The Family Man 2: এক পৰ্যালোচনা

Dr. Pranjal Medhi
Works at Muscat, Sultanate of Oman | + posts

আন ৱেব ছিৰিজৰ দৰে এইখনে পূৰ্বৰ অধ্যায় টানি আনিবলগীয়া হোৱা নাই, বৰঞ্চ পূৰ্বৰ মুখ্য চৰিত্ৰসমূহ একে ৰাখি, এক সম্পূৰ্ণ নতুন কাহিনী, চৰিত্ৰ আৰু পটভূমিৰে ৱেব ছিৰিজটো আগবাঢ়িছে।

২০১৯ চনত আমাজন ইণ্ডিয়াৰদ্বাৰা প্ৰচাৰিত হোৱা ‘The Family Man’ নামৰ ৱেব ছিৰিজখনে দৰ্শকৰপৰা ব্যাপক সঁহাৰি লাভ কৰিছিল। আমাজন ইণ্ডিয়াৰ মুখ্য আকৰ্ষণ বুলি ক’ব পৰা এই ছিৰিজখনক ইয়াৰ বলিষ্ঠ কাহিনী, চিত্ৰনাট্য তথা সাৱলীল অভিনয়ৰ বাবে উচ্চ প্ৰশংসা কৰা হৈছিল।

দ্বিতীয় খণ্ডৰ আৰম্ভণিতে দৰ্শকৰ অৱগত হৈছিল যে ভাৰতৰ দাক্ষিণাত্যৰ তামিলনাডু আৰু শ্ৰীলংকাৰ LTTE-ৰ বাবে হোৱা সংগ্ৰামৰ ওপৰত এইবাৰৰ মূল কাহিনীভাগ আধাৰিত। কিন্তু কেনেকৈ এই বহুল পৰিচিত LTTE-ৰ সংগ্ৰামক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত সংবেদনশীলভাৱে সংযুক্ত কৰা হৈছে, তাতেই লিখক, নিৰ্দেশকৰ পাৰদৰ্শিতা ফুটি উঠিছে। লগতে মন কৰিবলগীয়া যে, এই নতুন অধ্যায়টিৰ জৰিয়তে নিৰ্দেশকে ’ভাল আৰু বেয়া’ৰ মাজৰ পাৰ্থক্য সম্পূৰ্ণ অস্পষ্ট কৰি তুলিছে। নায়ক আৰু খলনায়কৰ নিৰ্বাচন কৰোঁতে পথ হেৰুৱাইছে দৰ্শকে! পূৰ্বৰ অধ্যায়ত যিদৰে এক স্পষ্ট ধাৰণা খলনায়কৰ বিষয়ে দৰ্শকৰ মনত আছিল, সেয়া নতুন এই অধ্যায়ত ধূসৰিত হৈ পৰিছে। সন্ত্ৰাসবাদী আৰু স্বাধীনতা সংগ্ৰামীৰ মাজত পাৰ্থক্য চালি-জাৰি চাবলৈ দৰ্শকৰ নিজা চিন্তা-ভাবনাৰ ওপৰত এৰি দি, নিৰ্দেশক ধাৱমান হৈছে কাহিনীক আগবঢ়াই নিয়াত। এক ত্বৰান্বিত গতিত আগবাঢ়ি যোৱা কাহিনীটোত আমনি পাবলৈ ক্ষণ বিচাৰি পোৱাটো এক প্ৰকাৰ কঠিন। বাস্তৱবাদ আৰু নৱ্য-বাস্তৱবাদৰ কিছু প্ৰভাৱ পৰিলক্ষিত হোৱা স্বত্বেও এই ৱেব ছিৰিজখন এক বাণিজ্যিক ধাৰাবাহিক। ফলস্বৰূপে, বহুক্ষেত্ৰত এক বাস্তৱিক পৰিৱেশ ৰচনা কৰিবলৈ চেষ্টা কৰা হৈছে যদিও, সম্পাদনা, আৱহ সংগীত ইত্যাদিত বাণিজ্যিক প্ৰভাৱ স্পষ্ট। উদাহৰণস্বৰূপে, কাহিনীটোক অধিক বাস্তৱিক কৰি তুলিবলৈ তামিল ভাষাৰ দুটা ভিন্ন দোৱানৰ লগতে শ্ৰীলংকাৰ ভাষাৰ প্ৰয়োগ কৰা হৈছে। ইয়াৰ ফলত, নিৰ্মাতাসকল কিছুসংখ্যক দৰ্শকৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়াও হৈছে। বহু দৰ্শকৰ মতে যিহেতু ৱেব ছিৰিজখন হিন্দীভাষীৰ বাবে প্ৰস্তুত কৰা হৈছে, গতিকে ইয়াৰ মূল ভাষা Dubbing কৰি হ’লেও হিন্দী কৰি ৰখাটো এক প্ৰয়োজনীয়তা আছিল। কিন্তু ছিৰিজখনৰ বৃহৎ অংশ তামিল আৰু ইংৰাজী ভাষাত হোৱাৰ বাবে, সৰ্বসাধাৰণ উত্তৰ ভাৰতীয় দৰ্শকৰ বাবে বুজাত অসুবিধা হোৱাৰ অভিযোগ আহিছে। কিছুমানৰ মতে, ছিৰিজখনত Subtitle দিয়া হৈছে যদিও সাধাৰণ দৰ্শকে Subtitle-ত দিয়া ইংৰাজী ভাষা পঢ়াত অসুবিধা পাইছে, আৰু ইয়াৰ ফলত মূল দৃশ্যাৱলী উপভোগ কৰাত বাধা আহি পৰিছে।

