যিদৰে, সমগ্ৰ দেশৰ মানুহৰ লগতে হিন্দী চলচ্চিত্ৰ জগতৰ বহু অভিনেতা-অভিনেত্ৰী তেখেতৰ অনুৰাগী আছিল, একেদৰেই বাজপেয়ী নিজেও বলীউডৰ বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ অনুৰাগী আছিল।
By Team TJC | 16 August, 2020
ভাৰতৰ আটাইতকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত তেখেত অন্যতম। তেখেত এনে এগৰাকী সফল ৰাষ্ট্ৰনেতা, যিয়ে বক্তৃতা দিলে সৰ্বসাধাৰণ মানুহৰপৰা বলীউডৰ ছুপাৰষ্টাৰলৈকে- সকলোৱে অবাক হৈ শুনিছিল। এগৰাকী সুকবি তথা সাহিত্যিক ‘ভাৰত ৰত্ন’ অটল বিহাৰী বাজপেয়ীৰ কলা-সংস্কৃতিৰ জগতখনৰ প্ৰতি আছিল বিশেষ অনুৰাগ। দেশ-বিদেশৰ বিভিন্ন চিনেমা চাই তেখেতে খুব ভাল পাইছিল। যিদৰে, সমগ্ৰ দেশৰ মানুহৰ লগতে হিন্দী চলচ্চিত্ৰ জগতৰ বহু অভিনেতা-অভিনেত্ৰী তেখেতৰ অনুৰাগী আছিল, একেদৰেই বাজপেয়ী নিজেও বলীউডৰ বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ অনুৰাগী আছিল। তাৰে ভিতৰত দিলীপ কুমাৰ, লতা মংগেশকাৰ, ড° ভূপেন হাজৰিকা আদিৰ দৰে স্বনামধন্য শিল্পীসকলৰ সৈতে আছিল তেখেতৰ ঘনিষ্ঠ সম্পৰ্ক। ফিল্মফেয়াৰ অনুষ্ঠানতো উপস্থিত থাকি বাজপেয়ীয়ে বলীউডক উৎসাহিত কৰিছিল।

বলীউডৰ সমানেই হলীউডৰ চিনেমাও উপভোগ কৰিছিল তেখেতে। ‘দেৱদাস’, ‘বন্দিনী’, ‘তীছৰি কছম’ আদি তেখেতৰ প্ৰিয় হিন্দী চিনেমা। অন্যহাতে, ‘The Bridge On The River Kwai’, ‘Born Free’, ‘Gandhi’ আদিৰ দৰে বিদেশী ছবিৰ প্ৰতিও আছিল বাজপেয়ীৰ বিশেষ আকৰ্ষণ। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গানৰো তেওঁ আছিল এজন ভীষণ অনুৰাগী।
সদায়েই লাইমলাইটত থকা অভিনেত্ৰী, ‘ড্ৰীম গাৰ্ল’ হেমা মালিনী আছিল বাজপেয়ীৰ অন্যতম প্রিয় অভিনেত্ৰী। হেমা মালিনীৰ অভিনয় পৰিক্ৰমাৰ মাইলষ্ট’ন ‘সীতা অউৰ গীতা’ (১৯৭২) অটল বিহাৰী বাজপেয়ীয়ে চোৱা ছবিসমূহৰ ভিতৰত এখন অন্যতম আৰু বিভিন্ন কাৰণত উল্লেখযোগ্য চিনেমা। তাৰ আঁৰৰ কেইটামান আকৰ্ষণীয় কথা এনেধৰণৰ-

১) সৰুতে এৰা-এৰি হোৱা দুগৰাকী যমজ ভনীয়েকৰ জীৱন পৰিক্ৰমাক প্ৰতিফলিত কৰা ‘সীতা অউৰ গীতা’ চাই অটল বিহাৰী বাজপেয়ীয়ে ইমানেই ভাল পাইছিল যে- চিনেমাখন তেওঁ ২৫ বাৰ উপভোগ কৰিছিল।
২) পিছলৈ এবাৰ হেমা মালিনীয়ে তেখেতক সাক্ষাৎ কৰাৰ সময়ত বাজপেয়ীয়ে কিছু ইতস্ততঃবোধ কৰিছিল, অথচ উৎকণ্ঠিতও হৈছিল। কিয়নো তেখেতৰ অন্যতম প্ৰিয় অভিনেত্ৰীগৰাকী সেইদিনা তেখেতৰ সন্মুখত সোশৰীৰে উপস্থিত হৈছিল। তেতিয়াৰ এজন দক্ষ ৰাজনীতিবিদৰ বাবে এয়া তেনেই সাধাৰণ কথা। কিন্তু, কলা-সংস্কৃতিৰ মোল বুজা বাজপেয়ীৰ সহজ-সৰল ব্যক্তিত্বই এগৰাকী সুপ্ৰতিষ্ঠিত অভিনেত্ৰীকো কেনেদৰে সন্মোহিত কৰিছিল, এয়া তাৰে এটি ৰসাল উদাহৰণ।

