সন্ধিয়া অস্থায়ী প্ৰেক্ষাগৃহত লাইট জ্বলি উঠিল। এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ গৈ আছে পাঠশালাবাসী। লাহে লাহে প্ৰেক্ষাগৃহলৈ মানুহৰ আগমন হৈছে। ক্ৰমান্বয়ে সমাগম বাঢ়ি গৈ দৰ্শকৰ লানি নিছিগা ভিৰ।
By Team TJC | 2nd October, 2020
১৯৬৩ চনৰ ২ অক্টোবৰৰ কথা। পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণত খুব ব্যস্ততাপূৰ্ণ পৰিৱেশ। পিছে এয়া কোনো পূজা-পাৰ্বণৰ ব্যস্ততা নহয়। এয়া এক যুগান্তকাৰী সাংস্কৃতিক মাধ্যম গঢ় লৈ উঠাৰ প্ৰাকক্ষণৰ লৰা-ঢাপৰাহে। কাৰণ সেইদিনা মঞ্চস্থ হ’ব অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ ‘নটৰাজ থিয়েটাৰ’ৰ প্ৰথম নাটক ‘ভোগজৰা’। এজন সংস্কৃতিপ্ৰেমী উদ্যমী যুৱক অচ্যুত লহকৰৰ আপ্ৰাণ প্ৰচেষ্টা আৰু সহযোগীসকলৰ সহযোগত গঢ় লৈ উঠিছে এই ‘নটৰাজ থিয়েটাৰ’। অচ্যুত লহকৰ আৰু থিয়েটাৰখনৰ সৈতে জড়িতসকলৰ লগতে স্থানীয় ৰাইজৰ মাজতো ব্যাপক উৎকণ্ঠা বিৰাজমান। কলা-কুশলীসকলৰ উৎকণ্ঠা- তেওঁলোকে কিদৰে দৰ্শকৰ সন্মুখত নিজকে উপস্থাপন কৰিব আৰু দৰ্শকৰ উৎকণ্ঠা- কি নতুন দেখিবলৈ পাব !
সন্ধিয়া অস্থায়ী প্ৰেক্ষাগৃহত লাইট জ্বলি উঠিল। এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ গৈ আছে পাঠশালাবাসী। লাহে লাহে প্ৰেক্ষাগৃহলৈ মানুহৰ আগমন হৈছে। ক্ৰমান্বয়ে সমাগম বাঢ়ি গৈ দৰ্শকৰ লানি নিছিগা ভিৰ। ইপিনে মেক্-আপ্ লৈ মঞ্চত উঠিবলৈ প্ৰস্তুত হৈছে অভিনেতা-অভিনেত্ৰীসকল। কাৰিকৰী প্ৰযুক্তিৰে মঞ্চও সাজু হৈ উঠিছে। মুঠতে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজত এক অনন্য সাংস্কৃতিক পৰিৱেশ সৃষ্টি হৈছে। ইপিনে দৰ্শকৰ পাৰভঙা উছাহ দেখি অচ্যুত লহকৰ কিছু নাৰ্ভাছ যদিও উৎসাহিতও হৈছে। তেখেতে ভাবিছে যে- যদিহে ৰাইজে বিচৰাধৰণে একো নাপায় তেন্তে কি বা হ’ব !
