By Team TJC | 20 September, 2020
জয়ন্ত হাজৰিকা (ৰাণাদা)- নতুন আৰু পুৰণিক সুৰেৰে ধৰি ৰাখি মায়াময় ৰূপালী জোনাক সৃষ্টি কৰা এগৰাকী কিংবদন্তি সংগীতশিল্পী। পাশ্চাত্য আৰু অসমৰ মাটিৰ গোন্ধ থকা সুৰৰ সংমিশ্ৰণেৰে তেওঁ সৃষ্টি কৰি থৈ গৈছে বহুকেইটা কালজয়ী গীত।
এটা বিশেষ দিনৰ কথা। যশস্বী গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ চানমাৰিৰ ঘৰত বহু মানুহৰ সমাগম। লগ কৰিবলৈ অহা অজস্ৰ লোকৰ বাবে বাইদেউ সাংঘাতিক ব্যস্ত হৈ পৰিছে। মুঠতে বাইদেউৰ বাবে অতি ব্যস্ততাপূৰ্ণ দিন। তাৰ মাজতে জয়ন্ত হাজৰিকাই সুৰ এটা শুনাম বুলি বাইদেউৰ ঘৰলৈ দিনটোত কেইবাবাৰো আহিল, কিন্তু মানুহৰ অত্যন্ত ভিৰ দেখি উভতি গ’ল। জয়ন্ত হাজৰিকাৰ লগত জনপ্ৰিয় পেৰ’ডী গায়ক দোস্ত হবিবুৰ ৰহমানো আহিছিল। গধূলিও আহি ৰাণাদাই দেখিলে যে- ভিৰ কমাই নাই। আকৌ বিমুখ হৈ উভতি গ’ল। অৱশেষত ৰাতিলৈ মানুহৰ ভিৰ কমাত জয়ন্ত হাজৰিকাই আকৌ বাইদেউৰ ঘৰত উপস্থিত হ’লহি। তেতিয়া ৰাতি প্ৰায় দহমান বাজিছে। নিৰ্মলপ্ৰভা বৰদলৈয়ে ক’লে- “মোৰ বৰ ভাগৰ লাগিছে।” কিন্তু সুৰৰ পৃথিৱীত অনবৰতে ঘূৰি ফুৰা জয়ন্ত হাজৰিকা নাচোৰবান্দা। তেওঁ বাইদেউক অকণমান সুৰটো শুনক বুলি কৈ ততাতৈয়াকৈ হাৰমনিয়ামটোত সুৰটো শুনাইহে এৰিলে। পিছদিনা ৰাতিপুৱাই জয়ন্ত হাজৰিকাক হেনো গানটো লাগে। এনেদৰে এবাৰ সুৰটো শুনাই জয়ন্ত হাজৰিকা ঘৰলৈ উভতি গ’ল। পিছে ৰাতি শুবৰ সময়ত নিৰ্মলপ্ৰভা বৰদলৈয়ে সুৰটো গুণগুণাবলৈ চেষ্টা কৰিলে যদিও পাহৰি থাকিল। সেইদিনাৰ কথা আৰু সিমানতে ৰ’ল।
পিছদিনা বাইদেৱে একেবাৰে সোনকালেই সাৰ পালে। হঠাতে তেওঁৰ সুৰটো মনত পৰা যেন অনুভৱ হ’ল। তেওঁ সদায় ৰাতিপুৱা চানমাৰিৰ ৰেডিঅ’ ষ্টেচনৰ ফালে ঘাঁহনিত খোজকাঢ়িবলৈ যায়। সেইদিনাও গ’ল। বাইদেৱে ঘাঁহনিত খোজকাঢ়ি আছিল। তেনেতে সুৰটো তেওঁৰ ভালকৈ মনত পৰিল। খোজকাঢ়িয়ে মনৰ ভিতৰত গানটো ৰচনা কৰিলে আৰু ঘৰ পাই লিখি পেলালে। কিছু সময়ৰ পিছত জয়ন্ত হাজৰিকাই বাইদেউৰ ঘৰ পালেহি। যেতিয়া জয়ন্ত হাজৰিকাই হাৰমনিয়ামটো লৈ বাইদেউৰ কথাখিনিৰ লগত নিজৰ সুৰটো মিলাই চালে, শব্দ আৰু সুৰ ইমান ধুনীয়াকৈ খাপ খাই পৰিল যে, এটা শব্দও সলনি কৰিবলগীয়া নহ’ল। ছন্দ, তাল, মান সকলো perfect। অতি কম সময়ৰ ভিতৰতে সুৰ কৰিব পৰা জয়ন্ত হাজৰিকাৰ আবদাৰত আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ সৃষ্টিশীল মনেৰে নিগৰি অহা সেই বিখ্যাত গানটোৱে হ’ল- “সাৰ পাম মই পুৱতি নিশাতে, নিয়ৰ যেতিয়া সৰে…”। এনদৰেই দুগৰাকী Legendৰ যুগলবন্দীত সৃষ্টি হ’ল এটা বিখ্যাত অসমীয়া গীত।
(ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনী ‘জীৱন-জীৱন বৰ অনুপম’ৰ সহায় লোৱা হৈছে।)