শ্ৰীলংকাৰ তামিলসকলৰ দীৰ্ঘদিনীয়া স্বাধীনতা সংগ্ৰামৰ প্ৰেক্ষাপটত ৰচিত হৈছে মূল কাহিনীভাগ। মুখ্য নাৰী চৰিত্ৰৰ ওপৰত শ্ৰীলংকাৰ সামৰিক বাহিনীৰ অত্যাচাৰ সাংকেতিকভাৱে দেখুওৱা হৈছে, কিন্তু তাৰ প্ৰভাৱ কেনেকৈ বহুবছৰ জুৰি নায়িকাৰ অৱচেতন মনত দগমগীয়া হৈ আছে, তাকো ছামান্থা আকিনেনিৰ অভিনয়ে সুন্দৰকৈ ফুটাই তুলিছে। দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থা আকিনেনিৰ খুব সম্ভৱ এয়া ৱেব ছিৰিজৰ জগতত প্ৰথম খোজ। শ্ৰীলংকাৰ এগৰাকী তামিল যুৱতী ‘ৰাজী’, যি ঘটনাচক্ৰত পৰি LTTE-ৰ সংগ্ৰামৰ সৈতে জড়িত হৈ সংগঠনটোৰ বায়ু সেনাৰ শীৰ্ষ পৰ্যায়ৰ যুঁজাৰু বৈমানিক হৈ উঠে‌। সেয়া প্ৰতিফলিত কৰাৰ উপৰিও, অতবছৰে চেপি ৰখা শোষণ, নিষ্পেষণৰ আগ্নেয়গিৰি কেনেকৈ দুটামান লম্পট পুৰুষ চৰিত্ৰৰ ওপৰত উদ্গীৰণ হয়, সেয়া ছামান্থাৰ সাৱলীল অভিনয়ৰ জৰিয়তে প্ৰকাশ পাইছে। চৰিত্ৰটোৰ সংলাপ বাস্তৱমুখী হোৱাৰ চেষ্টাত তামিল ভাষাত হোৱাৰ বাবে, বুজিবলৈ অসুবিধা হৈছে যদিও, ছামান্থাৰ মুখমণ্ডলৰ প্ৰকাশভংগী আৰু যথোচিত Body Language-ৰ প্ৰয়োগে অ-তামিলভাষী দৰ্শকক এই অভাৱ অনুভৱ হ’বলৈ দিয়া নাই।

ছিৰিজটোৰ মুখ্য চৰিত্ৰসমূহৰ উপৰিও মাত্ৰ কিছু সময়ৰ বাবে পৰ্দালৈ অহা কেইটামান চৰিত্ৰই দৰ্শকৰ মনত ৰেখাপাত কৰিছে। ইয়াৰ ভিতৰত চেল্লাম ছাৰ, মূত্থু পান্দিয়ান আৰু ধৃতিৰ চৰিত্ৰকেইটা বিশেষভাৱে চৰ্চিত হৈছে। ধৃতিৰ চৰিত্ৰটি ছিৰিজৰ প্ৰথম অধ্যায়তো আছিল যদিও, এইবাৰৰ নতুন সংস্কৰণত কাহিনী আগবঢ়াই নিয়াত লিখক, নিৰ্দেশকে চৰিত্ৰটোক এক উল্লেখযোগ্য ভূমিকা প্ৰদান কৰিছে। কৈশোৰ প্ৰেমৰ সপোন আকস্মিকভাৱে ভাঙি পৰি কিদৰে ৰাতিটোৰ ভিতৰতে ধৃতি মানসিকভাৱে প্ৰাপ্তবয়স্ক হৈ পৰিছে আৰু মানসিক অন্তৰ্দ্বন্দত ভুগিছে, তাকো পৰিচালকে সুন্দৰকৈ প্ৰকাশ কৰিছে।

বহুকেইজন বলিষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সমাৱেশে ছিৰিজটোক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। মুখ্য চৰিত্ৰত মনোজ বাজপেয়ীৰ অভিনয়ে ‘শ্ৰীকান্ত তিৱাৰী’ক দৰ্শকৰ মাজৰে এজন পাৰিবাৰিক মানুহ হিচাপেই আদৰি ল’বলৈ বাধ্য কৰাইছে, যি নিজৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে সংগঠিত এক বিশেষ শাখা TASC-ত কৰ্মৰত। ছিৰিজটোৰ বিভিন্ন উপখণ্ডত তল-ওপৰ হোৱা কাহিনীৰ ঢৌৰ লগত সংগতি ৰাখি বাজপেয়ীৰ অভিনয়ে কিদৰে দক্ষতাৰে প্ৰকাশভংগী সলনি কৰিছে, সেইয়াই এক সুকীয়া বৈশিষ্ট্য বহন কৰিছে। কিছুমান অতি সংবেদনশীল, দুৰ্বিসহ মূহূৰ্তত যেতিয়া বাজপেয়ী ভাগি পৰিবৰ উপক্ৰম হৈছে, তৎমূহূৰ্ততে নিজকে চম্ভালি নিজ কৰ্তব্য মনত পেলাই তেওঁ পুনৰ দলক নেতৃত্ব দিছে। দুখ, আনন্দ, আশ্বৰ্য্য, ক্ৰোধ আদি বিভিন্ন ভাবৰ সংমিশ্ৰণত অভিনয়ৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে বাজপেয়ীয়ে। পাৰিবাৰিক সমস্যা আৰু ইয়াৰ সন্তুলন ৰক্ষা কৰিবলৈ শ্ৰীকান্তই কৰা চেষ্টা আৰু সমসাময়িক ৰাজনৈতিক ধামখুমীয়াত দেশক বচাবলৈ তেওঁৰ অন্তহীন প্ৰয়াস, দুয়োটাকে একে সময়তে চম্ভালি লৈছে মনোজ বাজপেয়ী অভিনীত চৰিত্ৰটোৱে।