অৱশেষত সকলো উৎকণ্ঠাৰ ওৰ পেৰাই আৰম্ভ হ’ল ফণী শৰ্মাৰ কালজয়ী নাট ‘ভোগজৰা’। প্ৰেক্ষাগৃহ হৰ্ষধ্বনিৰে ৰজনজনাই উঠিল। ক্ৰমান্বয়ে নাটকৰ দৃশ্যপট আগবাঢ়ি গৈ আছে। তেনেতে অচ্যুত লহকৰে মন কৰিলে যে- টায়াৰৰ চকা সংলগ্ন ঠেলিব পৰা মঞ্চখন কিছু কঁপিবলৈ ধৰিছে। তেওঁ অলপ ভয়ো খালে- বোলে নাটক চলি থকা অৱস্থাত কিবা পয়মাল হ’লে সকলো পণ্ড হ’ব ! সেইখিনি সময়ত মঞ্চৰ ৰং-বিৰঙৰ লাইটিঙৰ কামখিনিও চম্ভালি আছে লহকৰে। গতিকে, তেওঁ তাৰপৰা উঠিও আহিব পৰা নাই। আসন্ন বিপদত উগুল-থুগুল হৈ পৰা লহকৰৰ মনটো নিমিষতে সেমেকি উঠিল। তেওঁ ভাবিলে- কি কৰা যায় এতিয়া ! আকস্মিকভাৱে কিবা এটা কৰাৰ থলো নাই তেতিয়া। অৱশেষত ভাবি-গুণি তেওঁ ঠিক কৰিলে যে- পিছদিনাৰ দৰ্শনী বন্ধ ৰাখি মঞ্চৰ সকলো সমস্যা ঠিক-ঠাক কৰিব লাগিব। কিন্তু তাৰ মাজতে আকৌ চিন্তিত হৈ পৰিল অচ্যুত লহকৰ। কিয়নো পিছদিনা নাট প্ৰদৰ্শনী বন্ধ ৰখাৰ কথাটো ইমানবোৰ মানুহক কেনেকৈ কোৱা যায় ! এইফালে কোনোধৰণৰ গণ্ডগোল নোহোৱাকৈ নাটক পূৰ্ণোদ্যমে চলি আছে। হঠাতে তেওঁ এটা idea পালে- কাইলৈ দৰ্শনী বন্ধ থকাৰ কথাটো আজিয়েই নাটক শেষ হোৱাৰ আগে আগে ৰাইজক জনাব লাগিব।
ইতিমধ্যে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিৰ মাজেৰে নাটক প্ৰায় শেষ দৃশ্যত উপনীত হৈছেহি। পৰ্দা উঠোৱা-নমোৱাৰ দায়িত্বত থকা মানুহজনে পৰ্দা ওপৰলৈ উঠাবলৈ সাজু হৈছে। হঠাতে অচ্যুত লহকৰে তেওঁক আঁৰ-কাপোৰ উঠাবলৈ মানা কৰি প্ৰেক্ষাগৃহৰ লাইট জ্বলাই দিলে আৰু দৰ্শকক উদ্দেশ্যে ভিতৰৰপৰা মাইক্ৰ’ফোনত ক’বলৈ ধৰিলে- “শ্ৰদ্ধাৰ দৰ্শক ৰাইজ, আৰু এটা দৃশ্যৰ পিছতে আমাৰ ‘ভোগজৰা’ নাটকৰ অন্ত পৰিব। ভৱিষ্যতলৈ আপোনাসৱৰ সহায়-সহযোগিতাক আমি শ্ৰদ্ধাসহকাৰে স্বীকাৰ কৰিম। আপোনালোকৰ মৰম আৰু হিয়াভৰা আশীৰ্বাদেই এই নতুন নাট্য অনুষ্ঠান নটৰাজ থিয়েটাৰৰ আয়ুসৰেখা হ’ব। আমি আপোনাসৱক দুখেৰে জনাওঁ যে আমাৰ কিছুমান কাৰিকৰী দিশৰ উন্নতিৰ বাবে আমি দুদিনমান নাটক বন্ধ ৰখাৰ কথা ভাবিছোঁ। তাৰপিছত আমি আকৌ আপোনালোকৰ সন্মুখত নাট প্ৰদৰ্শন কৰিম।” অকস্মাতে হোৱা এই ঘোষণাত সকলোৰে মাজত খুদুৱনি লাগিল। হঠাতে থিয়েটাৰখনৰ মিস্ত্ৰী ৰজনী