এনে চৰ্চিত আৰু অতুলনীয় চিনেমাৰ নিৰ্মাতা হিচাপে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰিপক্কতা সৰ্বজনবিদিত। ‘সন্ধ্যাৰাগ’ আছিল ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চিনেমা।
By Team TJC | 13 August, 2020
‘সন্ধ্যাৰাগ’ (১৯৭৭)- অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত এক মাইলৰ খুঁটি। ড° ভবেন্দ্ৰ নাথ শইকীয়াই ক’লকাতা আৰু পিছলৈ লণ্ডনত পঢ়ি থাকোঁতে দেশ-বিদেশৰ বহুতো ছবি উপভোগ কৰিছিল। নিজৰ সৃষ্টিশীল মনেৰে একোটা চৰিত্ৰক সূক্ষ্মভাৱে কৰা পৰ্যবেক্ষণ আৰু চিনেমাসমূহ চাই আয়ত্ত কৰা অন্যান্য দিশসমূহে সত্তৰ দশকৰ প্ৰায় শেষৰফালে তেখেতক এখন চিনেমা নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰিলে। কটন কলেজত পঢ়ি থকাৰ সময়তে তেখেতে ছবি নিৰ্মাণৰ কথা ভাবিছিল। সেই দুৰ্বাৰ হেঁপাহক বাস্তবায়িত কৰিবলৈ ১৯৭৬ চনৰ জানুৱাৰী মাহত নিজৰেই ‘বানপ্ৰস্থ’ নামৰ গল্পটোৰ আধাৰত তেখেতে চিত্ৰনাট্যৰ কাম আৰম্ভ কৰি চিনেমাখন নিৰ্মাণৰ বাবে প্ৰস্তুতি চলায়। এনেদৰেই অভিনেতা-অভিনেত্ৰী, চিনেমাট’গ্ৰাফাৰ, কলা-কুশলীক নিৰ্বাচন কৰি তেখেতে ছবিৰ কাম আৰম্ভ কৰে। ‘সন্ধ্যাৰাগ’ নামটো দিছিল ভবেন বৰুৱাই। জীৱনৰ প্ৰথমখন বোলছবি নিৰ্মাণৰ যাত্ৰাত তেখেতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল যদিও থমকি নৰ’ল তেওঁৰ চিনেমা নিৰ্মাণৰ যাত্ৰা। ‘সন্ধ্যাৰাগ’ৰ চিত্ৰনাট্য লিখাৰপৰা শ্বুটিং শেষ হোৱালৈকে- ঘটিছিল বিভিন্ন আমোদজনক ঘটনা। শইকীয়াদেৱে তেখেতৰ আত্মজীৱনী ‘জীৱন বৃত্ত’তো উল্লেখ কৰি থৈ গৈছে সেই ঘটনাবোৰ। তেখেতৰ জীৱনৰ প্ৰথম চিনেমাখনৰ তেনে কিছুমান টুকুৰা আমোদজনক কাহিনী আমি আগবঢ়ালোঁ আপোনালোকলৈ-
‘সন্ধ্যাৰাগ’ৰ প্ৰথম প্ৰযোজক আৰু ৩৫৬ টকাৰ বাকী

১৯৭৬ চনৰ জানুৱাৰী মাহৰপৰা ড° ভবেন্দ্ৰ নাথ শইকীয়াই ‘সন্ধ্যাৰাগ’ৰ চিত্ৰনাট্যখন লিখা আৰম্ভ কৰিলে। ৯৮৯টা শ্ব’টত চিত্ৰনাট্যখন লিখা হোৱাৰ পিছত তেখেতে ঠিক কৰিলে যে- ছবিখনৰ অভিনেতা-অভিনেত্ৰী আৰু মূল কলা-কুশলীসকলক তেওঁলোকৰ সুবিধাৰ্থে আগতীয়াকৈ চিত্ৰনাট্যৰ কপি একোটাকৈ দিব, যাতে অভিনয় আৰু নিজৰ দায়িত্ব সন্দৰ্ভত সকলোৱে পূৰ্ব প্ৰস্তুতি চলাব পাৰে। এই চিত্ৰনাট্যখন লিখাৰপৰা আৰম্ভ কৰি অভিনেতা, কলা-কুশলীৰ বাবে চল্লিশটা কপি প্ৰস্তুত কৰালৈকে- ফাঁচীবজাৰৰ হিন্দ চেণ্ট্ৰেল ষ্ট’ৰ্ছৰ মালিক হাৰাণ শৰ্মাই ভবেন্দ্ৰ নাথ শইকীয়াক ষ্টেনছিল, ডুপ্লিকেটিং পেপাৰ আদিকে ধৰি মুঠ ৩৫৬ টকাৰ বয়-বস্তু বাকীকৈ দিছিল। তদুপৰি, শৰ্মাই তেওঁক এটা উইং চাং ফাউণ্টেইন পেন দি কৈছিল, “এইটোৰ দাম দিব নালাগে। এইটোৰে আপুনি লিখিব।” এই কথাৰ আঁত ধৰিয়েই ভবেন্দ্ৰ নাথ শইকীয়াই কৈছিল- “চলচ্চিত্ৰ নিৰ্মাণৰ কামত পইচা খটুউৱা মানুহজনক যদি প্ৰযোজক বোলে, তেনেহ’লে মোৰ চলচ্ছিত্ৰ-কৰ্মৰ প্ৰথম প্ৰযোজক হ’ল শ্ৰীশৰ্মা।”
শ্বুটিঙৰ প্ৰথম দিনাই গৃহস্থই যোগাৰ কৰা কল খালে হাতীয়ে

চাওঁতে চাওঁতে ‘সন্ধ্যাৰাগ’ৰ শ্বুটিঙৰ দিন আহি পৰিল। নগাঁৱৰ তেঁতেলিসৰাত ছবিখনৰ প্ৰথমটো শ্ব’ট লোৱা হ’ব। ড° ভবেন্দ্ৰ নাথ শইকীয়া মহুৰতজাতীয় অনুষ্ঠান আয়োজন কৰাৰ পক্ষপাতী নাছিল। সেয়েহে চিনেমাট’গ্ৰাফাৰ ইন্দুকল্প হাজৰিকাই লগতে লৈ অহা ধূপখিনিকে মাংগলিকভাৱে জ্বলাই কেমেৰাত গুজি দিলে। ইতিমধ্যে চিনেমাট’গ্ৰাফাৰ সাজু। আনফালে শ্বুটিং চোৱা মানুহেৰে চোতাল ভৰি পৰিছে। গৃহস্থই সেইদিনা গোসাঁইঘৰত থাপনা পাতি কল কেইআখিমানৰ ব্যৱস্থা কৰিছিল। এনেতে শ্বুটিং আৰম্ভ হোৱাৰ আগে আগে হঠাতে এটা হাতী মাউতসহ চোতাললৈ সোমাই আহিল। তাকে দেখি সকলোৱে অলপ থতমত খালে। ৰাইজে ভবেন্দ্ৰ নাথ শইকীয়াক হাতীটোক কল খুৱাবলৈ ক’লে আৰু কেতিয়াও হাতীৰ এনেদৰে মুখামুখি নোহোৱা শইকীয়াই ভয়ে-ভয়ে হাতীটোক কল খুৱাই দিলে। তাৰপিছতহে আৰম্ভ হ’ল শ্বুটিং। ইপিনে, উপস্থিত ৰাইজে এয়া বৰ মংগলজনক বুলি কোৱা-কুই কৰিলে।
উপায়হীন হৈ ফটকা ফুটাই, চপৰা দলিয়াই, গুলটি মাৰি শ্বুটিঙৰ পৰিৱেশ সৃষ্টি কৰা হ’ল

