কিশোৰ কুমাৰৰ সৈতেঃ ড° ভূপেন হাজৰিকা

Website | + posts

১৯৭৩ চনৰ ১১ জুনত ড° ভূপেন হাজৰিকাই কিশোৰ কুমাৰৰ বোম্বে (এতিয়াৰ মুম্বাই)ৰ ঘৰত সময় কটাই মছগুল হৈছিল আড্ডাত। দুয়োগৰাকী Legendৰ সেই আড্ডা জমি উঠিছিল বিভিন্ন ৰসাল কথাৰে। কথা-চহকী ভূপেনদা আৰু ৰঙীন মেজাজৰ কিশোৰদাৰ সেই আড্ডাৰ লিখিত ৰূপ ১৯৭৩ চনৰে ‘আমাৰ প্ৰতিনিধি’ আলোচনীৰ জুলাই সংখ্যাত প্ৰকাশিত হৈছিল। ৪৭ বছৰ আগতে কিশোৰ কুমাৰৰ সৈতে ভূপেন হাজৰিকাৰ সেই আমোদজনক কথোপকথনৰ ডিজিটেল সংস্কৰণ আজি কিশোৰ কুমাৰৰ জন্মদিন উপলক্ষে আগবঢ়োৱা হ’ল…

বোম্বেৰ জুহুত, যোৱা ১১ জুনত, কিশোৰ কুমাৰৰ ঘৰত বহি কিছু সময় কটাইছিলোঁ। বৰ হাঁহিলোঁ। মানুহজনে মোক তেওঁৰ ঘৰটোৰ চাৰিওফালে দেখুৱাই ক’লে, “এয়া মই সৰু সৰু টিলা কৰিছোঁ বাগিচাৰ মাজে মাজে। মোৰ কল্পনা হ’ল- মই যেন আপোনালোকৰ অসমৰ কোনোবা পাহাৰতহে আছোঁ।” মই ক’লোঁ, আপোনাৰ এই কম্পাউণ্ডত এটা জীয়া হৰিণা ৰাখক। মোৰ কথাটো শুনি মোৰ দুয়োখন হাত তেওঁৰ দুয়োখন হাতেৰে খামুচি ধৰি চিঞৰি উঠিল- “আৰে বাঃ, সাঙ্ঘাতিক আইডিয়া !” চকুকেইটা ডাঙৰ কৰি, কিশোৰকুমাৰিয়ান প’জ এটা দি তেওঁৰ ছেক্ৰেটেৰী, বন্ধু, দাৰ্শনিক আৰু ড্ৰাইভাৰ আব্দুলক মাতিলে। “আব্দুল, তৎক্ষণাৎ জীয়া হৰিণা এটা বিচাৰি কিনি আনিবা। মই পুহিম।” তাৰ পাচত, চকু টিপ মাৰি ক’লে, “আৰু গে’টকিপাৰ কৰিবলৈ এটা বাঘ আনিবা।” মই হাঁহি ক’লোঁ, কিয়, আয়কৰ বিভাগৰ মানুহক ভয় খুৱাবলৈ হ’বলা ! তেওঁ পুনৰ চকু টিপ মাৰি ক’লে, “হ্যাঁ !” মোৰ সৈতে পুনৰ কৰমৰ্দ্দন কৰিলে। এছ. কে. মুখাৰ্জ্জী কিশোৰৰ ভিনীহিয়েক। তেওঁৰ ল’ৰা সমু মুখাৰ্জ্জীক তনুজাই ১০ জুন ‘৭৩-ৰ দিনা বিয়া কৰিছে। মই সুধিলোঁ, ভাগিনৰ বিয়ালৈ কালি গৈছিলনে ? কিশোৰে ক’লে, “আজিকালি ফিল্মৰ মানুহবোৰে যে কেতিয়া কাৰ প্ৰেমত পৰে, কেতিয়া আঙঠি পিন্ধায়, কেতিয়া ফটাফট বিয়া কৰে, ক’বই নোৱাৰোঁ। বুজিছে ভূপেন বাবু, এখন বিয়ালৈকো মই যোৱা নাই। মোৰ আপোন ভাগিনৰ বিয়ালৈকো যাবলৈ নহ’ল” – আমি বহি থাকোঁতেই বাহিৰত বিৰাট বৰষুণ আহিল। কিশোৰে ক’লে, “আজি ফোনটোও মোৰ বেয়া হৈছে। বৰষুণত বোম্বেৰ বাট-পথ বন্ধ হৈ যাব। বৰ মজা হ’ব। আজি আবেলি কল্যাণজী-আনন্দজীৰ সঙ্গীত-পৰিচালনাত মই গীত ৰেকৰ্ড কৰিব লাগিব। ভালেই বাপেকে। বৰষুণত বাট বন্ধ হৈ গ’লে তাৰদেওত থাওক। ষ্টুডিঅ’লৈতো যাব নোৱাৰিম। আজি গান গাব নেলাগিব। জিৰণি পাম অলপ। ওম্ শান্তি, শান্তি। শান্তিত ঘৰতে বহি থাকিম।” মই ক’লোঁ, সিফালে প্ৰযোজকে আত্মহত্যা কৰিব। কল্যাণজী-আনন্দজীয়ে চিঞৰিব। তেতিয়া কৰিব কি ? কিশোৰে ক’লে, “তেতিয়া নাও এখন লৈ, মূৰত গামোচা এখন বান্ধি নিজেই নাৱৰীয়া হৈ, জুহু বীচৰপৰা মহালক্ষ্মী মন্দিৰৰ ঘাটলৈ ব’ঠা মাৰি মাৰি অকলে গুচি যাম- ভাটিয়ালী গাই গাই- ওৰে কল্যাণৰে ওৰে আনন্দ ৰে- আমি যাচ্ছি ৰে…।” কিশোৰৰ ৰগৰ চিৰসেউজীয়া।।

