ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ চিনেমা আৰু বিলাত যাত্ৰা

Website | + posts

প্ৰতিভাৰ বাবে জুইৰ ফিৰিঙতিয়েই যথেষ্ট। ছাৰে ‘Neo-Realism’ আৰু ‘New Wave’ৰ সকলো সম্পদ, আদৰ্শ, চিন্তা-চেতনা, পৰীক্ষাৰ সমল আৰু প্ৰয়োগৰ কৌশল হাতত লৈ আমাৰ অসম পাই গ’লহি।‌ এদিন ছাঁ-পোহৰ লৈ খেলা সৰু ল’ৰাজনে পৃথিৱীৰ সৰ্ব্বোৎকৃষ্ট চিন্তাৰ মেটমৰা ভঁৰাল‌ লৈ অসমত চিনেমাৰ কাম আৰম্ভ কৰি দিলেহি।

By Mukul M Baishya | 13 August, 2020

ভাৰতীয় চিনেমাত ‘New Wave’ৰ (ইটালী আৰু ইউৰোপ) সংজ্ঞা, চিন্তাধাৰা, সমল আৰু আদৰ্শ প্ৰৱৰ্তনৰ মাজেদি এক পৃথক কলাত্মক চিনেমা ধাৰাৰ জন্ম দিয়া দূৰদৰ্শী, স্বাধীন আৰু মহান সৃষ্টিশীল চিনেমা পৰিচালকসকলৰ মাজত ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ সদায়েই অন্যতম। সত্যজিৎ ৰায়, ঋত্বিক ঘটক, মৃণাল সেন, অদূৰ গোপালকৃষ্ণণ, শ্যাম বেনেগাল আৰু শেহত অপৰ্ণা সেন এই ধাৰাৰ বাটকটীয়া আছিল। ড° শইকীয়া ছাৰে ভাৰতীয় চিনেমাৰ লগতে আমাৰ অসমীয়া চিনেমা জগতক তেখেতৰ বহুমূলীয়া অৱদানেৰে মহীয়ান কৰি থৈ গৈছে, আমি অসমীয়াবোৰ চিনেমাৰ দিশেৰে এটা অতি চহকী জাতি। 

‘New Wave’ চিনেমা ধাৰাৰ জন্ম ফ্ৰান্সত হ’লেও ই অতি সোনকালে পৃথিৱীৰ সকলো দেশলৈকে বিয়পি পৰিছিল। ইটালীৰ ‘Neo-Realism’-এ প্ৰভাৱান্বিত কৰা আৰু প্ৰচলিত চিনেমাৰ ধাৰাক আঁতৰাই থৈ সমাজ পৰিৱৰ্তনকামী সমাজৰ বাবে নিৰ্মাণ কৰা ষাঠিৰ দশকৰ চিনেমা আদৰ্শই আছিল ‘New Wave’। ষ্টুডিঅ’ৰপৰা কেমেৰা ওলাই সমাজৰ ওচৰ পালেগৈ; সমাজৰপৰা প্ৰয়োজনীয় চৰিত্ৰবোৰ বুটলি ল’লে; কেমেৰাই বাস্তৱবোৰ চাই তাৰ পৰিৱৰ্তন ৰেক’ৰ্ড কৰিলে; তাত ৰাজনীতি,‌ সমাজনীতি, সংস্কৃতি আৰু মানৱ মনস্তত্ত্বৰ বিশ্লেষণ কৰিলে আৰু সবাতোকৈ শেষত সেইবোৰক ৰূপক (Symbol)ৰূপে প্ৰকাশ কৰিলে। চিনেমা হৈ গ’ল, চিনেমাই সমাজৰ কথা ৰূপকৰ মাজেৰে কৈ গ’ল আৰু আমি আমাৰ সমাজৰ ঘটনাৰ ওপৰত ভেটি কৰি সৃষ্টি কৰা চিনেমা পাই গলোঁ; য’ত আপুনি, মই আৰু আমি কিন্তু সোমাই পৰিলোঁ। 

