লকডাউনৰ মাজতে অসমীয়া শিল্পীৰদ্বাৰা নিৰ্মিত কেইখনমান বিশেষ চুটিছবি

Website | + posts

By Team TJC | 26 July, 2020

সৃষ্টিশীলতাৰ নাথাকে কোনো পৰিসীমা। সেইবাবেই হয়তো বিশ্বজুৰি কৰ’না মহামাৰীৰ প্ৰকোপত হোৱা লকডাউনৰ মাজতো বহু সৃষ্টিশীল কাম আমি দেখিবলৈ পাইছোঁ। অসমতো চলচ্চিত্ৰ জগতখনৰ সৈতে জড়িত বহুকেইগৰাকী শিল্পী, কলা-কুশলীয়ে এই সময়খিনিত স্বকীয় প্ৰতিভাৰে নিৰ্মাণ কৰি উলিয়াইছে কেইবাখনো চুটিছবি। ঘৰতে থাকি হাতৰ মুঠিতে থকা স্মাৰ্টফোনেৰে কৰিছে শ্বুটিং। অভিনেতাসকলৰ কোনোবা যদি গুৱাহাটীত, কোনোবা আকৌ মুম্বাইত। কোনো কোনো ক্ষেত্ৰত অভিনেতাজনেই চিনেমাট’গ্ৰাফাৰ। আৱহ সংগীত, সম্পাদনা, পোষ্টাৰ ডিজাইনিং আদি সকলোখিনি কাম আনকি সম্পন্ন হৈছে কোনেও কাৰো সৈতে সোশৰীৰে দেখা নকৰাকৈ। ছবিবোৰ মুক্তি দিয়া হৈছে ইউটিউবকে ধৰি অন্যান্য অ’নলাইন মাধ্যমত। এনে কেইখনমান চুটিছবি আমি লৈ আহিছোঁ আপোনালোকৰ বাবে।

“আমি ৰ’দ ল’ম (We Will Have Sunshine)” এনে এখন চুটিছবি যাৰ কাহিনীৰ পটভূমিয়ে হ’ল কৰ’না সময়ছোৱাৰ জীৱন। বাহিৰৰপৰা ঘৰলৈ উভতি অহা এজন যুৱকে তেওঁৰ সন্তানসম্ভৱা পত্নী আৰু বৃদ্ধ মাক-দেউতাকৰপৰা নিজকে আঁতৰাই ৰাখি এটা কোঠালিত ছেল্ফ কোৱাৰেণ্টাইন হৈ থাকে। আৱেগক নিয়ন্ত্ৰণ কৰি আপোন মানুহখিনিক সংক্ৰমণৰপৰা ৰক্ষা কৰাৰ বিজ্ঞানসন্মত সজাগতা আৰু শেষত বিৰাট প্ৰাপ্তিৰ হাঁহিয়ে ১ মিনিটৰ এই চুটিছবিখনক অৰ্থবহ কৰি তুলিছে। কাহিনী আৰু পৰিচালনা উপাসনা মহন্তৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে তেওঁৰ পৰিয়ালৰে সদস্যসকলে ক্ৰমে- ঝুলন কৃষ্ণ মহন্ত (যি নিজেও এগৰাকী ছবি পৰিচালক, সম্পাদক হিচাপে সমাদৃত), বি. কে. মহন্ত, জয়শ্ৰী মহন্ত আৰু গাৰ্গী মহন্তই। সংগীত পৰিচালনা সৌৰভ মহন্তৰ।

কিবা এটা সৰু কথাতে কাজিয়া আৰু পিছত ইজনে আনজনক নমতা। “Conditions Apply”- লকডাউনৰ মাজত চহৰৰ ফ্লেটত আৱদ্ধ হৈ পৰা এহাল স্বামী-স্ত্ৰীৰ এটি মিঠা প্ৰেমৰ কাহিনী। অসম সন্তান বলোৰাম দাসৰ পৰিচালনা আৰু তেওঁৰ সৈতে পত্নী টিনা ভাটিয়াৰ অভিনয় আকৰ্ষণীয় হৈছে। চুটিছবিখনত অভিনয় কৰাৰ লগতে দুয়োগৰাকীয়ে একেলগে চিনেমাট’গ্ৰাফাৰৰ কামখিনিও কৰিছে। কাহিনী ৰাহুল প্ৰতাপৰ, সম্পাদনা কৰিছে ৰূপাংকৰ দাসে।

“নিচুকনি”- চুটিছবিখনৰ নির্মাতাগৰাকীয়েই হ’ল ইয়াৰ এটি বিশেষত্ব। ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সংগীত পৰিচালনা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপ্ত যশস্বী কণ্ঠশিল্পী তৰালি শৰ্মাৰ। অভিনয় কৰিছে বলোৰাম দাস, ৰেণু শৰ্মা আৰু শিশুশিল্পী তনিষ শৰ্মা বৰদলৈয়ে। লকডাউনৰ ফলত পৃথিৱীৰ বিভিন্ন লোকৰ জীৱনত পৰা নানানটা প্ৰভাৱৰ মাজৰে এটা পৰিয়ালৰ অৱস্থা আৰু অনুভূতিক চুটিছবিখনৰ জৰিয়তে সুন্দৰকৈ তুলি ধৰা হৈছে।

