By Team TJC | 26 July, 2020
এখন যুদ্ধক্ষেত্ৰ। তাত এজন অকলশৰীয়া মানুহ। নাই, তেওঁ ঠিক যোদ্ধা নহয়। তেওঁ যোদ্ধাসকলৰ মাজত বুজা-বুজি কৰাই দিয়া এজন মানুহ। হয়তো মানুহৰূপী কোনোবা ঈশ্বৰৰ দূত। এনেকৈয়ে তেওঁক ঈশ্বৰৰ দূত হিচাপে বিশ্বাস কৰে এচাম মানুহে, যিসকলৰ জীৱনত তেওঁ বিলাই দিছে এচমকা উজ্জ্বল পোহৰ। তেওঁ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতা। এটি যুদ্ধক্ষেত্ৰসদৃশ অঞ্চলত শান্তি-সমন্বয় আৰু শিক্ষাৰ বাৰ্তা বিলাই অহা আতাৰ জীৱন সাধনাৰ পটভূমিত নিৰ্মিত এখন তথ্যপূৰ্ণ, ভাব উদ্দীপক তথ্যচিত্ৰ হৈছে- Alone In The Combat Zone.
বিংশ শতিকাৰ চল্লিশৰ দশকত স্কুললৈ যোৱাৰ বাবে মনত দুৰ্বাৰ হেঁপাহ পুহি ৰখা দুখীয়া পৰিয়ালৰ সাত-আঠ বছৰীয়া এটি শিশুৱে বৰপেটা সত্ৰত আলৈপৈচান ধৰিবলৈ যাবলগীয়া হ’ল। উচ্চশিক্ষিত হোৱাৰ ইচ্ছা থকাৰ পিছতো সত্ৰৰ আধ্যাত্মিক জীৱনশৈলীৰ মাজত তেওঁ আৰম্ভ কৰিলে জীৱনৰ অন্য এক পৰিক্ৰমা। সেই শিশুটিয়ে এদিন ডাঙৰ হৈ এটা অনগ্ৰসৰ জনজাতীয় অঞ্চলত শিক্ষাৰ পোহৰ বিলালে, একশৰণ নামধৰ্মৰ মাজেৰে পৰস্পৰবিৰোধী দুটা সত্তাক একত্ৰিত কৰিলে। অত্যন্ত ইচ্ছা থকা স্বত্বেও ঘৰৰ আৰ্থিক অৱস্থাই স্কুললৈ যাবলৈ সুযোগ নিদিয়া সেইগৰাকী হৰেকৃষ্ণ মহন্ত আতাৰ প্ৰচাৰবিহীন জীৱনক তথ্যচিত্ৰখনত হৃদয়স্পৰ্শীভাৱে তুলি ধৰিছে মঞ্জুল বৰুৱাই।

চৈধ্য বছৰ বয়সতে বৰপেটা সত্ৰৰ প্ৰসংগ কৰিবলৈ সুযোগ পোৱা হৰেকৃষ্ণ মহন্ত অত্যন্ত মেধাৱী প্ৰকৃতিৰ আছিল। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে তেনেকৈয়ে জীৱন পৰিক্ৰমাই এদিন তেওঁক লৈ গৈছিল অশান্ত, উগ্ৰপন্থাজর্জৰ ওদালগুৰিলৈ। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি সেই অঞ্চলৰ সমাজ জীৱনলৈ তেওঁ কঢ়িয়াই আনিলে এক নতুন লহৰ। ওদালগুৰি জিলাৰ বৰঙ্গাজুলিত আতাই স্থাপন কৰিলে এখন প্ৰাথমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এখন মহাবিদ্যালয়। প্ৰথমাৱস্থাত তেওঁ শিক্ষকসকলক সত্ৰৰ দান-বৰঙণিৰপৰাই দৰমহা দিয়াৰ ব্যৱস্থা কৰিছিল আৰু কেতিয়াও বিদ্যালয়ৰ মুখ দেখি নোপোৱা, শিক্ষাৰ প্ৰয়োজনীয়তা বুজি নোপোৱা মানুহৰ ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালী বিচাৰি ফুৰিছিল। ল’ৰা-ছোৱালীবোৰক ফল-মূল, মাহ-প্ৰসাদেৰে আপ্যায়ন কৰোৱাৰ লগতে দূৰ-দূৰণিৰ ল’ৰাবোৰক তেওঁ নিজৰ লগতে ৰাখি স্কুলত পঢ়ুৱাইছিল। জাত-পাত, উচ্চ-নীচৰ ঊৰ্ধ্বলৈ গৈ সমাজ সংস্কাৰ কৰা এইগৰাকী মহান ব্যক্তিয়ে ৯৬ বছৰ বয়সতো খালী ভৰিৰেই খোজকাঢ়ে।
এচাম বৌদ্ধিক মহলত সাধাৰণতে ধৰ্ম আৰু আধ্যাত্মিকতাৰ যি বিভাজনমুখী বা নেতিবাচক দিশ আলোচিত হোৱা দেখা যায়, তাক হৰেকৃষ্ণ মহন্ত আতাৰ আধ্যাত্মিক জীৱন আধাৰিত কৰ্মই প্ৰতিপ্ৰশ্ন কৰিছে বুলিও ক’ব পাৰি। সমাজৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাটত বিভিন্ন সময়ত জগৰীয়া কৰা হৈছে শিক্ষাৰ প্ৰতি থকা অৱহেলাক। তাৰ গূঢ়াৰ্থ তাহানিতে বুজি পাইছিল আতাই। সেয়েহে, নিজে কেতিয়াও বিদ্যালয়লৈ নগ’লেও সত্ৰত আয়ত্ত কৰা শিক্ষাৰ জৰিয়তেই শিক্ষিত ব্যক্তিয়েও কৰিব নোৱাৰা কাম তেখেতে কৰি দেখুৱাব পৰিছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক অধিকাৰ প্ৰাপ্তিৰ বাবে উগ্ৰতাৰ পৰিৱৰ্তে মানৱতাবোধ, গণতান্ত্ৰিক শক্তিত বিশ্বাসী কৰি তোলাৰপৰা অন্ধবিশ্বাস আঁতৰাই শিক্ষিত প্ৰজন্ম গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একশৰণ নামধৰ্মকে বাছি লৈ সফল হৈছিল। এই সকলো দিশ সামৰি মঞ্জুল বৰুৱাৰ স্বকীয় উপস্থাপন শৈলীয়ে সমাজৰ এজন প্ৰকৃত নায়কক সকলোৰে সৈতে পৰিচয় কৰাই দিছে। বিষয়বস্তুৰ গভীৰতাৰে এনে তথ্যচিত্ৰই চিনেমাৰ দৰেই সমাজৰ বহু অনাৱিস্কৃত দিশ পোহৰলৈ আনে।
তথ্যচিত্ৰখনৰ নামটোৰ দৰেই আৰু এটা নামে এই তথ্যচিত্ৰখন চাবলৈ একপ্ৰকাৰ বাধ্য কৰিব পাৰে বুলি ক’ব পাৰি। সেই নামটো হল- মঞ্জুল বৰুৱা। ‘অন্তৰীণ’ৰ দৰে উচ্চ প্ৰশংসিত চিনেমা পৰিচালনাৰে অসমীয়া চলচ্চিত্ৰ জগতত পৰিচালক হিচাপে তেওঁ আত্মপ্ৰকাশ কৰিছিল। তাৰপিছত ৰীতা চৌধুৰীৰ কাহিনীৰ আধাৰত নিৰ্মিত আন এখন চিনেমা ‘কানীন’ৰ পৰিচালনাৰে মঞ্জুল বৰুৱাই পৰিপক্ক পৰিচালক হিচাপে বিশেষ সমাদৰ লাভ কৰিছে। দুখনকৈ সফল ছবি পৰিচালনাৰ পিছত তেওঁ এখন ডকুমেণ্টৰীত হাত দিয়াৰ বিশেষ কাৰণটোৰ বিষয়ে জানিবলৈ আপুনিও Alone In The Combat Zone চোৱা উচিত।