ষাঠিৰ দশকত আৰম্ভ হোৱা চিনেমাৰ এই নতুন ধাৰাই ইউৰোপত ফ্ৰান্সৰ বাহিৰেও ব্ৰিটেইন, পশ্চিম জাৰ্মানী, প’লেণ্ড, চেকোশ্লোভাকিয়া, ইটালী আদি দেশবোৰ কঁপাই তুলিলে। এছিয়া মহাদেশত ভাৰতবৰ্ষ, হংকং, চীন, টাইৱান, ইৰাণ আদি দেশ আৰু আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰ, লেটিন আমেৰিকাও এই বৃত্তৰ পৰিধিত সোমাল। ফ্ৰান্সত পৰিচালক Jean-Luc Godard, Eric Rohmer, Francois Truffaut, Agnes Varda; ইটালীত Paolo Pasolini, Sergio Leone, Luchino Visconti আৰু Michelangelo Antonioni; স্পেইনত Luis Bunuel আৰু ছুইডেনত Vilgot Sjoman-এ এই ‘New Wave’ৰ যাত্ৰা আগুৱাই লৈ গ’ল। আৰু আমাৰ‌ ভাৰতত ? ভাৰতবৰ্ষত সত্যজিৎ ৰায়ে ‘পথেৰ পাঁচালী’ৰ মাজেৰে ভাৰতীয় চিনেমালৈ ‘New Wave’ৰ আদৰণি জনালে। 

১৯৬০ চনৰ এই সময়খিনিত ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ লণ্ডনত। ১৯৬১ চনত তেখেতে ‘ইউনিভাৰ্চিটী অৱ লণ্ডন’ৰপৰা পদাৰ্থবিদ্যাত পিএইচডি ডিগ্ৰী লাভ কৰিছে আৰু সেই একে বছৰতেই ‘ইম্পেৰিয়েল কলেজ অফ ছায়েন্স এণ্ড টেকন’লজি, লণ্ডন’ৰপৰা বিশেষ ডিপ্লমাও আহৰণ কৰিছে। সৰুৰেপৰা ছাঁ-পোহৰৰ খেলত ব্যস্ত, ঘৰতেই চিনেমাৰ সপোন দেখি যোৱা শইকীয়া ছাৰৰ বাবে এই সময়খিনি আৰু ঠাইখিনি স্বৰ্গ যেন হৈ পৰিছিল। ‘New Wave’ৰ মাজত ছাৰে তেখেতৰ সপোনৰ পৃথিৱীখন বিচাৰি পাইছিল। এফালে ভিটৰিঅ’‌ ডি চিকাৰ ‘Bicycle Thieves’, ফেডেৰিক’ ফেলিনিৰ ‘La Dolce Vita’ আৰু আনফালে Jean-Luc Godardৰ ‘Breathless’, Francois Truffautৰ ‘Shoot the Piano Player’ আৰু Michelangelo Antonioniৰ ‘La Notte’। ড° শইকীয়া‌ ছাৰৰ দৰে প্ৰতিভাক আৰু বেছি লাগেনে ?‌ প্ৰতিভাৰ বাবে জুইৰ ফিৰিঙতিয়েই যথেষ্ট। ছাৰে ‘Neo-Realism’ আৰু ‘New Wave’ৰ সকলো সম্পদ, আদৰ্শ, চিন্তা-চেতনা, পৰীক্ষাৰ সমল আৰু প্ৰয়োগৰ কৌশল হাতত লৈ আমাৰ অসম পাই গ’লহি।‌ এদিন ছাঁ-পোহৰ লৈ খেলা সৰু ল’ৰাজনে পৃথিৱীৰ সৰ্ব্বোৎকৃষ্ট চিন্তাৰ মেটমৰা ভঁৰাল‌ লৈ অসমত চিনেমাৰ কাম আৰম্ভ কৰি দিলেহি। 

