ক’লকাতাত টেবুলৰ ওপৰত জপিয়াই উঠা ‘বোলছবি অভিনেতা খগেন মহন্ত’

Website | + posts

কিন্তু আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল- অসমীয়া বোলছবি জগতত তেওঁৰ প্ৰৱেশ ঘটিছিল অভিনয়ৰ যোগেদিহে। ৰূপালী পৰ্দাত ভুমুকি মৰা খগেন মহন্তৰ সাংস্কৃতিক জীৱনৰ এই দিশটোৱে হৈছে এই লেখাৰ মূল বিষয়বস্তু।

By Team TJC | 17 August, 2020

বিহু সম্ৰাট খগেন মহন্ত অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলৰ ভিতৰত অন্যতম, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই। ‘মৰম তৃষ্ণা’ (১৯৬৮)ৰ জৰিয়তে তেওঁ অসমীয়া চিনেমাত প্ৰথমবাৰৰ বাবে গীতত কণ্ঠদান কৰিছিল। ‘মেঘমুক্তি’, ‘মইনাজান’ আৰু ‘যুঁজ’ (যুটীয়াভাৱে) ছবিৰ সংগীত পৰিচালনা কৰাৰ উপৰিও তেখেতে বহুকেইখন চিনেমাত নেপথ্য কণ্ঠশিল্পী হিচাপে কাম কৰিছিল। কিন্তু আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল- অসমীয়া বোলছবি জগতত তেওঁৰ প্ৰৱেশ ঘটিছিল অভিনয়ৰ যোগেদিহে। ৰূপালী পৰ্দাত ভুমুকি মৰা খগেন মহন্তৰ সাংস্কৃতিক জীৱনৰ এই দিশটোৱে হৈছে এই লেখাৰ মূল বিষয়বস্তু।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰথমখন চিনেমা ‘এৰাবাটৰ সুৰ’ (১৯৫৬)ক ৰাইজে মৰমেৰে আদৰি লোৱাৰ পিছতে তেখেতে আন এখন অসমীয়া ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িলে। কাহিনী হিচাপে বাছি ল’লে মহাকবি কালিদাসৰ অমৰ সৃষ্টি ‘অভিজ্ঞানম্ শকুন্তলম’ক। পিছে শকুন্তলাজনীক বিচাৰি উলিওৱাতহে ভূপেনদা কিছু অসুবিধাৰ সন্মুখীন হ’ল। মূল চৰিত্ৰটোৰ বাবে ছোৱালী বিচাৰি নাপাইহে নাপায়। অৱশেষত, বহু বিচৰা-খোঁচৰাৰ অন্তত ‘শকুন্তলা’ চৰিত্ৰৰ বাবে ঠিক কৰা হ’ল পশ্চিম বংগৰ কালিঘাটৰ ছোৱালী অনিতা বেনাৰ্জীক। তেনেকৈয়ে দুৰ্বাসা ঋষিৰ চৰিত্ৰত ফণী শৰ্মা, দুষ্যন্তৰ চৰিত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্র পৱিত্ৰ বৰকাকতি, প্ৰিয়ম্বদাৰ বাবে ইভা আচাও আদিকে ধৰি অন্যান্য চৰিত্ৰবোৰৰ বাবেও অভিনেতা-অভিনেত্ৰী নিৰ্বাচন কৰা হ’ল।

ছবিখনৰ আন এটি বিশেষ চৰিত্ৰ- ‘মাধৱ্য’। ৰজা দুষ্যন্তৰ ভাল বন্ধু আৰু বিভিন্ন যাত্ৰাৰ সহযাত্ৰী সেই চৰিত্ৰটোত অভিনয়ৰ বাবে প্ৰস্তাৱ দিয়া হয় খগেন মহন্তক। ১৯৫৭ চনৰপৰাই ভূপেনদাৰ লগত তেওঁৰ চিনাকি। গতিকে তেৱোঁ অভিনয় কৰাৰ প্ৰস্তাৱ সাদৰেৰে আৰু উৎসুকতাৰে গ্ৰহণ কৰিলে। মাধৱ্য আছিল দুষ্যন্তৰ ব্যক্তিগত জীৱনৰ বহু গোপনীয় আৰু গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শ দিয়া এজন বন্ধু। পৌৰাণিক বোলছবিখনত খগেন মহন্তক দেখা গৈছিল দুষ্যন্তৰূপী পৱিত্ৰ বৰকাকতিৰ সৈতে চিকাৰ যাত্ৰাত। মাধৱ্যৰ চৰিত্ৰত খগেন মহন্তৰ অভিনয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এইখনেই খগেন মহন্তই অভিনয় কৰা প্ৰথমখন চিনেমা।

‘শকুন্তলা’ৰ পৰিচালক ভূপেনদাই এই সন্দৰ্ভত কৈছিল, “মোৰ ‘শকুন্তলা’ ছবিত তেওঁক দুষ্যন্তৰ বন্ধুৰ ভাও এটা দিছিলোঁ – যাতে অসমৰ গায়ক খগেন মহন্তৰ চেহেৰা ছবিৰ মাধ্যমে ৰাইজে দেখে।”

‘শকুন্তলা’ৰ ছেটত বাওঁফালৰপৰা ক্ৰমে দুষ্যন্তৰূপী পৱিত্ৰ বৰকাকতি, মাজত মাধৱ্যৰ চৰিত্ৰত খগেন মহন্ত আৰু হিন্দী তথা বাংলা ছবি জগতৰ অভিনেতা পাহাৰী সান্যাল

“শকুন্তলাৰ তেতিয়া শ্বুটিং চলি আছে ক’লকাতাত। তেনে এটা দিনতে ‘অসীমত যাৰ হেৰাল সীমা’ খ্যাত কাঞ্চন বৰুৱাৰ ভগ্নী বন্দনা বৰুৱাই এবাৰ চিনেমাখনৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীসকলক তেওঁৰ ঘৰলৈ আমন্ত্ৰণ জনালে। সেইদিনা তেওঁৰ জীয়েকৰ জন্মদিন। তেতিয়া তেওঁলোক ক’লকাতাৰে বাসিন্দা। যথাসময়ত ভূপেনদাকে ধৰি ছবিখনৰ সকলোৱে বন্দনা বৰুৱাৰ ঘৰত উপস্থিত হ’লোঁগৈ। লগত খগেনদাও আছিল। খগেনদা বৰ ৰসিক মানুহ। পিছে তেওঁ কুকুৰক খুব ভয় কৰিছিল। আমি আটাইয়ে তেতিয়া ড্ৰইং ৰুমত বহি আছোঁ। বন্দনা বৰুৱাৰ ঘৰত এটা ডাঙৰ এলছেচিয়ান কুকুৰ আছিল। হঠাতে কুকুৰটো ওলাই অহাত খগেনদাই ভয়তে থতমত খাই তাতে থকা গ্লাছৰ টেবুল এখনৰ ওপৰত জপিয়াই উঠি দিলে। সকলো হতভম্ব। তেনেতে ভূপেনদাই “কি কৰাহে, কি কৰা, কুকুৰক ইমান ভয় কৰানে !” বুলি কৈ খগেনদাক তাৰপৰা নমাই আনিলে। কুকৰটোক দেখি ময়ো অলপ ভয় খাইছিলোঁ। ইপিনে ঘটনাটোত সকলো কিছু অপ্ৰস্তুত হ’ল যদিও কোনেও হাঁহি ৰখাব নোৱাৰিলে।”- এইদৰে খগেন মহন্তৰ কথা ৰোমন্থন কৰি আমাক জনাইছে ‘শকুন্তলা’ত অনুসূয়াৰ চৰিত্ৰত অভিনয় কৰা কৃষ্ণা দাসে।

