তনভীৰ মোকাম্মেল পৰিচালিত ‘লালন’ আৰু লালন ফকীৰৰ জীৱন দৰ্শন

Website | + posts

‘যা আছে ভাণ্ডে, তাই আছে ব্ৰহ্মাণ্ডে’- এয়া আছিল লালন ফকীৰৰ দৰ্শন। তেওঁ বিশ্বাস কৰিছিল- সকলো মানুহৰ মাজত বাস কৰে ‘মনেৰ মানুষ’ অৰ্থাৎ মনৰ মানুহ। আৰু সেই মনৰ মানুহৰ সন্ধান পোৱা যায় আত্মসাধনাৰ মাধ্যমেৰে।

By Pubali Bhagowati | 18 September, 2020


২০০৪ চনত মুক্তি লাভ কৰা বাংলা চিনেমা ‘লালন’। বাংলাদেশৰ পৰিচালক তনভীৰ মোকাম্মেলে পৰিচালনা কৰা মিউজিকেল ড্ৰামা চিনেমাখনে ‘শ্ৰেষ্ঠ কলা নিৰ্দেশনা’ৰ শিতানত ২৯তম বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ১৪০ মিনিট দৈৰ্ঘ্যৰ ছবিখন লালন ফকীৰৰ জীৱন আধাৰিত। লালন ফকীৰৰ লগতে বাউল গীতে প্ৰাধান্য লাভ কৰিছে চিনেমাখনত।

বাউল গীতৰ প্ৰচাৰক লালন ফকীৰ দাৰ্শনিক, সমাজ সংস্কাৰক হিচাপে এতিয়াও পূজ্য। তেওঁৰ বহু শিষ্য ভাৰতৰ আন ঠাইৰ লগতে পশ্চিম বংগ আৰু বাংলাদেশত আছে। তেওঁ লিখা গানসমূহৰ কোনো পাণ্ডুলিপি নাই, মুখে মুখে প্ৰচাৰিত। লালন ফকীৰক ‘বাউল সম্ৰাট’ বা ‘বাউল গুৰু’ হিচাপে আখ্যা দিয়া হৈছিল। তেওঁৰ প্ৰকৃত জন্ম ইতিহাসক লৈ বিতৰ্ক আছে যদিও চিনেমাখনত উপস্থাপন কৰা অনুসৰি কুষ্টিয়া জিলাৰ ভাড়াৰা গাঁৱত হিন্দু কায়স্থ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। বসন্ত ৰোগ (Small Pox)ত আক্ৰান্ত হোৱা বাবে সংগীসকলে তেওঁক ভূৰত তুলি কালীগংগা নদীত উটুৱাই দিছিল। তেওঁৰ সংজ্ঞাহীন দেহ নদীত উটি আহি থকা দেখা পাই এটা মুছলমান পৰিয়ালে তেওঁক উদ্ধাৰ কৰি শুশ্ৰূষা কৰে। সুস্থ হৈ তেওঁ ঘৰলৈ উভতি যাওঁতে মুছলমান গৃহত পানী গ্ৰহণ কৰাৰ বাবে সমাজে বহিষ্কাৰ কৰে। এই দুখত তেওঁ চিৰদিনৰ বাবে গৃহত্যাগ কৰি মুছলমান লোকসকলৰ লগতে থাকিবলৈ লয়। এই ঘটনাই সমাজ-সংসাৰ, জাতি-ধৰ্মৰ প্ৰতি তেওঁৰ মনত বিৰাগভাব আনে। সেই গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে তেওঁক আশ্ৰয় দি থকাৰ ব্যৱস্থা কৰি দিয়ে। কুষ্টিয়াৰ ছেউৰিয়া গাঁৱত আশ্ৰম পাতি বাউল গুৰুৰ ওচৰত দীক্ষা লৈ লালন ফকীৰে বাউল দৰ্শন প্ৰচাৰ কৰে।