ছাৰৰ বৈশিষ্ট বুলিলে কামৰ পৃথক ধাৰা, পৃথক কাহিনী আৰু চৰিত্ৰ উপস্থাপনৰ কৌশল, পৃথক কেমেৰা আৰু পৃথক পৰ্যবেক্ষণ উল্লেখনীয়। ১৯৭৭ চনৰ ‘সন্ধ্যাৰাগ’ত তেখেতে এহাতে ‘Neo-Realism’ আৰু আনহাতে ‘New Wave’ দুয়োটাৰেই সংমিশ্ৰণ ঘটাই প্ৰথম চিনেমা নিৰ্মাণ কৰিলে, অসমীয়া‌ চিনেমালৈ ‘ৰজত কমল বঁটা’ৰ সন্মান আহিল। তাৰপাছত ‘অনিৰ্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আৱৰ্তন’, ‘ইতিহাস’ আৰু ‘কালসন্ধ্যা’। এখনৰ পাছত এখন সফল চিনেমা, অসমীয়া চিনেমা লৈ মান-সন্মান আৰু গৌৰৱ। ছাৰৰ চিনেমাৰ বিশেষত্বই হৈছে বিষয়বস্তুৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু উপস্থাপন, কেমেৰাৰ গভীৰ উপলব্ধি আৰু চৰিত্ৰবোৰক কাটি-ছিঙি উপস্থাপন কৰাৰ প্ৰৱণতা। ছাৰৰ কামত কেতিয়াবা ফেডেৰিক’‌ ফেলিনি আৰু কেতিয়াবা মাইকেলেঞ্জেল’ এণ্টনিঅ’নি সোমাই থাকে যেনো লাগে। ‘আৱৰ্তন’ৰ কথাকেই ভাবকচোন – চিনেমাখন আৰম্ভ হৈছে বাছ আস্থানৰপৰা‌ আৰম্ভ এক যাত্ৰাত আৰু শেষ হৈছে আন এক বাছ যাত্ৰাত। পাৰ্থক্য মাথোঁ যাত্ৰাৰ লক্ষ্যস্থান, সিও এক ৰূপক। 

ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ আৰু তেখেতৰ চিনেমা – অসমীয়া‌ জাতিৰ বাবে অমূল্য উপহাৰ, এক অমূল্য বৰদান। আমি ছাৰৰ চিনেমা চাই মাথোঁ উপলব্ধি কৰিব লাগে,‌ নতুন চাম অসমীয়াই ছাৰৰ চিনেমাক মাৰ্গদৰ্শক হিচাপে লৈ চিনেমাৰ কামত মনোনিবেশ কৰিব লাগে। তেহে এইজনা বিৰল প্ৰতিভালৈ অসমীয়াই প্ৰকৃত সন্মান যাচিছে বুলি আমি গৌৰৱবোধ কৰিব পাৰিম। 

শেহত, ড° ভবেন্দ্ৰ‌‌নাথ শইকীয়া ছাৰ অমৰ হওক, অসমীয়া চিনেমা অমৰ হওক।

(সম্প্ৰতি লেখক ক’লকাতাত তথ্য-প্ৰযুক্তি সেৱাত কৰ্মৰত)

More on this topic

Binance

Rated 4 out of 5
April 26, 2024

Bitcoin (BTC) might just be the golden opportunity of our era, poised to skyrocket to $200,000 in the upcoming year or the one following. In the past year alone, BTC has witnessed a staggering 20-fold increase, while other cryptocurrencies have surged by an astounding 800 times! Consider this: a mere few years ago, Bitcoin was valued at just $2. Now is the time to seize this unparalleled chance in life.

Join Binance, the world’s largest and most secure digital currency exchange, and unlock free rewards. Don’t let this pivotal moment slip through your fingers!

Click the link below to enjoy a lifetime 10% discount on all your trades.

https://swiy.co/LgSv

MarioElots

Автосервис Митсубиси

Rated 1 out of 5
April 25, 2024

Автосервис Митсубиси.

– Ремонт и обслужиВание Mitsubishi.