তেঁতেলিসৰাত শ্বুটিঙৰ সময়। তেতিয়া ৰাতি হৈছে। চিনেমাট’গ্ৰাফাৰকে ধৰি ছাউণ্ড ৰেক’ৰ্ডিষ্ট মৃণাল গুহ ঠাকুৰতাসহ সকলো কলা-কুশলী সাজু। বহু কষ্ট কৰি ৰাতিৰ দৃশ্যৰ বাবে কেমেৰা সাজু কৰা হৈছে। লাইট-কেমেৰা-এক্স’ন ক’বলৈহে বাকী মাথোঁ। কিন্তু হঠাতে জিলীৰ কোবাল মাতত চৌদিশ ৰজনজনাই গ’ল। যিহেতু, শ্ব’টৰ বাবে নিঃশব্দতাৰ খুবেই প্ৰয়োজন, গতিকে শ্ব’ট গ্ৰহণ কৰাটো সাময়িকভাৱে ৰখাই দিবলগীয়া হ’ল। ভবেন্দ্ৰ নাথ শইকীয়াকে ধৰি কেইজনমানে আকৌ টৰ্চলাইট লৈ ওচৰৰ জোপোহাবোৰত জিলী বিচাৰি ফুৰিবলৈ ধৰিলে। তেনেতে কোনোবাই বুদ্ধি দিলে যে- ফটকা ফুটালে হেনো জিলীৰ মাত বন্ধ হয়। পাছদিনাই কোনোবাই গৈ নগাঁও চহৰৰপৰা ফটকা কিনি আনিলে। পাছৰবাৰৰ শ্বুটিঙৰ সময়ত আগে-ভাগে জিলীৰ মাত বন্ধ কৰিবলৈ ফটকা ফুটাই দিয়া হ’ল। সঁচাকৈয়ে জিলীৰ মাত কিছু দেৰিলৈকে বন্ধ হ’ল। তেনেকৈয়ে সময়ৰ সুযোগ বুজি প্ৰয়োজনীয় শ্বুটিং সম্পন্ন কৰা হ’ল।
ইপিনে, আকৌ দিনৰ ভাগৰ শ্বুটিঙৰ সময়ত কাউৰীৰ কা-কা। সেয়েহে, কাউৰী খেদিবলৈ সাজি লোৱা হৈছিল এযোৰ গুলটি। তদুপৰি, কেতিয়াবা আকৌ ভেকুলীয়ে টোৰটোৰাবলৈ ধৰে, শ্বুটিং ব্যাঘাত হয়। এইবাৰ ভেকুলীৰ টোৰটোৰণি বন্ধ কৰিবলৈ দুজনমানে পানীলৈ চপৰা দলিয়ায়। আকৌ অলপ সময়ৰ বাবে ভেকুলীৰ টোৰটোৰণি বন্ধ হয়। তেনেতে লগালগ লৈ লোৱা হয় যাৱতীয় শ্ব’টবোৰ।
কেঁচুৱাৰ কান্দোন, শ্বুটিঙত আকৌ ব্যাঘাত

‘সন্ধ্যাৰাগ’ৰ শ্বুটিং পূৰ্ণগতিত চলি আছে। স্থানীয় ৰাইজকে ধৰি সকলোৱে আগবঢ়াইছে যথেষ্ট সহযোগিতা। তেতিয়া প্ৰায় নিশা দুইমান বজালৈকে শ্বুটিং চলিছিল। এদিন চিনেমাখনৰ প্ৰায় অন্তিম দৃশ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ দৃশ্য এটাৰ শ্বুটিং চলি আছে। শ্বুটিঙত মতি ড্ৰাইভাৰৰ চৰিত্ৰত ভাগ লৈছে যশস্বী নাট্যকাৰ অৰুণ শৰ্মাই আৰু ডাঙৰ চাৰুৰ চৰিত্ৰত ৰুণু দেৱীয়ে। তেনেতে গাঁৱৰ চুবুৰীৰ কেঁচুৱাই জোৰেৰে কান্দিবলৈ ধৰিলে। তেতিয়া একেবাৰে মাজনিশা। শ্বুটিং ৰখাই দিয়া হ’ল কিছু সময়ৰ বাবে। সকলোৱে ধৈৰ্য ধৰিছে। কিন্তু কেঁচুৱাৰ কান্দোন বন্ধ নহয়হে নহয়। সেই সময়ত মাজনিশাও শ্বুটিং চাবলৈ ৰৈ থাকে গাঁওবাসী। শ্বুটিং সাময়িকভাৱে বন্ধ হোৱাত তাৰে মাজৰপৰাই কোনোবা এজনে বিৰক্তিৰে ক’লে, “মাকজনীয়েনো কি কৰিছে অ’ ? যাচোন কোনোবা এটা,- …”। তেতিয়াৰপৰা কেঁচুৱাৰ কান্দোন বন্ধ কৰিবলৈ এটা কৌশল অৱলম্বন কৰিলে। কেঁচুৱাই কান্দিলে শ্বুটিং চাই থকা গাঁৱৰে কোনোবা এজনৰ হাতত বিস্কুট দি কেঁচুৱাক খুৱাবলৈ পঠিয়াই দিয়া হ’ল। অৱশেষত, এই কথাটোৱে কিছু কাম দিলে আৰু তেনেকৈয়ে শ্ব’টবোৰ লোৱা হ’ল যিবোৰ দৃশ্যই ‘সন্ধ্যাৰাগ’ক দিলে অন্য এক মাত্ৰা।
