ভাৰতীয় চিনেমাৰ Ray of Hope হোৱা সত্যজিৎ ৰায়ৰ সফলতা যিমান, সফল হোৱাৰ বাটত বাধাও আছিল সিমান। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি তেওঁ কিতাপৰ পাতৰপৰা তুলি আনি জীৱন্ত ৰূপত ফুটাই তুলিছিল ‘পথেৰ পাঁচালী’ৰ অপূৰ্ব চৰিত্ৰসমূহ।
- By Team TJC | 26 July, 2020
ভাৰতীয় চিনেমাৰ ধাৰা সলনি কৰি দিয়া সত্যজিৎ ৰায়ৰ ‘পথেৰ পাঁচালী’ সমগ্ৰ বিশ্বৰে চিনেমাপ্ৰেমীৰ বাবে এটি পৰিচিত নাম। চেলুলয়ডৰ ভাষাৰে নিজৰ প্ৰথমখন চিনেমাৰেই সত্যজিৎ ৰায়ে দৰ্শকৰ হৃদয়ত গভীৰ সাঁচ বহুৱাইছিল। দেশে-বিদেশে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱ, চিনেমা হলত প্ৰদৰ্শিত হোৱা চিনেমাখনে পৰিচালকৰ লগতে ভাৰতলৈ বিভিন্ন সন্মান কঢ়িয়াই আনিছিল। বিভূতিভূষণ বন্দোপাধ্যায়ৰ অতুলনীয় কাহিনীৰ আধাৰত নিৰ্মিত ‘পথেৰ পাঁচালী’ৰ নিৰ্মাণৰ আঁৰৰ কাহিনীও সমানেই আকৰ্ষণীয়।
ফিল্ম ৰাইটৰ মাননি

‘পথেৰ পাঁচালী’ৰ দুৰ্দান্ত কাহিনীটোৰ ফিল্ম ৰাইট ক্ৰয় কৰাৰ বাবদ সাহিত্যিক বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ পৰিয়ালক সত্যজিৎ ৰায়ে দিছিল প্ৰায় দহ হাজাৰ টকা। সেই ধন এতিয়াৰ হিচাপত প্ৰায় ৮ লাখমান হ’ব।
শ্বুটিং আৰম্ভণিৰ বাবে ধনৰ যোগান

নতুন ধাৰাৰ ছবি নিৰ্মাণৰ বাবে সত্যজিৎ ৰায়ে সেইসময়ৰ ডাঙৰ ডাঙৰ প্ৰযোজকৰ ওচৰলৈ গৈছিল যদিও কোনেও টকা খটুৱাবলৈ বিচৰা নাছিল। আচলতে এজন নতুন পৰিচালকৰ দক্ষতাৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল। শ্বুটিঙৰ খৰচৰ বাবে ৰায় বাবুৱে হুণ্ডিৰপৰা বিশ হেজাৰ টকা ধাৰে লৈছিল। কেতিয়াবা কিছুমানে টকা ধাৰলৈ দিবলৈকো আনকি মান্তি হোৱা নাছিল।
লোকেচন: এটা ভগ্নপ্ৰায় ভাৰাঘৰ

যিটো ভগ্নপ্ৰায় ঘৰত ‘পথেৰ পাঁচালী’ৰ বেছিভাগ শ্বুটিং সম্পন্ন হৈছিল, তাৰ ভাৰাৰ বাবদ প্ৰতিমাহে পঞ্চাশ টকাকৈ দিবলগীয়া হৈছিল। শ্বুটিং হ’লেও বা নহ’লেও প্ৰায় আঢ়ৈ বছৰ ছবিৰ কাম সম্পূৰ্ণ হোৱা পৰ্যন্ত সেই ভাৰা সত্যজিৎ ৰায়ে নিজেই বহন কৰিছিল।
অপুৰ চৰিত্ৰৰ বাবে এটি কষ্টসাধ্য সন্ধান