More on this topic

Collaboration request

Rated 3 out of 5
April 19, 2024

Hi there,

My name is Mike from Monkey Digital,

Allow me to present to you a lifetime revenue opportunity of 35%

That’s right, you can earn 35% of every order made by your affiliate for life.

Simply register with us, generate your affiliate links, and incorporate them on your website, and you are done. It takes only 5 minutes to set up everything, and the payouts are sent each month.

Click here to enroll with us today:

https://www.monkeydigital.org/affiliate-dashboard/

Think about it,

Every website owner requires the use of search engine optimization (SEO) for their website. This endeavor holds significant potential for both parties involved.

Thanks and regards

Mike Ryder

Monkey Digital

Mike Ryder

поролон мебельный

Rated 4 out of 5
April 19, 2024

Поролон для мебели: Гарантия качества и комфорта

поролон мебельный http://www.vinylko17.ru/ .

porolon_ijmr

автосервис

Rated 1 out of 5
April 19, 2024

Лучший автосервис рядом.

Надежное техническое обслуживание автомобилей.

автосервис корейских автомобилей [url=https://www.avtoservis-moscva.ru]https://www.avtoservis-moscva.ru[/url] .

avtoservis_kwMt

Миотокс в ботулинотерапии

Rated 3 out of 5
April 18, 2024

Оценка результатов применения миотокса в ботулинотерапии

релатокс или миотокс что лучше http://www.miotoks.ru .

RichardCrews

Hey comrades

Rated 4 out of 5
April 18, 2024

neurontin purchase online Generic neurontin without a percription neurontin non perscription cheap cytotec order neurontin without buy prescription purchase neurontin without prescription USA reliable supplier of medications purchase neurontin USA no rx wegmans online pharmacy neurontin quick real mail neurontin in internet western union without script Purchase neurontin online without rx gualified canadian drugstore

neurontinHIC

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

The Family Man 2: এক পৰ্যালোচনা

আন ৱেব ছিৰিজৰ দৰে এইখনে পূৰ্বৰ অধ্যায় টানি আনিবলগীয়া হোৱা নাই, বৰঞ্চ পূৰ্বৰ মুখ্য চৰিত্ৰসমূহ একে ৰাখি, এক সম্পূৰ্ণ নতুন কাহিনী, চৰিত্ৰ...

ভিট্টৰিঅ’ ডে ছিকাৰ ‘বাইচাইকেল থীভছ্’: নৱ্য বাস্তৱবাদৰ পথিকৃৎ চিনেমাখন

দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইটালীৰ সামাজিক পটভূমিত নাগৰিকৰ জীৱনৰ প্ৰকৃত ৰূপৰেখাৰ প্ৰতিফলনেই হ'ল এই বিশ্ববিশ্ৰুত 'বাইচাইকেল থীভছ্'। বিখ্যাত 'ছাইট এণ্ড ছাউণ্ড্' আলোচনীয়ে ১৯৫২...

জি ফাইভত ‘নিৰন্তৰ’ : অনুসূচনা, উপলব্ধি ইত্যাদিৰে জীৱনৰ দলিল

অনুশোচনা, অন্তৰ্মুখী জীৱনশৈলী অথবা উপলব্ধি আদিৰ এক স্পৰ্শকাতৰ মালিতা 'নিৰন্তৰ'। বাংলা ছবি জগতৰ অতি চিনাকি এটি নাম প্ৰসেনজিত চেটাৰ্জীৰদ্বাৰা প্ৰযোজিত, লগতে চন্দ্ৰাশিস ৰয়ৰদ্বাৰা ৰচিত আৰু পৰিচালিত প্ৰথম তথা সফল পদক্ষেপ 'নিৰন্তৰ'।...