Мицубиси сервис в Москве [url=http://mitsubishi-remont-2.ru/]http://mitsubishi-remont-2.ru/[/url] .

Avtoservis_sket

уфанет

Rated 4 out of 5
April 25, 2024

Уфанет – интернет-провайдер, который держит вас онлайн 24/7

интернет провайдер уфанет http://www.ufanet-tarify.ru/ .

ufanet_mrkt

Промокод 1xbet

Rated 4 out of 5
April 24, 2024

Первый шаг к увеличению бонуса при регистрации или совершении ставок. Текущий промокод 1xbet на сегодня — 1x_109745. На вкладке «Регистрация» у вас есть выбор: бонус в ставках на спорт и бесплатная ставка в казино.

Чтобы получить

Промокод 1хбет, вы должны стать активным игроком. Для этого вам необходимо зарегистрироваться и пополнить свой счет. Бонус на депозит предоставляется бесплатно всем новым игрокам согласно акции.

Для регистрации необходимо найти актуальное на сегодня зеркало и ввести сегодняшний промокод 1x_109745. Вы можете зарегистрироваться в один клик – по электронной почте, номеру телефона или в социальных сетях. Сети. Далее заполните форму в личном кабинете. Обратите особое внимание на обязательные поля под звездочкой. Если вы заполните его правильно, вы получите сообщение «Данные успешно сохранены». Бонус становится доступен после первого пополнения игрового счета одним из способов из блока пополнения.

Бонусы 1xbet можно получить в рублях, долларах и евро, в зависимости от того, из какой вы страны. Каждый пользователь, который зарегистрируется на официальном сайте и воспользуется промокодом, получит бонусы от букмекерской конторы 1xbet.

Размер бонуса по промокоду конторы 1xBet будет равен 100% от суммы первого депозита от 100 до 6500 рублей. Вы можете использовать промокод дня 1xbet только один раз; Вы получите бонусные деньги сразу после пополнения баланса. Этот бонус необходимо отыграть в течение месяца. Оборот должен превышать сумму, зачисленную на бонусный счет, в 5 раз. Делайте экспресс-ставки на 3 исхода с коэффициентом выше 1,4. На 1xbet вы можете делать ставки на спортивные события, использовать прогнозы капперов, чтобы получить максимальные условия, используйте наш промокод при регистрации 1xbet — 1x_109745.

Промокод 1хбет

1x_109745

Ботокс

Rated 3 out of 5
April 24, 2024

Мифы и правда о ботоксе

ботокс для мимических морщин отзывы http://www.b-tox.store .

LeonardtUg

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

লোকশিল্পৰ বিশ্বমুখী যাত্ৰা- ‘সোণাৰ বৰণ পাখি’

তেওঁৰ মনোজগতখনো আনে সহজে ঢুকি পোৱা বিধৰ নাছিল। আছিল বহেমিয়ান, খেয়ালী, মুডী। নাৰী হিচাপেও তেওঁৰ নাৰীসুলভ (সমাজৰ দৃষ্টিত) গুণ কম আছিল। সোঁতৰ...

কিশোৰ কুমাৰৰ সৈতেঃ ড° ভূপেন হাজৰিকা

১৯৭৩ চনৰ ১১ জুনত ড° ভূপেন হাজৰিকাই কিশোৰ কুমাৰৰ বোম্বে (এতিয়াৰ মুম্বাই)ৰ ঘৰত...

আঁৰ-কাপোৰৰ আঁৰৰ কথা: অচ্যুত লহকৰে নটৰাজৰ মঞ্চৰপৰা আৰম্ভ কৰা বিশেষ ট্রেণ্ডটো

সন্ধিয়া অস্থায়ী প্ৰেক্ষাগৃহত লাইট জ্বলি উঠিল। এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে পাঠশালাবাসী। লাহে লাহে প্ৰেক্ষাগৃহলৈ মানুহৰ আগমন হৈছে। ক্ৰমান্বয়ে সমাগম...