‘শকুন্তলা’ ছবিৰ ইউনিট, ভূপেনদাৰ পিছফালে খগেন মহন্ত

এনেদৰেই ঘটনাক্ৰমত নগাঁৱৰ এসময়ৰ তবলাবাদক, ফুটবল খেলুৱৈ, গায়ক আদি বহু প্ৰতিভাসম্পন্ন যুৱকজনক দৰ্শকে দেখা পাইছিল ৰূপালী পৰ্দাত। প্ৰথমখন অসমীয়া আংশিক ৰঙীন ছবি ‘শকুন্তলা’ (১৯৬১)ই লাভ কৰিছিল ‘ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক’।

‘প্ৰভাতী পখীৰ গান’ (১৯৯২) – মুনিন বৰুৱাই পৰিচালনা কৰা চতুৰ্থখন চিনেমা। ছবিখনত দেখুওৱা হৈছিল ১৯৮০-৯০ দশকৰ অসমৰ যুৱচামৰ মনৰ অৱস্থা। এটি পুৰণি সংঘ (ক্লাব), তাতে সন্ধিয়া গোট খাই সুখ-দুখৰ কথা পাতে অঞ্চলটোৰ কেইজনমান যুৱকে। তেতিয়া নিবনুৱা সমস্যাৰ ভৰপক সময়ত বিভিন্ন দিশৰপৰা যুৱক কেইজন ভাৰাক্ৰান্ত। জীৱন যুঁজত তেওঁলোক ভাগৰুৱা। তথাপিও সেই হতাশা-ভাগৰ পাহৰি সকলোৱে আড্ডা দিয়ে ক্লাবটোত। ক্লাবটো কিন্তু তেওঁলোকৰ বাবে কেৱল আড্ডাস্থলীয়ে নহয়, সেয়া তেওঁলোকৰ বাবে সংস্কৃতিৰ সাধনা আৰু শান্তিৰ এক অমিয়া আশ্ৰয়স্থল।

যুৱককেইজনৰ মাজৰে ক্লাবটোতে গান গোৱা অৰুণে বিভিন্ন ঘটনা পৰিক্ৰমাৰ মাজেৰে নিজে লিখি নিজে সুৰ কৰা গানৰ ৰেক’ৰ্ডিং কৰাৰ অৱশেষত সুযোগ লাভ কৰে। গানটো- “প্ৰণাম জনাওঁ ফাগুন তোমাক…”। তেওঁৰ গান প্ৰচাৰ হয় ৰেডিঅ’ত, দূৰদৰ্শনত। তেনেকৈয়ে তেওঁ সান্নিধ্য লাভ কৰে স্বনামধন্য শিল্পী খগেন মহন্তৰ। খগেন মহন্তৰ সৈতে অৰুণে সংগীত চৰ্চা কৰে। তেনেকুৱা এটা Sceneতে খগেন মহন্তক দেখা গৈছিল ‘প্ৰভাতী পখীৰ গান’ৰ বিশেষ অতিথি শিল্পীৰূপে। এক অৰ্থত খগেন মহন্তই ছবিখনত খগেন মহন্তৰ চৰিত্ৰতে ভুমুকি মাৰিছিল। সেই সময়ত অসমীয়া চিনেমাত কম সংখ্যক শিল্পীকহে কেমিঅ’ কৰা দেখা যায়। তেনেক্ষেত্ৰত ‘প্ৰভাতী পখীৰ গান’ত খগেন মহন্তৰ কেমিঅ’ তেওঁৰ গুণমুগ্ধসকলৰ বাবে এক স্মৃতি হিচাপে ৰৈ গৈছে।

‘প্ৰভাতী পখীৰ গান’ত খগেন মহন্ত আৰু অৰুণৰ চৰিত্ৰত প্ৰাঞ্জল শইকীয়া

বিহুগীতক অসমৰ গাঁওসমূহৰ চুক-কোণৰপৰা বিচাৰি আনি জনপ্ৰিয় কৰা সংগীত শিল্পী হিচাপে পৰিচিত খগেন মহন্তই এই দুয়োখন চিনেমাত কৰা অভিনয়ো সদায় সজীৱ হৈ থাকিব।

More on this topic

Whitehat SEO for thejollywoodcafe.com

Rated 3 out of 5
May 3, 2024

Hi there

I have just verified your SEO on thejollywoodcafe.com for the current search visibility and saw that your website could use a push.