কিতাপৰ শিশু অপুক বিগ স্ক্ৰীণত ৰূপায়িত কৰাৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰি সুবীৰ বন্দ্যোপাধ্যায়ৰ সন্ধান পাইছিল সত্যজিৎ ৰায়ে। কিন্তু সুবীৰৰ পিতৃয়ে ল’ৰাৰ পঢ়া-শুনাত ব্যাঘাত হয় বুলি অভিনয় কৰিবলৈ দিয়াত অমান্তি হৈছিল। শেষত ৰায় বাবুৱে বহু বুজনি দিয়াৰ পিছত আৰু বংগৰ ইতিহাসত এদিন তেওঁৰ সন্তানক সকলোৱে চিনি পাব বুলি কোৱাতহে পিতৃয়ে পুত্ৰক অভিনয়ৰ অনুমতি দিছিল।
কাগজৰ টুকুৰাত স্ক্ৰিপ্ট

‘পথেৰ পাঁচালী’ নিৰ্মাণ কৰি বিশ্ব চিনেমাৰ ইতিহাসত এক নতুন সংযোজন কৰা সত্যজিৎ ৰায়ে নাজানিছিল যে চিনেমাৰ বাবে বেলেগে চিত্ৰনাট্য বা স্ক্ৰিপ্ট লিখিব লাগে। শ্বুটিঙৰ ছেটত সহকাৰী পৰিচালকে আহি যেতিয়া স্ক্ৰিপ্ট বিচাৰিলে, তেখেতে ক’লে, “স্ক্ৰিপ্ট কিয় লাগে ? মই যি কৰিবলৈ ক’ম, সিহঁতে তাকেই কৰিব।” তেতিয়া ছেটত উপস্থিত সকলো বিমোৰত পৰিল। তাকে দেখি তেওঁ এটুকুৰা কাগজ আনিবলৈ দি তাতেই দৃশ্যবোৰ আঁকি বুজাই দিলে। সংলাপবোৰো তেওঁ সৰু সৰু কাগজৰ টুকুৰাতে লিখি দিলে। এই কাগজৰ টুকুৰাবোৰেই আছিল এখন কালজয়ী চিনেমাৰ কালজয়ী ‘স্ক্ৰিপ্ট’।
কঁহুৱা বনৰ মাজত শ্বুটিঙৰ শুভাৰম্ভ

অপু আৰু দুৰ্গাৰ চৰিত্ৰ ৰূপায়ণৰ বাবে অভিনেতাৰ সন্ধান ওলোৱাৰ পিছতে আৰম্ভ হৈছিল ‘পথেৰ পাঁচালী’ৰ শ্বুটিং। ১৯৫৩ চনৰ অক্টোবৰ মাহত জগদ্ধাত্ৰী পূজাৰ শুভ দিনটো বাছি লোৱা হ’ল শুভাৰম্ভৰ বাবে। শৰৎ কালৰ প্ৰকৃতিৰ অনন্য অলংকাৰ কঁহুৱা বনৰ মাজত লোৱা হ’ল ‘পথেৰ পাঁচালী’ৰ প্ৰথমটো শ্ব’ট, যিটো পিছলৈ এটি আইকনিক শ্ব’ট হিচাপে চিনেপ্ৰেমীক আজিও নষ্টালজিক কৰি তোলে।
আৰ্থিক সংকট আৰু পত্নীৰ গহনা বিক্ৰী

প্ৰযোজকৰ অভাৱত নিজৰ গাঁঠিৰ ধনেৰেই চিনেমাখনৰ নিৰ্মাণত হাত দিয়া সত্যজিৎ ৰায়ে শ্বুটিঙৰ মাজতে আৰ্থিক সংকটৰ মুখামুখি হ’ল। উপায় নাপাই তেখেতৰ পত্নী বিজয়া ৰায় আগুৱাই আহে। পত্নীৰ গহনা বন্ধকত থৈ আৰু নিজৰ জীৱন বীমা প’লিচী ভাঙি পোৱা টকাৰে ৰায় বাবুৱে ‘পথেৰ পাঁচালী’ৰ শ্বুটিং আগুৱাই নিয়ে।
সংকটৰ সময়ত বিধান দিলে বিধান ৰায়ে