লগতে অন্যান্য মুখ্য চৰিত্ৰত প্ৰিয়মণি, শ্বাৰিব হাছমিৰ অভিনয় অত্যন্ত স্বাভাৱিক। ছিৰিজৰ প্ৰথম অধ্যায়ৰপৰাই দুয়োগৰাকীয়ে নিজৰ অভিনয় প্ৰতিভাৰ পৰিচয় দি আহিছে। গৃহিণী আৰু কৰ্মৰত মহিলা হিচাপে, পাৰিবাৰিক অন্তৰ্দ্বন্দ, নিজৰ কেৰিয়াৰ আদিৰ মাজত সোমাই পৰা সূচীৰ চৰিত্ৰত প্ৰিয়মণিৰ অভিনয়ে দৰ্শকক মোহিত কৰি ৰাখিছে। শ্ৰীকান্ত তিৱাৰীৰ সহকৰ্মী ‘জেকে’ৰ চৰিত্ৰত হাছমিয়ে হাঁহিৰ খোৰাকো যোগাইছে। ছিৰিজটোৰ বহুকেইটা গম্ভীৰ মূহূৰ্তৰ মাজতো ক্ষণিকৰ বাবে আমোদ প্ৰদান কৰাত হাছমিৰ চৰিত্ৰটোৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

যথেষ্ট বিতৰ্কৰ মাজত সোমাই পৰা ছিৰিজটোক নিষিদ্ধ কৰিবলৈ দাবী তুলি বহুকেইটা তামিল সংগঠন আদালতৰ দ্বাৰস্থ হৈছিল। তেওঁলোকৰ অভিযোগমতে তামিল লোকসকল আৰু তামিল ইলামৰ সংগ্ৰামক ছিৰিজখনে ঋণাত্মক দৃষ্টিৰে প্ৰকাশ কৰিছে। কিন্তু এই বিৰোধিতা স্বত্বেও ছিৰিজখনে মুক্তি লাভ কৰে আৰু লগতে আমাজন ইণ্ডিয়াৰ বাবে ই এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। চিত্ৰগ্ৰহণৰ ক্ষেত্ৰতো কিছুমান বৈশিষ্ট্য প্ৰদৰ্শন কৰা দেখা গৈছে ছিৰিজখনত। বাস্তৱবাদৰ কিছুমান চিহ্ন প্ৰতিফলিত কৰি ছেট ব্যৱহাৰ কৰাৰ সলনি দৃশ্যগ্ৰহণ কৰা হৈছে কিছুমান আচল লোকেশ্বনত। তদুপৰি হাতেৰে কৰা দীৰ্ঘকালীন নিৰন্তৰ শ্বট (Handheld Uncut Long Takes)ৰ প্ৰয়োগো মন কৰিবলগীয়া। এটাও cut নোহোৱাকৈ দীঘলীয়া একশ্বন দৃশ্য এটা দৃশ্যবদ্ধ কৰিবলৈ বহুখিনি পৰিকল্পনা আৰু একশ্বন কৰিঅ’গ্ৰাফীৰ প্ৰয়োজন হয়, আৰু সেয়া নিৰ্ভুলকৈ দৃশ্যগ্ৰহণ কৰাত চিত্ৰগ্ৰহণকাৰী সফল হৈছে। অৱশ্যে সম্পাদনাৰ ক্ষেত্ৰত কিছুমান আসোঁৱাহ চকুত পৰিছে। কেইটামান দৃশ্যত অনাকাংক্ষিত Jump Cut কিছুমানৰ বাবে দৰ্শকৰ চকু আৰু মনত অযথা অভিঘাত হোৱাৰ সম্ভাৱনা আছে। পৰিচালকে এইক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ থল থাকি গৈছে। আৱহ সংগীতৰ কামো প্ৰসংশনীয়।

অৱশেষত, সকলোখিনি দিশ চালি-জাৰি চাই ক’ব পাৰি যে The Family Man 2 এক সফল আৰু বলিষ্ঠ প্ৰক্ষেপণ। আন ৱেব ছিৰিজৰ দৰে এইখনে পূৰ্বৰ অধ্যায় টানি আনিবলগীয়া হোৱা নাই, বৰঞ্চ পূৰ্বৰ মুখ্য চৰিত্ৰসমূহ একে ৰাখি, এক সম্পূৰ্ণ নতুন কাহিনী, চৰিত্ৰ আৰু পটভূমিৰে ৱেব ছিৰিজটো আগবাঢ়িছে। ছিৰিজৰ শেষলৈ এক নতুন অধ্যায়ৰ আগলি বতৰা দিয়া হৈছে, যি আমাৰ উত্তৰ-পূব ভাৰতৰ লগতে চীন দেশৰ পৃষ্ঠভূমিৰ কাহিনীৰ ইংগিত বহন কৰিছে। গতিকে আমি সোনকালেই ইয়াৰ এক নতুন সংস্কৰণ আশা কৰিব পাৰোঁ।

More on this topic

Ohuwois

Rated 5 out of 5
March 22, 2023

Hello there!