We will increase your ranks organically and safely, using only state of the art AI and whitehat methods, while providing monthly reports and outstanding support.

More info:

https://www.digital-x-press.com/unbeatable-seo/

Regards

Mike Fitzgerald

Digital X SEO Experts

Mike Fitzgerald

Покрытие автомобиля жидким стеклом

Rated 2 out of 5
May 3, 2024

Защита автомобиля на долгие годы.

Покрытие авто жидким стеклом цена Покрытие авто жидким стеклом цена .

Pokrytie_xsPt

мурманск экскурсии летом

Rated 3 out of 5
May 2, 2024

Летние туры в Мурманске: обзор лучших мест для отдыха

экскурсии по кольскому полуострову из мурманска летом https://murmansk-ecskursii-letom.ru/ .

murmansk_tury_ftol

https://www.hilkom-digital.com/free-backlinks-clean-up/

Rated 3 out of 5
May 1, 2024

Hi there

Just checked your thejollywoodcafe.com’s baclink profile, I noticed a moderate percentage of toxic links pointing to your website

We will investigate each link for its toxicity and perform a professional clean up for you free of charge.

Start recovering your ranks today:

https://www.hilkom-digital.com/free-backlinks-clean-up/

Thanks and regards

Mike

Chadwick Counsel

Циклёвка паркета

Rated 2 out of 5
May 1, 2024

Циклёвка паркета: особенности и этапы услуги

Циклёвка паркета — это процесс восстановления внешнего вида паркетного пола путём удаления верхнего повреждённого слоя и возвращения ему первоначального вида. Услуга включает в себя несколько этапов:

Подготовка: перед началом работы необходимо защитить мебель и другие предметы от пыли и грязи, а также удалить плинтусы.

Шлифовка: с помощью шлифовальной машины удаляется старый лак и верхний повреждённый слой древесины.

Шпатлёвка: после шлифовки поверхность паркета шпатлюется для заполнения трещин и выравнивания поверхности.

Грунтовка: перед нанесением лака паркет грунтуется для улучшения адгезии и защиты от плесени и грибка.

Нанесение лака: лак наносится в несколько слоёв с промежуточной шлифовкой между ними.

Полировка: после нанесения последнего слоя лака паркет полируется для придания поверхности блеска и гладкости.

Циклёвка паркета позволяет обновить внешний вид пола, восстановить его структуру и продлить срок службы.

Сайт: ykladka-parketa.ru

Циклевка паркета

EsenistrEmils

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

Hemanta-Bhupendra Connection: Melody of the abandoned roads

By Team TJC | 26 July, 2020 Legendary singer, music director,...

ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ চিনেমা আৰু বিলাত যাত্ৰা

প্ৰতিভাৰ বাবে জুইৰ ফিৰিঙতিয়েই যথেষ্ট। ছাৰে 'Neo-Realism' আৰু 'New Wave'ৰ সকলো সম্পদ, আদৰ্শ, চিন্তা-চেতনা, পৰীক্ষাৰ সমল আৰু প্ৰয়োগৰ কৌশল হাতত লৈ...

ভিট্টৰিঅ’ ডে ছিকাৰ ‘বাইচাইকেল থীভছ্’: নৱ্য বাস্তৱবাদৰ পথিকৃৎ চিনেমাখন

দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইটালীৰ সামাজিক পটভূমিত নাগৰিকৰ জীৱনৰ প্ৰকৃত ৰূপৰেখাৰ প্ৰতিফলনেই হ'ল এই বিশ্ববিশ্ৰুত 'বাইচাইকেল থীভছ্'। বিখ্যাত 'ছাইট এণ্ড ছাউণ্ড্' আলোচনীয়ে ১৯৫২...