‘যা আছে ভাণ্ডে, তাই আছে ব্ৰহ্মাণ্ডে’- এয়া আছিল লালন ফকীৰৰ দৰ্শন। তেওঁ বিশ্বাস কৰিছিল- সকলো মানুহৰ মাজত বাস কৰে ‘মনেৰ মানুষ’ অৰ্থাৎ মনৰ মানুহ। আৰু সেই মনৰ মানুহৰ সন্ধান পোৱা যায় আত্মসাধনাৰ মাধ্যমেৰে। সেই সময়ত বঙালী সমাজত ধৰ্ম, জাত-পাত লৈ বিভেদৰ সৃষ্টি হৈছিল। লালন ফকীৰে এই জাত-পাতৰ বিৰুদ্ধে থিয় দিছিল। জাতি-ধৰ্ম-বৰ্ণহীন মানৱতাৰ এখন সমাজ গঢ়িবলৈ তেওঁ চেষ্টা কৰিছিল। হিন্দু আৰু মুছলমান- এই দুই ধৰ্মৰ বিষয়ে অধ্যয়ন কৰি তেওঁ গীতসমূহৰ জৰিয়তে ৰচিছিল মৈত্ৰীৰ বাণী। হিন্দু-মুছলমান উভয়ে তেওঁৰ ওচৰত দীক্ষা গ্ৰহণ কৰিছিল। জমিদাৰী শোষণৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ লগত তেওঁৰ ভাল সম্পৰ্ক গঢ়ি উঠিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাতৃ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰে লালন ফকীৰৰ এখন প্ৰতিচ্ছবি অংকন কৰিছিল, যিখন ইণ্ডিয়ান নেচনেল মিউজিয়ামত সংগ্ৰহ কৰি থোৱা আছে।

তনভীৰ মোকাম্মেলে তেওঁৰ চিনেমাখনত লালন ফকীৰৰ দৰ্শন সুন্দৰকৈ উপস্থাপন কৰিছে। চিনেমাখনত বাউল গীতে বিশেষ ভূমিকা লৈছে। পৰিৱেশৰ লগত খাপ খোৱাকৈ পৰিচালকে সুন্দৰভাৱে গীতসমূহ নিৰ্বাচন কৰিছে। লালন ফকীৰৰ ভূমিকাত ৰেইছুল ইছলাম আছাদে সাৱলীল অভিনয় কৰিছে। লালন ফকীৰৰ জীৱন পৰিক্ৰমাৰ মাধ্যমেৰে হিন্দু-মুছলমানৰ মৈত্ৰীৰ এখন প্ৰতিচ্ছবি চিনেমাখনত দেখা যায়। হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰি তেওঁ জীৱনৰ প্ৰায়খিনি সময় অতিবাহিত কৰাৰ লগতে মৃত্যু হৈছে মুছলমান সমাজত। এগৰাকী মুছলমান কিশোৰীক তেওঁ নিজৰ সন্তান হিচাপে আঁকোৱালি ডাঙৰ কৰে। তেওঁৰ আশ্ৰমত হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকৰে সমাগম ঘটে। হিন্দু-মুছলমানৰ মৈত্ৰী আৰু ভাতৃত্বৰ নিদৰ্শন চিনেমাখনত সুন্দৰকৈ ফুটি উঠিছে। সেই দিশৰপৰাও চিনেমাখনত এক সুন্দৰ বাৰ্তা আছে। কলা নিৰ্দেশনা আকৰ্ষণীয়। আশ্ৰমৰ পৰিৱেশ, পদ্মা, কালীগংগা নদীৰ সুন্দৰ উপস্থাপনে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চিনেমাখনৰ শেষৰফালে পদ্মা নদীৰ তীৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাতৃয়ে লালন ফকীৰৰ এক প্ৰতিচ্ছবি অংকন কৰি থকা দেখা যায়। এই দৃশ্য আকৰ্ষণীয়।

বাউল গীতৰ নিৰ্বাচন আৰু পৰিৱেশন মনোগ্ৰাহী হৈছে। চিনেমাখনত মুঠ দৈৰ্ঘ্যৰ প্ৰায় ৮০ শতাংশ বাউল গীতে প্ৰাধান্য পাইছে যদিও দৰ্শকক এই কথাই আমনি কৰা নাই। এই ক্ষেত্ৰত পৰিচালক সফল হৈছে বুলি ক’ব পাৰি। চিনেমাট’গ্ৰাফীও শলাগিবলগীয়া। মুঠৰ ওপৰত ক’ব পাৰি তনভীৰ মোকাম্মেলৰ ‘লালন’ এখন সফল বায়’পিক চিনেমা।

More on this topic

Химчистка салона автомобиля

Rated 1 out of 5
May 5, 2024

Шаг за шагом: химчистка салона автомобиля

Химчистка салона автомобиля: лучшие способы и средства

Салон как новый: химчистка для автомобиля

Химчистка обивки салона автомобиля https://www.himchistka-avtosalona.ru .

