয়াই ৰাজনৈতিক চাপৰ বাবে নিজ কৰ্তব্য পালন কৰাত বাধা আহি পৰে, তাৰেই কিছু অংশ ছবিখনত যেন প্ৰতিফলিত হৈছে। অন্য কিছুমান অসৎ, অৰ্থলোভী বন বিষয়াৰ কাৰণে যে বন্যপ্ৰাণী আৰু আদিবাসী সমাজে জীয়াতু ভুগিব লগা হয়, সেয়াও প্ৰকাশ কৰাৰ চেষ্টা কৰা হৈছে। ছবিখন ২০১৮ চনত সংবাদ শিৰোনাম দখল কৰা যৱতমলৰ বাঘিনী ‘অৱনী’ৰ কাহিনীৰদ্বাৰা অনুপ্ৰাণিত বুলি সচেতন মহলে দাবী কৰিছে। অৱনীৰ সত্য কাহিনী আৰু তথ্যৰ লগত ছবিখনৰ কাহিনীভাগৰ যথেষ্ট মিল দেখা পাই অৱনীৰ চিকাৰ কৰা বিতৰ্কিত চিকাৰী অছগৰ আলি খান আদালতৰ দ্বাৰস্থ হৈছে। তেওঁলোকৰ অভিযোগ যে, ছবিখনত তেওঁলোকক জনমানসত হেয় প্ৰতিপন্ন কৰা হৈছে। যদিও ‘শ্বেৰনী’ৰ নিৰ্মাতাসকলে প্ৰথমেই উল্লেখ কৰিছে যে, ছবিখন সম্পূৰ্ণ কাল্পনিক, তথাপি বাস্তৱৰ অৱনীৰ লগত থকা সাদৃশ্য নুই কৰিব নোৱাৰি। কিয়নো ছবিখনৰ বাঘিনীৰ নামকৰণ কৰা হৈছে T-12 বুলি, আৰু তাৎপৰ্যপূৰ্ণভাৱে অৱনীৰ সাংকেতিক নাম আছিল T-1। অৱনী পৰিস্থিতিৰ প্ৰভাৱত নৰখাদকলৈ পৰিণত হৈছিল আৰু ছবিখনৰ T-12 বাঘিনীৰ ক্ষেত্ৰতো একেই হৈছে। অৱনীৰ চিকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু ছবিখনতো সেয়াই দেখা যায়।

ছবিখনৰ এটা দৃশ্যত কোৱা হয়- বিকাশৰ বাবে পৰিৱেশ কিমান দিনলৈ ধ্বংস কৰা হ’ব, আৰু কেতিয়া আমি বিকাশ আৰু প্ৰকৃতি (Development and Environment) দুয়োটাৰে সহাৱস্থান দেখিবলৈ পাম। তদুপৰি ছবিখনে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতীয় সমাজত নাৰীৰ স্থানৰ ওপৰত। আজিও ভাৰতীয় সমাজত নাৰীৰ সন্মান, প্ৰতিভা আৰু অৱদানক যে উলাই কৰা হয়, সেয়া ছবিৰ কাহিনীৰ বহু অংশত প্ৰকাশ পাইছে। ‘নিউটন’ৰ দৰেই ‘শ্বেৰনী’ৰ বিদ্যাও নিজৰ সততা, কৰ্তব্যনিষ্ঠাৰ বাবেই দুৰ্নীতিপৰায়ণ নেতা-বিষয়াৰ ৰোষত পৰিবলগীয়া হৈছে।
সৎ বন বিষয়া বিদ্যা ভিনচেণ্টৰ চৰিত্ৰত বলিষ্ঠ অভিনেত্ৰী বিদ্যা বালনে কৰা অভিনয় প্ৰশংসনীয় আৰু স্বাভাৱিক। কোনো অতিৰঞ্জন প্ৰয়োগ নকৰাকৈ, বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাত নিজৰ নিষ্ফল প্ৰয়াস আৰু অপাৰগতাৰ ফলত সৃষ্টি হোৱা মানসিক অশান্তিক নিজৰ ভাৱ প্ৰকাশেৰে সঠিকভাৱে ফুটাই তুলিছে বিদ্যা বালনে। চৰকাৰী দায়িত্বৰ লগতে এগৰাকী ভাৰতীয় নাৰীয়ে নিজৰ পৰিয়ালৰ দাবীও কিদৰে পূৰণ কৰিবলগীয়া হয়, সেয়াও সাময়িকভাৱে বিদ্যাৰ চৰিত্ৰটোৰ যোগেদি পৰিচালকে অৱগত কৰিছে। অভিনয়ৰ ক্ষেত্ৰত বৃজেন্দ্ৰ কালা, নীৰজ কবি আৰু শৰৎ সাক্সেনাৰ অভিনয় অত্যন্ত স্বাভাৱিক আৰু শলাগনীয়।