শ্বুটিঙলৈ কেমেৰাই আনিবলৈ পাহৰি থাকিলে কেমেৰামেনে

চিনেমাখনৰ প্ৰথমভাগৰ এটা দৃশ্য। সৰু চাৰুৰূপী মামণি দাসে পানীত নামি ভেঁট ফুল ছিঙিব লাগে। অৱশেষত বহু খাল-বিল বিচৰাৰ অন্তত কিছু দূৰত এটা ভেঁট ফুল থকা বিলৰ সম্ভেদ পোৱা গ’ল। পিছদিনা ৰাতিপুৱা সকলো কলা-কুশলীক লৈ শ্বুটিং কৰিবলৈ যাত্ৰা কৰিলে ভবেন্দ্ৰ নাথ শইকীয়াই। লগত চিনেমাট’গ্ৰাফাৰ ইন্দুকল্প হাজৰিকা। যাত্ৰাপথত হাজৰিকাই আড্ডাৰ মেজাজত কৈ গ’ল কেনেদৰে পশ্চিম বংগৰ এগৰাকী পৰিচালকে নিৰ্দিষ্ট শ্ব’টৰ বাবে বৰষুণ অহালৈ বাট চাই আছিল। বৰষুণ নাহেহে নাহে। তেনেতে এদিন হঠাতে বৰষুণ নামি আহিল। সকলোৱে লৰা-ঢপৰাকৈ লোকেশ্বনলৈ গ’ল। কিন্তু গ’লে কি হ’ব, কেমেৰাৰ বেটেৰীৰ কেবলডালেই কেম্পত থাকি আহিল।
এনেকৈয়ে কথাৰ মজগুলত অৱশেষত ‘সন্ধ্যাৰাগ’ৰ কলা-কুশলীসকলে ভেঁট ফুল থকা বিলটোত উপস্থিত হ’লহি। হঠাতে ভবেন্দ্ৰ নাথ শইকীয়াই হাঁহিবই নে কান্দিবই, তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ’ল। কিয়নো শ্বুটিং কৰিবলৈ আহিলে কি হ’ব, কেমেৰামেনে যে কেমেৰাই আনিবলৈ পাহৰি থাকিল। অৱশেষত কেমেৰা আহি পোৱালৈকে শইকীয়াই নিজে পানীত নামি আধা মেল খোৱা ভেঁট ফুলৰ পাহিবোৰ মেল খুৱাবলৈ চেষ্টা কৰিলে আৰু সৰু চাৰুৰূপী মামণি দাসক শ্ব’টটোত কি কি কৰিব লাগিব, পুংখানুপুংখভাৱে বুজাই দিলে।
“এতিয়ালৈকে যিখিনি ফিল্ম শ্বুটিং কৰিলোঁ, গোটেইখিনি ব্ৰহ্মপুত্ৰত পেলাই দিম…”

‘সন্ধ্যাৰাগ’ৰ শ্বুটিং, ইফালে শ্বুটিঙৰ মাজতে পৰিল দুৰ্গা পূজা। ড° ভবেন্দ্ৰ নাথ শইকীয়াই অইন ক্ষেত্ৰৰ দৰেই পৰিচালক হিচাপেও যথেষ্ট শৃংখলাবদ্ধতা বজাই ৰাখিছিল আৰু কাঁটাই কাঁটাই সময় মানি চলিছিল। গতিকে, দুৰ্গা পূজাৰ মাজতো পূৰ্ণোদ্যমে শ্বুটিঙৰ কাম চলি আছে। ভবেন্দ্ৰ নাথ শইকীয়াৰ মতে, “আমি কাম কৰিবলৈ আহিছোঁ, কাম কৰিম। প্ৰতি মিনিটত আমাৰ ঢেৰ ধন