Himchistka_gcma

goodday new users

Rated 2 out of 5
May 4, 2024

buy cheap amoxil no prescription buy amoxil online fast delivery Usa amoxil overnight no rx antibiotics buy no dr amoxil 250 mg tablets online where to order amoxil online canadian pharmacy 24 buy amoxil online Usa overnight online canadian pharmacy no prescription: antibiotic cheapest online where can you order amoxil from canada without prescription required over the web? cheap amoxil no prescription reall amoxil buy amoxil online Ireland lowest drugs online offers

amoxilabusa

ciao make friends

Rated 1 out of 5
May 4, 2024

cheapest neurontin neurontin on line no prescription neurontin tablets canada buy cytotec without script ordered cheap neurontin in Lawrence buying neurontin online quality medicines at canadian prices order neurontin no prescription online it is easy and fast neurontin wholesale neurontin without prescription medications where to buy neurontin without a prescription find trusted onl line drugstores

neurontincaugh

Перетяжка потолка в алькантару

Rated 1 out of 5
May 4, 2024

Перетяжка потолка автомобиля в алькантару: все, что нужно знать.

Обшивка потолка алькантарой https://www.potolok-alkantara-dlya-avtomobylya.ru/ .

Peretyazhk_ieml

Men Dating Men: Celebrating Adulation and Connection

Rated 3 out of 5
May 4, 2024

Men dating men participation out of, connection, and the stunner of relationships in their own incomparable way.

https://hentai0day.com/videos/7626/slime-sub-anime-esp-17/

In a world that embraces diverseness and inclusivity, same-sex relationships suffer with organize their place. Men who date men navigate the joys and challenges of structure relevant connections based on authenticity and mutual understanding. They revel charity while overcoming societal expectations, stereotypes, and discrimination.

https://hentai0day.com/videos/13142/bioshock-infinite-sex-tits-mods/

Communication and emotional intimacy have a good time a pivotal task in their relationships, fostering assurance and deepening their bond. As society progresses promoting equality, it is important to approve and particular the friendship shared between men dating men, embracing their unique experiences and contributions to the tapestry of anthropoid connections.

Jamestycle

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

ভোঁসলে: য’ত মনোজ বাজপেয়ীৰ একোটা উশাহেও সংলাপৰ দৰেই কথা কয়

অৱসৰপ্ৰাপ্ত অকলশৰীয়া জীৱন, প্ৰব্ৰজিত লোকৰ বেদনা আৰু প্ৰান্তীয় ৰাজনীতিৰ এটা ক'লা অধ্যায়ৰ কৰুণগাঁথাই হ'ল- ভোঁসলে By Team TJC |...

৬৫ বছৰীয়া ‘পথেৰ পাঁচালী’ – সত্যজিৎ ৰায়ৰ অমৰ সৃষ্টিৰ আঁৰৰ কথাবোৰ

ভাৰতীয় চিনেমাৰ Ray of Hope হোৱা সত্যজিৎ ৰায়ৰ সফলতা যিমান, সফল হোৱাৰ বাটত বাধাও আছিল সিমান। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি তেওঁ কিতাপৰ...

ক’লকাতাত টেবুলৰ ওপৰত জপিয়াই উঠা ‘বোলছবি অভিনেতা খগেন মহন্ত’

কিন্তু আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল- অসমীয়া বোলছবি জগতত তেওঁৰ প্ৰৱেশ ঘটিছিল অভিনয়ৰ যোগেদিহে। ৰূপালী পৰ্দাত ভুমুকি মৰা খগেন মহন্তৰ সাংস্কৃতিক জীৱনৰ এই...