পুৰাতন পুৰুষতান্ত্ৰিকতা আৰু পুৰুষ আধিপত্য কিদৰে আজিও আমাৰ সমাজ তথা ৰাজনীতিত ব্যাপী আছে, সেয়া ছবিখনৰপৰা সহজেই অনুমেয়। নৰখাদক বাঘিনী এজনীক নিজৰ দুটা সদ্য জন্ম হোৱা পোৱালীৰ সৈতে চৰকাৰী আশীষধন্য বেচৰকাৰী চিকাৰীৰ হাতৰপৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ বিদ্যাই যৎপৰোনাস্তি চেষ্টা কৰিছে। তাৰ বিপৰীতে এচাম দুৰ্নীতিপৰায়ণ, স্বাৰ্থলোভী ৰাজনৈতিক নেতাই আদিবাসী সমাজৰ মাজত ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে বাঘিনীজনীক ব্যৱহাৰ কৰিছে। ছবিখনৰ অন্তিম পৰ্যায় বা climax আশাব্যঞ্জক নহয় আৰু সেয়া ছবিখনৰ এক ঋণাত্মকতা বুলিব পাৰি যদিও, ইয়েই যে আজিৰ যুগত এক চিৰন্তন সত্য সেয়াও স্বীকাৰ কৰিব লাগিব। পুৰুষ নিয়ন্ত্ৰিত সমাজত নাৰী নিৰ্যাতন আৰু এগৰাকী নাৰীৰ নিৰপেক্ষ সাহসী সত্তাক ভাঙি পেলোৱাৰ কুচেষ্টাৰ এক সুকীয়া অধ্যায় ছবিখনে প্ৰক্ষেপ কৰিব খুজিছে, আৰু সেয়া কৰোঁতে পৰিচালক একপ্ৰকাৰ সফল হৈছে বুলি মত পোষণ কৰিব পাৰি।
ছবিখনৰ চিত্ৰগ্ৰহণত নৱ্য-বাস্তৱবাদৰ প্ৰভাৱ স্পষ্ট। বাস্তৱিকতাৰ প্ৰতিফলন ঘটাবলৈ পৰিচালকে বেছিভাগ দৃশ্যগ্ৰহণ কৰিছে এক হস্ত সঞ্চালিত কেমেৰা movement-ৰ প্ৰয়োগেৰে। ইয়াৰদ্বাৰা ছবিখনে এক তথ্য-চিত্ৰ বা Documentary style লাভ কৰিছে, যিয়ে ইয়াক বাস্তৱৰ লগত অধিক সংযোজিত কৰিছে। প্ৰাকৃতিক পোহৰৰ ব্যৱহাৰ কৰি চিত্ৰগ্ৰহণকাৰী ৰাকেশ হৰিদাসে অৰণ্যৰ এক সঠিক ছবি দৰ্শকৰ মনত গঢ় দিছে। লগতে ছবিখনৰ শব্দগ্ৰহণ আৰু শব্দ সম্পাদনা নিতান্তই উল্লেখযোগ্য। অৰণ্যৰ পৰিৱেশ বিশ্বাসযোগ্যভাৱে প্ৰকাশ কৰাত শব্দ বিভাগ নিশ্চিতভাৱে সফল হৈছে। তদুপৰি ছবিখনৰ সম্পাদনা যথাযথ, যিয়ে কাহিনীভাগ আগবঢ়াই নিয়াত অৱদান আগবঢ়াইছে।

নাৰীকেন্দ্ৰিক ছবিখনৰ দুটা মুখ্য চৰিত্ৰ বিদ্যা আৰু বাঘিনী T-12ৰ জৰিয়তে প্ৰকাশ পোৱা নাৰীৰ ওপৰত শোষণ, নিষ্পেষণ আজিৰ পুৰুষকেন্দ্ৰিক সমাজৰ হেঁচাৰেই প্ৰতিফলন। মানৱ জাতি তিষ্ঠি থাকিবলৈ অৰণ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা কিমান বেছি, সেয়া দৰ্শকৰ মনত ৰেখাপাত কৰিবলৈ পৰিচালকে বন্যপ্ৰেমী আদিবাসী আৰু Friend of Forest-ৰ দৰে স্বেচ্ছাসেৱক গোটৰ ব্যৱহাৰ সুচাৰুৰূপে কৰিছে। পৰিচালনাৰ দিশত কিছুমান আসোঁৱাহ চকুত পৰিলেও সামগ্ৰিকভাৱে এক সামাজিক বাৰ্তা দিয়াত পৰিচালকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অৰণ্য সংৰক্ষণৰ নামত হোৱা ভেঁকো-ভাওনা আৰু নিকৃষ্ট ৰাজনীতিৰ বলি হোৱা সচেতন, প্ৰকৃতিৰ প্ৰকৃত সংৰক্ষক আদিবাসীসকলৰ ওপৰত হোৱা নিষ্ঠুৰ উচ্ছেদ কাৰ্য্যৰ ওপৰত ‘শ্বেৰনী’ যেন এক তীৰ্যক মন্তব্য !