“এটা কথা সোধো (Can I Ask Something ?)”- নামটোতেই আছে এক কৌতুহলী ভাব। গাৰ্গী মহন্তৰ পৰিচালনাৰে চুটিছবিখনে এটি শিশুৰ মনস্তাত্ত্বিক দিশটোক উপস্থাপন কৰিছে। লকডাউনৰ বাবে নিজৰ সমনীয়াবোৰৰপৰা আঁতৰি থকা ধুনে নিজৰ কৌতুহল নাইকিয়া কৰিবলৈ পৰিয়ালৰ সকলোকে নানা প্ৰশ্ন কৰে। এই সময়ছোৱাত শিশুটিয়ে কিদৰে নিজেই কিছুমান সমনীয়া বিচাৰি উলিয়াই লয়, তাৰ নিষ্পাপ কাহিনীটো আপুনিও চাব পাৰে।

“Time Loop (সময়ৰ বৰ্তনী)”- কিছুমান গভীৰ ভাবক সৰু সৰু প্ৰতীক আৰু বস্তুৰ মাজেৰে অৰ্থবহভাৱে প্ৰতিফলিত কৰা এখন সুন্দৰ চুটিছবি। কৰ’না মহামাৰীৰ সময়ত ঘৰতে আবদ্ধ এগৰাকী বৃদ্ধা, তেওঁৰ জীয়ৰী আৰু এটি কণমানিৰ মনৰ অৱস্থাক তুলি ধৰিছে কাহিনীকাৰ তথা পৰিচালক সৌৰভ মহন্তই। অভিনয় কৰিছে দুলৰী মহন্ত, সন্ধ্যা কাকলি আৰু কণমানি ৰিহাই। ৰণ্টু মহন্তৰ কবিতাৰ মাজেৰে আগুৱাই যোৱা চুটিছবিখনে কৈ গৈছে এগৰাকী বয়সস্থ মহিলাৰ মনৰ বহু কথা।

More on this topic

алкоголь доставка

Rated 2 out of 5
March 29, 2024

Алкоголь с доставкой 24 часа: Ваш заказ всегда в приоритете

доставка алкоголя круглосуточно http://www.dostavka-alkogolya-moskva-11.ru/ .

alkogol_rtPa

Hi outer world

Rated 4 out of 5
March 28, 2024

buy amoxicillin in Usa cheaply buy amoxicillin on-line buy amoxicillin online overnight shipping cheap buy antibiotic U.s. pharmacies for amoxicillin without rx buy amoxicillin without rx needed special internet prices discount amoxicillin no prescription rite aid online, buy generic antibiotic no script amoxicillin high blood pressure buy amoxicillin on line cheap buy amoxicillin in united or kingdom amoxicillin without a doctor prescription usa cvs online prescription

amoxicillinanons

FREE fast ranks for thejollywoodcafe.com

Rated 4 out of 5
March 27, 2024

Hi there

Just checked your thejollywoodcafe.com baclink profile, I noticed a moderate percentage of toxic links pointing to your website

We will investigate each link for its toxicity and perform a professional clean up for you free of charge.

Start recovering your ranks today:

https://www.hilkom-digital.de/professional-linksprofile-clean-up-service/

Regards

Mike Kelly

Hilkom Digital SEO Experts

https://www.hilkom-digital.de/

Mike Kelly

Hiya comrade

Rated 2 out of 5
March 27, 2024

buy cheap amoxicillin Usa buy amoxicillin without prescription canada amoxicillin online buy Canada cheap antibiotics order amoxicillin online drugs buy cheap amoxicillin no rx online costco home delivery buy amoxicillin without rx from canada to Us 20 mg price cvs. buy generic drugs antibiotics online How can we learn to acquire UK amoxicillin with no rx over the web? buy amoxicillin no rx est amoxicillin nline amoxicillin U.p.s. shipping cod great quality – bonus pills added

amoxicillinmib

услуги сантехника

Rated 1 out of 5
March 27, 2024

Услуги сантехника: как избежать дополнительных расходов

услуги сантехника https://24santehnik-2.ru .

santehnik_eqEt

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

তনভীৰ মোকাম্মেল পৰিচালিত ‘লালন’ আৰু লালন ফকীৰৰ জীৱন দৰ্শন

'যা আছে ভাণ্ডে, তাই আছে ব্ৰহ্মাণ্ডে'- এয়া আছিল লালন ফকীৰৰ দৰ্শন। তেওঁ বিশ্বাস কৰিছিল- সকলো মানুহৰ মাজত বাস কৰে 'মনেৰ মানুষ' অৰ্থাৎ...

কিশোৰ কুমাৰৰ সৈতেঃ ড° ভূপেন হাজৰিকা

১৯৭৩ চনৰ ১১ জুনত ড° ভূপেন হাজৰিকাই কিশোৰ কুমাৰৰ বোম্বে (এতিয়াৰ মুম্বাই)ৰ ঘৰত...

সন্ধ্যাৰাগ: ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথমখন চিনেমাৰ আঁৰৰ ৰসাল ঘটনাবোৰ

এনে চৰ্চিত আৰু অতুলনীয় চিনেমাৰ নিৰ্মাতা হিচাপে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰিপক্কতা সৰ্বজনবিদিত। 'সন্ধ্যাৰাগ' আছিল ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চিনেমা।