ABOUT US

While some people need their daily dose of tea, others need their regular intake of cinema. If you are among the latter, then ‘The Jollywood Cafe’ is the place to be. The initiative is the brainchild of two youths from Assam who love talking about cinema over a cup of tea.

Celebrating 85 glorious years of Assamese Cinema, ‘The Jollywood Cafe’ will feature discussions on Assamese cinema, regional cinema (of various languages) along with many known & unknown movies across the world.

Apart from that, we will also feature snippets from short films, documentaries and various web series. We shall also strive to feature the Who’s Who from the world of cinema.

At ‘The Jollywood Cafe’, our objective is to Protect, Promote & Preserve the golden history of Assamese Cinema. We will make sure to disseminate correct information on various unknown facets of the Assamese cine world.

Through informative content (both in Assamese & English), we will do our best to bring the world of cinema to your doorstep.

In addition to that, we are also keen to learn more about world cinema from all you movie buffs out there. We seek your support and cooperation in taking forward this journey.

Together, let’s have a sip of cinema.

To be a part of our journey, contact us:

আমাৰ বিষয়ে

The Jollywood Cafe হৈছে মনোৰঞ্জনৰ পিয়লাত চিনেমাৰ ৰস আস্বাদনৰ এটি আড্ডাথলী। Let’s have a sip of Cinema- এনেকৈয়ে আমাৰ এই আড্ডালৈ সকলোকে আমি আদৰি আনোঁ। কিয়নো দুজন চিনেপ্ৰেমী যুৱকৰ চাহৰ আড্ডাৰ মাজতে জন্ম লৈছিল এই পদক্ষেপৰ।

The Jollywood Cafe নামটো ৮৫ বছৰীয়া অসমীয়া চিনেমাৰ সোণালী ইতিহাসৰদ্বাৰা অনুপ্ৰাণিত। আমি ইয়াত আড্ডাৰ মেজাজত আলোচনা কৰোঁ- অসমৰ চিনেমা, ভাৰতৰ অন্যান্য আঞ্চলিক ভাষাৰ চিনেমাৰপৰা বিশ্বৰ চৰ্চিত আৰু চৰ্চিত নোহোৱাকৈয়ে থাকি যোৱা বহু চিনেমাৰ বিষয়ে। তাৰ লগতে, আহাৰৰ শেষত পোৱা দৈখিনিৰ দৰেই থাকিব চুটিছবি, তথ্যচিত্ৰ, শেহতীয়াকৈ সংযোজন হোৱা ৱেব ছিৰিজ ইত্যাদিৰ বিভিন্ন দিশ সামৰি আকৰ্ষণীয় লেখা। ইয়াত পাব কলা-সংস্কৃতিৰ বিভিন্ন ৰসাল বতৰা। চিনেমাৰ বিশাল ক্ষেত্ৰখনত নিজৰ প্ৰতিভাৰে উজলি উঠা অভিজ্ঞ বহুজনক লগ পাব আমাৰ এই আড্ডাথলীত।

 অসমৰ চিনেমা আৰু অসমীয়া চিনেমাৰ সোণালী ইতিহাসৰ বিভিন্ন তথ্য, আপুৰুগীয়া ভিডিঅ’, সমল আদিৰ আৰ্কাইভৰ যোগেদি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জলীউডৰ বিষয়ে অজ্ঞাত হৈ থকা বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিনেপ্ৰেমীসকলৰ মাজত সঠিক আৰু শুদ্ধ তথ্যৰ যোগান ধৰাও আমাৰ অন্যতম লক্ষ্য। জলীউডক নিজেও জানিম, আনকো জনাম।

বিশ্ব চিনেমাৰ লগতে ইয়াৰ আনুষংগিক দিশবোৰ আমি নিজে জানিবলৈ আৰু আনকো আমাৰখিনি জনাবলৈ আমি অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে তথ্যসমৃদ্ধ আৰু গুণগত লেখা আপোনালোকক যোগান ধৰিবলৈ মন মেলিছোঁ। এইক্ষেত্ৰত আপুনিও হ’ব পাৰে আমাৰ সহযাত্ৰী। সামাজিক মাধ্যমত আৰম্ভ কৰা এই যাত্ৰাত চিনেপ্ৰেমীৰপৰা পোৱা অভূতপূৰ্ব সঁহাৰিয়ে আমাক আগুৱাই যোৱাৰ প্ৰেৰণা দি থাকিব।

পুৰণিখিনিক লগত লৈ নতুনৰ বাটেৰে নতুন উদ্যমেৰে আমি যাত্ৰা কৰিছোঁ। চিনে পৃথিৱীখনত এভুমুকি মাৰি আমাৰ সহযাত্ৰী হ’বলৈ সংযুক্ত হওক: