সংস্কৃতিয়ে নামানে কোনো ৰাজনৈতিক পৰিসীমা, সংস্কৃতিয়ে কয় মানুহৰ মিলনৰ কথা। এই কথা উপলব্ধি কৰি তেতিয়া বাজপেয়ীয়ে ভূপেনদাক ভূয়সী প্ৰশংসা কৰি কৈছিল, “হাজৰিকা চাহাব, আমি কথাৰে সমাধান দিব নোৱৰা কাম আপুনি দেখোন গানেৰেই কৰিব পাৰে।”
By Team TJC | 16 August, 2020
১৯৯০ দশকৰ শেষৰফালে কোনোবা এটি বিশেষ দিনত নতুন দিল্লীৰ ৰামলীলা ময়দানত গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰিত হৈছিল বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকা। ভূপেনদাৰ অনুষ্ঠান মানেই এক বুজাব নোৱৰা অনুভূতি। অনন্য কণ্ঠ, গীতৰ হৃদয়স্পৰ্শী কথা আৰু সুৰৰ সমাহাৰে ইতিমধ্যে দৰ্শকক বিমূৰ্ত আৰু অভিভূত কৰি তুলিছে। ভূপেনদাই গীত পৰিবেশন কৰি আছে আৰু দৰ্শকে আপোন-পাহৰা হৈ মন্ত্ৰমুগ্ধভাৱে শুনি আছে। তেনেতে, দৰ্শকৰ মাজৰপৰাই এগৰাকী ব্যক্তিয়ে কাগজৰ টুকুৰাত এটি বিশেষ গীতৰ অনুৰোধ লিখি নিজৰ নামসহ ভূপেনদালৈ পঠিয়াই দিলে। তেখেতৰ অনুৰোধমৰ্মেই ভূপেনদাই প্ৰাণঢালি গানটো গাই ব্যক্তিগৰাকীৰ লগতে উপস্থিত সকলোকে সন্মোহিত কৰি তুলিলে।
দৰ্শকৰ লগত বহি ভূপেনদাৰ গীত উপভোগ কৰাৰ লগতে কাগজৰ টুকুৰা পঠিওৱা সেই ব্যক্তিগৰাকীয়ে আছিল- দেশৰ সৰ্বকালৰ অন্যতম জনপ্ৰিয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু সেই অনুৰোধৰ বিখ্যাত গীতটি আছিল- ‘মই এটি যাযাবৰ’। অৱশেষত অনুষ্ঠান শেষ হোৱাৰ পিছত অটলজীয়ে ভূপেনদাক কৈছিল- “वह गाना सुनने के लिए तड़प रहा था, इसलिये रिकुवेस्ट भेजा” অৰ্থাৎ “সেই গীতটো শুনিবলৈ উত্ৰাৱল হৈ আছিলোঁ। সেয়ে অনুৰোধ পঠিয়ালোঁ।” এইদৰেই গানৰ মাজেৰে মহামিলন হৈছিল দুগৰাকী ‘ভাৰত ৰত্ন’ৰ।

তেনেদৰে ২০০৩-০৪ চনৰ কথা। তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সৌহাৰ্দমূলক কাৰ্যসূচী লৈ বাংলাদেশলৈ যাব। বাংলাদেশৰ মুক্তিযুদ্ধক লৈ ভূপেনদাই গোৱা ‘জয় জয় নৱজাত বাংলাদেশ, জয় জয় মুক্তিবাহিনী’ গীতটোৱে তাৰে জনতাক যথেষ্ট উদ্বুদ্ধ কৰিছিল। বাংলাদেশত ভূপেনদাৰ জনপ্ৰিয়তাৰ বিশালতা পাৰাপাৰহীন। সৰ্বস্তৰৰ মানুহৰ মুখে মুখে ভূপেনদাৰ কথা। সেয়েহে, বাংলাদেশলৈ যোৱাৰ আগতে সাংস্কৃতিক মনৰ অধিকাৰী বাজপেয়ীয়ে ক’লে- “মোৰ প্ৰতিনিধি দলত হাজৰিকা চাহাব আৰু জগজিৎ চাহাবক লাগে।” এজন সৎ আৰু সুদক্ষ ৰাজনীতিবিদ হিচাপে অটল বিহাৰী বাজপেয়ীক বিশেষ শ্ৰদ্ধা কৰিছিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই। বাজপেয়ীদেৱেও ভূপেনদাক আৰু তেখেতৰ গীতবোৰ বৰ ভাল পাইছিল আৰু দুয়োগৰাকীৰ মাজত গঢ় লৈ উঠিছিল সুসম্পৰ্ক।

ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশলৈ যাওঁতে প্ৰধানমন্ত্ৰীৰ বৈদেশিক কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দেশখনত আয়োজন কৰা হৈছিল বিশেষ সাংস্কৃতিক অনুষ্ঠান। সেই অনুষ্ঠানতে ভূপেনদাই প্ৰাণভৰি গীত পৰিবেশন কৰিছিল, সুধাকণ্ঠৰ হৃদয়স্পৰ্শী কণ্ঠ আৰু সুৰৰ মায়াজালত মন্ত্ৰমুগ্ধ হৈ পৰিছিল উপস্থিত অগণন দৰ্শক। গীতৰ মাজে মাজে তেখেতে প্ৰেৰণ কৰিছিল শান্তি-সমন্বয়ৰ বাৰ্তা। অজস্ৰ মানুহৰ সন্মুখত তেখেতে এটি কালজয়ী সৃষ্টি “গংগা আমাৰ মা, পদ্মা আমাৰ মা…” গীতটি পৰিবেশন কৰোঁতে সকলো আৱেগিক হৈ পৰিছিল। ৰাজনৈতিক কাৰণত খণ্ডিত হোৱা দুখন দেশৰ মানুহে গানটোৰ মাজেৰে অনুভৱ কৰিছিল সাংস্কৃতিক একাত্মতা। সংস্কৃতিয়ে নামানে কোনো ৰাজনৈতিক পৰিসীমা, সংস্কৃতিয়ে কয় মানুহৰ মিলনৰ কথা। এই কথা উপলব্ধি কৰি তেতিয়া বাজপেয়ীয়ে ভূপেনদাক ভূয়সী প্ৰশংসা কৰি কৈছিল, “হাজৰিকা চাহাব, আমি কথাৰে সমাধান দিব নোৱৰা কাম আপুনি দেখোন গানেৰেই কৰিব পাৰে।” – এই বিষয়ে ভূপেনদাই আত্মজীৱনী ‘মই এটি যাযাবৰ’তো লিখি থৈ গৈছে।