I hope you’re doing great today! As a fellow business owner, I know how vital leads are for growing your business. That’s why I’m super excited to share this deal with you.

I’m offering a free sample of 10,000 B2B email leads that will give you a taste of the quality leads I offer my clients. While the free sample is not targeted to your specific niche, it’ll give you an idea of the type of leads that we provide.

Our targeted B2B email leads are highly sought after by our clients because of their reliability, verified sources, and segmentation based on location, industry, employee size, technology stack, and more. This means you can create campaigns that are super-targeted and extremely effective.

Take advantage of this zero-risk offer now and click here to claim your free sample:

==> https://go.digitalkd.com/qualityleads

Don’t wait, this is a limited-time offer, and you won’t regret giving our high-quality leads a try.

Transform your outreach efforts and supercharge your business with premium B2B leads.

Best regards,

Mari

P.S. Claim your free sample of 10,000 B2B email leads here: https://go.digitalkd.com/qualityleads

Unsubscribe

Mari Mattocks

Mdmfmcev Cvt

Rated 2 out of 5
March 21, 2023

Another level with 1 click.

Try this AI solution https://geniefreetrial.quest and say goodbye to SEO, content quality and lead generation headaches.

Trusted by 1 million users and growing.

You can opt out of your domain anytime

https://web-4u.org/optout/?site-thejollywoodcafe.com

Dewitt Leavitt

Oayrzutm Odozw

Rated 5 out of 5
March 17, 2023

Get unique, accurate content quickly!

With this AI’s advanced algorithms and natural language processing capabilities. Plus, benefit from improved accuracy, faster turnarounds, and helpful feedback.

Try it now at https://genietool.quest to experience the amazing features for yourself!

You can opt out of your domain anytime

https://web-4u.org/optout/?site-thejollywoodcafe.com

Carmela Reveley

Emitoh G

Rated 5 out of 5
March 15, 2023

WordPress site to another level.

That’s exactly what this AI can do, Ai chatbot, SEO, content creation, keyword research, and so much more https://ai4u.quest

Trusted by 700k users and growing fast.

You can opt out of your domain anytime

https://web-4u.org/optout/?site-thejollywoodcafe.com

Yong Chavis

Krttknf

Rated 4 out of 5
March 10, 2023

DataList2023.com presents all the new leads for you per country!

Visit us on DataList2023.com

Darnell Adams

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

ভাৰতীয় প্ৰেক্ষাপটত ৱেব ছিৰিজ

সৌৰভ জ্যোতি বৰ্মন | ২৬ জুলাই, ২০২০ বৈ যোৱা সময়ক আমি...

লোকশিল্পৰ বিশ্বমুখী যাত্ৰা- ‘সোণাৰ বৰণ পাখি’

তেওঁৰ মনোজগতখনো আনে সহজে ঢুকি পোৱা বিধৰ নাছিল। আছিল বহেমিয়ান, খেয়ালী, মুডী। নাৰী হিচাপেও তেওঁৰ নাৰীসুলভ (সমাজৰ দৃষ্টিত) গুণ কম আছিল। সোঁতৰ...

পৰীক্ষা: শিক্ষাৰ শ্ৰেণী বিভাজনক প্ৰশ্ন কৰা এজন ৰিক্সাচালকৰ স্বপ্ন পূৰণৰ যাত্ৰা

দিনটো পৰিশ্ৰম কৰি পোৱা টকাৰে দৈনন্দিনৰ প্ৰয়োজনীয়খিনি ৰাতি ঘৰলৈ অনা শ্ৰেণীটোৱে তথাকথিত উচ্চ আৰু ধনী শ্ৰেণীৰ দৰে সমান শিক্ষা পোৱাৰ লগতে...