শিপাৰ পৰা আঁতৰি গ’লে মানুহৰ স্থিতি নোহোৱা হৈ যায়। নিজৰ শিপা পাহৰি যোৱা মানুহবোৰে গোটেই জীৱন শিপাৰ সন্ধান কৰি থাকোঁতেই পাৰ হৈ যায় সময়। বৰ্তমান সময়ৰ আমি মানুহবোৰে যি কৰি আছোঁ… সেয়া শিপাৰ সন্ধান !
By Pubali Bhagowati | 10th October, 2020
সকলো বস্তু-বিষয়ৰে একোটা মূল থাকে- যাক আমি শিপা বুলিও কওঁ। শিপা যিমানেই শক্তিশালী তথা গভীৰ হয়, বিষয় এটা ভাবগধুৰ হৈ উঠে, এজোপা গছো তেনেকৈ ঠন ধৰি উঠে। কিন্তু শিপা উচ্ছেদিত হ’লেই গছজোপা মৰি যায়, লাগিলে বটবৃক্ষই হওক। মানুহৰ ক্ষেত্ৰতো একে কথা। শিপাৰপৰা আঁতৰি গ’লে মানুহৰ স্থিতি নোহোৱা হৈ যায়। নিজৰ শিপা পাহৰি যোৱা মানুহবোৰে গোটেই জীৱন শিপাৰ সন্ধান কৰি থাকোঁতেই পাৰ হৈ যায় সময়। বৰ্তমান সময়ৰ আমি মানুহবোৰে যি কৰি আছোঁ… সেয়া শিপাৰ সন্ধান !
ছাৰা এগৰাকী অভিনেত্ৰী। পৰিয়ালৰ সন্মতি নোহোৱাকৈ অভিনয় কৰাৰ সপোন বুকুত বান্ধি পেৰিছলৈ গুচি গৈছিল আৰু অভিনেত্ৰী হিচাপে সুপ্ৰতিষ্ঠিতও হৈছিল। চিনেমাত কৰা কিছু আপত্তিজনক অভিনয়ৰ বাবে জন্মভূমি ইৰাণলৈ উভতি আহিবলৈ তেওঁক অনুমতি দিয়া হোৱা নাছিল। বিশ বছৰৰো অধিককাল পেৰিছত থকাৰ পাছত তেওঁলৈ এখন চিঠি আহে- যিখন পঢ়ি তেওঁ ইৰাণলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে তেওঁ সহায় লয় তুৰ্কীস্থিত বন্ধু ইলমাজৰ। ইলমাজ, তেওঁৰ ভাতৃ আৰু স্থানীয় কেইজনমান লোকৰ সহায়ত দক্ষিণ-পূব তুৰ্কীৰ সীমাৰে গোপনে তেওঁ ইৰাণত প্ৰৱেশ কৰে। ঘৰ গৈ পোৱাৰ পিছত ছাৰাই গম পাই যে তেওঁৰ পিতৃ স্বৰ্গগামী হৈছে। এগৰাকী আত্মীয়ৰ বাহিৰে ঘৰখন জনশূন্য। দেউতাকে দি যোৱা বেগটো ছাৰালৈ আগবঢ়াই দি আত্মীয় মহিলাগৰাকীয়ে তাচ্ছিল্যৰ সুৰত কয়- “তোমাৰ দেউতাই তোমাক কেতিয়াও ক্ষমা নকৰে।” অসহায় ছাৰাই দৌৰি গৈ দেউতাকৰ কবৰটো সাবটি ধৰে। তাইৰ অন্তৰৰ যন্ত্ৰণাখিনি, হাহাকাৰখিনিক তেতিয়াও উপহাস কৰি আত্মীয়গৰাকীয়ে কয়- “তোমাৰ অভিনয় শেষ হোৱা নাইনে ? এইবোৰ সকলো তোমাৰ অভিনয়।” ছাৰাৰ মনত পৰে দেউতাকে সৰুতে কোৱা সাধুটোৰ কথা- পৰিয়ালৰপৰা বিচ্ছিন্ন হৈ যোৱা চৰাইটোৰ শেষ পৰিণতি… যি পৰিণতিৰপৰা তায়ো নিস্তাৰ নাপালে।
চিনেমাখন আগবাঢ়ি যায় এটা সুমধুৰ সংগীতৰ দৰে…। দুৰ্গম যাত্ৰাপথত বৰফেৰে ঢকা শাৰী শাৰী পৰ্বতমালা… আকৰ্ষণীয় দৃশ্যবোৰত চকু থৰ হৈ ৰয়। এজন দৰ্শক হিচাপে সেই ঠাইখনত নিজকে থিয় হৈ থকা যেন মাজে মাজে অনুভৱ হয়। Very Fresh and Lively. এই দৃশ্যসমূহে চিনেমাট’গ্ৰাফীক অনন্য মাত্ৰা প্ৰদান কৰিছে। ছবিখনৰ শেষাংশ অতি আকৰ্ষণীয়। প্ৰটাগ’নিষ্ট সুউচ্চ পৰ্বতৰ ওপৰত ৰৈ থাকে। তলেদি এটা নিজৰা বৈ গৈছে। কেমেৰা প্ৰটাগ’নিষ্টৰপৰা পেন হৈ শাৰী শাৰী বৰফৰ পৰ্বতমালাৰ ফালে গৈ থাকে। বেকগ্ৰাউণ্ডৰপৰা ভাঁহি আহে দেউতাকে সৰুতে ছাৰাক কোৱা সাধুকথাটো।
চিনেমেটিক ক্ৰাফটৰ লগতে চিনেমাখনত এটা সুন্দৰ মেছেজ আছে। অৱশ্যে, পৰিচালকে কাহিনীটোৰ ডিটেইলত যাব পৰাৰ সুবিধা আছিল। দৰ্শকক ছাৰাৰ প্ৰতি আৰু বেছি সহানুভূতিশীল কৰি তুলিব পৰাৰ থল আছিল। ছাৰা আৰু ইলমাজৰ সম্পৰ্কটো কিছু অন্তৰংগ কৰি দেখুওৱাৰো সুবিধা আছিল। কিন্তু পৰিচালকে সেইবোৰ একোকে নকৰি ক্ৰাফটকহে বেছি গুৰুত্ব দিলে- Which signifies it as a real art work।
(দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লেখিকাই উপভোগ কৰিছিল অন্তিম শ্ব’ হিচাপে প্ৰদৰ্শিত চিনেমাখন)