খৰচ হৈ থাকে, – সেইফালৰ পৰাও কাম বন্ধ কৰিব নোৱাৰি।” এগৰাকী পৰিপক্ক পৰিচালক হিচাপে থাকিবলগীয়া গুণ আৰু দূৰদৰ্শিতাৰ বাবেই শইকীয়াদেৱৰ পৰিচালনাত পূজাৰ আনন্দৰ মাজতো শ্বুটিঙৰ কাম চলি থাকিল। কিন্তু দশমীৰ দিনা ৰাতিপুৱা তেখেতে শ্বুটিংস্থলীলৈ আহি দেখে যে কেম্প খালি। হঠাতে মানুহবোৰ ক’লৈ গ’ল বুলি তেখেতে জানিবলৈ বিচৰাত চিনেমাট’গ্ৰাফাৰ ইন্দুকল্প হাজৰিকাই ক’লে- “আজি পূজা বুলি সকলোৱে ছুটি ল’লে দাদা !” কথাখিনি শুনি শইকীয়াদেৱে সেইদিনা আৰু একো নক’লে। কিন্তু পিছদিনাই কেম্পত উপস্থিত হৈ খঙতে তেওঁ চিঞৰি চিঞৰি ক’বলৈ ধৰিলে, “এতিয়ালৈকে যিখিনি ফিল্ম শ্বুটিং কৰিলোঁ, গোটেইখিনি ব্ৰহ্মপুত্ৰত পেলাই দিম। মই ফিল্মেই নকৰোঁ লাগে, কিন্তু এনেকুৱা কথা সহ্য নকৰিম। এনেকুৱা ঘটনা যেন এইটোৱেই প্ৰথম, আৰু এইটোৱেই শেষ।”
গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেণ্টিনৰ ৰসগোল্লাৰে ৰসাল বিয়াৰ দৃশ্য

কান্তা (কাশ্মিৰী শইকীয়া)ৰ বিয়াৰ আগদিনাৰ দৃশ্য। চাৰিওফালে উখল-মাখল পৰিৱেশ। হাঁহি-ধেমালিৰে চৌদিশ ৰজনজনাই গৈছে। কোনোবাই ৰভা টানিছে, কোনোবাই কাপ-প্লেটবোৰ ঠিক-ঠাক কৰিছে, কোনোবাই আকৌ পানীৰ ব্যৱস্থা কৰিছে। মুঠতে ঘৰৰ সদস্যৰপৰা আৰম্ভ কৰি সকলো ভাগে-ভাগে ব্যস্ত। তাৰ মাজতে ঠাকুৰহঁতে ৰসগোল্লা প্ৰস্তুত কৰিছে।
ভবেন্দ্ৰ নাথ শইকীয়া সেইসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত থকা হেতুকে কিছু শ্বুটিং বিশ্ববিদ্যালয়ৰ কোৱাৰ্টাৰ চৌহদতে কৰিছিল। তাতেই ৰান্ধনিৰদ্বাৰা কলা-কুশলীসকলৰ বাবে ৰন্ধা-বঢ়াৰ ব্যৱস্থা কৰা হৈছিল। সেই যে ৰসগোল্লা তৈয়াৰ কৰাৰ দৃশ্যটো, এই ৰান্ধনীশালতে লোৱা হৈছিল। তেতিয়া বিশ্ববিদ্যালয়ৰ কেণ্টিনখন চলাইছিল বৰদা শৰ্মাই। তেৱেঁই আটোম-টোকাৰিকৈ তৈয়াৰ কৰিছিল ৰসগোল্লাখিনি।
ৰুণু দেৱী টোপনিত লালকাল, গতিকে আজি শ্বুটিং পেক্ আপ্