৩) ছবিখনৰ পৰিচালক ৰমেশ ছিপ্পীয়ে যশস্বী অভিনেত্ৰী নূতনক সীতা আৰু গীতাৰ চৰিত্ৰত অভিনয় কৰোৱাৰ কথা ভাবিছিল। কাৰণ সেই চৰিত্ৰ দুটাৰ বাবে এগৰাকী পৰিপক্ক অভিনেত্ৰীৰ প্ৰয়োজন বুলি তেওঁ ধাৰণা কৰিছিল। পিছে এই নাৰীকেন্দ্ৰিক চিনেমাখনৰ বাবে বহুতে তেওঁক ২৪/২৫ বছৰীয়া এগৰাকী উদীয়মান, দীপ্তিমান অভিনেত্ৰীক লোৱাৰহে পৰামৰ্শ দিলে। অৱশেষত তেনেকৈয়ে নিৰ্বাচন কৰা হ’ল তেতিয়ালৈকে ভালেকেইখন ছবিৰে দৰ্শকক আকৰ্ষিত কৰা জনপ্ৰিয় হেমা মালিনীক।
৪) অৱশ্যে, হেমা মালিনীৰ আগত সীতা আৰু গীতাৰ চৰিত্ৰ দুটা অ’ফাৰ কৰা হৈছিল তেতিয়াৰ আন এগৰাকী জনপ্ৰিয় নায়িকা মুমতাজক। কিন্তু, মুমতাজে বেছি ফীজ বিচৰাত ছিপ্পী পৰিয়ালে সেয়া তেওঁলোকৰ সামৰ্থ্যৰ বাহিৰত বুলি নাকচ কৰিলে।
৫) ছবিখনৰ মূল চৰিত্ৰত অভিনয়ৰ বাবে আশা পাৰেখকো প্ৰস্তাৱ দিয়া হৈছিল যদিও বিশেষ কাৰণবশতঃ সেয়া বাস্তৱায়িত নহ’ল। এই ঘটনাবোৰ মন কৰিলে বুজা যায় যে আচলতে সীতা আৰু গীতাৰ চৰিত্ৰ হেমা মালিনীৰ ভাগ্যতে লিখা আছিল।
৬) এনেদৰেই ১৯৭২ চনৰ ২৪ নৱেম্বৰত ছবিখনে সমগ্ৰ ভাৰততে মুক্তি লাভ কৰাৰ লগে-লগেই খলকনিৰ সৃষ্টি হয়। পিছলৈ চিনেমাখন ছোভিয়েট ইউনিয়নতো মুক্তি দিয়া হৈছিল। আচৰিত কথাটো হ’ল- ছোভিয়েট ইউনিয়নত ছবিখনে ইমান জনপ্ৰিয়তা লাভ কৰিছিল যে, টিকট বিক্ৰীৰ হাৰে ভাৰতকো চেৰ পেলাইছিল।
৭) বিখ্যাত সাহিত্যিক মাৰ্ক টোৱেইনৰ জনপ্ৰিয় উপন্যাস ‘The Prince And The Pauper’ৰ কাহিনীৰ সৈতে ‘সীতা অউৰ গীতা’ৰ সাদৃশ্য থকা দেখা যায়।
৮) ছবিখনত দ্বৈত চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰি হেমা মালিনীয়ে লাভ কৰিছিল ‘শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফ্লেয়াৰ বঁটা’। লগতে, পি বৈকুণ্ঠই লাভ কৰিছিল ‘শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফীৰ ফিল্মফেয়াৰ বঁটা’।
৯) এবাৰ এটা সাক্ষাৎকাৰৰ সময়ত হেমা মালিনীক সীতা আৰু গীতাৰ চৰিত্ৰ দুটাৰ ভিতৰত কোনটো তেওঁৰ বেছি প্ৰিয় বুলি সোধাত তেওঁ দুয়োটাই ভাল লাগে বুলি কৈছিল যদিও গীতাৰ চৰিত্ৰটো তেওঁৰ বেছি প্ৰিয় বুলি উল্লেখ কৰিছিল, কাৰণ- গীতাৰ মুকলিমূৰীয়া আৰু aggresive চৰিত্ৰটোৰ লগত তেওঁৰ জীৱনৰ মিল আছে বুলি অনুভৱ কৰিছিল।
১০) হেমা মালিনী, ধৰ্মেন্দ্ৰ আৰু সঞ্জীৱ কুমাৰ যুটীৰ এই অভূতপূৰ্ব সফলতাত প্ৰযোজক জি পি ছিপ্পী যথেষ্ট উৎসাহিত হৈছিল আৰু তেওঁৰ পুত্ৰ তথা পৰিচালক ৰমেশ ছিপ্পীক এই যুটী লৈয়ে এখন বিগ-বাজেটৰ একচনধৰ্মী চিনেমা নিৰ্মাণ কৰিলে ভাল হ’ব বুলি কৈছিল। সেই সূত্ৰেই পিছলৈ নিৰ্মাণ হ’ল ভাৰতীয় বোলছবি জগতৰ মাষ্টাৰপিচ ‘শ্বোলে’ (১৯৭৫)।
পিছে সময়ৰ লগে-লগে সলনি হয় বহু কথা। এসময়ত এজন সাধাৰণ অনুৰাগীৰ দৰে নিজৰ প্রিয় অভিনেত্ৰীক লগ পাই উৎকণ্ঠিত হোৱা অটল বিহাৰী বাজপেয়ীৰ ৰাজনৈতিক দলৰে সদস্যা হ’ল হেমা মালিনী। বাজপেয়ীৰ জীৱিত অৱস্থাতে হেমা মালিনী মথুৰাৰ সাংসদো হয়। যি আন এক interesting সংযোগ।