আৰ্থিক সংকটত ভোগা সত্যজিৎ ৰায়ক সহায় কৰিছিল পশ্চিম বংগ চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী ডাঃ বিধানচন্দ্ৰ ৰায়ে। শুনিবলৈ পোৱা যায় যে সত্যজিৎ ৰায়ৰ মাকৰ ফালৰ কোনোবা পৰিচিত ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰাৰ সকলো ব্যৱস্থা কৰি দিছিল। বিধান ৰায়েও আৰ্থিক সংকট নিবাৰণৰ ক্ষেত্ৰত যথোচিত সঁহাৰি জনাইছিল।
পথেৰ পাঁচালী তথ্যচিত্ৰ নে পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ?

মুখ্যমন্ত্ৰী বিধান ৰায়ৰ নিৰ্দেশত যেতিয়া ‘পথেৰ পাঁচালী’ৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা হ’ল, সেই ধন আবণ্টন দিয়া হৈছিল গড়কাপ্টানি বিভাগৰপৰাহে। কিয়নো ‘পথেৰ পাঁচালী’ নামটো শুনি সেই সময়ৰ চৰকাৰী আমোলাসকলে ৰাস্তা-ঘাট সম্পৰ্কীয় কোনো তথ্যচিত্ৰ নিৰ্মাণ কৰা বুলিহে ভাবিছিল। ফলত, চৰকাৰী নথি-পত্ৰত ‘পথেৰ পাঁচালী’ তথ্যচিত্ৰ হিচাপে লিপিবদ্ধ হৈ ৰ’ল।
ষ্টীল ফ’টোগ্ৰাফাৰেই হ’লগৈ চিনেমাটোগ্ৰাফাৰ

‘পথেৰ পাঁচালী’ৰ চিৰসেউজ দৃশ্যবোৰৰ চিত্ৰগ্ৰহণ কৰিছিল এজন ষ্টীল ফটোগ্ৰাফাৰে। হয়, এইখন ক্লাছিক চিনেমাৰ চিনেমাটোগ্ৰাফাৰ সুব্ৰত মিত্ৰ আছিল একেবাৰেই নতুন। তেখেতে লাহে লাহে চিনেমাৰ কামবোৰ শিকিহে শ্বুটিং কৰিছিল। অৱশ্যে তেওঁক ৰায়ে নিজেও বহু টিপছ্ দিছিল।আচৰিতভাৱে ‘পথেৰ পাঁচালী’ৰ দৃশ্যবোৰ আজিও সমানেই জনপ্ৰিয়।
ভাৰতীয় চিনেমাৰ Ray of Hope হোৱা সত্যজিৎ ৰায়ৰ সফলতা যিমান, সফল হোৱাৰ বাটত বাধাও আছিল সিমান। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি তেওঁ কিতাপৰ পাতৰপৰা তুলি আনি জীৱন্ত ৰূপত ফুটাই তুলিছিল ‘পথেৰ পাঁচালী’ৰ অপূৰ্ব চৰিত্ৰসমূহ। এই অমৰ সৃষ্টিৰ বাবেই বাংলাৰ লগতে ভাৰতীয় চিনেমাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিৰাট সুনাম লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সন্মানৰ কৃতজ্ঞতা স্বৰূপে পশ্চিম বংগত মে’ দিৱসৰ পিছৰ দিনটো “ৰে’ দিৱস” হিচাপেই মনত ৰাখিব বিচাৰে অগণন চিনেমাপ্ৰেমীয়ে।