‘সন্ধ্যাৰাগ’ৰ শ্বুটিং তেতিয়া গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ শইকীয়াদেৱৰ কোৱাৰ্টাৰত চলি থাকে। এদিন ৰাতি শ্বুটিং হ’ব। শ্ব’ট লোৱা হ’ব ডাঙৰ চাৰুৰ চৰিত্ৰত অভিনয় কৰা ৰুণু দেৱীৰ। কলা-কুশলীসকলে লাইট-কেমেৰা সকলো ৰেডী কৰিলে। শ্বুটিঙৰ আগমুহূৰ্তত ভবেন্দ্ৰ নাথ শইকীয়াই সকলোখিনি তদাৰক কৰিছে। যিটো কোঠাত শ্বুটিং হ’ব, তাৰে কাষৰ কোঠাতে শইকীয়াদেৱৰ বেডৰুম। এনেতে শ্বুটিং আৰম্ভ কৰোঁ বুলি তেখেতে যেতিয়া কোঠালৈ সোমাই আহিলে, দেখিলে- ৰুণু দেৱী তেওঁলোকৰ বেডৰুমত টোপনিত লালকাল। ইফালে শ্ব’ট লোৱাৰ বাবে সকলো আয়োজন সম্পূৰ্ণ। কিন্তু টোপনিত লালকাল দিয়া ৰুণু দেৱীক দেখি ভবেন্দ্ৰ নাথ শইকীয়াই নজগালে আৰু ছেটলৈ আহি সকলোকে ক’লে- “আজি শ্বুটিং পেক্ আপ্। ৰুণু দেৱী শুলে।” আটাইয়ে হাঁহি ৰখাব নোৱাৰিলে।
অসমৰ লগতে দেশৰ অজস্ৰ চিনেপ্ৰেমীৰ বাবে ‘সন্ধ্যাৰাগ’ এখন চিৰসেউজ ছবি, যাৰ সাঁচ ৰৈ গৈছে চিনেমাখন চোৱা সকলোৰে হৃদয়ত। বাণিজ্যিকভাৱেও সফল হোৱা সমান্তৰাল ধাৰাৰ ছবি হিচাপে ই মুকলি কৰি দিছিল এক নতুন আশাৰ বাট। এনে চৰ্চিত আৰু অতুলনীয় চিনেমাৰ নিৰ্মাতা হিচাপে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰিপক্কতা সৰ্বজনবিদিত। ‘সন্ধ্যাৰাগ’ আছিল ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চিনেমা। ছবিখনে ভাৰতৰ লগতে দেশ-বিদেশতো বিৰাট প্ৰশংসা লাভ কৰিছিল। এবাৰ ভাৰতৰ কিংবদন্তি ছবি নিৰ্মাতা সত্যজিৎ ৰায়ে লগ পাইছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াক। শইকীয়াদেৱৰ ছবিখনৰ অভূতপূৰ্ব প্ৰশংসা শুনি তেওঁ অভিনন্দন জনাইছিল আৰু ‘সন্ধ্যাৰাগ’ চাবলৈ উৎসুক হৈ পৰিছিল। সত্যজিৎ ৰায়ে সেই ছবিখন চাবলৈ ইমানেই আগ্ৰহী আছিল যে, তেখেতে শইকীয়াদেৱক কৈছিল- “আপোনাৰ ছবিৰ খুব প্ৰশংসা শুনিছোঁ। ছবিখন মোক এবাৰ কলিকতাত দেখুৱাব নোৱাৰেনে ?”
শ্বুটিঙৰ এই সৰু সৰু ঘটনাবোৰেই ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ কামৰ বিশালতাক আৰু বেছি বহল পৰিসৰত মন্থন কৰাৰ অৱকাশ দিয়ে। ভাৰতীয় চলচ্চিত্ৰক সমৃদ্ধ কৰাত এনে বহু নজনা তথ্য আৰু কাহিনী লুকাই আছে শইকীয়া চাৰৰ অনন্য চিনেমেটিক সাধনাত।
(বিশেষ কৃতজ্ঞতা: তথ্যখিনি যুগুত কৰোঁতে ড° ভবেন্দ্ৰ নাথ শইকীয়া চাৰৰ আত্মজীৱনী ‘জীৱন বৃত্ত’ৰ লগতে অন্য উৎসৰো সহায় লোৱা হৈছে।)