দত্তই উধাতু খাই দৌৰি আহি ক’লে- “অ’ দাদা, কিয় নাটক বন্ধ ৰখাৰ কথা ক’লে ? ষ্টেজৰ কঁপনি-চপনি মানুহে একো গম পোৱা নাই। মানুহ পাগল হৈ গৈছে। কাইলৈ ইয়াতকৈও বেছি মানুহ হ’ব। কাইলৈও নাটক হ’ব বুলি ঘোষণাটো কৰি দিয়ক।” কিন্তু দৰ্শকক ভগৱানৰ শাৰীত ৰখা আৰু দৰ্শকৰ প্ৰতি সদাদায়ৱদ্ধ অচ্যুত লহকৰে তেনে নকৰিলে। তেওঁ বন্ধ বাহালহে ৰাখিলে। পিছে, সেইদিনাৰ নাটক ছুপাৰহিট।
পাছদিনাই লহকৰে ৰজনী দত্তৰ হতুৱাই কাৰিকৰী বিজুতিটো ঠিক কৰোৱাই ল’লে। কিন্তু, আগদিনাৰ বন্ধৰ ঘোষণাৰ প্ৰতি ৰাইজে গুৰুত্বই নিদিলে। সেইদিনা ৰাতিপুৱাৰপৰাই পৰৱৰ্তী নাটকৰ টিকট বিচাৰি শ শ মানুহে হিলদল ভাঙি গোট খাইছে। ‘নটৰাজ থিয়েটাৰ’ৰ প্ৰতি দৰ্শকৰ এই হেতা-ওপৰা আৰু অপাৰ চেনেহ দেখি অচ্যুত লহকৰে কান্দি উঠিল। তেওঁৰ অত পৰিশ্ৰম আৰু ত্যাগে যেন স্বীকৃতি পালে দৰ্শকৰ অনবদ্য সঁহাৰিৰ মাজেৰে।
অৱশ্যে, পিছলৈ থিয়েটাৰখনত কিছুমান বিশেষ কাৰিকৰী দৃশ্য দেখুৱাবলৈ বিভিন্ন ঠাইত কেমেৰাৰে শ্বুটিং কৰা হৈছিল আৰু সেইবোৰ নাটকত প্ৰজেক্টৰযোগে উপস্থাপন কৰিছিল। জাপানত তৈয়াৰী সেই প্ৰজেক্টৰ চলোৱা কৌশলটো অচ্যুত লহকৰে শিকি আহিছিল কলিকতাত। এনেদৰে, দৰ্শকে থিয়েটাৰৰ মাজতে দেখিবলৈ পাইছিল চিনেমাৰ দৰে দৃশ্যবোৰ। এই নতুন চিনে থিয়েটাৰ পদ্ধতি আছিল দৰ্শকৰ বাবে অপাৰ বিস্ময়। সেয়েহে, পৰৱৰ্তীকালত ‘নটৰাজ থিয়েটাৰ’ৰ নাম পৰিৱৰ্তিত হয় ‘নটৰাজ চিনে থিয়েটাৰ’লৈ।
উল্লেখ্য যে- আকস্মিক পৰিস্থিতিত পৰিহে অচ্যুত লহকৰে যে সেইদিনা শেষ দৃশ্যৰ আগতে বিশেষ ঘোষণা কৰিছিল, সেয়া পৰৱৰ্তীকালত এক trend আৰু warning bell হৈ পৰিল আৰু তাৰপৰাই সৃষ্টি হ’ল- ভ্ৰাম্যমাণ থিয়েটাৰসমূহৰ প্ৰতিখন নাটকৰ শেষ দৃশ্যৰ আগে আগে ঘোষণা কৰাৰ চিৰন্তন ব্যৱস্থা। এই সন্দৰ্ভত অচ্যুত লহকৰে কৈছিল- “ভ্ৰাম্যমাণ থিয়েটাৰত নাটকৰ শেষ দৃশ্যৰ আগৰ যি চিৰচিনাকি announcement ব্যৱস্থা, সেয়া মোৰেই আৱিষ্কাৰ আছিল। যদি প্ৰথম দিনা মোৰ টায়াৰ সংলগ্ন মঞ্চখন কঁপি নুঠিলহেঁতেন, হয়তো এই ঘোষণা ব্যৱস্থাৰ জন্মই নহ’লহেঁতেন !”
(কৃতজ্ঞতা স্বীকাৰ- এলেক্স ফিগোৰদ্বাৰা অনুলিখিত অচ্যুত লহকৰৰ আত্মজীৱনী ‘ভ্ৰাম্যমাণ থিয়েটাৰ’)